উপহাৰ (ঈশানজ্যোতি বৰা)

‘বাৰু সৰস্বতী, কোৱাচোন আজিৰ নিশা আমি কিয় গাখীৰ খাব লাগে?’- পত্নীয়ে কেতিয়াবাই দি যোৱা গাখীৰ গিলাচ মন নথকা স্বত্বেও পি গিলাচটো পুতুকণে বিচনাৰ কাষৰ ঘূৰণীয়া সৰু মেজখনত থৈ সুধিলে৷
‘ধেৎ! কি যে তুমি! যোৱা !!!দুষ্টটো ক’ৰবাৰ!!সেইটোও নাজানা নেকি!’-কাণফুলিযোৰ খুলি নৱবিবাহিতা পত্নী সৰস্বতী নতুন আইনাখনৰ সমুখৰ সৰু টুলখনতে বহিছে৷ পুতুকণে এটা কথা ভাবি আচৰিত হৈছে-বিয়াৰ পাচৰ প্ৰথম নিশা থাকিবলগীয়া লাজ-সংকোচ বোলা বস্ত দুটাৰ এটাৰো যে সৰস্বতীৰ মুখত উপস্থিতি নাই! সিটো শুনি আহিছিল, আজিৰ নিশা পত্নীয়ে অত্যন্ত লাজকুৰীয়া হৈ থাকে৷মুখখন তলৰ পৰা ওপৰেই নকৰে৷ কিন্তু,এইফালে লাজ কৰাতো বাদেই,কথাৰহে আখৈ ফুটিছে৷ পেপাৰে-পত্ৰই পঢ়ি থকা ‘নাৰী-সৱলীকৰণৰ’ বাস্তৱ ৰূপ নহয়তো এইয়া! বাৰু,সেইয়া যিয়েই নহওক,গুৰুত্বপূৰ্ণ কথাটো হৈছে সৰস্বতীয়ে তাক ‘দুষ্ট’ বুলি ক’লে৷ তাৰ শুনি ভাল লাগিল৷ মনটো জুৰ পৰি গ’ল৷ জীৱনত এই প্ৰথমবাৰলৈ সি অনুভৱ কৰিলে যে পত্নীয়ে ‘দুষ্ট’ বুলি সম্বোধন কৰিলে নিজকে আকাশত পক্ষীৰ দৰে উৰি ফুৰা যেন লাগে৷
আনন্দতে সি সৰস্বতীৰ কাষলৈ উঠি গৈ দুখন গালত দি দিলে দুটা মিঠা চুমা৷
হাইস্কুল শিক্ষান্ত পৰীক্ষাত সি সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সংজ্ঞা লিখিবলৈ পাহৰিছিল, উচ্চতৰ মাধ্যমিকৰ ৰসায়নবিজ্ঞানৰ ব্যৱহাৰিক পৰীক্ষাত চল্ট-এনালাইছিছত পোৱা চল্টৰ নাম পাহৰিছিল, অভিযান্ত্ৰিকৰ ভাইভাত ট্ৰেন্সফৰ্মাৰৰ ব্যাখ্যা পাহৰিছিল৷ কিন্তু পাহৰিব পৰা নাছিল আইতাকে খুব সৰুতেই তাক কোৱা এষাৰ কথা-‘বোপা,এই জন্ম-মৃত্যু আৰু বিবাহ সকলো বিধিৰ নিয়ম৷ সকলো কপালতে লিখা থাকে৷জনম ল’লে বিয়া পাতিবই লাগিব৷ বিয়া পাতিলেই ল’চালি জনম দিবই লাগিব৷ আৰু সময়ত মৃত্যুবৰণ কৰিবই লাগিব৷’ অলপ বুজন হওতেই সি কথাষাৰৰ সাৰমৰ্ম উদ্ধাৰ কৰিলে৷ সিটো জনম ল’লে ঠিকেই৷ কিন্তু তাৰপিচত?তাৰ আইতাকলৈ মনত পৰিল৷ অ’ এতিয়া মোৰ বিবাহৰ সময় উপস্থিত৷ সি বুজিলে৷ অ্ৰৰ্থাৎ,ধুনীয়া,গুণী ছোৱালী এজনী চাই বিয়া পাতিব পাৰিলেই জীৱনৰ এটা দৰকাৰী লক্ষ্য পূৰণ হ’ব৷ সেই উদ্দেশ্য আগত লৈ সি গৈছিল ছোৱালী চাবলৈ৷ ছোৱালীজনী দেখাই,শুনাই ভাল৷কথা-বতৰাই সাংঘাটিক স্মাৰ্ট৷স্পষ্টবাদী আৰু নিৰ্ভীক মনৰ৷কামে-কাজে আগৰনুৱা৷ অৱশ্যে অলপ শকত৷ তথাপিও সি মন বেয়া নকৰিলে৷ কাৰণ সিয়ো মানুহটো অলপ শকতেই আছিল৷ প্ৰথম দৃষ্টিতেই তাৰ প্ৰেমে লম্ভিলে৷ অৱশেষত পুতুকণে সৰস্বতীকেই বিয়া পাতিম বুলি ঠিক কৰিলে৷সৰস্বতী চৌধুৰী-তাৰ জীৱনৰ প্ৰথম আৰু বোধহয় শেষ প্ৰেম৷
তাৰ পাচত পুতুকণে আৰু বিয়ালৈ বেছিদিন অপেক্ষা কৰিব লগা নহ’ল৷ ৷সুন্দৰকৈ বিয়াখন সম্পন্ন হ’ল৷সুস্বাদু ব্যঞ্জনেৰে অতিথিক আপ্যায়ন কৰা হ’ল৷সকলোৰে আৰ্শীবাদ গ্ৰহণ কৰি দৰা অতিশয় সুখী হ’ল৷কইনাই ঘৰৰপৰা বিদায় লোৱাসময়ত অলপো চকুপানী নুটুকিলে৷ কইনাৰ মাকে অতি উত্তম জোঁৱাই পাইছে বুলি মনতে সন্তোষ লভিলে৷ সকলোবোৰ ভালে-কুশলে পাৰ হৈ গ’ল৷ এই সকলোবোৰৰ শুভপৰিণতিতেই আজি তাৰ ফুলশয্যাৰ নিশা৷জীৱনৰ গুৰুত্বপূৰ্ণ নিশাৰ গুৰুত্বপূ্ৰ্ণ পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ অযুত প্ৰত্যাশা বুকুত বান্ধি পুতুকণৰ দেহ-মন আজি প্ৰায় সাজু হৈ উঠিছে ৷

‘ছি:ছি: তামোলৰ পিকবোৰ দিলা নহয় গালত লগাই! মুখখন ভালদৰে ধুই চুমা খাব নোৱাৰা জানো! ইমান ঔদ্ধতালি নে তোমাৰ! ছি:ছি:’- পৰীক্ষাৰ বহীত প্ৰথমটো প্ৰশ্নৰ উত্তৰ শুদ্ধকৈ লিখা স্বত্বেও আখৰ বেয়া হোৱা বাবে সৰস্বতী এইমাত্ৰ উঠি গুচি গ’ল বাথৰূমলৈ৷ মুহূৰ্ততে মৰহি গ’ল পুতুকণৰ অলপ আগতে জীপাল হৈ উঠা ৰোমান্টিক মনটো৷ অৱশ্যে ভুলটো তাৰেই৷ আজিৰ নিশানো সি তামোলসোপা খাব লাগেনে! পত্নীৰ পিছে পিছে সিও উঠি গ’ল মুখখন ধুই আহো বুলি৷
ক্ষন্তেক পিচতে সি ৰূমলৈ উভটি আহি দেখে পত্নীয়ে মুখখন ঘূৰাই বেৰৰফালে চাই শুই আছে৷

-চোৱাচোন,তোমালৈ মই কি আনিছো!-হাতত থকা পলিথিনৰ বেগটো পত্নীৰ চকুৰ সমুখলৈ নি কাতৰভাৱে ক’লে সি৷ সেয়া এখন শাৰী৷ সি কালি কিনি আনি থৈছিল নৱবিবাহিতা পত্নীক দিবলৈ৷ নিজৰ কৰ্ম-জীৱনত সি কেতিয়াও ঘোচ দিও পোৱা নাই অথবা লৈয়ো পোৱা নাই৷কিন্তু আজি উপায় নাই৷কাৰণ,মানুহ হৈছে ‘পৰিস্থিতি’ বোলা চৌবিশ ঘন্টাই দাঁত নিকটাই হাঁহি থকা দৈত্যটোৰ দাস৷ সৰস্বতীৰ খঙৰ ফলত উৎপন্ন হোৱা এই পৰিস্থিতিৰ বৰ্তমানৰ অস্থায়ী দাস পুতুকণ৷
-কিনো এইখন?
-খুলি চোৱা আকৌ দেহাজান৷
– অ’ এইখন!!!মই আকৰীয়ে আকৌ সাংঘাটিক কিবা এটা দেখা পাম বুলিহে ভাবিছিলো!-ফিউজ যোৱা বাল্বৰ দৰে ফিউজ গ’ল পুতুকণ৷ সি পত্নীৰ পৰা এনে উৎসাহহীন, ইতিকিংসূচক মন্তব্য আশা কৰা নাছিল৷ ‘আকৰী’ বুলি যে আচলতে তাকেই পৰোক্ষভাৱে উপনাম এটা দিলে সেইয়া পুতুকণে নুবুজাকে থকা নাই৷
-কিয় ভাল নালাগিল নেকি!-শাৰীখন মেলি দি দেখুৱালে পত্নীক৷ তাতেই সন্তুষ্ট নাথাকি সি অলপ শাৰীখন নিজৰ গাত লৈও দেখুৱালে৷সি কাহানিও ভবা নাছিল যে বিয়াৰ পাচত সি এইদৰে শাৰী পিন্ধি পত্নীৰ আগত ভাও দিব লাগিব বুলি৷কি কি যে কৰিবলগীয়া নহয় এই নাৰী নামৰ জাতিটোক সন্তুষ্ট কৰিবৰ বাবে! নিৰ্যাতন আচলতে কাৰ হৈছে!পুৰুষৰ নে নাৰীৰ?
-মোক কি তুমি বেল বুলি ভাবিছা নেকি!এইখন আগৰৱাল চিল্ক হাউছ পৰা অনা নাই জানো য’ত ৭০% ডিছকাউন্ট দি আছে? কিমান দাম ল’লে! ডেৰশ টকা চাগে! ময়েই চাগে সেই দুখুনী পত্নী যাক ফুলশয্যাৰ নিশা গিৰিয়েকে ডেৰশটকীয়া শাৰী উপহাৰত দিয়ে৷ হায় বিধি! ফাট দিয়া বসুমতী,পাতালে লুকাও৷ কাইলৈ মোৰ বান্ধৱীদুজনী আহিব৷ সিহঁতক মই কেনেকৈ মুখ দেখুৱাম! ফুলশয্যাৰ নিশা সিহঁতক হাজবেণ্ডে কিমান যে ক’ত উপহাৰ দি ফুচুলাইছিল!কিমান যে শাৰী দিছিল! আমাৰ আকৌ এইফালে যিখনহে শাৰী দিলে,সেইখনো ডিছকাউন্টত পোৱা ডেৰশ টকীয়া শাৰীহে৷ ভনীয়েকহঁতৰ বাবে হাজাৰটকীয়া ঘড়ী,আৰু মোৰ বাবে ডেৰশটকীয়া পালমৰা শাৰী! ছি:ছি: লাজো নাপায় এইজনে!!
সূদীৰ্ঘ বিলাপটো সলসলীয়াকৈ মাতি সৰস্বতী দুখীমনেৰে লেপৰ তলত সোমাল৷ ইপিনে পুতুকণৰ অৱস্থা তথৈবচ৷ সৰস্বতীৰ কথা এশ শতাংশই সঁচা৷ তাই ইমানবোৰ কথা কেনেকৈ গম পালে,সেইটো ডাঙৰ কথা নহয়৷ ডাঙৰ আৰু দুৰ্ভাগ্যজনক কথা এইটোহে যে পুৰুষৰ নামত সি এটা মস্ত কলংক৷ সামান্য উপহাৰ এটাৰ লগত ইমান কৃপনালি কৰাটো মুঠেই ভাল নহ’ল৷ কি কৰা যায় এতিয়া! নিশা ন বাজিল৷ পিছে, ফুলশয্যাৰ নিশা বুলি পত্নীৰ চুমা এটাও তাৰ গালত পৰা নাই৷ ফুলশয্যাৰ সংবিধানত আজিৰ দিনটোৰ কথা যে সোণালী আখৰেৰে লিখা যাব,সি বুজিলে৷


তেনেতে তাৰ মনত পৰিল মুকুললৈ৷টাউন চাৰিআলি সিহঁতৰ ঘৰৰপৰা ইমান দুৰত নহয়৷ তাতে তাৰ বন্ধু মুকুলৰ কাপোৰৰ দোকান৷ দোকান বন্ধ কৰা প্ৰায়েই দেৰি হয় তাৰ৷ ঘৰলৈ যোৱাৰ আগত প্ৰায়েই সিহঁতে দুই-এপেগ গলাধকৰণ কৰি যায়৷ সি তাৎক্ষণিক সিদ্ধান্ত লৈ ল’লে৷ খুব বেছি দহ মিনিটৰ বাট৷ পতকৈ গৈ সি দহবজাৰ আগতেই ঘূৰি আহিব পাৰিব৷ কিন্তু সেইকথাটো এতিয়া পত্নীক কয় কেনেকৈ! আকৌ কিবা লেঠা লগাই যদি!
-হেৰা শুনাচোন, এটা কথা হ’ল৷ মানে মোৰ লগৰ কলিগ এজনে মোৰপৰা অফিচৰ ফাইল এটা নিবলৈ অহাৰ কথা আছিল৷কিন্তু তেখেতে মোৰ এই নতুন ঘৰটো চিনি নাপায়৷ সেয়ে ভাবিছো-ময়েই আগবাঢ়ি যাও আৰু তেওঁক ফাইলটো দি থৈ আহোগৈ৷ তুমি বেয়া নাপাবা বুজিছা৷ এই যাম আৰু আহিম৷ নগ’লে নহয়৷ আৰজেন্ট বহুত৷-হাৱাই চেন্দেলযোৰ পিন্ধি সি সাজু হ’লেই৷ পত্নীক একো ক’বলৈ সুবিধাই নিদিলে ৷
কোঠালিটো পাৰ হওতেহে পত্নীয়ে তাক ক্ষীণ মাতেৰে কোৱা শুনিলে-‘সোনকালে আহিবা৷মোৰ টোপনি ধৰিছে৷’
অ’ বুলি কৈ সি ঘৰৰ চাৰিসীমাৰ বাহিৰ হ’ল৷ দহমিনিটীয়া যাত্ৰাৰ পিচত সি চাৰিআলিত হাজিৰ হ’লহি৷পিছে,য’তে বাঘৰ ভয়,ত’তে ৰাতি হয়৷তাৰো ঠিক তেনেকুৱাই হ’ল৷ বন্ধুৰ দোকানৰ আগফালে দুটা প্ৰকাণ্ড তলা৷ভৰিৰ তলৰ পৃথিৱীখন খহি যোৱা যেন লাগিল তাৰ৷ বিপদৰ উপৰি বিপদ৷ কি কৰিব,কি নকৰিব,ক’লৈ যাব,ক’লৈ নাযাব ইত্যাদি গুণাগথা কৰি থাকোতেই সি থিয় হৈ থকা ঠাইৰপৰা কেইখোজমান আঁতৰতে এখন দোকান তাৰ দৃষ্টিগোচৰ হ’ল৷ চাৰিওফালৰ ঘন আন্ধাৰৰ মাজত সি অলপ পোহৰ বিচাৰি পালে৷ভগৱানক হাজাৰবাৰ ধন্যবাদ দি সি সেইফালে আগুৱালে৷
সি ঠিকেই ধৰিছিল৷সেইখন দোকানেই হয়৷ নাম- ডি.এছ.শাৰীছ৷ ভগৱানৰ কৃপাত যেনিবা দোকানখন মিলিল৷ এতিয়া ভাল শাৰী এখন কিনি পত্নীক উপহাৰ দিব পাৰিলেই ৰক্ষা৷ বান্ধৱীৰ আগত পত্নীয়ে লাজ পালে তাৰনো ক’ত সন্মানদাল থাকিবগে!
গুৰুগম্ভীৰ খোজেৰে সি দোকানৰ ভিতৰলৈ সোমাই গ’ল৷ মুখামুখি হ’ল বগা চুৰিডাৰ পৰিহিতা এগৰাকী যুৱতীৰ সৈতে৷ ধুনীয়া এটা হাঁহিৰে পুতুকণক ‘আহক দাদা’ বুলি দোকানীয়ে আমন্ত্ৰণ জনালে৷যুৱতীৰ বয়স খুব বেছি ত্ৰিশ বা তাতোকৈয়ো কম৷ দীঘল চুলি,চকুত পাতল কাজলৰ প্ৰলেপ,লিপষ্টিকবিহীন ওঁঠ৷
-ভাল শাৰী এখন দেখুৱাবচোন –যুৱতীৰ চকুত চকু ৰাখি ক’লে পুতুকণে৷
– বৌৰ লগত কাজিয়া লাগিল নেকি দাদা?এই ৰাতিখন শাৰী লগা হ’ল যে!অৱশ্যে আপোনাৰ দিন ভাল আজি৷ দোকান বন্ধ কৰিবলৈ ওলাইছিলোৱেই৷ আপোনাক দেখিহে থমকি ৰ’ল৷-হাঁহি হাঁহি কথাকেইষাৰ কৈ যুৱতীয়ে কাপোৰৰ বাকচকেইটামান তাৰ সমুখলৈ আনিলে৷যুৱতীৰ তোষামোদে লাজত পেলালে পুতুকণক৷ কথাষাৰ তাৰ গাত লাগিল ৷ গাভৰুগৰাকীক সি এতিয়া কি বুলি জবাব দিব! কেনেকৈ ক’ব তাৰ দুবিধাৰ কথা!কেনেকৈ জনাব যে ফুলশয্যাৰ নিশা কেইটামান চুমা পাবৰ বাবেই তেওঁৰ এই নৈশ-অভিযান৷
-বাৰু,বাদ দিয়ক৷ এইখন শাৰী চাওক৷ বেনাৰচী শাৰী৷ বেলেগত দাম বেছি৷ মোৰ ইয়াত কমতেই পাব৷ মাত্ৰ এহাজাৰ নশ নিৰানব্বৈ টকা ৷ এই ৰাতি অহাৰ বাবে আপোনাক অলপ ডিছকাউন্ট দিছোঁ বাৰু৷ পোন্ধৰশ টকা দিলেই হ’ব আপুনি-খুব ধুনীয়াকৈ শাৰীখনৰ গুণাগুণৰ বিষয়ে ব্যাখ্যা কৰি যুৱতীয়ে পুতুকণৰ প্ৰতিক্ৰিয়ালৈ অপেক্ষা কৰিলে৷
-মোক ডিছকাউন্ট নালাগে৷ আপোনাক পুৰা দুহাজাৰ টকা দি শাৰীখন কিনিম৷ দিয়ক,দিয়ক,সোনকালে পেক কৰি দিয়ক-পকেটৰ পৰা মানিবেগটো উলিয়াই পুতুকণে যুৱতীলৈ টকা দুহাজাৰ আগুৱাই দিলে৷ডিছাকাউন্ট শব্দটোটোলৈকে ভয় কৰা হৈছে সি এতিয়া৷ নোৱাৰি,কোনোপধ্যেই আৰু ডিছকাউন্টত শাৰী কিনিব নোৱাৰি৷
-ল’ব এইয়া দাদা৷ ধুনীয়াকৈ বান্ধি দিছো৷ বৌ একেবাৰে খুচ হৈ যাব-ধুনীয়াকৈ হাঁহি এটা মাৰি এখন হাতেৰে পইচাটো লৈ ইখন হাতেৰে শাৰীখন চমজাই দিলে যুৱতীয়ে৷পুতুকণৰ মুখখন হাঁহিৰে উপচি পৰিল৷
-ঠিক আছে দিয়া৷ যাওঁ দিয়া আজিলৈ৷ অ’,তোমাৰ নামটো কি সুধিবলৈকে পাহৰিলো নহয়৷-দুৱাৰমুখত থিয় হৈ আকৌ ঘূৰি যুৱতীলৈ চালে পুতুকণে৷নামটো নোসোধাহেতেনো হয়৷ কিন্তু নিজকে সি ৰখাব নোৱাৰিলে৷ এই মুহূৰ্তত তাৰ লগত সৰস্বতী থকাহেতেন ‘চেনী’ বুলি কাট্ এটা মাৰিলেহেতেন তাক৷
-মোৰ নাম সন্ধ্যা ৷ সন্ধ্যা দুৱৰা৷ – আকৌ আহিব দাদা কেতিয়াবা৷
-নিশ্চয় আহিম দিয়া৷ বাৰু এতিয়া গুডনাইট৷
-গুডনাইট ৷
যুৱতীৰপৰা বিদায় লৈ পুতুকণ ঘৰলৈ ঘূৰি আহিল৷ মনত চিন্তাৰ পাহাৰ৷ এইবাৰ বা কি মন্তব্য দিয়ে মৰমৰ পত্নীয়ে!
ঘৰৰ চৌহদত সোমাই সি হাতৰ ঘড়ীটোলৈ চালে৷ নিশা দহ বাজি পোন্ধৰ মিনিট৷
দুৱাৰখন যাওতে বাহিৰৰ পৰা মাৰি থৈ গৈছিল সি৷ সন্তৰ্পণে দুৱাৰখন খুলি ভিতৰলৈ সোমাই আহিল৷ পোনছাটেই শোৱনীকোঠা পালেগৈ৷
-তুমি ক’লৈ গৈছিলা! এই ৰাতিখন? আৰু এই ফোনডাল যদি ব্যৱহাৰ নকৰাই,তেন্তে কিনিছিলা কিয়? ইমান ফোন মাৰি আছোঁ,নাপাওহে নাপাও৷ ৰাতি এঘাৰ বাজিবৰ হ’ল৷ জানানে তুমি,মোৰ কিমান চিন্তা হৈছিল! –সৰস্বতীৰ মেচিনগানহেন মুখৰ পৰা বাহিৰ হোৱা গুলীকেইটাই তাক দুখ দিয়াৰ সলনি সুখীহে কৰিলে৷ ইমানখিনি যে চিন্তা কৰিছে তাই! ক’ৰবাত হেৰাই যাব বুলি ভয়ো খাইছে৷ সেয়ে,মৰমতে তাক গালি পাৰিছে৷ বহুত দেৰিকৈ হ’লেও সি অনুভৱ কৰিলে যে পত্নী নামৰ এই বিশেষ প্ৰজাতিটোৰ স্বভাৱেই এনেকুৱা৷ সৰগৰ পাৰিজাত ফুলপাহ আনি দিবলৈ খাটনিও ধৰিব,আৰু আনি দিয়াৰ পিচত ক’ব-ইমান কষ্ট কৰি সৰগলৈ নো কেলৈ যাব লাগে৷কাম নাপালা আৰু?
-বাৰু হ’ব দিয়া এতিয়া৷ বান্ধৱীহঁতৰ আগত লাজত নপৰিলেই ৰক্ষা ৷ চোৱাচোন চোৱা,শাৰীখন চোৱা৷ পছন্দ হৈছেনে নাই?ভালকে চোৱা৷ মই বাথৰূমৰ পৰা ভৰিকেইটা ধুই আহি আছো-পত্নীৰ হাতত কেৰিবেগটো দি সি ফালৰি কাটিলে৷ বাথৰূমৰ পৰা সি উভটি অহালৈকে পত্নীৰ গৰম মেজাজটো শান্ত হ’ব বুলি সি আশাবাদী৷
-কিমান দাম ল’লে!-বাথৰূমৰপৰা উভটি আহি কোঠাত ভৰি থৈয়েই সন্মুখীন হ’ল পত্নীৰ প্ৰথমটো প্ৰশ্নৰ৷
-নগদ দুহাজাৰ টকা বুজিছা!নগদ দুহাজাৰ!-চেন্দেলযোৰ খুলি সি বিচনাৰ ওপৰত উঠিলগৈ৷নিজকে হিৰ’ যেন লাগিছে আজি তাৰ৷ অৱশ্যে লাগিবৰ কথাও৷ নিশা দহ বজাত পত্নীৰ বাবে শাৰীকিনিবলৈ যোৱা কেইটা মতা মানুহ আছে এইখন ভাৰতত! তাকো ফুলশয্যাৰ দৰে দাম্পত্য-জীৱনৰ এটা অত্যাৱশ্যকীয় নিশাত!
-ৰঙটো ধুনীয়া লাগিছে৷ কিন্তু এই ৰাতিখন দোকান খোলা আছিল জানো? -পত্নীৰ পুন:প্ৰশ্ন পতিলৈ৷
-মোৰ বেড লাক যে আজি লগৰটোৰ দোকানখন বন্ধ আছিল৷কিন্তু যি মানুহৰ তোমাৰ দৰে ৱাইফ থাকে,সেই মানুহৰ জানো ভাগ্য বেয়া হ’ব পাৰে?-কথাত মাখন সানি পুতুকণে কৈ গ’ল ‘কাষতে আৰু এখন দোকান খোলা আছিল৷ তাৰপৰাই কিনি আনিলো৷ ছোৱালীজনী বেচ ভাল দেই৷ পিছে,মই আচৰিতো হ’লো ইমান ৰাতি তাইৰ দৰে গাভৰুক দোকানত দেখি..নামটো কিবা তাই সন্ধ্যা..
‘তুম হ’ ত’ গাতা হ্যেয় দিল..’
সিহঁতৰ মধুৰ বাৰ্তালাপক ব্যাঘাত জন্মাই তেনেতে বিচনাৰ একোণত পৰি থকা ম’বাইলটো সৰ্বশক্তিপ্ৰয়োগ কৰি বাজি উঠিল ৷ ধৰনীৰ ফোন৷ এই ৰাতিখন ইয়াৰ আকৌ কি হ’ল! ইপিনে পত্নীয়ে চকুহাল ডাঙৰ কৰিলেই৷ পত্নীক ম’বাইলত জিলিকি উঠা নমাটো দেখুৱাই সি চকুতেই আকাৰে-ইংগিতে বুজালে যে-‘লগৰ বন্ধুৰ ফোন৷ ইমাৰজেঞ্চী ৷ ৰিচিভ কৰিবই লাগিব৷’
– এই ৰাতিখন কেলৈ ডিষ্টাৰ্ব দিলি !সোনকালে ক’ কি কথা আছে?-পত্নীয়ে শুনাকৈ কঠোৰ মাতেৰে পুতুকণে সুধিলে৷
– ডাঙৰ কেচ!আমাৰ লগৰ যে কিশোৰ..-কম্পিত সুৰেৰে ফোনৰ সিফালে ধৰণীয়ে কৈ গ’ল ‘তাৰ যিজনী ছোৱালীৰ লগত বিয়া ঠিক হৈ আছিল,তাই আজি ঢ়ুকাল৷বেচেৰাৰ এতিয়া অৱস্থা নাই৷ তই পাৰিলে এবাৰ আহি যাচোন নহ’লে….বৰ দুখলগা ঘটনা বুজিছ!ছোৱালীজনীৰ বাপেকৰ এখন কাপোৰৰ দোকান আছিল টাউনৰ চাৰিআলিতে৷ ডি.এছ শাৰীছ৷ আমাৰ মুকুলৰ দোকানৰ পৰা বেছি দূৰৈত নহয় দোকানখন৷ বাপেকক দোকানত চাহ দিবলৈ ৰিক্সাত আহি থাকোতেই স্পীডত আহি থকা ট্ৰাক এখনে বেয়াকৈ খুন্দিয়ালে আৰু সন্ধ্যা স্প’ট ডেড…..
– সন্ধ্যা !!!সন্ধ্যা কোন?
– সন্ধ্যা সেই ছোৱালীজনীৰে নাম৷ সন্ধ্যা দুৱৰা…..অ’ই..কিশোৰৰ অৱস্থা একদম বেয়া…তই আহি যা এপাক…জল্দি আহ….হেল্ল’ পুতু,শুনিছনে,হেল্লে’…হেল্ল’ পুতু…তই আহিবিনে?হেল্ল’….হেল্লে’’
– ???

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক