উদয়াস্ত (ঈশান জ্যোতি বৰা)

যোগেশ্বৰৰ ঘৈণীয়েকে দি থৈ যোৱা ঠোঙাটোৱে বেণুৰ মনত প্ৰথমে সীমাহীন কৌতূহলৰ সৃষ্টি কৰিছিল৷ সি প্ৰথমতে একোৰে তত ধৰিব পৰা নাছিল৷ যেতিয়া দুৱাৰদলিত ৰৈ মানুহগৰাকীয়ে “ঠোঙাটোৰ পৰা উলিয়াই চা” বুলি ক’লে, তেতিয়াহে সি ঠোঙাৰ ভিতৰত থকা আচল বস্তুটো উদ্ধাৰ কৰিলে৷ বস্তুটো এটা চোলা৷ নীলা ৰঙৰ এটা চোলা৷

আহল-বহল ঠোঙাটোৰ পৰা চোলাটো উলিয়াই আনি বেণুধৰে চোলাৰ নীলা ৰঙটোৰ ফালে কিছুপৰ তধা লাগি চালে৷ দুপৰীয়াৰ ফৰকাল আকাশখনৰ দৰে চোলাটো৷ নীল আকাশৰ বুকুত ভাঁহি থকা শুকুলা ডাৱৰৰ দৰে চোলাৰ বুটামকেইটা৷ কেনেকুৱা লাগিব বাৰু তাক এইটো চোলা পিন্ধিলে! চোলাটোৰ মাজত নিজৰ দেহাটো সি এবাৰ সুমুৱাই চালে৷ বাস্তৱত নহয়,কল্পনাতহে৷ সি পুলকিত হ’ল৷ নীলা চোলাটো পিন্ধি সি যেতিয়া মাধৱীৰ কাষলৈ যাব, তেতিয়া মাধৱীৰ মুখত ফুটি উঠিব পৰা গৌৰৱোজ্জ্বল হাঁহিটোৰ সম্ভাব্য উজ্জ্বলতাৰ কথা ভাবি সি একমুহূৰ্তৰ বাবে উত্তেজিত হৈ উঠিল৷ কিন্তু পিছমুহূৰ্ততে তাৰ পুতেকৰ কথা মনলৈ আহিল আৰু মনটো চূণ পৰা জোকটোৰ দৰে কোঁচ খাই গ’ল৷

বেণুধৰৰ পুতেক৷ নাম তাৰ পোণাকণ৷ বয়স পাঁচবছৰ৷ ধূলিময় হাত-ভৰিহাল নচুৱাই নচুৱাই,শেঙুনভৰ্তি নাকটোৰ পৰা জুলীয়া পদাৰ্থভাগ পিন্ধি থকা হাফপেণ্টটোলৈ ‘ট্ৰেন্স্‌ফাৰ’ কৰি বেণু-মাধৱীৰ সুযোগ্য পুত্ৰ পোণাকণে আজি আহিবৰ সময়ত বাপেকক দঢ়াই দঢ়াই কৈ পঠিয়াইছিল-“দে’তা মোলৈ চোলা এটা আনিবি দেই৷ ক’ আনিবিনে?” পোণাকণৰ আৱেগসৰ্বস্ব প্ৰশ্নটোত বেণুধৰে সেইসময়ত আশা আৰু বিশ্বাসৰ এনে এটা নিৰ্ভেজাল ৰূপ দেখা পাইছিল যে অনিচ্ছাসত্ত্বেও তাৰ মুখৰ পৰা ওলাই গৈছিল সেই অখণ্ডনীয় প্ৰতিশ্ৰুতিবাণী- “আনিম দে৷”

নীলা চোলাটোৰ পৰা দৃষ্টি আঁতৰাই দেহত ওলমি থকা চোলাটোলৈ বেণুধৰৰ এবাৰ চাবলৈ মন গ’ল৷ দেওবৰীয়া হাটত মাছ বিক্ৰী কৰি থকা বেপাৰীকেইটাৰ সন্মুখে সন্মুখে পৰি থকা প্লাষ্টিকৰ বস্তাৰ টুকুৰাকেইটালৈ তাৰ মনত পৰিল৷ অসংখ্য মানুহ গৈ সেই বস্তাকেইটাৰ ওপৰত থিয় হয়,দৰ-দাম কৰে,এসময়ত অহাবাটে গুচি যায়৷ বৰষুণীয়া বতৰত জোতা-চেণ্ডেলৰ বোকাৰে বস্তাকেইটা উপচি পৰে৷ বস্তাকেইটা কোন কেতিয়াবাই চিলাই এৰাই গৈছে,কেইবাটাও বৰণ সলাই সলাই সিহঁতৰ চিন-মোকাম নাইকিয়া হৈ পৰিছে আৰু লাহে লাহে সিহঁত এতিয়া সম্পূৰ্ণ নিঃশেষ হোৱাৰ পথলৈ আগবাঢ়িছে৷ বেণুধৰে পিন্ধি থকা চোলাটোৰো সেই বস্তাকেইডোখৰৰ দৰে অৱস্থা হৈছে৷ সময়ৰ সুতীক্ষ্ন আঁচোৰত,জাৰ-জহ-উত্তাপ-বৰষুণৰ বিৰুদ্ধে যুঁজ দি দি তাৰ চোলাটোৰো ভাগৰ লাগিছে৷ এতিয়া সি কেলঢেপ-কেলঢেপকৈহে জীয়াই আছে৷ কোনদিনা প্ৰাণবায়ু উৰি যায়,তাৰ ঠিকনা নাই৷ মানুহৰ ঘৰত কাম কৰা সময়ত,দুপৰীয়া গা ধোৱা সময়ত,নিশা শুবৰ সময়ত চোলাটো তাৰ গাৰ পৰা আঁতৰ হয়৷ দেওবাৰৰ দিনা মাধৱীয়ে চোলাটো ধুই-মেলি-থুকুচি ৰ’দত মোকলাই দিয়ে৷ সেইয়াই৷ তাৰ বাহিৰে চোলাটোৱে তাৰ সংগ নেৰে৷ নামঘৰলৈ পৰাপক্ষত সি নাযায়েই৷ কেতিয়াবা গ’লেও এইটো চোলায়েই পিন্ধি যায়৷ বৰসবাহৰ দিনা নামঘৰলৈ যাওঁতে কৃষ্ণইতো তাক উপলুঙা কৰি কৈয়েই পেলালে-“বোলো বেণু,সেইটো চোলা নে বস্তা? নামঘৰলৈ ইমান জধলা হৈ আহিব নাপায়৷…”

“বেণু ঐ বেণু, তধা লাগিলি দেখোন !”
“পছন হৈছে নে চোলাটো?”

কোনপৰতনো যোগেশ্বৰ দোকানী ঘৰৰ ভিতৰৰ পৰা ওলাই আহি ভাৱনাত বিভোৰ হৈ থকা বেণুৰ সন্মুখত থিয় হ’লহি,বেণুৱে উৱাদিহেই নাপালে৷ মূৰ তুলি চাই দেখে,মুখত ভূৱনভুলোৱা হাঁহি আৰু ডিঙিত গামোচা এখন লৈ লোদোৰ-পোদোৰ পেটটো নচুৱাই সেইয়া যোগেশ্বৰ ৷ একালৰ বন্ধু আৰু এতিয়া তাৰ ভাগ্যৰ অনিয়মীয়া বিধাতা৷

“হেৰৌ যোগে, মোৰনো আৰু কি পছন-অপছনডাল আছে ! চোলাটোযে দিলি,তাতেই মোৰ আনন্দ৷ তাতেই মোৰ সুখ৷ এইবোৰ বস্তু আমাৰ সপোনৰো সিপাৰৰ বুজিছ ! দুবেলা-দুমুঠি খোৱাৰ জোখাৰে তোৰ ঘৰখনে যে মোক চলাই আছে,সেইয়াই বহুত৷”
“হ’ব হ’ব,সেইবোৰ বাদ দেচোন এতিয়া৷ ঘৰলৈ গৈ ঘৈণীয়েৰক চোলাটো দেখুৱাবি৷ বিহুৰ দিনা এইটো পিন্ধিয়েই আহিবি৷ ভাইটিয়ে বৰ মৰমেৰে তোলৈ বুলি লৈ আহিছে চোলাটো৷ গুৱাহাটীৰ পৰা৷” ভায়েকৰ কথা কওঁতে যোগেশ্বৰৰ মুখত এটা গৌৰৱসূচক হাঁহি জিলিকি উঠিল৷
“বিহুত আকৌ…”-যোগেশ্বৰৰ হাঁহিটোলৈ চাই চাই বেণুৱে ক’বলৈ ধৰিলে “…মানুহজনীয়ে মাকৰ ঘৰলৈ যোৱাৰ কথাহে উলিয়াইছে৷ চাওঁ ৰ’চোন৷ কোনোবাপৰত আহি এপাক মাৰিমহি দে৷ আহিলেও এইটো চোলা পিন্ধি কদাপি নাহোঁ৷ এইটো চোলা পিন্ধি হাবি-বনত সোমালে চোলা আৰু চোলা হৈ নাথাকে বুইছ ! পিন্ধি থকাটোৱেই ভাল৷”
“তোক আৰু তৰ্কত বলে পাৰিমনে মই ! যি কৰ কৰিবি৷ মুঠতে এপাক মাৰিবি৷”
“হে:হে:হেঃ ৷ ঠিক আছে৷ এতিয়া গৈহে থাকো তেনেহ’লে৷”
চোলাটো বুকুত সাবটি বেণুধৰ যোগেশ্বৰ দোকানীৰ ঘৰৰ পৰা ওলাই আহিল৷

পদূলিমূৰত ভৰি থৈয়েই সি গাঁৱৰ সিটোমূৰলৈ চাই পঠিয়ালে৷ দৃষ্টি তাৰ সুতীক্ষ্ণ৷ দৃষ্টিৰ দৰে লক্ষ্যও হ’ব তাৰ অব্যৰ্থ৷ সি নিজকে পতিয়ন নিয়ালে৷

নামঘৰৰ সন্মুখত কোনোবা এটা ৰৈ আছে ৷ ভোলা নহয়নে ! দুটা খোজ আগুৱাই গৈ বেণুৱে মানুহটোৰ এখন পৰিষ্কাৰ ছবি পাবলৈ যত্নপৰ হ’ল৷ আকাৰ-আকৃতিৰ ফালৰপৰা মানুহটো ভোলাৰ লেখিয়া৷ মানুহটোৰ হাতখনৰ অৱস্থানলৈ চাই এনেকুৱা লাগিছে যেন সি চাধা মোহাৰি আছে৷ হয়,ভোলায়েই হয়৷ তৎক্ষণাৎ বেণুৰ মনলৈ আহিল-সেইটো চুবুৰীত চাধা খোৱা মানুহ কেৱল দুটা৷ ভোলা আৰু নৰেন৷ ঘৰ এৰি নৰেন হায়দৰাবাদলৈ যোৱা এমাহেই হ’ল৷ গতিকে ৰাস্তাৰ বাওঁকাষে ৰৈ চাধা মোহাৰি থকা মানুহটো ভোলায়েই হ’ব লাগিব৷ একেবাৰে সঠিক কথা৷ সন্তুষ্টিসূচক হাঁহি এটা মাৰি বেণুধৰে নিজৰ বুদ্ধিমত্তাৰ শলাগ ল’লে৷

সকলো কথা যেতিয়া পানীৰ দৰে চাফা হৈয়েই গ’ল,গতিকে সোনকালে গৈ এতিয়া ভোলাক লগ ধৰাৰহে কথা৷ চাধাকণ মোহাৰি ভোলাই মুখত সুমুৱাৰ আগতেই বেণু গৈ সেইখিনি পাব লাগিব৷ অন্যথা চাধা খাই ক’ৰ মানুহ ক’ত নোহোৱা হয়,কোনো ঠিক নাই৷ খৰখোজেৰে বেণু গাঁৱৰ সিটোমূৰৰ দিশে অগ্ৰসৰ হ’ল৷

যোগেশ্বৰৰ সন্মুখত বেণুৱে আজি মিছা মাতিলে৷ বিহুত মাধৱী মাকৰ ঘৰলৈ নাযায়৷ ঘৰতে থাকিব৷ কিন্তু সেইবুলিয়েই বিহুৰ দিনা বেণুধৰে এইটো চোলা পিন্ধিব নোৱাৰে৷ পিন্ধি ঘৰে ঘৰে বিহু খাই ফুৰিব নোৱাৰে৷ বিহুৰ দিনা কি, এটা দিনো সি এই চোলাটো পিন্ধিব নোৱাৰে৷

চোলাটোৰে সি কি কৰিব,সি ইতিমধ্যে সিদ্ধান্ত লৈয়েই পেলাইছে৷ চোলাটো সি গাঁৱৰে কাৰোবাক বেচিব৷ আছে,জিলিকি থকা এই নতুন চোলাটো বেণুধৰৰ পৰা কিনি বিহুৰ বতৰত বিহু ‘খাই’ আৰু ‘মাৰি’ ফুৰিবলৈ বাঞ্ছা কৰা ডেকা এইখন গাঁৱত এজন নহয়,দহজন আছে৷ চোলাটো বেচি সি যিকেইটা টকা পায়,সেইকেইটা টকাৰে বেণুৱে পাঁচবছৰীয়া পুতেকলৈ চোলা এটা কিনিব৷ তাৰপিছতো যদি টকা বাছি যায়,তাৰে মাধৱীৰ কাৰণে ব্লাউজ এটা কিনিব৷ চোলা আৰু ব্লাউজ কিনাৰ পিছত কেইটানো টকা আৰু তাৰ হাতত থাকিবগৈ !

বহুদিন মাংস খোৱা নাই৷ পোণাটোৱেও মাংস খাওঁ খাওঁ কৰি থাকে৷ মাধৱীৰো মাংসলৈ বৰ লোভ৷ পাৰিলে এপোৱামান মাংসকে কিনিব৷ তিনিওটাই এসাঁজ হেঁপাহ পলুৱাই খাব৷

নাই, মাংস কেনেকৈ কিনিব !

বেণুধৰে যেন ঘোৰ টোপনিৰ পৰাহে সাৰ পালে৷ এপোৱা মাংস ৰান্ধোতে মিঠাতেল,মা-মছলা আৰু আদা-নহৰুসোপা জানো নালাগিব ! এইবোৰ নহ’লে মাংস খাই কি সোৱাদ লাগিব ! এইবোৰ কিনোতে-মেলোতে শেষত গৈ কেৰেলাতকৈ গুটি দীঘল হ’ব৷ গতিকে মাংস কিনা বাদ৷ পইছা বাচিলে কণী এহালিকে সি কিনি নিব৷

কিন্তু এই সকলোবোৰ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া যোগেশ্বৰৰ ঘৰৰ পৰা অহা এই চোলাটো সি উচিত দামত কোনোবা এজনক বেচিব পাৰিব৷ সেই কোনোবাজন যদি ভোলা হয়,তেতিয়া তাৰ কাৰণে গাখীৰতে ম’হৰ খুঁটি৷

ভোলা-নামটো যেনে,মানুহটোও তেনে৷ একেবাৰে ভোলা,হেবাং৷ বুৰ্বক সজাবলৈ সহজ৷ বেণুধৰে মনতে পাঙিলে-সি ভোলাক প্ৰথমেই টকা পাঁচশৰ কথা ক’ব৷ পাঁচশ নিদিলে চাৰিশ৷ চাৰিশ নিদিলে তিনিশ দিবই লাগিব৷ অন্যথা চোলা নেবেচে৷ বেলেগ গ্ৰাহক বিচাৰিব৷
“হেৰৌ,সেইটো ভোলা নহয়নে !”

চাধাপালি মুখত ভৰাই ভোলাই বেণুৰ ফালে পিঠি দিছিলেই,সেইমুহূৰ্ততে গৈ বেণুৱে ভোলাক উদ্দেশ্যি চিঞৰটো মাৰিলে৷ ফেলেক্‌কৈ হাঁহি এটা মাৰি ভোলাই ডিঙি ঘূৰালে৷ সি বোধহয় মাতটো শুনিয়েই চিনি পালে যে এই মাতৰ গৰাকী বেণুধৰৰ বাহিৰে আন কোনো নহয়৷
“হয় দে৷ ময়েই৷ ক’ৰপৰানো আহিলি ?”
“ক’ৰপৰা আহিবি আৰু এই দুপৰীয়াখন ! যোগেৰ বন-বাৰী চাফা কৰি আহিলোঁ৷ কাজিনেমুৰ ডালকেইটামান সি শহুৰেকৰ ঘৰৰ পৰা আনি থৈছিল৷ তাকেই ৰুই-মেলি গুৰিত গোবৰ-চোবৰ দি থৈ আহিলোঁ৷”
“এতিয়া পিছে কোনফালে?”-ভোলাই আগ্ৰহেৰে সুধিলে৷
“কোনফালে মানে ! তোৰফালেই আহিছোঁ ৰ’৷ বস্তু এটা আছে তোৰ কাৰণে৷”-বেণুৱে ৰস লগাই কথাষাৰ কৈ চকুহালেৰে এনে এটা চাৱনি দিলে যে তাকে দেখি ভোলাৰ আশ্বৰ্য আৰু উৎসুকতা-দুয়োটাই বাঢ়ি গ’ল৷
“আজি দেখোন হাইঠা মাটিত পৰিল৷ কি বস্তু হেৰৌ ?”-বেণুধৰৰ বুকু সাবটি শুই থকা ঠোঙাটোলৈ ভোলাই এতিয়াহে মন কৰিলে৷ বস্তুটো এই ঠোঙাটোতেই থাকিব লাগিব৷ পুখুৰীৰ পৰা তুলি অনা জালখনত কেইটানো মাছ লাগিছে,তাকে চাবলৈ পুখুৰীৰ পাৰত ৰৈ থকা মাছমৰীয়াৰ পুতেকে উচপিচোৱাৰ দৰে ভোলাইও ঠোঙাটোৰ পৰা কিনো ওলাই আহে,তাকে চাবলৈ ব্যাকুল হৈ পৰিল ৷ ভোলাৰ এই ব্যাকুলতা আৰু উৎকণ্ঠা বেণুধৰে প্ৰাণভৰি উপভোগ কৰিলে৷ উপভোগ কৰি হ’লত নীলা চোলাটো ঠোঙাটোৰ পৰা উলিয়াই ভোলাৰ চকুৰ আগত নচুৱাবলৈ ধৰিলে৷ চকুৰ পচাৰতে ভোলাই চোলাটো নিজৰ হাতলৈ লৈ গ’ল৷

“ইমান ধুনীয়া চোলা ! ক’ত পালি?”
“ক’ত পালোঁ,কেনেকৈ পালোঁ-সেইবোৰ বাদ দে৷ এই চোলাটো পিন্ধি তই যেতিয়া তোৰ প্ৰাণেশ্বৰীৰ সমুখলৈ যাবি,ভাবচোন তাই কিমান ভাল পাব৷” এজন চালাক বিক্ৰেতাৰ দৰে বেণুধৰে জালখন পেলালে৷ ভোলা আৰু তাৰ প্ৰেমিকা ৰত্নাৰ কথা বেণুৱে ভালদৰেই জানে৷
“মোৰ কাৰণে আনিছ তই এইটো !”-ভোলাই চোলাটো ছুই থাকিয়েই সুধিলে৷ যেন সি চোলাটো পিন্ধি এতিয়াই ৰত্নাৰ কাষলৈ দৌৰ মাৰিব৷
“অ’ আকৌ !! সেইকাৰণেইতো তোৰ কাষলৈ আহিছোঁ অতদূৰ ঢপলিয়াই৷ চোলাটো তোৰেই৷ কিন্তু..” বাক্যটো বেণুৱে সম্পূৰ্ণ নকৰিলে৷ ভোলাৰ আলেখলেখ চাবলৈ মন গ’ল৷ তেজপিয়াৰ দৰে ভোলাই মূৰটো হঠাতে ওপৰলৈ তুলি তাতকৈ কমেও এফুট ওখ বেণুধৰৰ ফালে চালে৷ চকুত চকু থৈ ভোলাই তাৰপিছত সুধিলে-
“কিন্তু কি?”
“টকা পাঁচশ দিব লাগিব৷”
“এইটো চোলাৰ দাম পাঁচশ ! ”-গৰম তেল হাতত পৰা মানুহৰ দৰে ভোলা জপিয়াই উঠিল৷
“কমেইহে কৈছোঁ৷”-বেণুৰ অভিব্যক্তিত পাকৈত বেপাৰীৰ ভংগীমা ৷
“টকা দুশ ল৷ আৰু চোলাটো দে৷”-ভোলাই তাৰ শেষ কথা শুনাই দিলে৷
“হেৰৌ,কি কথা কৈছ ! এইটো চোলা দুশ টকাত ! বাদ দে৷ মই আন কাৰোবাক বেচিম৷”-কথাষাৰ কৈয়েই বেণুৱে ভোলাৰ হাতৰপৰা চোলাটো ল’বৰ বাবে তৎপৰ হ’ল৷ তৎপৰ হ’ল মানে-একপ্ৰকাৰ চোলাটো কাঢ়িয়েই আনিলে৷
“সব কথা বাদ দে৷ তোৰো থাকক৷ মোৰো থাকক৷ টকা তিনিশ দি বেপাৰ শেষ কৰ৷ চাই ল৷ পকেটত এই তিনিখন এশটকায়েই আছে৷”-চানা,মিক্সাৰৰ ৰঙীন দাগেৰে একাকাৰ হৈ থকা পেণ্টৰ পকেট দুটা বাহিৰলৈ উলিয়াই ভোলাই আৱেগজৰ্জ্জৰ কণ্ঠেৰে ক’লে৷
“ছেহ্ ! ভাল বিপদতেই পেলালি৷”-কথাষাৰ কৈয়েই বেণুৱে তাৰ চিন্তাৰ চকৰি ঘূৰালে৷ তিনিশ টকাত পোণাটোৰ চোলাটো পোৱা যাব চাগে৷ মাধৱীৰ ব্লাউজটো নহ’লেও নাই৷ পাছে-পৰে কিনি দিব৷ মাক-বাপেকৰনো কি বিহু,ল’ৰা-ছোৱালীৰহে আচল৷ ভোলাৰ পৰা টকা তিনিশ লৈয়েই সি বৰবজাৰৰ পিনে বাট পোনাব৷ শইকীয়া মাৰ্কেটত গুণীন্দ্ৰই কাপোৰৰ দোকান এখন খুলিছে৷ দুদিনমানহে হৈছে৷ সেইখনৰ পৰাই পাৰিলে পোণালৈ চোলাটো কিনিব লাগিব৷
“হেৰৌ,কি ভবাত লাগিলি !”
ভোলাই গাটো জোকাৰি দিয়াত বেণুৰ চিন্তাৰ চকৰি থমকিল৷
“হ’ব দে৷ তোৰ লগতনো কি আৰু লাগি থাকিম ! দে,দে,যি আছে তাকেই দে৷”-বেছি দৰদাম কৰি থাকিলে গ্ৰাহক হেৰুউৱাৰ ভয়৷ নতুন এজন গ্ৰাহক বিচাৰি ফুৰিলে পোৱা যাব,কিন্তু তিনিশ টকা দামত চোলাটো কোনোবাই কিনিবনে! কোৱা টান৷ গতিকে ভোলাৰ পৰা তিনিশ টকাটো লৈ চোলাটো চমজাই দিয়ায়েই বুদ্ধিমানৰ কাম হ’ব৷ এখন হাতে টকা তিনিশ লৈ আৰু আনটো হাতে চোলাটো দি বেণুধৰে স্বস্তিৰ নিশ্বাস এৰিলে৷ ঘৰত উপস্থিত হৈ এতিয়া সি আৰু পোণাকণৰ থেন্‌থেননি শুনিবলগীয়া নহ’ব৷ কম দামৰ হ’লেও নতুন চোলা এটা সি পিন্ধিব পাৰিব৷
পইছা হাতলৈ আহিল যেতিয়া এতিয়া পোনে পোনে বৰবজাৰলৈহে যোৱাৰ কথা ৷ বেণুধৰ আগবাঢ়িল৷

ধৰিত্ৰীৰ বুকুত দুটামান আত্মবিশ্বাসী খোজ বেণুধৰৰ দ্বাৰা দিয়া হৈছিল কি নাই,তেনেতে পিছফালৰ পৰা ভোলাৰ গগনফলা চিঞৰ ভাঁহি আহিল-
“ঐ বেণু,ৰ’চোন ৰ৷”

অবাক-বিস্মিত হৈ বেণুৱে পিছলৈ ঘূৰি চালে৷ সি দেখিলে-ভোলাৰ হাতত ওলমি থকা নতুন নীলবৰণীয়া চোলাৰ পিঠিফালটোৰ মাজডোখৰ নাই৷ মাজতে চোলাটো দুখলগাকৈ ফটা৷
“চোলাটো মেলি চাওঁতেহে দেখিলোঁ৷ দেখিছ,কিমান ডাঙৰকে ফলা আছে !”-ভোলাৰ অভিব্যক্তিত ক্ৰোধৰ সামান্য ৰেঙনি ফুটি উঠিছে৷
“দে,দে মোৰ টকা মোক ঘূৰাই দে৷ তোৰ মৰমো নালাগে আৰু তোৰ এই ফটা চোলাটোও নালাগে৷”

পৰিমাপহীন ভোক আৰু ক্ষুধাৰ বিৰুদ্ধে অহৰ্নিশে যুঁজ দিয়া এজন ভোকাতুৰৰ সমুখলৈ ভাতৰ ঠালখন আগবঢ়াই পিছমুহূৰ্ততে গোৰ মাৰি ঠালখন চিটিকাই দিলে,যিদৰে ভোকাতুৰজনৰ মুখত সীমাহীন ক্ষোভ,অপৰিসীম দুখ তথা আশাশূন্যতাৰ ছবি এখন জিলিকি উঠিব,ঠিক তেনেকুৱা এখন ছবিৰ পৰিচ্ছন্ন ৰূপ এইমুহূৰ্তত বেণুধৰৰ শীৰ্ণ মুখমণ্ডলত প্ৰস্ফূটিত হৈছে৷ মুহূৰ্ততে পোণাকণৰ “ক’ আনিবিনে?” বোলা কাতৰ প্ৰশ্নটোৱে বিশাল আকাৰ ধাৰণ কৰি বেণুধৰৰ মন-মগজুৰ চাৰিওফালে সুতীব্ৰ গতিত ঘূৰিবলৈ ধৰিছে৷ তাৰ বৰ দুখ লাগিছে৷

তাৰ যে বৰ দুখ লাগিছে, সেই কথাৰ উজ্জ্বল প্ৰমাণ বহন কৰি চকুৰপৰা তাৰ সৰি পৰিছে দুটোপাল নিষ্পাপ অশ্ৰু ৷ মানৱীয় বেদনাৰ অন্তিম পৰিণতি এই চকুৰ পানীকণৰ পথ ৰুদ্ধ কৰিবলৈ বেণুধৰে কোনোধৰণৰ আন্তৰিক প্ৰয়াস নকৰিলে৷

যি ৰূপত এশ টকীয়া নোট তিনিখন বেণুধৰে লৈছিল,তেনে ৰূপতেই নোট তিনিখন ভোলাৰ ফালে সি আগবঢ়াই দিলে ৷ অসন্তুষ্ট,শাহুৰ ওপৰত ওফোন্দ পাতি থকা বোৱাৰীয়েকে কলৰ পাৰত থেকেচি থেকেচি জমা কৰি থোৱা কাঁহী-বাতিৰ দৰে ভোলাই প্ৰথমতে ফটা চোলাটো আৰু তাৰপিছত চোলা মেৰিয়াই ৰখা ঠোঙাটো বেণুধৰৰ সোঁহাতখনত থেকেচি থ’লে৷ ভোৰভোৰাই ভোৰভোৰাই ভোলাই তাৰপিছত ঘৰৰ দিশে প্ৰস্থান কৰিলে৷

সেইমুহূৰ্তত, গাঁৱৰ সিটো মূৰৰ একোঠলীয়া ঘৰটোত বেণুধৰৰ পত্নী মাধৱী ব্যস্ত আছিল ক্ৰন্দনৰত পুত্ৰ পোণাকণক আশ্বাসবাণী শুনোৱাত- “নাকান্দিবি ৷ নাকান্দিবি অ’ সোণাই৷ দে’তা গৈছে নহয় তোলৈ চোলা আনিবলৈ৷ পাবহিয়েই এতিয়া ৰহ৷”
##

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments