উপলব্ধি – মনালিছা পাঠক

মিকলুৰ জন্মৰ কেইমাহমান আগতে তাই আহিছিল নয়নাহঁতৰ ঘৰলৈ।
কেঁচুৱাৰ লগত থকাকৈ, লগতে দুই এপদ ঘৰুৱা কামত নয়নাক সহায় কৰাকৈ। গিৰিয়েক নীৰৱে অফিচৰ চকীদাৰজনক কৈ ছোৱালীজনী আনিছিল। দহ এঘাৰ বছৰীয়া মৰমলগা, খীণ-মীণ, সৰু ফুটীয়া, বগী ছোৱালীজনী। নাম তাইৰ সীমা। পঢ়িব বেয়া পায়, স্কুললৈ যোৱাৰ কথা ক’লেই “ঘৰলৈ গুচি যাম” বুলি কান্দিবলৈ ধৰে। দেখাত সৰু হ’লেও তাই সোনকালেই সকলোখিনি শিকি লৈছিল। পুৱা মিকলু শুই উঠাৰ আগতেই তাই ৰাতিৰ বাহী বাচনখিনি ধুই, ঘৰৰ আচবাববোৰৰ ধূলি জোকাৰি, ঘৰটো সাৰি মচি আজৰি হয়। তাৰ পিছত ততাতৈয়াকৈ নয়নাই দিয়া চাহ আৰু ব্ৰেড দুটুকুৰা খাই, কাম কৰোঁতে পিন্ধি থকা ফ্ৰকটো সলাই, মূৰটো আচুঁৰি, মুখত ক্ৰীম অকণমান সানি মিকলুৰ সতে খেলিবলৈ সাজু হয়। তাই মিকলুক মৰমো কৰে নিজৰ ভায়েকৰ দৰে। দুপৰীয়া নয়নাই তাক শুৱাবলৈ লওঁতেই তায়ো গেচ মচি, বাচন ধুই অলপ শুই লয়।
নয়নাই মাজে মাজে অফিচৰ চকীদাৰজনৰ হাতত সীমাৰ ঘৰলৈ তাঁহাতৰ অলপ পুৰণি হোৱা কাপোৰবোৰ দি পঠিয়ায়, তাইৰ মাক ভনীয়েকহঁতে পিন্ধিবলৈ বুলি। এনেকৈ মৰমৰ এনাজৰীত বান্ধ খাই লাহে লাহে তায়ো এইখনেই তাইৰ ঘৰ বুলি ভাৱিবলৈ ললে। ঘৰলৈ অহা বেপাৰীয়ে সীমাক যেতিয়া “মাক মাতাচোন” বুলি কয়, নয়নাৰ তেতিয়া কিন্তু অকণো বেয়া নালাগে, দুয়োজনীয়ে হাঁহে। মিকলুক কমলাৰ ৰস খুৱালে সীমাকো দুইকোঁহ দিবলৈ নয়নাই নাপাহৰিছিল। নয়নাই তাইক যথেষ্ট মৰম কৰিছিল। কেতিয়াবা কেতিয়াবা অৱশ্যে তাইৰ ওপৰত খং নুঠাও নহয়। পিছে সেয়া গালিতেই সীমাবদ্ধ আছিল।
কিন্তু!
সেইদিনা নয়নাৰ খুব খং উঠিছিল। কিমান দিন হ’ল? তিনি বছৰ? হয়। তিনিবছৰ আগৰ কথা।
সিদিনা আলহীয়ে খাই যোৱা বাচনবোৰ ধুই মচিব লওঁতেই অসাৱধানতাবশতঃ সীমাৰ হাতৰপৰা পিচলি পৰি দুটা কাপ ভাঙি গ’ল।
“কি ভাঙিল” বুলি পাগঘৰলৈ গৈ নয়নাই দেখে যে সীমাই মাটিত বহি ভগা টুকুৰাবোৰ বুটলি আছে। তাইক দেখি ভগা টুকুৰাবোৰ দেখুৱাই ভয়ত বিৱৰ্ণ মুখেৰে কোনোমতে কলে, “ভাঙি গল।”
“ইস্…! জাননে এয়া পেহীয়ে মোৰ বিয়াত দিয়া আছিল। ঠিক আছে, তোক মই একো নকওঁ। গালিও নাপাৰো, নামাৰোওঁ। কেৱল যেনেকৈ ভাঙিছ তেনেকৈ আনি দে। বুজিলি?”
অকনো খং নকৰাকৈ নয়নাই কলে।
সীমা প্ৰস্তৰ মূৰ্ত্তিৰ দৰে থিয় হৈ থাকিল, হাতত কাপৰ ভগা টুকুৰাবোৰ লৈ।
“ঐ শুনিছ নে নাই, মই কি কৈছো?”
হঠাতে নয়নাই গৰজি উঠিল।
“আনি দিব পাৰিবি নে নাই? নকৱ কিয়?”
কিন্তু তাই কবনো কি?
আনি দিবই বা ক’ৰ পৰা? এনেকুৱা কাপ প্লেট কিনাৰ সামৰ্থ্য থকা হলে থাকিলহেঁতেন জানো তাই লোকৰ ঘৰত বনকৰা ছোৱালী হয়?
সীমাৰ নীৰৱতাই নয়নাৰ খং দুগুণে বঢ়াই তুলিলে। পাগঘৰৰ দুৱাৰৰ কাষত থকা মেকুৰী খেদা এচাৰি ডাল লৈ নয়নাই সীমাক যেনিতেনি কোবাব ধৰিলে। এচাৰিৰ কোব সহিব নোৱাৰি সীমাই চিঞৰি চিঞৰি কান্দিব ধৰিলে। তাই যিমানেই কান্দিছে নয়নাৰো সিমানেই খং বাঢ়ি গৈছে।
“চুপ থাকিলিনে?”
কিন্তু চুপ হয় কেনেকৈ? কোববোৰতো তাইৰ শৰীৰতহে পৰিছে। মাৰৰ কোবত দুডোখৰ হোৱা এচাৰিডাল দলিয়াই দি নয়না ওলাই আহিল।
“কি চিঞৰি আছা, পগলা হ’লা নেকি? সাধাৰণ দুটা কাপৰ বাবে সেই সৰু ছোৱালীজনীক তুমি মাৰি পেলাবা নেকি? .. তাই নহৈ তুমি বা মই ভঙাহেতেঁন? .. তাইৰ ঘৰত এই মাৰপিটৰ কথা গম পালে মোৰ মান সন্মান ক’ত থাকিব? অলপটো ভাবা।”
নীৰৱে তাইক গালি পাৰিছিল। কিন্তু তেতিয়াও নয়নাৰ খং মাৰ যোৱা নাছিল। সেই কাপ প্লেটৰ চেটটোৰ সতে যে তাইৰ আবেগ জড়িত হৈ আছিল। কাৰণ সেইটো দিছিল তাইৰ ঘৰৰ কাষৰে কেও কিছু নোহোৱা দুখীয়া মানুহ গৰাকীয়ে, যাক তাই নিজৰ পেহী জ্ঞান কৰিছিল।
ৰাতি আঁৰ চকুৰে নয়নাই লক্ষ্য কৰিছিল, এচাৰিৰ কোব পৰা ঠাইবোৰ ৰঙা পৰি ফুলি উঠিছে। শুবৰ সময়ত সীমাক “ফুলি থকা ঠাইবোৰত লগাই ল” বুলি নয়নাই ভিক্সৰ বটলটো দি আহিছিল। ..

কিন্তু আজি?
আজি কিয় তাইৰ খং নুঠিল?
ভাত পানী খাই মিকলুক লৈ দুপৰীয়া এবাগৰ দিওঁ বুলি লওঁতেই কলিংবেলটো বাজি উঠিল। “এই অসময়ত কোননো আহিল! ..দেওবাৰটোতো শান্তি নাই আলহীৰ পৰা” বুলি বিৰক্তিৰ ভাবেৰে দুৱাৰখন খুলি নয়না থৰ হৈ ৰ’ল। …
“আৰে .. ৰাখী..তই? ক’ৰপৰা ওলালি? গুৱাহাটীলৈ কেতিয়া আহিলি?
নয়নাই তাইক সাৱটি ধৰিলে।
ৰাখী নয়নাৰ সৰু কালৰে বান্ধৱী, কিন্তু আমেৰিকাত থাকে বাবে বহুবছৰ দেখাদেখি নাছিল।
“এইবাৰ আমেৰিকাতেই ঠিক কৰি আহিছিলো, যেনেকৈ নহওক তোৰ ঘৰলৈ এবাৰ আহিম বুলি। সেইকাৰণে কালি হোৱাটচ্এপত কথা হওঁতে তোক সুধিছিলো, ঘৰত আছনে বুলি।” ৰাখীৰ কথা শুনি নয়নাই উৎসাহেৰে ক’লে, “ ঐ শুনচোন, আজি কিন্তু যাব নোৱাৰ দেই। কাৰণ নীৰৱো ঘৰত নাই। কালি মামা শহুৰ বাথৰুমত পিছলিল, তাৰে খবৰ লব গৈছে। গতিকে পূৰা লেকচাৰ মাৰিম।” নয়নাৰ প্ৰস্তাৱত ৰাখীও মান্তি হ’ল। নয়নাই ৰাখীৰ ল’ৰা ৰাজক মিকলুৰ সতে চিনাকি কৰাই দি দুয়োকে খেলিবলৈ ভিতৰলৈ পঠিয়াই দিলে।
সন্ধিয়া নয়নাই মেগী আৰু গৰম গৰম পকোৰা বনাই ৰাজ, মিকলু আৰু সীমাক খাবলৈ দি সীমাক ৰাতিৰ সাজৰ বাবে চাউল দাইল ধুই আলু আৰু পিয়াজ কেইটামান বাকলি গুচাই থব ক’লে। বাকীখিনি পকোৰা চচ আৰু চাহৰ সৈতে এখন ট্ৰেত লৈ তাই ৰাখীৰ ওচৰলৈ আহিল।
চাহ খোৱা হ’লত ৰাখীয়ে “ইহতঁক এবাৰ চাই আহো আৰু ট্ৰেখনো থৈ আহো “ বুলি যাওঁতেই বিপৰীত ফালৰ পৰা দৌৰি অহা ৰাজৰ গাত খুন্দা লাগি ট্ৰেৰ পৰা কাপ প্লেট মাটিত চিটিকি পৰিল। ৰাজৰ পিছে পিছে দৌৰি অহা মিকলুও ৰাজৰ কাষতে ৰৈ গ’ল। শব্দ শুনি দৌৰি অহা নয়না আৰু সীমাই দেখিলে চচ লোৱা ষ্টীলৰ বাটিটোৰ পৰা অৱশিষ্টখিনি মজিয়াত আৰু সমুখৰ বেৰখনত চিটিকি পৰিছে আৰু সিহঁতে চাহ খোৱা কাপ-প্লেট দুযোৰ মাটিত টুকুৰা টুকুৰহৈ পৰি আছে।
ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ পৰা ৰাখীয়ে ৰাজক টানি আনি গালি পাৰিব ধৰিলে, “ ৰাজ, অলপ চাইচিতি …”
অধিক কিবা কোৱাৰ আগতেই নয়নাই ৰাজক আঁতৰাই আনিলে।
“কি কৰ ৰাখী, সি কিবা ইচ্ছাকৈ কৰিছে নেকি? সিহঁতে খেলি আছিল অ’! একো নহয় দে, সৰু ল’ৰা। বাদ দেনা, সাধাৰণ কাপ প্লেটহে। ভাগ্য ভাল, সি যে কতো দুখ নাপালে, নহলে মোৰ কম বেয়া লাগিলহেতেঁন নেকি?” এইবুলি কৈ নয়নাই ৰাজৰ মূৰটোত মৰমেৰে হাত ফুৰাই দিলে আৰু দুয়োটাকে টিভি চাবলৈ পঠিয়াই দিলে। ৰাজে “আণ্টি চৰী, মামা চৰী” বুলি কওঁতে নয়নাই পুনৰ তাৰ মূৰত মৰম কৰি দিলে।
ৰাখীয়ে বাৰে বাৰে চৰী কৈ কৈ মজিয়াখন চফা কৰিব ল’লে। তাকে দেখি সীমাই “আণ্টি মই কৰিম নহয়” বুলি কাপ প্লেটৰ ভগা টুকুৰাবোৰ বুটলিব ধৰিলে। সীমাই মন কৰিলে এয়াচোন নয়নাৰ বিয়াত পেহীয়েকে দিয়া “লা-ওপালা” চেটটোৰ কাপ প্লেট, সেই যে এবাৰ তাই দুটা কাপ ভাঙিছিল…! তাই এবাৰ কেৰাহিকৈ নয়নালৈ চালে। সেই সাধাৰণ চাৱনিটোৱে কিন্তু নয়নাৰ বুকু ভেদি গ’ল।
ৰাতি বহু দেৰিলৈ নয়নাৰ টোপনি অহা নাছিল। বহুত কথাই মনটোত একেলগে ভীৰ কৰিছিল। তাই ভাবিবলৈ ধৰিলে, “সিদিনা মই সীমাক কিয় ইমানকৈ মাৰিছিলো? ইমানেই মাৰিছিলো যে এচাৰিডাল দুটুকুৰ হৈ গৈছিল, যন্ত্ৰণাত তাই ইফালৰ পৰা সিফালে জঁপিয়াইছিল। আস্! কিয় মোৰ অকণো দুখ লগা নাছিল! আজি ৰাজেও ইচ্ছাকৃতভাৱে কাপ প্লেটবোৰ ভঙা নাই আৰু সীমায়ো সেইদিনা ইচ্ছাকৃতভাৱে ভঙা নাছিল। সেইদিনা সেই সৰু ছোৱালীজনীক “এই কাপদুটা আনি দিবি ভালে ভালে” বুলি কৈ গৰুপিটন দিয়া মানুহজনীয়ে আজি কিন্তু “সাধাৰণ কাপ প্লেটহে ভাঙিছে” বুলি কৈ ৰাজক মূৰটোত মৰম কৰি দিব পৰা হলো! অথচ এই ছোৱালীজনীয়েই শুই উঠাৰ পৰা ৰাতি বিছনালৈ যোৱাৰ আগ মুহূৰ্তলৈকে মোক সকলো কামতে সহায় কৰি থাকে। … দুবেলা দুমুঠি পেট ভৰাই খাব নোপোৱা দুখীয়া ঘৰৰ ছোৱালী বাবেই তাইৰ প্ৰতি মই ইমান নিৰ্দয় হব পাৰিছিলো নেকি? অথচ ৰাজৰ ক্ষেত্ৰত? তাৰ মূৰত মৰম কৰি তাক টিভি চাব পঠিয়াই দিছিলো।
কিয়?
বান্ধৱীৰ ল’ৰা বুলি?
নে আমেৰিকাত থকা ধনী মানুহৰ লৰা বুলি?
নয়নাই নিঃশব্দে বিছনাৰ পৰা নামি আহিল। সীমা শুই থকা কোঠাৰ লাইটটো জ্বলাই দিলে। লাইটৰ পোহৰত সাৰ পাই চকু মেলি, সমুখত নয়নাক দেখি চকু দুটা মোহাৰি মোহাৰি সীমা বিছনাৰ পৰা নামি আহিল। সীমাই কিবা সোধাৰ আগতেই নয়নাই তাইৰ গাল দুখনত মৰমেৰে হাত বুলাই দিলে। সীমাক বুকুৰ মাজত সাবটি লৈ কলে,
“সীমা, কাপ দুটা ভঙা কাৰণে তোক যে এদিন খুবকৈ মাৰিছিলো, তই বেয়া নাপাবিদেই। মোৰ ভুল হৈছিল। সিদিনা তই বৰ কষ্ট পাইছিলি –দেহতো, মনতো। কিন্তু ভুলটো উপলব্ধি কৰি আজি মই তোতকৈয়ো বহুত বেছি কষ্ট পাইছো।”
কথাখিনি কৈ উঠি নয়নাৰ এনে লাগিল যেন কোনোবাই তাইৰ বুকুৰ পৰা এটা গধুৰ শিল আতঁৰাই দিলে।
মাতৃ হৃদয়ৰ মৰমখিনি উপলব্ধি কৰি সীমাই নয়নাক সাবটি ধৰিলে জোৰেৰে
..ঠিক তাহানি ঘৰত থাকোঁতে দৌৰি গৈ মাকক সাৱটি ধৰাৰ দৰেই।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক