উপলব্ধি (মধুস্মিতা দাস)

বসন্ত,

তুমি যে অনন্যা

তোমাৰ উমত

জীৱনে ন ৰূপ লয়

জন্ম হয় নতুনৰ

মানুহৰ নতুন নতুন সপোনৰ

ফুলি উঠা কপৌপাহে কৈ যায়

তুমিয়েই হেনো বসন্ত

বসন্ত,

এটা প্ৰশ্ন সুধিম এইবেলি

কিয় তুমি স্পৰ্শ নকৰা

তেওঁলোকৰ বেদনাক?

তেওঁলোকৰ জীৱনলৈ নাহে তোমাৰ সুবাস

কোনোজনে ফুটপাথত বিজ্ঞাপনৰ

ছাঁত জিৰাইছে

কোনোজনে আভিজাত ঘৰৰ টাইলচত

জোতাৰ চেকা মচিছে

কোনোজনে আকৌ

অভিজাতৰ নৈশভোজনৰ চুৱা বুটলিছে ডাষ্টবিনত

তাতে হেনো তেওঁলোকৰ ভোক মৰে

 

বসন্ত,

সন্মুখত কিন্তু তুমিয়েই আছা

অথচ

তেওঁলোকক সামৰি ৰাখে

দুখৰ দস্তাবেজে

যি লুটিয়াই

জীৱন সংগ্ৰামৰ এক কৰুণ অধ্যায়।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক