(উপলক্ষ: শিক্ষক দিৱস) ( দুদু কুমাৰ দাদুল )

শিক্ষকতা কৰিছিলো৷ অৱসৰ পোৱা প্ৰায় চাৰি বছৰেই হ’ল৷ পেঞ্চনৰ কামখিনিহে এতিয়াও হৈ উঠা নাই৷ সাঁচতীয়া ধন বুলিবলৈ যিখিনি আছিল সেয়াওঁ ইতিমধ্যে উদং হৈ আহিছে৷ ইফালে ঘৰুৱা বাজেটত ঔষধৰ শিতানত ধাৰ্য কৰা ধনৰ পৰিমাণ মাহে মাহে বাঢ়িছে৷ বিভাগীয় অফিচলৈ অহা-যোৱা কৰোতে কৰোতে অৱসৰৰ দিনা ছাত্ৰ-ছাত্ৰীয়ে উপহাৰ স্বৰূপে দিয়া চেণ্ডেলযোৰৰ অৱস্থাও এতিয়া তথৈবচ৷ এতিয়া ভাৱ হয়, সিহঁতে জানি শুনিয়ে এই চেণ্ডেল আৰু ছাতিটো দিছিল নেকি বাৰু? এইবোৰকে ভাবি ভাবি মই আজিও অফিচৰ বাৰন্দাত ভৰি থলোগৈ৷ গ্ৰীষ্মৰ প্ৰচণ্ড গৰমকো নেওচা দি চিনাকি অচিনাকি অনেক মুখৰ আজিও লৰা-ঢপৰা৷ চুলি নাইকিয়া তালুখনৰ পৰা বৈ অহা ঘামবোৰ মচি মচি বাৰন্দাৰ সিমূৰে থকা বেঞ্চখনত মই বহি দিলো৷ বয়স বঢ়াৰ লগে লগে ভাগৰো বাঢ়িছে৷ অলপ পৰ বহাৰ পিছত আপোনাক ছাৰে মাতিছে বুলি কৈ এজনে মোক ৰূম এটালৈ লৈ গ’ল৷ সন্মুখৰ চকী এখনত বহিবলৈ দি অফিচাৰজনে মোক অহাৰ কাৰণ সুধিলে৷ ময়ো অৱসৰ লোৱা তিনি বছৰৰ পিছতো যে পাবলগীয়া পেঞ্চনটো নাপাই কি দূৰ্দশাত ভুগিছো সেয়া বিৱৰি কলো৷ তেওঁ বেল বজাই কোনোবা এজনক মোৰ ফাইলটো আনিবলৈ কলে৷ ফাইলটো চাই তেওঁ ইমানদিনে কিয় কামটো হোৱা নাই বুলি ফোনৰ সিপাৰৰ কাৰোবাক বাৰুকৈয়ে এসেকা দিলে৷ তিনি দিনৰ ভিতৰত কামতো কৰি দিবলৈ নিৰ্দেশ দি মোলৈ চাই কলে – “লাজ পাইছোঁ বুজিছে, নিজৰ প্ৰাপ্য বিচাৰি আপুনি আহি থাকিব লগা কথাটোৱে আমাক দুখ দিছে৷ এতিয়াৰ পৰা আৰু এইবোৰ নচলিব৷ সময়ৰ কাম সময়ত কৰিবলৈ আমি বদ্ধপৰিকৰ৷ ’’

তিনি বছৰে নোহোৱা কামটো তিনি দিনত হ’ব বুলি শুনি মোৰ খং, ক্ষোভবোৰ কেনিবা পলাল৷ তাৰ পৰিবৰ্তে কব নোৱাৰাকৈয়ে অফিচাৰজনৰ প্ৰতি মোৰ আবেগ উঠলি উঠিল৷

“এনেকুৱা এটা দিনলৈ মই বহুত দিন বাট চালো, ভাবিছিলো এদিন ভাল দিন আহিবই৷ অৱশেষত আপুনি আহিল৷ এতিয়াৰ পৰা আৰু আমিবোৰে জীয়াতু ভুগিব নালাগে৷ ঈশ্বৰে মঙ্গল কৰক আপোনাৰ৷ ’’

– স্থান, কাল, পাত্ৰ পাহৰি পুত্ৰসম বয়সৰ ডেকা অফিচাৰজনক মই সাউৎকৰে চকীৰ পৰা উঠি মূৰত হাত ফুৰাই কথাখিনি ক’লো৷

“- হেৰি হেৰি, এইবোৰ কি নৃত্যৰ আখৰা কৰি আছে? দেখা নাই, অফিচৰ মানুহ গৈ গৈ নোহোৱা হ’ল৷ সবৰে বোলে টিচাৰচ ডে মিটিং আছে বেলেগ বেলেগ ঠাইত৷ আজি আৰু কাকো লগ নাপাই আপুনি৷ ইয়াত বোন্দাপৰ দি লাভ নাই৷ আগতেই কৈছোঁ, এনেকৈ শুদা হাতেৰে আহি থাকিলে কাম নিসিজে ইয়াত৷ নাই, নুশুনে মোৰ কথা৷ আহি থাকক, মোৰ কি আহে যায় …’’

কাৰোবাৰ উচ্চবাচ্যত মই খকামকাকৈ সাৰ পালো৷ ভোৰভোৰাই ভোৰভোৰাই চিনাকি পিয়নজন মোৰ কাষেৰেই পাৰ হৈ গ’ল৷ আমি দুটাৰ বাদে আৰু বেলেগ মানুহ নেদেখিলো বাহিৰত৷ ছেঃ সপোনেও ঠগেনে মানুহ! বেঞ্চখনৰ পৰা উঠি মই ৰাস্তালৈ খোজ ল’লো৷ ভৰিবোৰ কিবা গধুৰ গধুৰ লাগিল৷ তথাপিও খৰখেদাকৈ যাবগৈ লাগিব৷ নহ’লে শেষৰখন বাছেও ঠগিব মোক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments