উপহাৰ – নীলাক্ষী বৰা

ঘৰখনলৈ সোমাই গ’লেই মনটো কিবা ভাল লাগি যায়৷ ইমান যে পৰিপাটীকৈ ৰাখিছে মানুহজনীয়ে৷ ক’তো অকণো ধূলি পাবলৈও নাই৷ ঘৰখনৰ আগফালে এখন ধুনীয়া ফুলনি৷ মানুহজনীৰ আদৰত ফুলবোৰে নানাৰঙৰ ফাকু খেলে৷ পিছফালৰ সেউজীয়া শাকনিডৰা দেখিলেই চকু জুৰ পৰি যায়৷ ড্ৰয়িং ৰুমটোও চালে চকুৰোৱা৷ তাত যে বহু মূল্যবান সামগ্ৰী সজাই থৈছে এনে নহয়৷ মানুহজনীয়ে নিজৰ হাতৰ কামেৰে সুন্দৰকৈ সজাই সুৰুচিৰ পৰিচয় দিছে৷ মানুহজনীয়ে ৰন্ধা খাই প্ৰশংসা নকৰা মানুহ চাগৈ নোলাবই৷ ওচৰ-চুবুৰীয়াৰ লগতো সদায় সদ্ভাৱ ৰখা মানুহজনীয়ে যেতিয়া দুপৰীয়া নিজান হৈ পৰা ঘৰখনত ভঁৰালৰ চালিখনৰ তলত থকা তাঁতশালখনত খিটিক-খিটিক শব্দ তোলে তেতিয়া গোটেই পৰিবেশটো মায়াময় হৈ পৰে৷
বিয়াখনৰ পিছৰ পৰা ৰঙীয়াল মানুহজনী কিবা এটা চিন্তাত থকা যেন লগা হল৷ নিজৰ দ্বায়িত্ববোৰ সুকলমে পালন কৰিছে যদিও ভিতৰি কিবা এটা চিন্তাই মানুহজনীক জুমুৰি দি ধৰিছে৷ ঘৰৰ বাকী মানুহবোৰে কথাটো মন নকৰা নহয়, কিন্তু কোনেও একো সোধা নাই৷ কিন্তু বিয়াৰ ছমাহৰ পিছত যেতিয়া বোৱাৰীজনীয়ে ভাল খবৰটো শুনালে তেতিয়াহে মানুহজনীৰ চিন্তাটো অলপ কমিল৷

বিয়াখনৰ সকলোবোৰ কাম ঠিকে ঠাকেই চলি আছিল৷ বিয়াৰ বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি ৰভা দিয়ালৈকে প্ৰায় সকলোবোৰ কাম শেষেই হৈছিল৷ কিন্তু জোৰোণৰ আগদিনা নিয়ৰ মানে দৰাই কলে বোলে বিয়াৰ টেকেলি বৰমাকেহে ধৰিব লাগিব৷ হঠাতে বিয়া ঘৰখনত আলহী অতিথিৰ মাজত লাগি গ’ল নহয় হুলস্থূলখন৷
:মাক থাকোতেই বৰমাকে কিয় টেকেলি ধৰিব৷ ৷
:নাপায় নহয় এনেকুৱা মানুহে টেকেলি ধৰিব৷
:কেনেকুৱা মানুহ?
দৰাই উভতি ধৰিলে৷ নহয় অ’ বোপাই তই বুজা নাই বুলি বয়সস্থ মহিলা এগৰাকীয়ে তাৰ মুৰত হাত বুলাই তাক কিবা এটা বুজাব বিছাৰিলে৷
:জেঠাই তুমি কি ক’বলৈ বিচাৰিছা মই বুজিছো৷ কিন্তু একো নহয়৷ তুমি চিন্তা নকৰিবা৷ এইবোৰ আমাৰ ভুল ধাৰণা৷
এইবাৰ বৰমাকে মাত লগালে
:নহয় অ’ নিয়ৰ৷ তহতৰ অমংগল হোৱাটো মই নিবিছাৰো৷ মাঁৰেই ধৰিব দে টেকেলি৷
:নহয় ডাঙৰ মা৷ তুমি একো নক’বা৷ আজি তুমি মোৰ কথা মানিবই লাগিব৷ নহলে মই দৰাই নাসাজোঁ৷
দুগালে দুধাৰি চকুলো বৈ আহিছিল মানুহজনীৰ৷
নিয়ৰৰ প্ৰস্তাৱত ঘৰৰ বাকী সদস্যসকলেও সন্মতি জনাইছিল৷ কেৱল বৰদেউতাকেহে ৰভাৰ এচুকত মৌন হৈ বহি আছিল৷

বিয়াখন সুন্দৰকৈ পাৰহৈ গৈছিল৷ নবোৱাৰীৰ নতুন কাপোৰৰ খচখচনিৰ লগতে নকইনা চাবলৈ অহা মানুহেৰে ঘৰখন ভৰি আছিল৷ কিন্তু মানুহজনীয়েহে বোৱাৰীজনীৰ কিবা অমংগল হোৱাৰ আশংকাত মনে মনে শংকিত হৈ আছিল৷ বিয়াখন যোৱাৰ পিছৰে পৰা মানুহজনীৰ পুৰণিকথা বোৰে আকৌ ওকমুকনি দিবলৈ ধৰিলে৷ দৰা নেদেখাকৈ বিয়াহোৱা দিনৰে মানুহ তেওঁ৷ হাইস্কুলৰ দেওনা পাৰ নৌহওতেই বিয়াত বহিছিল তেওঁ৷ চাকৰিয়াল আৰু মৰমীয়াল স্বামীৰ লগতে গাওঁখনৰ আঢ্যৱন্ত মানুহঘৰত তেওঁ বেছ সুখৰেই জীৱনটো পাৰ হব বুলি ভাবিছিল৷ অৱশ্যে এটা বছৰ শাহু-শহুৰৰ আদৰ, স্বামীৰ মৰম আৰু ননদ দেৱৰৰ আৱদাৰৰ মাজত ভালদৰেই পাৰ হৈছিল৷ কিন্তু এটা এটাকৈ কেবাটাও বছৰ পাৰ হোৱাৰ পিছতো যেতিয়া তেওঁ সন্তানৰ মুখ দেখা নাপালে তেতিয়াহে শাহুৱেকৰ ব্যৱহাৰবোৰ সলনি হবলৈ ধৰিলে৷ কামে সকামে ক’ৰবালৈ গলে শাহুৱেকক যেতিয়া বেলেগ মানুহে বোৱাৰীয়েকৰ খবৰ সুধিছিল তেতিয়া ঘৰলৈ আহি ভালকৈ এজাউৰি গালি পাৰিছিল মানুহ জনীক৷ কোনোবা ক’ৰবালৈ যোৱাৰ সময়ত বাহিৰলৈ ওলাবলৈ মানা কৰিছিল৷ তেওঁ নীৰৱে সকলো সহ্য কৰিছিল৷ এদিন দূৰ সম্পৰ্কীয় এজনী পেহীৰ লগলাগি তেওঁৰ শৰীৰত কেবাটাও বেজৰ মাদলি ওলোমাই দিছিল৷ মন্দিৰ, আইথান, নামঘৰ ক’তো শৰাই দিবলৈ বাকী ৰখা নাছিল শাহুৱেকে৷ তথাপিও কামত নাহিল৷ শাহুৱেকে কৈছিল তেওঁহেনো গজমুৰী, দৰবে নেমানে তেওঁক৷ স্বামীয়ে তেওঁক একো কোৱা নাছিল যদিও মাকৰ কথাৰ প্ৰতিবাদো নকৰিছিল৷

ননদৰ বিয়া আছিল৷ বিয়াৰ কামবোৰৰ মাজত হেৰাই গৈছিল মানুহজনী৷ কামৰ উৎপাততে কেনেকৈনো দৈয়ন দিয়া ঘটটো চুই দিলে তেওঁ গমকে নাপালে৷ শাহুৱেকে দেখা পাই ঘটটো দলিয়াই পেলাই দি নতুন ঘট বহুৱালে৷ মানুহজনীক চুলিত ধৰি টানি নি ভিতৰত সুমুৱাই থলে৷ তাৰ পিছৰ পৰা মানুহজনী নিশ্চুপ হৈ পৰিছিল বহুদিনলৈ৷ ঘৰৰ বাহিৰলৈ ওলাবলৈ এৰি দিছিল৷ কিন্তু দেৱৰেকৰ বিয়াৰ পিছত উচ্চ শিক্ষিতা চাকৰিয়াল জায়েকে মৰমেৰে মানুহজনীক নতুনকৈ জীৱলৈ শিকাইছিল৷ এটা এটাকৈ তিনিটা সন্তান পোহৰ, পাহি আৰু নিয়ৰক তেওঁৰ হাতত তুলি দিছিল৷ তেতিয়াৰে পৰা মানুহজনীয়ে নিজকে পাহৰি গৈছিল৷ ইতিমধ্যে শাহুৱেকৰো মৃত্যু হৈছিল৷ তিনিওটা লৰা ছোৱালীৰ খোৱা বোৱা, পঢ়া শুনা, বেমাৰ আজাৰ হলে চোৱা-চিতা কৰা আদিৰ মাজতেই তেওঁ জীৱনৰ অৰ্থ বিছাৰি পাইছিল৷ ল’ৰা-ছোৱালীকেইটা ডাঙৰ কৰাত মাকক একো কষ্টয়ে পাবলৈ দিয়া নাছিল আৰু তেওঁ হৈ পৰিছিল সিহঁতৰ ডাঙৰ মা৷ মানুহজনীৰ ল’ৰা-ছোৱালীকেইটাৰ প্ৰতি থকা মৰম দেখি ’এইকেইটা আপোনাৰে সন্তান ’ বুলি কৈ জায়েকে কেতিয়াবা মানুহজনীক আৱেগেৰে সাৱটি ধৰিছিল৷ ই নিয়ৰে সৰুৰে পৰাই মাকতকৈ বৰমাককহে বেছিকৈ বিচাৰিছিল৷ বৰমাকৰ বুকুত মুখ গুজি শুলেহে তাৰ টোপনি আহিছিল৷ বৰমাকৰ সকলো কথাই সি মানিছিল৷ সেই অকণমানি নিয়ৰটো এতিয়া ডাঙৰ হল৷ সি ডাঙৰ মাকক পৃথিৱীৰ সকলো সুখ আনি দিব বিছাৰে৷ সি বৰমাকক কয়-দুজনীকৈ মমতাময়ী মাতৃৰ মাতৃত্বৰ উমেৰে গৰ্বিত হেনো সি৷ দুজনী মাতৃৰ ছত্ৰছায়াত সিহঁতে হেনো আনতকৈ এটা বেলেগ শৈশৱ পাৰ কৰিছে৷ দুজনী মাতৃৰ পৰা পোৱা শিক্ষাই সিহঁতৰ জীৱনটো বুজি পোৱাত আনতকৈ সহজ হৈছে৷ ভাল মানুহ হিচাপে জীয়াই থাকিবলৈ শিকাইছে৷ আত্মনিৰ্ভৰশীল হবলৈ প্ৰেৰণা লাভ কৰিছে৷
বিয়াখনৰ পিছৰ পৰা মানুহজনীয়ে অহেতুক ভয় এটা কঢ়িয়াই লৈ ফুৰিছিল যদিও নতুন আলহীৰ আগমনৰ বাতৰিয়ে মনটো ফৰকাল কৰি তুলিছিল৷ পাহিৰ বিয়াৰ পিছতেই পোহৰৰো বিয়াখন পাতি দিছিল যদিও সি কামৰ তাগিদাত বাহিৰে বাহিৰে থকা বাবে নাতিটোক বছৰত এবাৰহে দেখা পায়৷ তাকো এসপ্তাহ মানৰ বাবেহে৷ সেয়ে নতুন সদস্যৰ আগমনৰ বাতৰিয়ে মানুহজনীৰ লগতে ঘৰৰ বাকী সদস্য সকলকো উত্ৰাৱল কৰি তুলিছে৷ বোৱাৰীজনীৰ বাঢ়ি অহা পেটটো দেখিলে মানুহজনী আত্মহাৰা হৈ পৰে৷ সন্তানসম্ভৱা বোৱাৰীজনীক লবলগীয়া যত্নবোৰত তেওঁঅলপো ত্ৰুটি কৰা নাই৷ কেতিয়াবা কেতিয়াবা তেওঁৰ যত্নবোৰত অতিষ্ঠ হৈ বোৱাৰীজনীয়ে তেওঁক সাৱটি ধৰি কেচুৱাৰ দৰে বুকুৰ মাজত শুই পৰে৷

এই মুহূৰ্তত ঘৰখনৰ সকলো মানুহ উৎকণ্ঠাৰে ৰৈ আছে হস্পিতেলত৷ আজি ৰাতিপুৱা বোৱাৰীজনীয়ে হঠাতে পেটৰ অসহ্য যন্ত্ৰনাত চিঞৰি উঠে৷ মানুহজনীৰ বুকুখনে চিৰিংকৈ মাৰিলে৷ ডক্তৰে দিয়া সময়লৈ এতিয়াও বিছদিনমান বাকী৷ বোৱাৰীজনীক লৈ ঘৰখনৰ সকলো সদস্য হস্পিতেল পালেহি৷ লগে লগে তাইক অপাৰেচন থিয়েটাৰত সোমোৱালে৷ এতিয়া বাহিৰত বহি আটাইখিনি মানুহে অধীৰ আগ্ৰহেৰে বাট চাই আছে দৰ্জাখন খোলালৈ৷ নিয়ৰৰ মুখলৈতো চাবই নোৱাৰি৷ এইমাত্ৰ যেন দুচকুৰে বাৰিষাৰ ঢলহে বৈ আহিব৷ হঠাতে দৰ্জাখন খোল খালে৷ মৰম লগা সৰুফুটীয়া নাৰ্চ এজনী ওলাই আহিল৷
: বেবীৰ দেউতাক কোন? ভিতৰলৈ আহক৷
মানুহজনীয়ে কিবা এটা সোধো বুলি মুখলৈ চাঁওতেই নাৰ্চজনী ভিতৰলৈ সোমাই গ’ল৷ নাৰ্চজনীৰ পিছে পিছে নিয়ৰো সোমাই গ’ল৷ অলপ সময়ৰ পিছত নাৰ্চজনী আকৌ ওলাই আহিল৷
:বেবীৰ কাৰণে কাপোৰ দিয়ক৷

সকলোৰে মুখলৈ তেতিয়াহে পানী আহিল৷ মানুহজনীয়ে স্বস্তিৰ নিশ্বাস এৰিলে৷ তাৰ পিছত বেগত লৈ অহা সুকোমল কাপোৰখিনি নাৰ্চজনীক দিলে৷ কিছুসময়ৰ পিছত দৰ্জাখন আকৌ খোল খালে৷ নিয়ৰে বগা কাপোৰেৰে মেৰিয়াই অনা অকণমানি পৰীজনী বৰমাকৰ কোলাত দিলে৷ মানুহজনীয়ে ছোৱালীকণক আলফুলে বুকুৰ মাজত সুমুৱাই কলে এয়া মোৰ জীৱনৰ শ্ৰেষ্ঠ উপহাৰ৷ মনতে ভাবিলে মই অমংগলীয়া হব নোৱাৰোঁ কেতিয়াও৷ ৷ ■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক