উপহাৰ – নীলাক্ষি গোস্বামী

দাপোনে ফুচফুচালে এদিন
চুলিত ৰূপালী ৰং পৰা বহুদিনেই হ’ল…
সংখ্যাৰে সময় জুখি চাইছানে কেতিয়াবা

মই ক’লোঁ,
এৰা!
অশীতিপৰ মুখখনিৰ হাজাৰটা ভাঁজত
সেলেঙি লগাই নিগৰোৱা
হাঁহিৰ আঁৰতেই ৰচিত
সপোনৰঙী হৃদয়ৰ সংগৃহীত সুখ
সংখ্যাৰে সময় কিম্বা
প্ৰাপ্তিৰে জীৱন জুখিব নিশিকিলোঁ

চেতন আৰু মননত সূক্ষ্মাতিসূক্ষ্মভাবে
বিয়পি পৰা নিবিড় নীলিমাই
অস্ত আকাশৰ কথকতা মন দি শুনে
হাত উজাৰি দিয়ে
বুকুৰ মেঘ গলাই দিব পৰা উষ্ম উম

উপহাৰ কি দিব পাৰোঁ নুসুধিবা

তেওঁক দিবলৈ একোৱেইচোন নাই মোৰ
বুকুৰ বাওঁফালেদি জুমি চালে দেখি
ক্লান্ত সময়ৰ স’তে
কঢ়িয়াই ফুৰিছোঁ আয়াসতে
তেওঁৰ নামতেই চিহ্নিত সেউজ সংক্ৰমণ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক