উপহাৰ –ৰিমঝিম দত্ত


 কাষলতিৰ চেপত চাউল ধুই খোৱা জাতীয় মোৰ বন্ধু এজন আছে। বয়সত মোতকৈ দুই-তিনিবছৰৰ সৰু; তথাপিও সি মোক নাম কাঢ়ি মাতে, বন্ধুৰ দৰেই আচৰণ কৰে। আনৰ পৰা কাঢ়ি-আজুৰি খোৱা বিদ্যাত তাৰ অগাধ দক্ষতা; কিন্তু তাৰ পৰা পানীগিলাচৰ বাদে আন বস্তু সৰকোৱাটো হাইঠা মাটিত পৰাৰ লেখীয়া কথা। 

 মহা চিকটা হ’লেও সি কিন্তু খুবেই ৰঙীয়াল আৰু খুহুটীয়া স্বভাৱৰ; আৰু তাৰ আটাইতকৈ যোগাত্মক দিশটো হৈছে আনক সহায় কৰা মনোভাৱটো। বিপদে-আপদে মোৰ ওচৰতো সি সকলোতকৈ আগতে উপস্থিত হয়, সেয়েহে তাক কোনো কাৰণত অকল ময়েই নহয়, কোনেও চাগৈ বেয়া পাব নোৱাৰে। 

 এবাৰ চিকটা মহাৰাজে (মই তাক সেইবুলিয়েই মাতো)মাক-দেউতাকৰ লগত পুৰী ভ্ৰমণ কৰিবলৈ গ’ল। পুৰীলৈ বুলি ট্ৰেইনত উঠাৰ দিনা সি মোক ফোন কৰিলে আৰু ক’লে “পুৰীৰ পৰা তোলৈ মই কি আনিম ক?” মোৰ মুৰৰ ওপৰত বিনা মেঘে যেন বজ্ৰপাতহে পৰিল। হাঁহিটো কোনোমতে সামৰি ৰাখি মই ক’লো “তোৰ যি মন যায় তাকে আনিবি, মোৰ কোনো আপত্তি নাই অ’ বোপাই।” 

 চিকটা মহাৰাজে মোলৈ উপহাৰ আনিব! এইটো কম ডাঙৰ কথানে! তাৰ ফোনটো থৈ মই আনন্দত জঁপিয়াই উঠিলো। লগৰ দুই চাৰিজনীকো কথাটো ক’লো। চবেই ক’লে, ”ভালদৰে ৰাখিবি ঐ সি দিয়া উপহাৰটো।” ময়ো সি পুৰীৰ পৰা উভতি অহালৈ আগ্ৰহেৰে বাট চাই ৰ’লো। 

পোন্ধৰদিনমানৰ মুৰত সি পুৰীৰ পৰা আহি ঘৰ পালেহি। ময়ো সি আমাৰ ঘৰলৈ আহিব বুলি আগ্ৰহেৰে বাট চাই আছো; কিন্তু কেইবাদিনলৈও তাৰ দেখা-দেখিয়েই নাই। অধৈৰ্য্য হৈ এদিন ময়েই গৈ তাৰ ঘৰ ওলালোগৈ। খুড়ীয়ে (তাৰ মাকে) মোক বহিবলৈ দিলে; পুৰীৰ পৰা অনা বস্তুবোৰ ইটো সিটোকৈ মোক দেখুৱালে। সিয়ো ওচৰতে আহি বহি লৈ খুড়ী আৰু মোৰ কথাত ভাগ ললেহি।  

 এটা সময়ত খুড়ী পাকঘৰলৈ যোৱাৰ চলতে মই তাক সুধিলো” কি আনিছ মোলৈ কচোন।”

”অলপ ধৈৰ্য্য ধৰচোন, সকলো গম পাবি।” 

“কচোন….প্লীজ, মোৰ ইমান চাবলৈ মন গৈছে।” মই লেনিয়াই ক’লো। 

” কৈ আছো ৰহ, পিছে বস্তুটো তই দেখা নাপাবি, শুনিবহে পাৰিবি” সি ক’লে। মই মনতে ভাবিলো …গান শুনিব পৰা কিবা বস্তু চাগৈ; ক’লো “শুনিম দে, এতিয়া বস্তুটোৰ নামটো ক’ ।”

 দীঘলকৈ উশাহটো টানি সি গহীনাই ক’লে “ তোৰ বাবে প্ৰভু জগন্নাথৰ ভক্তিৰসেৰে পৰিপূৰ্ণ অমৃতময় বাণী লৈ আহিছো অ’ আইজনী।”

 বহা ঠাইতে মুৰ ঘূৰাই কথমপি মই নপৰাকৈ থাকিলো। জীৱনত আৰু কোনো মানুহৰ পৰা উপহাৰৰ আশা নকৰো বুলি শপতো খালো। 

****

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক