উপনিষদৰ বিষয়ে যৎকিঞ্চিৎ – ড° বিমল কৃষ্ণ ভট্টাচাৰ্য

খৃঃপূঃ ১০০০ বছৰ আগতে আৱিৰ্ভাব হোৱা চতুৰ্বেদৰ পিছতে সৃষ্টি হৈছিল ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ সমূহ। এই ব্ৰাহ্মণ আৰু আৰণ্যক গ্ৰন্থৰ সংখ্যা অনেক হ’লেও উপনিষদ বা বেদান্ত শাস্ত্ৰ মনিষীসকলে ১১২ খন বুলি কৈছে। ইয়াৰ ভিতৰত ১৮ খন উপনিষদ বা বেদান্ত গ্ৰন্থ। তিলত তেল থকাৰ দৰে বেদতো বেদান্ত দৰ্শন সুপ্ৰষ্ঠিত হৈ আছে ( তিলেষু তৈলবদ্ বেদে বেদান্তঃ সুপ্ৰষ্ঠিতঃ)। আকৌ চাৰিটা ভাগৰ ভিতৰত উপনিষদ হৈছে অন্তিম বা শেষ ভাগ। সেয়েহে উপনিষদ বেদান্ত দৰ্শন বুলিও জনা যায়। (বেদান্তোণাম উপনিষদ্ প্ৰমাণম্।) দাৰ্শনিক দৃষ্টিকোণৰ পৰা লিখা সুক্তৰ সংখ্যা বেদত অতি কম ভাবে দেখা যায় যদিও ৠকবেদৰ পূৰুষ সুক্ত, নাৰদীয় সুক্ত, দেৱীসুক্ত আৰু অৰ্থৱবেদৰ স্কন্ধ সুক্ত দাৰ্শনিক দৃষ্টিকোণৰ পৰা লিখা সুক্ত, বাকী আন বেদ আৰু ৠক আৰু অথৰ্বৰো সুক্তবোৰ দেৱতা স্তুতি বুলিহে কব পাৰি।

অৱশ্যে এই স্তুতিবোৰৰ মাজতো দাৰ্শনিক চিন্তাধাৰা বহু বেছি উপলব্ধি হয়। এই উপলব্ধি হৈছে অতীতৰ ঋষি মুনি সকলৰ ব্যক্তিগত  অভিজ্ঞতা। এই অভিজ্ঞতাই সত্যান্বেষী সকলৰ সকলো সন্দেহ আঁতৰাই জীৱৰ মূল লক্ষ্য প্ৰবেশ কৰাৰ পথ প্ৰশস্ত কৰে।

উপ আৰু নি উপসৰ্গ পূৰ্ব্বক সদ্ ধাতুৰ সৈতে কিপ প্ৰত্যয় যোগ হৈ উপনিষদ শব্দ নিষ্পন্ন হৈছে। উপ মানে ওচৰত কিন্তু নি শব্দৰ তিনিটা অৰ্থ হয়-

১)প্ৰাপ্তি,২) বিনাশ,৩)নিঃশেষ। ঠিক তেনেদৰে সদ ধাতুৰো তিনিটা অৰ্থ হয়,১) বিবৰণ, ২) গতি বা প্ৰাপ্তি আৰু৩) অৱসাদ বা উচ্ছেদ। গতিকে দেখা গ’ল উপনিষদ শব্দৰো অৰ্থ হব-১) যি বিদ্যাই ব্ৰহ্মক প্ৰাপ্ত কৰায়, অজ্ঞান আঁতৰায়, সংসাৰ ধ্বংস বাখ্যা কৰে, ২) যি বিদ্যাই মিছাতে কৰণীভূত অজ্ঞানক নাশ কৰি প্ৰত্যাগাত্মাব্ৰহ্মক প্ৰাপ্ত কৰায়,৩) যি বিদ্যাই ৰাগাদি প্ৰবৃত্তিৰ কাৰণবোৰ শেষ কৰি ব্ৰহ্মলাভ কৰায়।

এই উপনিষদবোৰত দাৰ্শনিক সকলে নানান মতবাদ সৃষ্টি কৰিছে যদিও অদ্বৈতবাদেই মূল বুলি স্বীকাৰ কৰিছে। মনিষীসকলে ‘একামেবাদ্বিতীয়ম্, নেহ নানাস্তি কিঞ্চণ, আদি উক্তিৰ পৰা কব পাৰি যে সকলো ভিন্নতাৰ মাজত একাত্ম দৰ্শন উপনিষদৰ মূল মন্ত্ৰ। “ব্ৰহ্ম সত্য জগৎ মিথ্যা, জিবো ব্ৰহ্মৈব নাপৰঃ।

এয়া হ’ল উপনিষদ সমূহৰ সাৰমৰ্ম।

এই উপনিষদ সমূহ পাশ্চাত্যৰ পণ্ডিত সকলে( চাৰ্লচ উইলকিন আলেকজেণ্ডাৰ হেমিল্টন, মেক্স মুলাৰ আদিয়ে) ১১২ খন বুলি কৈছে যদিও আমাৰ প্ৰাচ্যৰ পণ্ডিত সকলে প্ৰধানকৈ ১৩৮ খন বুলি কৈছে( ডo কালি প্ৰসাদ, প্ৰিয়াংশু প্ৰকাশ, ৰাজেন্দ্ৰনাথ শৰ্মা, যোগীৰাজ বসু আদিয়ে) তাৰে ভিতৰত ৠকবেদ অন্তৰ্গত ঐতেৰিয়,কৌশিতকী, সামবেদৰ কেন আৰু ছাণ্ডোগ, কৃষ্ণ যৰ্জুবেদৰ মহানাৰায়ণ, কঠ, শ্বেতাশ্বতৰ,মৈত্ৰায়ণী, শুক্লযৰ্জুবেদ,বৃহদআৰণ্যক আৰু ঈশোপনিষদ আৰু অথৰ্ব বেদৰ হ’ল প্ৰশ্ন , মুণ্ডক আৰু মাণ্ডুক্য । উপৰোক্ত উপনিষদ বোৰ অতি বিখ্যাত আৰু বিশ্ববন্দিত। বিশ্ববন্দিত বুলি এই কাৰণে ক’লোঁ, ২০১১ চনত মই কেম্ব্ৰিজ লেইচটায়াৰ আৰু লণ্ডনত বিদ্বৎসমাজৰ আমন্ত্ৰিত হৈ দৰ্শন সম্পৰ্কে ভাষণ দিওঁতে উক্ত উপনিষদবোৰৰ আলোচনাত ঠাই পাইছিল। ২০১৬ চনত কিউটেন আৰু টকিঅ’ বিশ্ববিদ্যালয়তো একেই প্ৰশ্ন জাপানৰ পণ্ডিতমণ্ডলীয়ে একমেবদ্বিতীয়ম, জীৱ ব্ৰহ্মৈব নাপৰঃ আদি প্ৰশ্নকৰি ভাৰতীয় অতীত দৰ্শনৰ মহানুভৱতা আৰু বিশ্বজনীনতাৰ আলোচনা অতি হৃদয়স্পৰ্শী আছিল। যাৰ কাৰণে নিজকে স্বাভিমানী যেন বোধ কৰিছিলোঁ।

ওম তৎ সৎ

**

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
3 years ago

উপনিষদ ৰ কথা জানিব পাৰি ভাল লাগিল । আগলৈ বহলাই লিখিব বুলি আশা থাকিল