উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ (-ময়ূৰী দত্ত)

অসমীয়া সাহিত্যৰ বুৰঞ্জীত ‘উপন্যাস সম্ৰাট’ হিচাপে এক নিৰ্দিষ্ট সুকীয়া স্থান লাভ কৰা ১৮৬৭ চনত (কাৰো কাৰোৰ মতে ১৮৬৯) গুৱাহাটীত জন্ম গ্ৰহণ কৰা ‘জোনাকী যুগ’ৰ সাহিত্যিক ৰজনীকান্ত বৰদলৈৰ পিতৃৰ নাম আছিল নৰকান্ত বৰদলৈ । ১৮৮৫ চনত গুৱাহাটীৰে বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা, চিটি কলেজৰ পৰা এফ এ প্ৰথম বিভাগত উত্তীৰ্ণ হৈ মেডিকেল পঢ়িবলৈ কোলকাতা(তেতিয়াৰ কলিকতা )লৈ যায় য’দিও এই শিক্ষা অসম্পূৰ্ণ কৰি তাৰেই মেট্ৰ’পলিটান কলেজৰ পৰা ১৮৮৯ চনত স্নাতক ডিগ্ৰী লাভ কৰি অসমলৈ ঘূৰি আহে । তাৰ পিছত চাব ডেপুটী আৰুশেষত এক্সট্ৰা এচিষ্টেণ্ট কমিছনাৰ পদ লাভ কৰি ১৯১৮ চনত অৱসৰ গ্ৰহণ কৰে । চাকৰিৰ খাতিৰত অসমৰ বিভিন্ন ঠাই ঘূৰিবলগীয়া হওঁতে তেওঁ লিখাৰ বিভিন্ন সমল সংগ্ৰহ কৰিবলৈ সুযোগ পায় আৰু পিছলৈ সেই সমলবোৰক লৈ কেইবাখনো উপন্যাস ৰচনা কৰে । ১৮৯৪ চনত মিচিং সমাজৰ ৰীতি-নীতি, পৰম্পৰা , সেই সমাজৰ সহজ সৰল ডেকা-গাভৰুৰ প্ৰণয়ৰ কাহিনীৰে প্ৰকাশ কৰি উলিয়ায় ‘মিৰি-জীয়ৰী’ উপন্যাসখন । জনজাতীয় সমাজৰ প্ৰতি আন লেখকসকলে মন নকৰাৰ সময়তে সোৱণশিৰিৰ পাৰৰ মিচিং জনজাতিৰ বিভিন্ন দিশ সাঙুৰি এখন সুন্দৰ চিত্ৰ আঁকে পাঠকৰ হৃদয়ত । জংকী পানেইৰ প্ৰেমে ঘৰুৱা বাধা, সামাজিক প্ৰতিবন্ধক তথা প্ৰেমৰ প্ৰতিদ্বন্দীৰ বাধাকো নেওচি আগবাঢ়ে শেষত দুয়োৰে কৰুণ মৃত্যুৰ মাজেৰে কাহিনীৰ পৰিসমাপ্তি ঘটিছে ।

ইয়াৰ পাছত প্ৰকাশিত বৰদলৈৰ বাকী উপন্যাসসমুহৰ ভিতৰত আছে আহোম ৰাজত্বৰ শেষ কালছোৱাৰ পটভুমিক লৈ ৰচনা কৰা ‘মনোমতী'(১৯০০), ‘ৰংগীলি ‘(১৯২৫), ‘নিৰ্মল ভকত ‘(১৯২৬), ‘ৰহদৈ লিগিৰি'(১৯৩০), মানৰ আক্ৰমনৰ পটভুমিত ‘তাম্ৰেশ্বৰীৰ মন্দিৰ ‘(১৯৩৬)’, হৰদত্ত বীৰদত্তৰ বিদ্ৰোহৰ ভিত্তিত ‘দন্দুৱা বিদ্ৰোহ'(১৯২৯) , মোৱামৰীয়া বিদ্ৰোহৰ ভিত্তিত ‘ৰাধা-ৰুক্মিণীৰ ৰণ'(১৯২৫)আৰু ‘আৱাহনত ওলোৱা ‘খাম্বা আৰু খেইবী’ আদি । ইয়াৰে ‘ৰাধা-ৰুক্মিণীৰ ৰণ’ ‘আসাম হিতৈষী’ত খণ্ড-খণ্ডকৈ প্ৰকাশ পাইছিল । চাৰ ওৱাল্টাৰ স্কট, বংকিমচন্দ্ৰ চট্ৰোপধ্যায় আদিৰ ঐতিহাসিক উপন্যাসৰ দ্বাৰা অনুপ্ৰাণিত হোৱা ৰজনীকান্ত বৰদলৈক অত্যাধিক বুৰঞ্জীৰ সমল ব্যৱহাৰৰ বাবে বহুতে ‘অসমীয়া স্কট’ বুলিও অভিহিত কৰে ।ধৰ্মীয় বিশ্বাস, সংস্কৃতি, বিভিন্ন সামাজিক দিশ, গ্ৰাম্য জীৱনৰ বিৱৰণ , অসমৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনা, পৰম্পৰাৰ সৱিশেষ আদিৰ উপস্থিতি তেওঁৰ উপন্যাসত দেখিবলৈ পোৱা যায় । সহজ-সৰল চৰিত্ৰৰ নায়িকাক প্ৰাধান্য দি উপন্যাসসমুহ ৰচনা কৰা দেখা গৈছে । উপন্যাসসমুহ লক্ষ্য কৰিলে দেখা যায় প্ৰেম দেহজ স্তৰত আৰম্ভ হ’লেও ইয়াৰ উৰ্দ্ধত উঠাৰ পিছতহে স্থায়ী মিলন সম্ভৱ বুলি দেখুৱাইছে । ড° সত্যেন্দ্ৰ নাথ শৰ্মাই ৰজনীকান্ত বৰদলৈৰ উপন্যাসৰ বিষয়ে এনেদৰে কৈছে -“অসমীয়া গ্ৰাম্যজীৱনৰ জীৱনস্ৰোত বৰদলৈয়ে যেনেকৈ সহানুভূতিৰে উপলব্ধি কৰিছিল, অসমীয়া গীত-মাতৰ লগত যেনে আন্তৰিক সংযোগ আছিল, ধৰ্মৰ শান্তি প্ৰদায়িকা শক্তিৰ ওপৰত যেনে আস্থা আছিল , অসমৰ নদ-নদী, পৰ্বত পাহাৰৰ প্ৰতি যেনে নিবিড় ভালপোৱা প্ৰকাশ পাইছে সেই সকলোৱেই বৰদলৈৰ উপন্যাসৰাজিক কেৱল ঐতিহাসিক মূল্যই দান কৰা নাই, অষ্টাদশ শতাব্দীৰ শেষ আৰু ঊনবিংশৰ আদি ভাগৰ অসমীয়া জীৱনৰ জীৱন্ত চিত্ৰও দাঙি ধৰিছে।”

বৰদলৈৰ গদ্যৰ চানেকি—-

উৎস : মনোমতী

“আমাৰ এই অসম দেশৰ ভিতৰত বৰপেটা এখনি পৱিত্ৰ ঠাই। ইয়াত এখন ডাঙৰ মহাপুৰুষীয়া সত্ৰ আছে । এই সত্ৰ শংকৰ্দেৱৰ প্ৰিয় শিষ্য মাধৱদেৱে স্থাপনা কৰা । ইয়াৰ শিষ্য আৰু ভকতৰ সংখ্যাও অনেক । ইয়াৰ কীৰ্তন ঘৰটোৰ নিচিনা ডাঙৰ কীৰ্তন ঘৰ অসমৰ আন কোনো ঠাইতে নাই । যি সময়ত বংগ দেশত মহাপ্ৰভূ শ্ৰীচৈতন্যই পৱিত্ৰ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে, পঞ্জাৱত মহাপুৰুষ নানকে শিখবিলাকক একতাৰ জৰীৰে বান্ধিবলৈ শিখ ধৰ্ম প্ৰচাৰ কৰে , প্ৰায় ঠিক সেই সময়ৰে অলপ আগৰেপৰা শংকৰদেৱকে প্ৰমুখ্য কৰি দামোদৰদেৱ, মাধৱদৱ এই মহাপুৰুষসকলেও আমাৰ এই দুখীয়া অসম দেশত চাৰিওফালে শত্ৰুৰ মাজত থাকিও পৰম নিৰ্মল ভাগৱতী বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰে । যেনেকৈ শ্ৰীকৃষ্ণৰ মোহন-মুৰুলীৰ ধ্বনিত বৃন্দাবনবাসী গোপীসকল ঢলি ঢলি পৰিছিল, সেইদৰে এই মহাপুৰুষসকলৰ মধুৰ মনমোহন ধৰ্ম আলাপত অসমীয়া মানুহ মুগ্ধ হৈছিল আৰু হেজাৰ হেজাৰ অসমীয়া মানুহে তেওঁবিলাকৰ কাম, ক্ৰোধ, লোভ, মোহ দলিয়াই পেলাই এই মহাপুৰুষসকলৰ ওচৰলৈ আহি পৱিত্ৰ বৈষ্ণৱ ধৰ্মত আশ্ৰয় লৈ তেওঁবিলাকৰ ইহজন্ম সাৰ্থক কৰিছিল ।”
বৈষ্ণৱ আদৰ্শৰ প্ৰতি লেখকৰ শ্ৰদ্ধা আৰু আস্থা খুব সুন্দৰকৈ প্ৰকাশ পাইছে ।

১৯২৫ চনত নগাঁৱত অনুষ্ঠিত হোৱা সাহিত্য সভাৰ বাৰ্ষিক অধিৱেশত সভাপতিৰ আসন অলংকৃত কৰা ৰজনীকান্ত বৰদলৈয়ে ‘আৱাহন’ ,’আসাম হিতৈষী’, ‘অসম প্ৰদীপিকা’ আদিত লিখা মেলা কৰা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে । বিশেষকৈ অসমীয়া উপন্যাসক এক নিৰ্দিষ্ট স্থানত উপৱিষ্ট কৰোৱা উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈয়ে ১৯৩৯ চনত মৃত্যুবৰণ কৰে ।

(সহায় লৈ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments