উপাধিপতি(উজ্জল ফুকন)

উপাধিপতি(উজ্জল ফুকন)

 

দুটা প্রানীৰ তিনিটা চকু একেসময়তে এটা টাইগাৰৰ ওপৰত। চকু টিপিয়াবলৈ কাৰো আহৰি নাই। টাইগাৰৰ কথা শুনি বনমন্ত্রী ডাঙৰীয়াই ব্যাঘ্র প্রকল্পৰ জয়যাত্রাৰ কথা কয় বুলিহে ভয়। আৰু সত্যম শিৱমৰ ভয়তো আছেই। তাৰ প্রশ্নবানত মেকুৰিয়েও নিজকে বাঘ বুলি কৈ বাঘৰ সংখ্যা বঢ়াই দিব। কিন্তু আজি টাইগাৰ মানে টাইগাৰ বিস্কুটৰ কথাহে কৈছো। এটা চকু টিপিয়াই কলিতা যেনেকৈ ভাগৰি পৰিছে টাইগাৰ বিস্কুটৰ টুকুৰাটোৰো একেই অৱস্হা। যেন সি কব বিচাৰিছে– “যি কৰ সোনকালে কৰ”। পইটাচোৰাটো লাহে লাহে টাইগাৰৰ ফালে আগবাঢ়ি আহিল। একেথিৰে চাই থকা কলিতাৰ চকুটো এতিয়া ডেমপেহাৰ দূৰবীণটোতকৈও শক্তিশালী যেন লাগিছে। কলিতাৰ হাতৰ মুঠিত সোমাই থকা ঝাঢ়ুটোৱে বুজি পাইছে চিকাৰ তেনেই কাষত। কলিতাই লাহে লাহে ঝাঢ়ুটো দাঙি চৰম মুহুৰ্তটোৰ ফালে আগবাঢ়িল। এক শ্বাসৰুদ্ধকাৰী অৱস্হা।

“কলিতা দা কি কৰিছে”– প্রচণ্ড চিঞৰত কাঁহ পৰি জীন যোৱা অৱস্থাটো যেন মুহুৰ্ততে নোহোৱা হল। পইটাচোৰা নিমিষতে দৰ্জাৰ ফাকৰ গাতটোত সোমাল। তাৰ গতি ১০০ মিটাৰ দৌৰৰ অলিম্পিক চেম্পিয়ন বল্টতকৈ কোনোগুনে কম নাছিল।

“কি হল অ এইদাল। ইমান চিঞৰ কেলৈ? সকলো পণ্ড কৰি পেলালি। ইমান দেৰিৰপৰা এনেই খাপ পাতি ৰৈ আছিলো। পইটাচোৰাটো আজিও বাচি গল।” কলিতাই খঙতে মদনৰ ফালে চাই ভোৰভোৰাই থাকিল।

“এহ কলিতা দা, লোকে ছোৱালী পলুৱাই অনাৰ কথা ভাবি পাগল হৈ গৈছে আৰু আপুনি এতিয়াও পইটাচোৰাৰ পিছতে আছে। মাৰিম দিয়ক একেলগে তাক।” ৰমেনে মাত লগালে।

“কলিতা দা আজি আমাৰ ঘৰলৈ যাব লাগিব। মনত আছেনে? আমি লৈ যাবলৈ আহিছো আপোনাক।” গহীনে কলিতাক কলে।

“মইটো সাজু আছো পিছে মোৰ পটলুঙটো ভাল নহল নহয়। দৰ্জি দোকান বন্ধ হৈ আছে। মদনৰ পাইজামাটো খুজিছিলো। কি হল অ মদন পাইজামা দিবিনে।” কলিতাই মদনক সুধিলে।

“পাইজামা লৈ আহিছো। এইটো লওক।” মদনে পাইজামাটো কলিতালৈ আগবঢ়াই দিলে।

কলিতাই গামোছাৰ ওপৰতে পাইজামাটো পিন্ধি নিজৰ ধুই থোৱা পাঞ্জাৱীটো গাত সুমুৱাই ললে। “হেৰৌ মদন বেল্ট লগাব লাগিব দেখুন। তোৰ এইটো ককাল নে চোতাল।” কলিতাই পাইজামাৰ ৰছীডাল টানি টানি সুধিলে।

“টানি বান্ধক কলিতা দা। ৰৈ থাকিব। চিন্তা নাই। আৰু পৰিলেও আপোনাৰ গামোছাখনটো আছেই।” ৰমেনে চকু টিপিয়াই কলে।

ভালকৈ গাঠি এটা মাৰি কলিতা সাজু হল। “হৈ গল মোৰ” তিনিওটালৈ চাই কলিতাই কলে।

“বাহ কলিতা দা বঢ়িয়া লাগিছে আপোনাক।” গহীনে কলে।

“এহ এক মিনিট ৰ ” কলিতাই সাউতকৈ গৈ আইনাখন চাই আগদাত দুটা চিকুনাই আহিল।

“পোৱালি দোকানখন চাবি মোৰ আজি অলপ দেৰি হব।” কলিতাই চিঞৰি দোকানৰ পোৱালিটোক কৈ গল।

“ভূমিকম্প আহিলেও আমুকা দোকান এৰি ওলাই অহাৰ ৰেকৰ্ড নাই। কেৱল তোৰ কাৰণেহে ওলাই আহিছো গহীন, তাকো তোৰ ককাৰৰ লগত মেল মাৰিবলৈ।” কলিতাই গহীনক কলে।

“এহ কলিতা দা মই জানো। সেইটো আৰু কবলগা কথা নে। মই কি মুখেৰে আপোনাক ধন্যবাদ দিম নাজানো। আপুনি নথকা হলে..” গহীনে কলিতাক ভালৰি বুলাবলৈ ধৰিলে।

“থ থ হব। বাৰু তোৰটো কিবা এটা হেস্ত নেস্ত হৈ যাব আজি। আৰু ৰমেনৰটো কথাই নাই। মৌৰ পিছত মৌ মাখি উৰিবই। বাছি থাকিলি তই মদন। এতিয়া তোৰ কি হব?” কলিতাই মদনক সুধিলে।

মদনে একো উত্তৰ নিদিলে কিন্তু কলিতাৰ মুখৰ কথাখিনি গব্বৰে কালিয়াক কোৱা যেন লাগিল “অব তেৰা ক্যা হগা কালিয়া?”

কলিতাই আকৌ কবলৈ ধৰিলে — “আজি এটা কথা বুজি পালো ৰূপে কি কৰে গুণেহে সংসাৰ তৰে। গহীনৰটো ৰূপো আছে গুণো আছে। ৰমেনৰো চুলিখিনি যিমানে কমি গৈছে তাক বিচাৰি মৌ মাখি সিমানে অহা হৈছে। কিন্তু মদন তোৰ দেখুন ৰূপো নাই গুণো নাই। অৱশ্যে গুণ বুলিবলৈ কল কঠাল চুৰ কৰা বিদ্যা এটা আছে। কিন্তু সেই বিদ্যাৰে জানো কলৰ মালিকণিক পলুৱাব পাৰিবি? তোৰ ভৱিষ্যৎ অন্ধকাৰ দেখিছো মদন” — কলিতাই মদনক খোছ মাৰিবলৈ ধৰিলে।

“শগুনৰ শাওত বুঢ়া গৰু নমৰে।” মদনে এইবাৰ অলপ টানকৈয়ে কলে।

“হেৰৌ তই মোক শগুন বুলি কলি।” কলিতাই মদনক চোঁচা মাৰি গল।

গহীনে কথা বিষম দেখি দুয়োটাৰে মাজত আহি মদনলৈ চাই এটা চকু টিপমাৰি কলিতাক কলে — “সি আপোনাক শগুন কৈছে যদিও নিজকে বুঢ়া গৰু বুলি মানি লৈছে। আৰু শগুন নহয় শ গুণ। মানে আপোনাৰ এশ গুণ আছে।”

আনন্দত কলিতাৰ আগদাঁত দুটা বেছিকৈ ওলাই আহিল। “আমাৰ মদনে তহঁততকৈ বহুত ভাল ছোৱালী পাব চাই থাক।” কলিতাই মদনৰ কান্ধত ধৰি কলে।

 

পৰিস্থিতি প্রায় ঠাণ্ডা হৈছে আৰু চাৰিওটা আহি বুধিন বৰাৰ ঘৰৰ চোতালত ভৰি দিলেহি। জেতুকি বাই যেন সিহঁতৰ কাৰনেই ৰৈ আছিল। “অ আহিলি নে তহঁত ? এইটো শলিতা নহয়নে? আৰু এইখন কাৰ মেখেলা পিন্ধি আহিলি?”

“বাই এইটো পাইজামাহে।” কলিতাই লাজ লাজ কৈ কলে।

“অ হয়তোন আকৌ। আৰু এটা কথা শলিতা ইমানবাৰ বানপানী আহি গল তোৰ কিন্তু মাঠাউৰি দুটা ভাঙিব নোৱাৰিলে। মোৰ চা এটাও মাঠাউৰি নাই।” জেতুকিয়ে কলিতাক এটা সোলা হাঁহি মাৰি দেখুৱালে।

কলিতাৰ কান দুখন খঙ আৰু লাজ দুয়োটা মিলি ৰঙা হৈ আহিল। গৰমেও হাঁহি ৰখাব নোৱাৰা হল।

“আৰু গুহীন তোৰ বিয়াত বগা গোল্লা নহলে ৰঙা গোল্লা খোৱাবি দেই। সেইকেইটা দাত নাথাকিলেও খাব পাৰি। শলিতাৰ কথা বেলেগ। তাক গোটা নাৰিকল দি দিলেই হল। সি মাঠাউৰি দুটাৰে গুছাই ৰুকি নাৰিকলৰ লাড়ু বনাই লব পাৰিব। “– জেতুকীয়ে যেন আজি কলিতাৰ মূৰটো চোবাইহে এৰিব।

মদনে পৰিস্থিতি পাতলাবলৈ অলপ বহি ককালটো ঘূৰাই ঘূৰাই জেতুকীক সুধিলে– “বাই জেলেপি নোখোৱা নেকি?”

“হাঁ হাঁ হাঁ তুমি জেতুকী বাই আৰু সি জেলেপি ভাই” ৰমেনে হাঁহি হাঁহি কলে।

“গছত কঠাল ওঠত তেল নৌ খাওতেই ছেল বেল।”– হঠাত গলগলীয়া মাতটো শুনি সকলোৰে চকু সেইফালে গল।

“কাৰ গছত কঠাল ককা। এতিয়াতো কঠালৰ বতৰ নহয়।” মদনৰ যেন আঙুলিৰ মূৰত লিখা আছে কাৰ বাৰীত কি আছে আৰু কিমান ডাঙৰ হৈছে।

“হেৰৌ মনে মনে থাক সেইটো উপমাহে দিছে।” ৰমেনে মদনক হেচুকি কলে।

“ছোৱালীয়ে ঘৰ গছকাই নাই আৰু তহঁতৰ কি খাবি তাক লৈ চিন্তা।” বুধিন বৰাই সকলোলৈ চাই কলে।

কলিতাই বুধিন বৰাক এবাৰ ভালকৈ চালে। এড়ি চাদৰৰ মাজত সোমাই থকা বুধিন বৰাক বগা চুলিখিনিৰ সৈতে শোলে চিনেমাখনৰ ঠাকুৰৰ দৰে লাগিল। এখন হাতত এদাল শিকলি দেখি গব্বৰেও যেন কৰবাৰপৰা ভূমুকি মাৰিলেহি।

শিকলিৰ ইমূৰত জেকপটে পুৰনা মালিকৰ গোন্ধ পাই হাঁহিবই নে কান্দিব বুজি পোৱা নাই। জেকপটক দেখাৰ লগে লগে শোলেৰ সেই বিখ্যাত সংলাপটোৰ নতুন ৰূপ এটা কলিতাই মুখৰ ভিতৰতে আওঁৰালে –“য়ে জেকপট মুঝে দে দে বুধিন”।

“ককা এয়া কলিতা দা” গহীনে বুধিন বৰাক কলে।

কলিতাইও থিয় হৈ হাঁহি এটা মাৰিলে। বুধিন বৰাই থিক বুজি নাপালে কলিতাই হাঁহিছেনে আগ দাঁত দুটা উলিয়াই জোকাইছে।

“এক মিনিট। হেৰা তোমাৰ ভাল নাম কি হে?” বুধিনে কলিতাক সুধিলে।

কলিতাই নমস্কাৰ কৰি বহুদিনৰ মূৰত নিজৰ নামটো কবলৈ গৈ লাজ পাই তললৈ মূৰ কৰি কলে “নৰোত্তম কলিতা”

“নৰোত্তম মানে নৰৰ উত্তম” বুধিন বৰাই কলিতাৰ মূৰৰপৰা ভৰিলৈ চাই কলে।

“কি নাম তোৰ ‘নৰাধম’। কাম চাই নাম দিছে তোক ” জেতুকি বাইয়ে মাত লগালে।

ন বোৱাৰিয়ে যেনেকৈ লাজত ভৰিৰ নখেৰে মাটি খুছৰি থাকে কলিতাৰো ঠিক একেই অৱস্থা হল।

“মানে ঘৰত নৰ বুলিয়েই মাতে” কলিতাই কও নকওকৈ কলে।

“সেইটোটো তুমি হয়েই। নৰ মানে মানুহ” বুধিন বৰাই কলে।

“সেইদিনা বেঙ্কত এজনে মোৰপৰা কলমটো খুজিলে তেওঁৰ চেক এখন চহী কৰিবৰ বাবে। কলমটো ঘূৰাই দিওতে ধন্যবাদ জনাই তেওঁ মোৰ নামটো সুধিলে। মই কলো বুধিন। তেওঁৰ আকৌ প্রশ্ন ‘বুধিন মানে কি লিখে?’

মই বুজি পালো তেওঁক মোৰ উপাধিটো লাগে। মোৰ টিঙিচকৈ খঙটো উঠি আহিল আৰু প্ৰায় গালি পাৰিয়েই কলো – “আপুনি মোৰ বংশ গোত্র ধৰ্ম জাতি জানি কি কৰিব ? যদি মোক মনত ৰাখিব বিচাৰিছে তাৰ বাবে মোৰ মাত্র নামটোৱেই যথেষ্ঠ নহয় নে? ভদ্রলোক একেবাৰে নিমাত হৈ থাকিল।”

বুধিন বৰাই আকৌ কবলৈ ধৰিলে — “মই উপাধিৰে সম্বোধন কৰাটো ভাল নাপাও। আগৰ সেই আহোম ৰজা,কোচ ৰজা,তিৱা ৰজা আদিয়ে শাসন ব্যৱস্থা সৰল কৰিবৰ বাবে উপাধি দিছিল আৰু সেই উপাধিধাৰী সকলৰ সুকীয়া সুকীয়া কাম আছিল।

বুঢ়াগোঁহাই , বৰগোঁহাই, বৰপাত্রগোঁহাই এই তিনিজন যেনেকৈ শীৰ্ষ মন্ত্রী আছিল তেনেকৈ বৰুৱা , বাইলুং হাজৰিকা , ফুকন আদিৰো সুকীয়া সুকীয়া দায়িত্ব আছিল। কিন্তু জন্মসূত্রে পোৱা এই উপাধিবোৰ আজিৰ দিনত সঁচাই জৰুৰী নে? মোৰ ভাৱ হয় যেন কৰবাত এইবোৰে আমাক ভাগ ভাগহে কৰিছে। এতিয়া তহঁতে মোৰ নামটোকে চা চোন। তহঁতে অসমত বিচাৰিলে বহুত বুধিন পাবি। বুধিন পেগু বুধিন ক্র বুধিন গগৈ বা গোস্ৱামীকে আদি কৰি কোনো উপাধি চাগৈ বাদ নপৰিব। কেতিয়াবা ভাব হয় আমি এই উপাধিবোৰৰ মাজত নিজক খামুছি ধৰি অসমীয়া হবলৈয়ে পাহৰি গলো। ভাৰতীয় হোৱাটো বহুত দূৰৰ কথা। আমাৰ এচামে আকৌ চিঞৰি থাকে আমি ভাৰতীয় মূলসুঁতিৰপৰা বহু আতৰত। এতিয়া সেই সকলক যদি শুধো তুমি নো কোন? বুকু ফিন্দাই উত্তৰ আহিব মই তিৱা , মই মিৰি , মই আহোম ,মই বামুন ,গোঁসাই , কলিতা কিন্তু কোনো অসমীয়া নহয়। হেৰৌ তহঁতে যদি নিজক অসমীয়া বুলি কবলৈ নিশিক তেন্তে ভাৰতীয় কেতিয়া হবি? আমি একগোট হবলৈ নিশিকালৈকে আনে আমাক দুৰ্বল বুলি কৈয়ে থাকিব। এই উপাধিৰ পৰিধি ভাঙি যি সকল আগবাঢ়ি গল সেইসকলেই প্রকৃত অসমীয়া বুলি চিন্হিত হৈছে। হীৰু দা ,ভূপেন দা , মামনি বাইদেউ, ৰসৰাজ, ৰূপকোঁৱৰ , কলাগুৰু , নটসূৰ্য্য , লোকপ্রিয় , দেশভক্ত আদি উপাধি এইসকল মহান মনিষীয়ে জীৱিতকালত অৰ্জন কৰা। আমি আমাৰ উঠি অহা চামক এনেকৈ প্রস্তুত কৰিব লাগিব যাতে আমাৰ মাজৰপৰা আৰু বহু দাদা বাইদেউৰ জন্ম হয় যি উপাধিৰ উৰ্দ্ধত হয়। মই জানো তহঁতে এওঁক নৰ দা বুলি মাতিবলৈ অখজা লাগিব কিন্তু আগলৈ পৰাপক্ষত কাকো উপাধিৰে সম্বোধন নকৰিবি। ”

কলিতাই কিন্তু এতিয়াও বুজি নাপালে তাৰ নামটো শক্তিশালী নে তাৰ উপাধিটো।

“অ ককা সৰুতে আমাৰ অসমীয়া কিতাপত ‘গৌৰৱ’ নামৰ এটা অধ্যায় আছিল। তাৰো সাৰাংশ আপুনি কোৱা কথাৰ দৰে। মানুহে জন্ম বা বংশৰপৰা পোৱা গৌৰৱতকৈ নিজ কৰ্মৰে অৰ্জা গৌৰৱ বহু বেছি।” মদনে কলে।

“সম্পূৰ্ণ শুদ্ধ। মোৰ মতে এই উপাধিবোৰ নাইকিয়া কৰি পেলাব লাগে। তাৰ পৰিবৰ্তে শিক্ষাগত ডিগ্রীবোৰ লিখিব লাগে। যেনে বুধিন বিএ আৰু আমাৰ বীৰেণ ডক্টৰ তেতিয়া হব বীৰেণ এম বি বি এছ। সেইটো কৰিব পাৰিলে আমাৰ মাজৰপৰা বহু ভেদাভেদ নাইকিয়া হব।” কথাটো কৈ বুধিন বৰা এইবাৰ নিজৰ আৰামি চকীখনত বহিল। জেকপট বুধিন বৰা আৰু কলিতাৰ মাজত লেপেটা কাঢ়ি বহি আছে। বুধিন বৰা আৰু কলিতা যেন ইণ্ডিয়া পাকিস্হান আৰু জেকপট যেন কাশ্মীৰ যাৰ শাসনভাৰৰ শিকলি বুধিন বৰাৰ হাতত। কলিতাই পাৰ্লেজি বিস্কুট দুটা জেকপটলৈ দলিয়াই কূটনৈতিক যুদ্ধখন আগবঢ়াই আছে। থিক যেনেকৈ পাকিস্থানে অস্ত্রযোগান ধৰে কাশ্মীৰৰ উগ্রপন্থীবোৰক। বিস্কুট দুটা খাবলৈ নিদিয়াকৈ শিকলিদাল টানকৈ ধৰি বুধিনেও জেকপটক বুজাই দিছে তই এতিয়াও মোৰ অধীনত।

“চাহ লওক” পদুমীয়ে কলিতালৈ চাহ একাপ আগবঢ়াই কলে।

“এয়া আমাৰ আইতা” গহীনে চিনাকি কৰাই দিলে।

 

“নমস্কাৰ” — কলিতাই থিয় হৈ নমস্কাৰ দিওতেই মধ্যাকৰ্ষণ শক্তিয়ে পাইজামাৰ ওপৰত প্রভাৱ দেখুৱাই দিলে। কিন্তু পাতল ভৰি দুটাত নলগাকৈ পাইজামা সুলকি পৰাত কলিতাই একো গম নাপালে।

পদুমিয়ে লাজত ইফালে সিফালে চাব ধৰিলে। বুধিনেও গলখেকাৰি মাৰি কলিতাক বুজাব চেস্টা কৰিলে। গৰম আৰু জেতুকীয়ে প্রায় একেলগে চিঞৰি উঠিল “পাইজামা”।

লাজত ৰঙা হৈ পাইজামাটো পিন্ধি কলিতাই চাহ পিয়াত মন দিলে।

“বাৰু ককা আমাৰ আচঁনি কি হব। মই কেনেকৈ আগবাঢ়িম কওক।” গহীনে পৰিবেশ সলনি হবলৈ কলে।

“মই ভাবিছো এটা বনভোজৰ কথা। আমি গোটেইজাক যাম কৰবাত বনভোজ খাবলৈ। বনভোজো খোৱা হব আৰু বনভোজৰপৰা বাহিৰে বাহিৰে বোৱাৰিয়ে আমাৰ ঘৰ গছকিব। কিন্তু সমস্যা এটাই তাইক বনভোজলৈ কেনেকৈ লৈ যাব পৰা যায় ? ” বুধিন বৰাই সকলোলৈ চাই সুধিলে।

“সেইটো মোৰ দায়িত্ব। মই মোৰ ভৰষাত লৈ আহিম তাইক। পিছত কিন্তু আপোনালোকে মোক বচাব।” কলিতাই বুধিন বৰালৈ চাই কলে।

“বঢ়িয়া তেন্তে নৰ। তুমি চিন্তা নকৰিবা।” বুধিন বৰাই কলে।

মদনে গহীনলৈ চাই চিঞৰি উঠিল “বনভোজত বনত জুই লাগিব আৰু আমাৰ গহীনৰ মনৰ জুই নুমাব।”

“হাঁ হাঁ হাঁ” সকলোৱে একেলগে হাঁহিবলৈ ধৰিলে।

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক