উপলব্ধিৰ এনিশা (অনামিকা বৰুৱা)

উপলব্ধিৰ এনিশা

 

অনামিকা বৰুৱা

….কলিজা ফালি দেখুৱালে
তাতে তোমাৰ নাম পাবা
তোমালে’ মৰম কিমান আছে
জুমি চালে গম পাবা….

: কলিজাত কোন সোমাল অ’ পঞ্চী?  লীনা বা’ৰ প্ৰশ্নটো শুনি লাজ লাগি গ’ল মোৰ।  লগে লগে ম’বাইলৰ ভলিউমটো কমাই দিলো। এই লীনা বা’জনী যে কি আৰু নহয়! সুবিধা পালেই জোকায় মোক।
: ধেত্‍ কোনো সোমোৱা নাই। কি কি যে সোধা নহয় তুমি! অ’ লীনা বা’ আজি বজাৰলৈ যাবা মোৰ লগত?
: নিশ্চয় যাম। কিন্তু কি বজাৰ কৰিবা? তোমাৰ দেখোন একো আনিব লগা নাই!
: মোলৈ একো নিকিনো। মাহঁতলৈ কিনিম। পূজাৰ কাপোৰ। তাকো মোৰ পইচাৰে প্ৰথমবাৰৰ বাবে। চাৰপ্ৰাইজ্‌ দিম। সেই কাৰণে তুমি মোৰ লগত গৈ মোক সহায় কৰি দিব লাগিব বুজিলা। নহ’লে মই অকলে নোৱাৰোঁ।
: বাপ্‌ৰে বিৰাট প্লেনিং। ছোৱালী ডাঙৰ হ’ল তাৰমানে! অ’কে যাম। আজি তেতিয়াহ’লে মোৰ চান ডে স্পেচিয়েল দুপৰীয়াৰ নিদ্ৰা বৰ্জন কৰিব লাগিব? একো নাই, তোমাৰ বাবে সেইয়া কৰিব পাৰিম। কিন্তু মোক আইচক্ৰীম খুৱাব লাগিব। দুটা!
: হ’ব খুৱাই দিম আইচক্ৰীম। লগতে মোৰ ফেভাৰিট হাক্কা নুডল্‌ছো খাম দেই।
: ডান্‌। মই তেন্তে কাপোৰখিনি ধুই সোনকালে আজৰি হওঁ। তুমি গান শুনা।
কানি-কাপোৰ লৈ লীনা বা’ গুচি গ’ল। মই গান শুনি শুনি বিচনাতে এনেই পৰি ৰ’লো। চাকৰি পোৱাৰ পাছত ঘৰখনত সৃষ্টি হোৱা অস্থিৰতাখিনিলৈ মনত পৰি গ’ল। এপইণ্টমেণ্ট লেটাৰ পোৱাৰ পাছতো দেউতাই কোনোপধ্যেই চাকৰি কৰিবলৈ নিদিয়ে। দেউতাৰ এটাই কথা তাই পঢ়াত ভাল যেতিয়া তাইৰ ভৱিষ্যতক লৈ ইমান ভাবিব লগা নাই আৰু মই তাইৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি ইতিমধ্যে কৰি থৈছোৱেই। মাৰ যুক্তি আজিৰ দিনত চাকৰি এটা পোৱা ইমান সহজ কথা নহয়; তাতে চেণ্ট্ৰেলৰ চাকৰি। আৰু পঢ়া-শুনা তাই তেতিয়াও কৰিব পাৰিব। ৰাতিপুৱা আৰু ৰাতি পঢ়িবলৈ সময় পাবই। পৰীক্ষা দিবলৈ ছুটি পাব নহয়। পাছত পঢ়া-শুনা শেষ কৰি যে এটা ভাল চাকৰি পাবই তাৰ কি ভৰষা আছে? মুঠৰ ওপৰত সেইকেইদিনত মই চাকৰি কৰা-নকৰাক লৈ মা-দেউতাৰ মাজত সদায় তৰ্ক। মোক কোনেও একো সোধাই নাই। মই হেনো সৰু ছোৱালী। অথচ মই ডিগ্ৰী ছেকেণ্ড ইয়েৰত পঢ়োঁ। শেষত দাদাই সমস্যাটোৰ সমাধান কৰিছিল। মা-দেউতা আৰু মোক একেলগে ডাইনিং টেবুলত বহুৱাই দাদাই কৈছিল—”মা-দেউতা দুয়োজনেই নিজৰ নিজৰ ঠাইত শুদ্ধ। কিন্তু আটাইতকৈ দৰকাৰী কথাটো হ’ল তুমি কি বিচাৰা? এইটো তোমাৰ জীৱনৰ এটা টাৰ্নিং পইণ্ট। গতিকে সিদ্ধান্তটো তুমি নিজেই  ল’ব লাগিব। যদি তোমাৰ নিজৰ ওপৰতে বিশ্বাস আছে যে চাকৰি কৰিও তুমি পঢ়া সম্পূৰ্ণ কৰিব পাৰা তেন্তে মই তোমাক চাকৰি কৰিবলৈকে কম। কাৰণ এইটো এটা সুযোগ নিজৰ ভৰিত নিজে ঠিয় দিয়াৰ। মানুহৰ জীৱনত সুযোগ বাৰে বাৰে নাহে। কাইলৈ পঢ়া-শুনা শেষ কৰি তুমি যদি ইয়াতকৈ ভাল সুযোগ পোৱা নিশ্চয় আগবাঢ়ি যাবা। এতিয়া মা-দেউতা বা মোৰ কথা শুনি তুমি পঢ়িম বুলিয়েই চাকৰিটো নকৰাকৈ থাকিলা বাৰু, কোনে জানে তোমাৰ আহিব ধৰা দিনবোৰত কি লিখা আছে! ভগৱানে নকৰক আমি যদি এজনো নাথাকো! তুমিও যদি ভৱিষ্যতে একো এটা সুবিধা কৰিব নোৱাৰা তেতিয়া? তুমি জানো আমাকেই নোদোষিবা? মানুহেই এইখিনিতেই ভুল কৰে। ভৱিষ্যতৰ আশাত বৰ্তমানটোক আওকান কৰে। মই তোমাক কোৱা নাই যে তুমি সপোন দেখা বন্ধ কৰা। কিন্তু সপোনৰ পম খেদি বাস্তৱক উপেক্ষা কৰিবলৈ মই নকওঁ। বাকী তোমাৰ ওপৰত।” দাদাৰ কথাই সাহস দিছিল মোক। নিজৰ ওপৰত বিশ্বাস আছিল মোৰ। চাকৰিটো কৰিম বুলি কৈ দেউতাৰ মুখলৈ চাইছিলো। দেউতাই মোৰ মূৰত হাত এখন থৈ কৈছিল–”তুমি চাকৰি কৰিলে মই বেয়া নাপাওঁ মাজনী। কিন্তু তুমি মাষ্টাৰ ডিগ্ৰীটো সম্পূৰ্ণ কৰিবই লাগিব। আৰু তাৰ পাছত ডক্তৰেট কৰি মোক ড.পঞ্চী দত্তৰ পিতৃ হোৱাৰ গৌৰৱবোধ কৰাৰ সুবিধা দিব লাগিব। তাৰ বাহিৰে তোমাৰ ওচৰত মোৰ আন কোনো দাবী নাই। অভিযোগো নাই। মই জানো তুমি পাৰিবা। সিমান বিশ্বাস আছে মোৰ তোমাৰ ওপৰত।” অৱশেষত আহি চাকৰিত জইন কৰিছিলো। দেউতাই আগতীয়াকৈ আহি এই ৱৰ্কিং ৱমেন্‌চৰ হোষ্টেলটোত মোৰ থকাৰ ব্যৱস্থা কৰি গৈছিল। নতুন ঠাই নতুন পৰিবেশত প্ৰথম কিছু আচহুৱা অনুভৱ কৰিছিলো। তাতে ঘৰত সকলো সময়তে মাৰ ওপৰত নিৰ্ভৰ কৰি চলিছিলো। বহী এখন কলম এটা কিনিব ল’গা হ’লেও টানি আঁজুৰি মাক বজাৰলৈ লৈ যাওঁ। তেনেই সৰু মোৰ পৃথিৱীখন। মা-দেউতা আৰু দাদাৰে অনবৰতে পূৰ্ণ হৈ থকা মোৰ জগতখনত আন কাৰোবাৰ প্ৰবেশৰ কোনো সুৰুঙা নাছিল। মোক হোষ্টেলত থৈ যোৱাৰ দিনা নিজকে নিঠৰুৱা যেন লাগিছিল মোৰ। নাকান্দো বুলিও কান্দি উঠিছিলো। লীনা বা’য়ে সাবটি ধৰিছিল মোক। মৰম কৰি সুধিছিল এইবাৰে প্ৰথম ঘৰ এৰি আহিছো নেকি বুলি। ইটো-সিটো কথা পতি সহজ হৈ পৰিছিলো। আমাৰ ৰুমটোত আমি চাৰি গৰাকী থাকো। মই, লীনা বা’, ঝৰ্ণা বা’, আৰু মিতালী। লীনা বা’ কলেজৰ প্ৰবক্তা। হাঁহিমুখীয়া। ফুৰ্তিবাজ। কথাই কথাই হীৰু দাৰ কবিতা আবৃতি কৰে। ঝৰ্ণা বা’ বেংক কৰ্মচাৰী। অলপ গহীন যদিও বেয়া নালাগে। কিন্তু মিতালীৰ নামটোৰ বাহিৰে মই একো নাজানো। কিবা অদ্ভুত ধৰণৰ ছোৱালীজনী। মোৰ বয়সৰে হ’ব। শুনামতে কোনোবা প্ৰাইভেট ফাৰ্ম এখনত চাকৰি কৰে। কিন্তু কি কৰে মই নাজানো। কাকো সোধাও নাই। অসম্ভব চৌখিন ছোৱালীজনী। উগ্ৰ প্ৰসাধন কৰে। নিতে নতুন সাজ-পাৰ। বেপৰোৱা চাল-চলন। কিবা যেন নিৰ্বিকাৰ ভাব এটা কঢ়িয়াই লৈ ফুৰে সকলোৰে প্ৰতি। হাতত নহ’লে কাণত অনবৰতে ম’বাইলটো লাগিয়ে থাকে। কাৰ লগত কি কথা পাতে তাইহে জানে। সাধাৰণতে আনৰ কথা লৈ মই মূৰ নঘমাও যদিও কিয় জানো নাচাওঁ বুলিও বাৰে বাৰে তাইলৈ চাওঁ! এক অনামী কৌতুহ’ল। মোৰ ইয়ালৈ অহা তিনিমাহ হৈ গ’ল যদিও তাইৰ লগত মোৰ কোনো কথা-বতৰা নাই হোৱা। সেই প্ৰথম দিনাই তাই—’হাই আই এম মিতালী। ৱেল কাম টু আৱাৰ ৰু’ম বুলি হেণ্ডচেক্‌ কৰাৰ পাছত মুখামুখি হ’লে হাঁহি এটা মৰাতেই আমাৰ কথোপকথন শেষ। কাৰণ মই অফিচ যোৱালৈকে তাই শুইয়ে থাকে। নিশা দহ বজাৰ আগতে তাই হোষ্টেললৈ নাহে। সিমান ৰাতি পঢ়া বাদ দি তাইক জনাৰ প্ৰয়োজনবোধ মই কেতিয়াও নাই কৰা।
: পঞ্চী, এতিয়া এঘাৰ বাজিছে। এতিয়াই বজাৰলৈ যাওঁ ব’লা। মই আবেলি ঘৰলৈ যাম। মায়ে ফোন কৰিছে। দেউতাৰ গাটো বেয়া হৈছে। জানাই নহয় ল’ৰা নোহোৱা ঘৰ। তাতে মই ঘৰৰ ডাঙৰ ছোৱালী। গতিকে দায়িত্ব বহুত। মই যাব লাগিব। বৰ বেছি একো নাই হোৱা যদি মই কাইলৈকে উভতিম।
মনটো বেয়া লাগি গ’ল। ঝৰ্ণা বা’তো কালিয়েই ঘৰলৈ গ’ল এসপ্তাহৰ ছুটিলৈ। তেওঁক চাবলৈ কোনোবা অহাৰ কথা।
মালৈ এজোৰ মেখেলা চাদৰ, দেউতালৈ আৰু দাদালৈ এটা এটা চাৰ্ট কিনিলো। মোৰ আৰু সৰু-সুৰা কিবাকিবি বজাৰ কৰাৰ মন আছিল যদিও লীনা বা’ৰ দেৰি হ’ব বুলিয়েই নিকিনিলো। আবেলি তিনিটামানত লীনা বা’ গ’লগৈ। ৰুমটোত অকলে অকলে থাকি আমনি লগাত টি.ভি.টোকে অন কৰিলো। মই টি.ভি. চাই বেয়া পাওঁ। অলপ সময় ৰিম’টটো পকাই থাকি অফ্‌ কৰি দিলো টিভিটো। কি কৰা যায় এতিয়া! হোষ্টেলৰ আন তিনিটা ৰুমত আৰু আঠ গৰাকী বাসিন্দা থাকিলেও কাৰো লগত তেনেকৈ অন্তৰঙ্গতা নাই হোৱা। সঁচা কবলৈ গ’লে ইয়াত সকলো নিজক লৈয়ে ব্যস্ত। ময়োতো অফিচৰ পৰা আহিয়েই চাহ খাই অলপ জিৰণি লৈ পঢ়িবলৈ বহি যাওঁ। পঢ়াৰ বাহিৰে বেলেগ কথা মনলৈ নাহেই। দেউতাৰ বিশ্বাস ৰাখিব পাৰিব লাগিব। অহৰহ নিজকে সোঁৱৰাই থাকো মই। অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং খনকে মেলি ল’লো পঢ়োঁ বুলি। পঢ়ি পঢ়ি কেতিয়ানো টোপনি গ’লো কবই নোৱাৰিলো। সাৰ পাই দেখো ৬ বাজি গ’ল। মুখ হাত ধুই আহিলোঁ। চিঙৰা খাবৰ মন গৈছে। লীনা বা’ৰ লগত দেওবাৰে সন্ধিয়া এপাক ওলায় গৈ চপ্‌-চিঙৰা জাতীয় কিবা এটা খোৱাটো অভ্যাসেই হৈ গৈছে। আজি আৰু চিঙৰা খোৱা নহব। প্লেট এখনত মিক্সাৰ অলপকে লৈ পঢ়াৰ টেবুলত বহিলোগৈ।
: চপ্‌ খোৱা পঞ্চী। গৰম হৈ আছে। চচ্‌ও আছে। হঠাত্‍ মাতষাৰ শুনি চক্‌খাই উঠিলো। মিতালীয়ে হাতত টোপোলা এটা লৈ ৰৈ আছে। তোমালোকে প্ৰত্যেক দেওবাৰে চপ্‌-চিঙৰা খোৱা বুলি মই জানো। আজিতো কোনো নাই। আৰু তুমি অকলে খাবলৈ কেতিয়াও নোযোৱা বুলিও মই জানো। সেয়ে লৈ আহিলো। খোৱা। ভাবি থাকিব নালাগে। চেঁচা হৈ যাব নহ’লে।
”থেংকিউ” বুলি কৈ মই চপ্‌ খোৱাত লাগিলো। তাই মোলৈ চাই থকা দেখি মনত পৰি লাজ পোৱাৰ দৰেই সুধিলো আজি যে তুমি অসময়ত সোমালাহি?
হাঁহি উঠিল তাই। মোৰ কোনো সময়-অসময় নাই। সময় মোৰ হাত মুঠিত। লীনা বা’ই যাওঁতে কৈ গৈছিল তুমি অকলে আছা বুলি। সেয়ে আহিলো। নহ’লে দেওবাৰে লাইব্ৰেৰীৰ পৰা নুঠোৱেই। মোক অবাক কৰি দহ মিনিটমানৰ পাছত মিতালী আকৌ ওলায় গ’ল। বিক্ষিপ্ত হৈ উঠিল মনটো। তাই কিতাপো পঢ়ে নেকি? কিন্তু লাইব্ৰেৰীত কিয়? ইয়াতো পঢ়িব পাৰে। তাই আচলতে কোন নো? অলেখ প্ৰশ্নই জুমুৰি দি ধৰিলেহি। এট প্ৰশ্নৰো সঠিক উত্তৰ নাপায় নিজৰ ওপৰতে খং উঠি গ’ল। কি অৰ্থহীন বিষয় এটা লৈ সময় নষ্ট কৰি আছো? জোৰ কৰিয়েই মনটোক পঢ়াত আবদ্ধ কৰিবলৈ চেষ্টা কৰিলো। ৰাতি হ’ল। আনদিনাৰ দৰেই দহ বজাত ৰুম সোমালেহি মিতালীয়ে। এইবাৰ মই নিৰ্বিকাৰ হৈ ৰ’লো। তাইৰ ফালে নাচাওঁ বুলিয়েই নাচালো। ১২.৩০ত কিতাপ সামৰি শুবলৈ ল’লো। অজানিতে তাইলৈ চকু গ’ল। কাণত হেড্‌ফোন লগাই তাই কিতাপ এখন পঢ়ি আছে। আকৌ এবাৰ চমকি উঠিলো। প্ৰসাধনবিহীন মুখেৰে তাইক দেখিবলৈ শান্ত-শিষ্ট আজলী ছোৱালী এজনীৰ দৰে লাগিছে! চে: অভদ্ৰামি কৰিছো মই। অথনি মোৰ কাৰণেই আহিছিল তাই আৰু মই সাধাৰণ শিষ্টাচাৰকণো দেখুওৱা নাই। বিচনাখন পাৰি উঠি তাইৰ বিচনাখনতে বহিলোগৈ। মোক দেখি মূৰ তুলি চালে তাই—
: মই তোমাৰ বিষয়ে একো নাজানো। তুমিও চাগে মোৰ বিষয়ে নাজানা। কোৱাচোন তোমাৰ কথা।
: তুমি মোৰ বিষয়ে একো নাজানিলেও মই তোমাৰ বিষয়ে সকলো জানো। মানুহৰ বিষয়ে জানিব লগাখিনি মই যিকোনো প্ৰকাৰে জানি লওঁ। এইটো মোৰ অভ্যাস। তুমি মোৰ বিষয়ে নাজানিলেই ভাল। তুমি ভাল ছোৱালী। ভাল হৈ থাকা। মিছাতে মোৰ লগত সময় নষ্ট কৰিব নালাগে। ৰাতি হ’ল। শুই থাকা।
তাইৰ কথা কোৱাৰ ধৰণটোত আহত হ’লো। ইমান অহংকাৰী! এনেকৈ কিয় ক’ব লাগে? কেতিয়ানো তাইৰ প্ৰতি উত্কণ্ঠা প্ৰকাশ কৰিছিলো? তাইহে আজি চপ্‌ খুৱাই মোৰ স’তে মিতিৰালি পাতিব খুজিছে। খং উঠি গ’ল। তথাপি সুধিলো—
: মই বাৰু ভাল ছোৱালী; তুমি তাৰমানে বেয়া ছোৱালী?
: অ’ বেয়া ছোৱালী।
: কিয় বেয়া? কিহত বেয়া? বেয়া হ’বলৈনো গ’লা কিয়? ভাল হৈ থকাত অসুবিধা ক’ত হৈছে?
মূহূৰ্ততে তাইৰ মুখখন কঠিন হৈ উঠিল। দুচকুত যেন দুকুৰা জুই জ্বলি উঠিল। একো নামাতিলে। অলপপৰ একেথৰে মোলৈ চাই থাকি ক’লে—মোৰ বাবে এইবোৰ প্ৰশ্নৰ কোনো মানে নাই। তোমাক কোৱাৰো কোনো অৰ্থ নাই। শুৱাগৈ যোৱা। শুভৰাত্ৰি।
অপমানিতবোধ কৰিলোঁ। উঠি আহিলো তাইৰ বিচনাৰ পৰা। দুখোজ আহিয়েই উভতি গৈ আকৌ সুধিলো-
: কিন্তু তুমি কেনেকুৱা ধৰণৰ বেয়া ছোৱালী?
: পুৰুষৰ সৈতে শাৰীৰিক সম্পৰ্ক গঢ়ি দৰ দাম কৰা ছোৱালীক ভদ্ৰ ভাষাত বেয়া বুলিয়েই কয়।
আৰু এষাৰো নমতাকৈ চিধাই আহি বিচনাত পৰিলো। তিতা হৈ গ’ল মনটো। কিহে পাইছিল মোক তাইৰ বিষয়ে জানিবলৈ? নামহীন ঘৃণা নে বিতৃষ্ণাই মনটো হেঁচি ধৰিলে কব নোৱাৰিলো। বহুত সময় চট্‌ফটাই থাকি এসময়ত টোপনি গ’লো। সেইদিনাৰ পৰা মই আৰু ভুলতেও তাইৰ ফালে চোৱাৰ ভুল কৰা নাই।

দিনবোৰ গৈ থাকিল। গতানুগতিকভাবে। পূজাত ৬ দিনৰ ছুটি লম। দাদাই কৈছে সিয়ো ছুটি ল’ব। পূজা বুলিয়েই আমি দুদিনৰ বাবে ক’লকাতালৈ যাম। দাদাৰ বন্ধু এজনৰ বিয়া। বিয়া খোৱাও হ’ব ফুৰাও হ’ব। সি হেনো আগতীয়াকৈ মনে মনে ফ্লাইটৰ টিকেট বুক কৰি থৈছিল। পূজালৈ আৰু বেছিদিন নাই। ঘৰলৈ যাবলৈ পোৱাৰ আনন্দতে এইকেইদিন মনটো ভাল লাগি আছে। অফিচলৈ বুলি খৰধৰ কৰোঁতেই ম’বাইলটো বাজি উঠিল। দেউতাৰ ফোন।
: হেল্ল’ দেউতা। কি???
মোৰ বিকত চিঞৰটো গোটেই হোষ্টেলতে বিয়পি পৰিল। আটাইবোৰ উধাতু খাই আমাৰ ৰুমলৈ দৌৰি আহিল। মই কান্দিছো আৰু কান্দিছো। মোৰ হাতৰ পৰা পৰি যোৱা ম’বাইলটো লৈ লীনা বা’ই দেউতাৰ লগত কথা পাতিলে। দাদাৰ বৰ বেয়াকৈ এক্সিডেণ্ট হৈছে। তাৰ বাইকত ভান এখনে খুন্দা মাৰিলে। কি হয় ঠিক নাই। তাক মেডিকেললৈ আনি আছে। লীনা বা’ই মোক সাবটি ক’লে—
: ধৈৰ্য্য ধৰা পঞ্চী। আমি এতিয়াই যাম। মই গাড়ী এখনৰ ব্যৱস্থা কৰোঁ। তুমি অফিচলৈ ফোন কৰা।

কান্দি কান্দিয়েই অফিচত খবৰটো দি লীনা বা’ৰ লগত গৈ মেডিকেল পাওঁ মানে দাদাক আই.চি.ইউ.লৈ নিছে। ডাক্তৰে একো ধৰিব পৰা নাই। দেখাত তেনেকৈ একো জখম নাই হোৱা। মূৰত আৰু ভৰিত অলপ দুখ পাইছে। কিন্তু তলপেটত আঘাট লগাত ভিতৰতে প্ৰচুৰ ৰক্তক্ষৰণ হৈ পেটটো ফুলি যোৱাত আচলতে ঠিক কোনখিনিত জখম হৈছে ধৰিব পৰা নাই। মূৰত আঘাট পাই জ্ঞান হেৰুৱাৰ কাৰণে ডাক্তৰে ঘপহ্‌কৈ অপাৰেচন কৰাৰ সিদ্ধান্ত ল’ব খোজা নাই। কিন্তু আমাক তেজৰ যোগাৰ কৰি থবলৈ কৈছে। যিকোনো মুহূৰ্ততে প্ৰয়োজন হ’ব পাৰে। ব্লাড্‌ বেংকত খবৰ কৰিলো AB(-)ৰ মাত্ৰ এবটলহে তেজ মজুত আছে। আৰু দুবটল লাগে। কি কৰোঁ এতিয়া? দেউতাৰ ব্লাড্‌ গ্ৰুপ দাদাৰ লগত মিলে। কিন্তু দেউতাৰ হাই-প্ৰেচাৰ আছে। লীনা বা’ই চিনাকি সকলোতে খবৰ কৰিলে। লগৰবোৰক ফোন কৰিছে। নাই। আমিও যিমান পাৰো খবৰ কৰিছোঁ। নাই। যি কেইজনে দিব পাৰিলে হয় সকলো অসমৰ বাহিৰত আছে। ভগৱানক সাৰথি কৰি বহি আছোঁ মই, লীনা বা’, মা আৰু দেউতা। সময় গৈ আছে। নাৰ্চগৰাকীয়ে পুনৰ সোঁৱৰায় দিছে কমেও তিনিবটল তেজৰ যোগাৰ কৰিবলৈ। ভাগ্যক দোষাৰূপ কৰি অস্থিৰ হৈ মই পায়চাৰি কৰি আছোঁ। প্ৰয়োজনৰ তেজখিনিও যদি নাপাওঁ! অজান আশংকাত শিঞৰি উঠিছো মই। চকুলোৰে টল্‌মল্‌ কৰা চকুত ভাহি উঠিছে দাদাৰ লগত এৰি অহা দিনবোৰ। আঁৰ চকুৰে মালৈ চালো। শুকান সৰা পাতৰ দৰেই বিবৰ্ণ হৈ পৰিছে মাৰ মুখমণ্ডল। দেউতাই স্থিৰে বহি আছে যদিও মই জানো তেওঁৰ মনত কি ধুমুহা চলিছে। পলে পলে সময়বোৰ পাৰ হৈ গৈছে। দুচিন্তা-দুৰ্ভাবনাত এটা দিনতেই যেন মই পৰিপক্ক হৈ উঠিলো। এপাকত আই.চি.ইউ.লৈ গৈ গ্লাচৰ মাজেদিয়েই জুমি চালো দাদালৈ। সাৰ-সুৰ নোহোৱাকৈ তেনেকৈয়ে পৰি আছে। এমূৰত চকী এখনত নাৰ্চ এগৰাকী বহি আছে। আন গৰাকীয়ে চেলাইনৰ বটলটো পৰীক্ষা কৰিছে। এপাকত মোৰ এনে লাগিল যেন দাদাই যন্ত্ৰণাত চিঞৰি উঠিছে! বিহ্বল হৈ মই কাউণ্টাৰত গৈ ডাক্তৰৰ সৈতে যোগাযোগ কৰিবলৈ ল’ৰ মাৰি গ’লো। ইমান এজন চিৰিয়াছ ৰোগী অথচ তেওঁলোকৰ যেন কোনো চিন্তাই নাই! অলপ উষ্মাৰেই মই কাউণ্টাৰত বহা মহিলা গৰাকীৰ লগত বাক্য বিনিময় কৰিলো। মোক বিচাৰি লীনা’বাও নামি আহিল। মোৰ হৈ লীনা বা’ই যেতিয়া কাউণ্টাৰত কথা পাতিলে তেতিয়া মহিলা গৰাকীয়ে ডাক্তৰক ফোন কৰিলে। ডাক্তৰে ক’লে তেওঁ হেনো আহি আছে। ইতিমধ্যে বাৰ ঘণ্টা পাৰ হৈ গৈছে। দাদাৰ অৱস্থাৰ কোনো পৰিবৰ্তন নেদেখি অপাৰেচন কৰিব লগা হ’ব পাৰে নেকি তেওঁ আহিহে সিদ্ধান্ত ল’ব। তেজৰ যোগাৰৰ কথা আকৌ ক’লে। এইবাৰ মোৰ অন্তৰাত্মা কঁপি উঠিল। হতাশাত আকৌ দুচকুত চকুলো বিৰিঙি উঠিল। মুখ ঢাকি কান্দি পেলালো। তেনেতে কান্ধত কাৰোবাৰ হাতৰ মৃদু চাপ এটা পায় মূৰ দাঙি চালো। মিতালী! অবিশ্বাস্য ভাবেৰে তাইলৈ চালো। এক লহমাৰ বাবে মোলৈ তীক্ষ্ণ দৃষ্টিৰে চাই তাই মোক ক’লে-তুমি যদি ভাবা বেয়া ছোৱালীৰ তেজ লৈ তোমাৰ দাদাৰ জীৱনটো সুস্থ হৈ উঠিব পাৰে তেন্তে মই দিব পাৰিম। তোমাৰ দাদাৰ তেজৰ গ্ৰুপৰ লগত মোৰ তেজৰ গ্ৰুপ মিলে। মোৰ বন্ধুজনৰো মিলে। আমি দিম তেজ।
: কিন্তু?
: পাছত কথা হ’ম। আগেয়ে তেজৰ পৰীক্ষা-নিৰীক্ষাবোৰ কৰি লওঁ? হাতত সময় বৰ কম।
লীনা বা’ই দুয়োকে তেজ সংগ্ৰহ কৰা কোঠাটোৰ ফালে লৈ গ’ল। মই এক ঠাইতে জঠৰ হৈ ভাবি থাকিলো কি নাম এই সম্পৰ্কৰ? কিমান দাম এই আত্মীয়তাৰ? তেজৰ মূল্য থাকেনে? জীৱন কিয় লাগে? মানুহক ভাল পাবলে নে বেয়া পাবলে? কিহেৰে জোখা যায় মানুহৰ ভাল-বেয়া? বাহ্যিক আবৰণে মানুহৰ পৰিচয় দিব পাৰেনে? হৃদয়ত কিমানখিনি সততা থাকিলে মানুহে এনেকৈ নিসংকোচে আনৰ বাবে নিজক বিলায় দিব পাৰে? ভালৰ সংজ্ঞা কি? বেয়াৰ পৰিধি কি? লানি নিছিগা প্ৰশ্নৰে নিজকে থকা-সৰকা কৰি মই চাই থাকিলো মিতালী যোৱাৰ ফালে। নিশা তেতিয়া ১২টা………!!

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
2 years ago

সচাকে আপোনাৰ লেখা পঢ়ি মোৰ মনতো এক কৌতুহলৰ সৃষ্টি হল…. প্ৰকৃততে ভাল বেয়া জোখাৰ মাপকাঠি কি?

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক