উবুণ্টু উবুণ্টু – মনোজ কুমাৰ ডেকা

এবাৰ এগৰাকী নৃতত্ত্ববিদ দক্ষিণ আফ্ৰিকাৰ এখনি গাঁৱলৈ গ’ল৷ উদ্দেশ্য গৱেষণা কৰা৷ তেওঁ গ’ল, গাঁওবাসীৰ সৈতে চা চিনাকি হ’ল আৰু নিজৰ কাম আৰম্ভ কৰিলে৷ দিন আগবাঢ়িল৷ আৰু এটা সময়ত তেওঁ বিদায় লোৱাৰ যো-জা চলালে৷ বিদায়ৰ আগমুহূৰ্তত তেওঁ ভাবিলে সৰু ল’ৰা-ছোৱালী সমূহৰ সৈতে অকণ খেল-ধেমালি কৰা হওক৷ তেওঁ কিছু খোৱা বস্তু, পুৰস্কাৰ আদি লৈ খেল পথাৰলৈ আগবাঢ়িল৷ লগত আগবাঢ়িল এজাক কণ কণ ল’ৰা-ছোৱালী৷ সিহঁতৰ চকুত ওলমি থাকিল আশাৰ চিকমিকণি আৰু ওলমি থাকিল নিষ্পাপ হাঁহি…অকণ চিঞৰ বাখৰ৷
যথা সময়ত তেওঁলোক গৈ খেলপথাৰ পালে৷ নৃতত্ত্ববিদ গৰাকীয়ে কণ কণ ল’ৰা-ছোৱালীহঁতক বুজাই দিলে খেলৰ নিয়ম৷ তেওঁ দূৰত থকা গছ এজোপালৈ আঙুলিয়াই কলে, যিয়ে দৌৰি গৈ সেই গছজোপা চুব পাৰিব তেৱেঁই বিজয়ী হব আৰু পুৰস্কৃত হব৷
তেওঁ সকলোকে শাৰী পাতিবলৈ ক’লে৷ সকলোৱে শাৰী পাতিলে৷ এইবাৰ ব্যক্তি গৰাকীয়ে হুইছেল বজালে৷ কিন্তু হুইছেল বজাৰ লগে লগে অদ্ভুত ঘটনা ঘটিল৷ তেওঁ দেখিলে, সিহঁতে প্ৰাণেপনে দৌৰাৰ সলনি ইটোৱে সিটোৰ মুখলৈ চাই হাঁহিছে আৰু ইটোৱে সিটোৰ হাতত ধৰিছে৷ আৰু আটায়ে ইটোৱে সিটোক ধৰাৰ পিছত একেলগে দৌৰ মাৰিলে৷
দক্ষিণ আফ্ৰিকা দূৰৰ কথা, ইয়াত কেতিয়াবাও এনে দৃশ্য দেখিছেনে? মই ভাবো দেখা নাই৷ ওহোঁ…নাই দেখা, মোৰ মনে কয়!
এসময়ত আটাইবোৰ আকৌ উভতি আহিল৷ নৃতত্ত্ববিদ গৰাকী বিপদত পৰিল…প্ৰথম পুৰস্কাৰ দিয়ে কাক? দ্বিতীয়? …
তেওঁ খন্তেক ৰ’ল৷ আৰু শেষত সুধিয়েই পেলালে, “তোমালোকে একেলগে ধৰাধৰিকৈ দৌৰিলা কিয়?”…খন্তেকৰ মৌনতা৷
তেওঁ আকৌ সুধিলে, কিয়?
কণ কণ ল’ৰা-ছোৱালী কেইটাই আকৌ ইটোৱে সিটোৰ মুখলৈ চাই হাঁহিলে৷ আৰু এজনে লাহেকৈ ক’লে…
( …কি ক’লে জানে? মই জানো আমি অধিকাংশই উত্তৰটো অনুমান কৰিব নোৱাৰো৷ )
…কণমানি এজনে কলে, “এজনে পুৰস্কাৰ পালে বাকীবোৰ সুখী হব কেনেকৈ? ..”
উত্তৰ শুনিলে? …সামূহিক উন্নয়নৰ সূত্ৰ এয়া৷ এয়া সামাজিক শান্তিৰ অনন্ত ভাণ্ডাৰ৷ যাক মানি আহিছে দক্ষিণ আফ্ৰিকাৰ জুলু জনজাতিয়ে৷ তেওঁলোকে এই দৰ্শনৰ অনুশীলন কৰে৷ এই দৰ্শন অনুসৰি, “মই আছো বা মই থাকিব পাৰিছো, কিয়নো তুমি আছা৷ তুমি নহ’লে ক’ত…কেনেকৈ! তুমি নহ’লে মই নাই৷” কথাষাৰ ব্যাখ্যা কৰিছিল আফ্ৰিকাৰ নোবেল বঁটা বিজয়ী আৰ্কবিশ্বপ ডেছমণ্ড টুটু’ৱে৷
আমাৰ সমাজত সাধাৰণতে প্ৰেমত হাবুডুবু খোৱা ডেকা গাভৰু দুজনমানেহে এইষাৰ কথা কয়৷ প্ৰেম চলি থকাৰ সময়ত৷ সংসাৰ পতাৰ পিছত সেয়াও শেষ৷ বাকীবোৰৰ কথা নকওঁ৷ কাৰোবাৰ ঘৰত হাঁহ, কুকুৰা, ছাগলী ভৰ্তি৷ চুবুৰীয়াৰ চিন্তা, এটা মাৰিব পৰা হ’লে…! ছাল………আ…
গুৰুত্বপূৰ্ণ কথাষাৰ হ’ল, সকলোৰে হওক৷ সিহঁতৰো হওক৷ আমাৰো হওক৷ আমাৰো হওক…সিহঁতৰো হওক, চিন্তা হব লাগে এনে৷ গাঁওখনৰ কেওফালে দুৰ্ভিক্ষ চলি থকাৰ সময়ত এখন ঘৰে প্ৰকৃতাৰ্থত নিজৰ সমৃদ্ধি উপভোগ কৰিব নোৱাৰে৷ কেওফালে দুখৰ মুখ, আপুনি মাছে মঙহে খাই সুখী হবনে?
বছৰৰ শেষত নামঘৰৰ সভাত একেলগে খিছাৰিকণ খাই এইবাবেই ভাল লাগে, কাৰণ…সিদিনা আমি একেলগে খাওঁ৷ ভাবিছেনে কথাষাৰ …
যদি ঘৰ, গাঁও, জিলা, ৰাজ্য বা দেশ এৰি চাওঁ…আমাৰ দেশ ভাৰতবৰ্ষ তেতিয়া প্ৰকৃতাৰ্থত এখনি সমৃদ্ধিশালী ৰাষ্ট্ৰ হ’ব যেতিয়া দক্ষিণ পূব এছিয়াৰ বাকী ৰাষ্ট্ৰ সমৃদ্ধিশালী হ’ব৷ সমাজ বা মহাদেশ সুস্থিৰ বা সমৃদ্ধিশালী হ’বলৈ এক দৰ্শনৰ প্ৰয়োজন… তুমি নহ’লে মই কেনেকৈ! আঁহা, একেলগে আগুৱাওঁ৷
যেতিয়া এই পৃথিৱীৰ পৰা আমাৰ সম্বন্ধীয় কোনো আঁতৰি যায়, যেতিয়া মা হেৰাই…দেউতা লুকাই তেতিয়া আমি অন্তেষ্টিক্ৰিয়া কৰো৷ দাহ কৰো৷ দাহ কৰিবলৈ খৰি দিওঁ৷ জুইত অজানিতে বহু পোক পৰুৱাৰ মৃত্যু হয়৷ তেওঁলোকৰ আত্মাৰ শান্তিৰ বাবেও প্ৰাৰ্থনা কৰা হয়৷ ই ভাৰতীয় দৰ্শনত প্ৰতিফলিত উবুণ্টু৷ একমাত্ৰ আমি অকলেই জীয়াই থাকিব নোৱাৰো৷ অকলে জীয়াই থাকিবলৈ কৰা চেষ্টাৰ, অহংকাৰৰ ফল আজিৰ মানুহে কেনেকৈ পাইছে আমি দেখা নাই জানো?
কোনোৱে কৈছিল, বাৰীৰ পিছফালৰ আম গছ জোপাৰ পৰা যেতিয়া এটি পাত সৰে, বিশ্বব্ৰহ্মাণ্ডৰ কৰবাত এটি তৰা খহি পৰে৷ এয়াই যোগসূত্ৰ৷ বিশ্বব্ৰহ্মাণ্ডত আমিয়েই নহয় আৰু আছে৷ সকলো সুখী হ’লেহে সুখ…সুখত শান্তি, শান্তিত প্ৰগতি৷
জুলু আৰু চ’লা ভাষাৰ শব্দ “উবুণ্টু” ই প্ৰকাশ কৰে সহযোগিতাৰ সৌন্দৰ্য৷ উবুণ্টু জনা মানুহে জানে তেওঁৰ সৈতে নিষ্প্ৰাণ বা প্ৰাণ থকা আনৰ সম্বন্ধ কি! উবুণ্টুৱে কয়, তুমি মোৰ বাবে উন্মুক্ত নে? যদি নহয়, কিয়? তোমাৰ লুকুৱাবলৈ নিজৰ কিবা আছে জানো? যদি নাই মুকলি নহয় কিয়? লোভ কিয়? লোভ নহলেই তুমি মোৰ বাবে উন্মুক্ত মন্দিৰ হৈ পৰিবা৷ যি মন্দিৰত পবিত্ৰ আত্মা থাকে৷
জুলু ভাষাত উবুণ্টুক কোৱা হয়, “ উমুনটো নগুমোনটো নাগামুনটু” …এগৰাকী ব্যক্তিৰ সত্তা জীয়াই থাকে আন এগাল সত্তাৰ সংস্পৰ্শত৷ অকলে নহয়৷
আহক আমি বুজি উঠোঁ, আমি কোনো অকলে একো নহয়৷ মই আছো, মই হৈছো কাৰণ আপুনি আছে৷ আহক একেলগে আগুৱাও৷ হাঁহো৷
উবুণ্টু উবুণ্টু …

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক