‘উন্নতি’ (ঈশানজ্যোতি বৰা)

উন্নতি


ঈশানজ্যোতি বৰা

( উৎসৰ্গা : যাৰ লেখাৰ প্ৰতিটো বাক্যই মোক হাঁহিবলৈ বাধ্য কৰায়, সেইদুজন লেখক ক্ৰমে ডা: বিকাশ বৰুৱা আৰু ডা: ভৃংগেশ্বৰ শৰ্মাছাৰৰ হাতত)

জ্যোতিপ্ৰসাদে যেতিয়া জয়মতীখন বনাইছিল, তেতিয়া চাগে ভবাই নাছিল যে আজিৰ এই একবিংশ শতিকাত অসমীয়া চিনেমাই দেশে-বিদেশে ইমান নাম কমাই অসমী আইক আমোদ দিব! জ্যোতিপ্ৰসাদ এতিয়া জীয়াই থকা হ’লে কিমান যে ভাল পালেহেতেন! আই ঐ দেহি! তেখেতৰ আনন্দৰ চকুপানী কিমান বাৰ যে মাটিৰ লগত মিহলি গৈ গ’লহেতেন নহয়! ভাবিলেই দেখোন মনটো কিবা লাগি যায়৷ চাওতে চাওতে অতি কম সময়ৰ ভিতৰতে অসমীয়া চিনেমা বাৰিষাৰ বানপানীৰ দৰে ফেনে-ফোটোকাৰে বাঢ়ি আহি আজিৰ এই উন্নত অৱস্থা পাইছেহি৷ অসমীয়া চিনেমাৰ এই উন্নতিত আমি অসমীয়া জাতি হিচাবে আকৌ এবাৰ গৌৰৱ কৰি দিব পাৰো৷ আই এম ফিলিং ছ’ প্ৰাউড! ইমশ্বনেল টু! শইকীয়াছাৰৰ সেই ‘জয়জয়-ময়ময়’ৰ লেখীয়া এতিয়া আমাৰ অসমীয়া চিনেমাৰো অৱস্থা জয়জয়-ময়ময়৷ বেছিদিন নাই৷ টাইটানিকৰ জেমছ কেমেৰুনহঁতে হিৰ’ বিচাৰি অসমলৈ আহেহে লাগে৷ ভাল লাগে৷ কথাবোৰ ভাবিলেই ভাল লাগে৷ থেংকছ টু অছ’মিয়া চিনেমা!

যুগ সলনি হোৱাৰ লগে লগে আমাৰ চিনেমাৰ নামবোৰো সলনি হ’ল৷ যেনেকৈ আপুনি আপোনাৰ ছোৱালীজনীৰ নাম সৰলা, ৰহিমলা নাৰাখে মানে আপোনাৰ বাকী থকা মান-সন্মানকণৰ ধজ্জিয়া উৰি যাব বুলি আশংকা কৰে, ঠিক তেনেকৈ আজিকালিৰ চিনেমাৰ নামবোৰো আগৰদৰে সেই জয়মতী, ইন্দ্ৰমালতী, বোৱাৰী, ৰঙানদী, কোলাহলৰ দৰে নহয়৷ তেনেকুৱা নাম থকা চিনেমা আজিকালি অসমৰ দৰে হাই-প্ৰফাইল প্ৰদেশত ডাইৰেক্ট ৰিজেক্ট৷ আজিকালি চিনেমাৰ নাম সঁচায়েই শলাগিবলগীয়া তথা ইন’ভেটিভ৷ নামবোৰ পুৰা দিল চুই চোৱা৷ তাতে অসমৰ মানুহবোৰ তামাম ছেন্টি৷ নামত ছেন্টি থাকিল মানে চিনেমা চলিল৷ এইখিনিতে এটা মন কৰিবলগীয়া কথা৷ নামটোত যদি ইংৰাজী-ইংৰাজী অলপ আঠা সানি দিব পাৰে তেন্তে আৰু ভাল! শেহতীয়াকৈ ৰিলিজ হোৱাখন নেদেখিলে জানো! কেনেকুৱা হিলাই দিলে! তিনিঘন্টাৰ চিনেমাখন ইমানেই ৰাইজে আকোৱালি ল’লে, ইমানেই শান্তি লভিলে, সকলো দৰ্শক টোপনিত লালকাল হৈ বাগৰি পৰিল৷ নাথ উপাধিৰ ডেকাজনেতো সপোনতে মালিগাৱঁৰ পৰা গৈ ভঙাগড় পালেগৈ৷ পাছত ৰাস্তাতে বাগৰি পৰাত ভঙাগড় পুলিছে ঘৰত থৈ আহিছেগৈ৷ ৰিয়েলি নাম মে দম হে৷ ফৰ এক্সামপল, যদি আপুনি ‘মৰম কৰো আঁহা’ নামেৰে চিনেমা এখন বনাবলৈ যায়, তেন্তে কোনেও নাচায়৷ কিন্তু নামটো যদি অলপ আধুনিকতাৰ পৰশ সানি “মৰম_ দ্যা পাৱাৰ অৱ লাভ” কৰি দিয়ে তেন্তে মানুহ পৰুৱা অহাদি আহিব চিনেমা চাবলৈ৷ ইংৰাজী শব্দৰ ‘পাৱাৰ’ তাতেই৷ বুজাই বুজে৷ নুবুজাই নিজৰ মূৰত টেকেলি ভঙাৰ বাহিৰে উপায় নাই৷

“চাউথৰ মানুহেহে এক্টিং পাৰে নেকি! আমিও পাৰো” –শীৰ্ষক মুলমন্ত্ৰ লৈ অভিনয় কৰিবলৈ আগুৱাই আহিছে অসমীয়া হিৰ’-হিৰ’ইনসকল৷ ‘অভিনয় কৰিব নাজানে’ বুলি কোনোবা তালুকদাৰ বোলা এজন আকৌ কোনোবা ছছিয়েল নেটৱৰ্কিং গোটত টুলুঙা মন্তব্য দিছে৷ সৰু ল’ৰা তেওঁ৷ অভিনয়ৰ সম্পৰ্কে তেওঁৰহে বুজি উঠাত কষ্ট হৈছে চাগে৷ ৱাহ! অসমীয়া হিৰ’ৰ কি ইচটাইল! হিৰ’ইনৰ কি লয়লাস ভংগীৰে খোজ! মানিব লাগিবই৷ তাৰ বাহিৰে কোনো গত্যন্তৰ নাই৷ কি টুফান স্পীডত দায়লগ মাতে! কি বডী লেংগুৱেজ! কি সাৱলীল হাঁহি! চকুপানী নোলাৱাকৈয়ে যি কান্দোন! চকুপানী অবিহনেও যে কান্দিব পাৰি তাকে দেখি দৰ্শক অবাক! অনুসন্ধিৎসু মনৰ গৰাকী দুই-এক ছোৱালীয়ে নায়িকাক লগ পাবলৈ উচ-পিচ লগালে৷ সিঁহতকো হেনো কিটিপটো শিকাই দিব লাগে৷

কাহিনী? অসমীয়া চিনেমাৰ কাহিনী? নকৈ নোৱাৰি যে, বৰ্তমান অসমীয়া চিনেমাৰ কাহিনী অতিপাত ধুনীয়া৷ চিনেমাৰ কোনোবা এটা মূহুৰ্ত্তত আপুনি খুব জোৰেৰে হাঁহিব আৰু কোনোবা এটা মূহুৰ্ত্তত হায়ৈ-বিয়ৈকে কান্দিব৷ কেতিয়া হাঁহিব আৰু কেতিয়া কান্দিব সেইটো ডায়ৰেক্টৰে আপোনাৰ ওপৰত এৰি দিয়ে৷ মানে টেকনিকেলি ক’বলৈ গ’লে ডায়ৰেক্টৰে দৰ্শকক চাছপেঞ্চ দিয়ে৷ অসমীয়া দৰ্শকৰ সুবিধাৰ্থে চিনেমাৰ কাহিনীবোৰ বেছি জটিল নহয়৷ একেবাৰেই সহজ৷ বুজি পাবলৈ ১ মিনিটো নালাগে৷ এই ধৰক-এজন ল’ৰা থাকে আৰু এজনী ছোৱালী থাকে৷ দুয়োটাৰে মাজত গেহেৰা ‘লাভ’৷ এনেকৈ ভাল পাই থাকোতেই কোনোবা এদিন হিৰ’ইনক কোনোবাই অপহৰণ কৰি লৈ যায় আৰু শেষত গৈ হিৰ’ই পাহাৰৰ ওপৰৰ পৰা ছামাৰ জাম্প মাৰি হিৰ’ইনক উদ্ধাৰ কৰি জোৰতকৈ সাৱট মাৰি ধৰে৷ পাৰিলে এটা টুপুককৈ চুমাও দিয়ে গালত৷ থুল-মুলকৈ কাহিনীবোৰ তেনেকুৱাই৷ কিন্তু তাকে চাবলৈ আপুনি কমেও আঢ়ৈ ঘন্টা থাকিব লাগিব হলত৷ দেখিলে আমাৰ কাহিনীকাৰৰ মাথা! তেওঁলোকৰ মাথাৰপৰা বাহিৰ হোৱা এনে তামাম তামাম আইদিয়াবোৰৰ বাবে ক্ৰেডিট দিব পাৰি ইউৰিয়া সাৰেৰে তৈয়াৰী আমাৰ অসমৰ শাক-পাচলিবোৰক৷

সংলাপৰ ক্ষেত্ৰত অসমীয়া চিনেমাৰ ক্ষেত্ৰখন খুবেই চহকী৷ যোৱা ৩ বছৰমানৰপৰা এই ‘চহকী’নেছটো বাঢ়িছে৷ আজিকালি সেই ‘তুমি মোৰ কেৱল মোৰেই’ , ‘জোনাক নিশা জোনৰ কোলাত তুমি শুই থাকা’ আদিৰ দৰে কামোৰ দায়লগৰ কাম নাই৷ আধুনিকতাৰ পৰশ ন’হলে কামেই নাই৷ পৰাপক্ষত ৰোমান্টিক,পেনেপেনীয়া চিনেমা ৰাইজে ভাল পায় য’ত কোনো হাই-উৰুমি , দ্বণ্ড-খৰিয়াল নাথাকে৷ কিছুমান ক্ষেত্ৰত বৌদ্ধিক মহলে যিমানেই গালি নাপাৰক কিয় কোনেও একোডাল চিঙিব নোৱাৰে৷ বৰ্তমান সময় হৈছে উদ্দাত্ত কন্ঠেৰে ‘ইউ আৰ মাইন, অনলি মোৰ’, ‘তোমাক আজি ইমান চেক্সী লাগিছে’ , ‘তুমি মোৰ লগত ব্ৰেক-আপ কিয় কৰিলা? পেটছ আপহে কৰিব লাগিছিল’ টাইপৰ ডায়লগ মৰাৰ৷ যদি ডায়লগ নাথাকে তেন্তে কোন পণ্ডিত চিনেমা চাবলৈ যাবহে ? ফাইটিংৰ দৃশ্য কেইটাত ’তোক মই সুদাই নেৰো’ৰ ঠাইত ‘তোক মই ফিনিছ্ কৰি দিম ’, ‘তোক মই জেললৈ নিম’ৰ ঠাইত ‘আই ৱিল চেন্দ ইউ টু চেন্ট্ৰেল কাৰাগাৰ’ আদি কেইটামান অত্যাধুনিক দায়লগ নাথাকিলে চিনেমাখন উদং উদং যে লাগে সেই কথা আমাৰ ছবি নিৰ্মাতাসকলে ভালদৰেই জানে৷ সেয়ে সেইমতেই আগবাঢ়ে আৰু সফলতাও লাভ কৰে৷ থেংকছ টু অসমৰ ইম’শ্বনেল দৰ্শকমণ্ডলী৷

এতিয়া উন্নতি কৰাৰ সময়৷ আগৰ সেই ব্লেক এণ্ড হোৱাইট জামানা নাই আৰু এতিয়া৷ ৰাইট নাও,২০১২ চন চলি আছে৷ পৰিৱৰ্তন ট’ মাংগতা হে বছ৷ আগতে যদি নায়কে চাইকেলত উঠি গান গাই ছোৱালীৰ লগত পিৰিতি কৰিছিল, এতিয়া ৰেলৰ ওপৰত উঠি, কাৰৰ ওপৰত উঠি নায়কে গান গায় কিন্তু পিৰিতি নকৰে৷’লাভ’ হে কৰে মানে ‘পিৰিতি’ৰ আপগ্ৰডেদ ভাৰছন্ যে,সেইটো কৰে৷ কাৰণ পিৰিতি শব্দটো শুনাত অলপ বেকৱাৰ্ড টাইপৰ৷ তাতে অভিনেতা-অভিনেত্ৰীসকলেও অলপ অলপ লাজ কৰে৷ দস্তুৰমত কৰিব লাজ৷ অসমৰ মানুহে লাজ নকৰিলে কোনে কৰিব! কোনোবা এখন জনপ্ৰিয় চিনেমাৰ ‘ছেট’তটো কাজিয়াই লাগিল৷ অসমীয়া চিনেমাৰ দাস বোলা নতুন ছুপাৰহিৰ’জনেতো লগে লগে কৈয়েই দিলে- “চাওঁক বৰুৱাদা, মোক এইবোৰ ফাল্টু ডায়লগ নালাগে৷ এনেকুৱা ডায়েলগ দিয়ক যাতে মানুহে শুনি পাগলা হৈ যায়৷ এনেকুৱা ডায়েলগ দিয়ক যাতে ৰাইজে ক্লেপ বজাই বজাই হাতৰ বিষ হৈ যায়৷ আই নিদ ষ্টাৰডম মেন৷ আই নিড ফ’কাছ৷ আই নিড বহুত কিবা-কিবি”৷ ঠিকেইতো কৈছে তেওঁ৷ অসমীয়া পাহোৱাল ডেকাবোৰ সঁচাই কামত চোকা দেই৷

অসমৰ সাংস্কৃতিক ক্ষেত্ৰত অসমীয়া ছোৱালীয়ে দিনে-নিশাই দোপত-দোপে উন্নতি কৰিছে৷ সেইয়া লাগিলে ভি.চি.ডি.ৰ ছবিতেই হওঁক বা ইউ-টিউবত কোনেও গম নোপোৱাকৈ দিয়া ভিডিঅ’য়েই হওঁক৷ সেইবোৰক লৈ আমাৰ মতলব নাই৷ অসমীয়া ছোৱালীয়ে যে ইমান উন্নতি কৰিছে সেইয়াহে আমাৰ বাবে প্ৰাউদ ফিল্ কৰিবলগা কথা৷ তাতে চিনেমাত উন্নতি! কম সাহসৰ কথানে! মিনি-স্কাৰ্ট পিন্ধি নিজৰ জিলিকি থকা পেটটো লুকুৱাই ৰাখিবলৈ ,ছুৰিদাৰ পিন্ধি থাকিও ঠাইতে ৰৈ বিহু নাচিবলৈ,নিজৰ মেম’ৰী পাৱাৰৰ চহি ইস্তেমাল কৰি ডায়লগবোৰ চকু মুদি মাতি যাবলৈ কমখনতো সাহস নালাগে! আপুনি বা মই জানো পাৰিম ? উহহু!! নোৱাৰিম৷ জয়মতী-মুলাগাভৰু দেশৰ ছোৱালী হৈও কিদৰে নিজৰ ভাষা-সংস্কৃতি-পৰম্পৰাক তীব্ৰ প্ৰত্যাহ্বান জনাব লাগে সেইয়া শিকিবৰ বাবে আমাৰ অসমীয়া ছোৱালীক কোনোবাই ৰেফাৰেঞ্চ হিচাপে লৈ ল’ব পাৰে৷ ‘ভাষা-সাহিত্য-সংস্কৃতি! এই তিনিটা বিৰাটেই কাম নাইকিয়া আৰু ক’বলৈ গ’লে বৰিং ৱ’ৰ্ড৷ কোনে আজিৰ গ্লবেলাইজেশ্যনৰ যুগত এইবোৰক লৈ মাঠা মাৰি থাকে! ধেই!!মিছাতে ভেজা ফ্ৰাই৷ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত প্ৰধান অন্তৰায়৷’ নায়িকাসকলে তেনেকৈয়ে ভাবে৷কিন্তু ক’বলৈ লাজ কৰে৷ অসমীয়া ছোৱালীতো! লাজটো লাগিয়েই থাকে এনিটাইম৷

একবিংশ শতিকাটো ‘চমৎকাৰ’ৰ যুগ৷ কোনে কিমান চমৎকাৰ দেখুৱাব পাৰে!! অসম খন এনেও এইবোৰ ক্ষেত্ৰত আগৰনুৱা৷ চমৎকাৰ নকৰাকৈ থাকেনো কেনেকৈ? আজিকালি বহু চমৎকাৰ নতুনকৈ শিকিছে ডায়ৰেক্টৰবোৰে৷ ট্ৰেইলাৰ-ছ্ৰেইলাৰত ইমান অৱশ্যে কোনেও ইমান পাট্টা নিদিয়ে৷ আৰু নিদিয়াটোৱেই ভাল৷ সেইবোৰনো কোনে চায়! টকা পানী কৰি লাভ নাই৷ আচল খেল পাব্লিছিটিতহে৷ কিমান মাহৰ আগৰপৰা তুমি পাব্লিছিটি কৰিব পাৰা, কিমান টকা তুমি বেনাৰ, প’ষ্টাৰৰ নামত উৰুৱাব পাৰা সেইবোৰৰ ওপৰতো বহুত কথাই ডিপেণ্ড কৰে৷ যদি তুমি কেনেবাকৈ এটা সৰু-সুৰা বিতৰ্ক কৰি দিব পাৰা তেন্তে তুমি নিশ্চিত থাকা যে তোমাৰ চিনেমা ছুপাৰহিট হ’বই হ’ব৷ বাকী চিত্ৰগ্ৰহণ, চিত্ৰনাট্য, সংলাপ ৰ দৰে টান টান শব্দবোৰ বাদ দিয়া৷ কথা সিমানেই৷ আৰু গানত চমৎকাৰ কৰিবলৈ কাক ল’বা? জুবিন দেখোন আছেই৷ যাৰ কাৰণে ল’ৰাৰ পৰা বুঢ়া চব পাগল৷ জুবিনৰ দৰে চমৎকাৰী পুৰুষ থাকোতে বেলেগ সংগীতকৰ্মী কেলৈ লাগিছে? অৱশ্যে আজিকালি সেই চুলিৱালা ডেকাটোও লাহে লাহে পপুলাৰ হৈছে৷ সংগীতৰ ক্ষেত্ৰখনত দুয়োজনেই অতিপাত টেলেন্টেড ‘গাই’৷ গতিকে চব টেনছন্ ফ্ৰি! চমৎকাৰেই চমৎকাৰ!

মুঠৰ ওপৰত উন্নতি৷ তামাম উন্নতি৷ চৌ-চৌৱাই উন্নতি কৰিছে অসমীয়া চিনেমাই৷ হিল-দল ভাঙি উন্নতি কৰিছে অসমীয়া চিনেমাই৷ সকলোৰে হিয়াখন ফালি যোৱাকৈ উন্নতি কৰিছে অসমীয়া চিনেমাই৷

হে মোৰ অসমীয়া চিনেমাৰ মহান দৰ্শকৰাইজ, অসমীয়া চিনেমাৰ এই মহান উন্নতিৰ মহাক্ষণত সকলোৱে সমস্বৰে গাও আহক:

নায়ক-নায়িকাৰ উন্নতি—————- ডায়ৰেক্টৰ-প্ৰডিউচাৰৰ উন্নতি
———————–দেখি যাওঁ আমি ভোল——————-
অসমীয়া চিনেমা আকৌ———————–উন্নতিৰ পথত
———————–জয় আই অসম বোল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments