উভতি নহা সেই বাছখন (মণ্টু কুমাৰ ডেকা)

শীতৰ কোনোবা এটা সেমেকা ৰাতিপুৱা মই অতি আমেজেৰে লেপৰ তলত “ দ” হৈ শুই আছিলোঁ | মই আৰু মোৰ ককাইদেউ আমাৰ দুয়োৰ কাৰণে আমি থকা বাঁহৰ ঘৰটোত এখনেই বাঁহৰ বিচনা আছিল । ঘৰটোৰ একাষে এখন সৰু দোকান , তুলি নামৰ বস্তুটো নথকাৰ কাৰণে চাউলৰ বস্তাত খেৰ ভৰাই আমি  তুলিত শোৱাৰ মধুৰ আনন্দ অনুভৱ কৰিছিলো |এনেতে মোৰ দহবছৰীয়া বাইদেৱে জোৰকৈ বাঁহৰ দর্জাখন হেঁচি দি ক’লে – “ বাপা , সোনকালে উঠা , বাহিৰত মানুহৰ ভিৰ লাগিছে | ” মই লেপৰ তলৰ মধুৰ আনন্দ লৈ বাগৰ সলাই কিবাকিবি ভাৱি, তাইৰ কথালৈ গুৰুত্ব নিদিলোঁ | কিছু সময়ৰ পাছত আকৌ মাত লগাই বাহিৰত কিবা এটা ওলোৱাৰ কথা ক’লে | এই ৰাতিপুৱাখন আৰু কাম-ধাম্ নাইনে তাইৰ  ! আকৌ বাগৰ সলাই গম পালো আজি ককাইদেৱো শুই থকা নাই , কি হৈছে বাৰু ? সাধাৰণতে সি সদায় দেৰিলৈ শুই থাকে | মই চিলমিল টোপনিত থাকোতে এবাৰ সি উঠা যেন পাইছিলোঁ | কোনোবাই হেনো ৰাতিপুৱাতেই বিড়ি বিচাৰি দোকানলৈ আহিছিল | ঘড়ী চাই গম পালো ৰাতিপুৱা আঠ বাজিলে | এনেতে মায়ে বাইদেউক কোৱা শুনিলোঁ – “ লোকৰ ল’ৰা ছোৱালী উঠি ৰাস্তাত গোট খালে তাৰ খবৰেই নাই ” | নাই নিশ্চয় কিবা এটা হৈছে | চকমকাই উঠি একে দৌৰে ৰান্ধনী ঘৰত চাহ কৰি থকা মাৰ ওচৰ পালোগৈ | মায়ে পিঠা ভাজি আছে আৰু লগতে দেখা পালো মোৰ প্রিয় বিস্কুটৰ পেকেটটো | মোক দেখা পাই মায়ে সেইবোৰ অলপ আতৰাই থৈ ক’লে – “ মুখ- হাত ধুই আহি চাহ-পানী খাই পঢ়া-শুনা কৰ , ৰাস্তালৈ ঘনে-ঘনে গৈ নাথাকিবি , পৰীক্ষা ওচৰ পালেহি ” | “ কি হৈছে ৰাস্তাত ? ”- মই সুধি পেলালো | মায়ে একো নক’লে | চিধাই দৌৰ মাৰি গৈ ৰাস্তা পালোগৈ | মানুহৰ ভিৰ লাগিছে ;  কিছু দূৰৰ পৰা দেউতাৰ লগতে গাঁৱৰ বয়সীয়াল মানুহ কেইজনৰ গুণ-গুণনি শুনিবলৈ পালোঁ | তাৰ মাজেৰে মোৰ বন্ধু নৃপেন আৰু ভাস্কৰৰ মাতটো্ও শুনিবলৈ পালো – “ অ’ এই খন দেখোন বাছ্গাড়ী | কেতিয়া আহিলে ক’ৰ পৰা আহিলে , কিয় আহিলে” ইত্যাদি নানা প্রশ্ন ! দেউতাই গাৱৰ বয়সীয়াল কেইজনৰ লগত কিছুমান গুৰুত্বপুর্ণ কথা পাতি আছে , লগত দুই এজন অচিনাকী মানুহ দেখা গ’ল | দুই এজন বেলেগ অচিনাকী মানুহে ৰাস্তাৰ একাষত গৈ চিগাৰেট খাই আছে | অ’ এতিয়া বুজিলোঁ , ৰাতিপুৱা চিগাৰেট বিছাৰি যোৱা এইকেইজনেই ! মান- সন্মান নাই , বয়সীয়াল কেইজনৰ আগত চিগাৰেট খাই আছে – মনতে ভাৱিলোঁ | মই চিধাই গৈ নৃপেনৰ ওচৰ পালোগৈ | সি আৰু ভাস্কৰে দুয়ো আমাৰ বাল্টি দুটা লৈ আমাৰ পুখুৰীৰ পৰা পানী আনি দুইজন মানুহক দি আছে | সেই দুইজন কিজানি ড্রাইভাৰ বা হেন্ডিমেন হ’ব | মোক দেখা পাই নৃপেনে অলপ আওঁকান কৰিলে | মোৰ যেন বহুত পলম হ’ল , মই বহুতো যেন কিবা-কিবি হেৰুৱালোঁ | নৃপেনে অলপ অভিমানৰ চাৱনীৰে মোৰ ফালে চালে | মই উপায়হীন সেই মানুহ দুজনৰ মন  আকর্ষণ্ কৰিবলৈ কৈ পেলালোঁ – “ এই দুটা আমাৰ বাল্টি আৰু পানী অনা পুখুৰীটোও আমাৰ” | ভাস্কৰৰ ওচৰত গৈ লাহেকৈ ক’লো, “ কেতিয়া আহিলে গাড়ী খন ?” সি তপৰাই উত্তৰ দিলে – “ৰাতিপুৱা চাৰি বজাতেই আহিলে | আমিয়েই প্রথম দেখিলোঁ | তই গমকেই নোপোৱা নেকি ? ” মোৰ অলপ লাজ লাগিল, অলপ খঙো উঠিল | আজি কিমান দিনৰ মুৰত গাড়ী দেখিলোঁ ! সেই দিনা গাওঁবুঢ়াজনৰ বেমাৰ হোৱাত তেওঁক নিবৰ বাবে এম্বেচাদৰ এখন আহিছিল | কিছুসময় পাছত আকৌ উভতি আহিছিল ,গাড়ীখনৰ পৰা ওলাইছিল তেখেতৰ মৰা শ | বুকুখন কঁপি উঠিল | তেতিয়াৰ পৰা এম্বেচাদৰ দেখিলে বুকুখন কিবা এটা অচিন ভয়েৰে কঁপি উঠে | গাঁৱলৈ বছৰৰ শেষত কেইখন্মান ট্রাক আহিছিল গাঁৱৰ পৰা ধান নিবলৈ | ট্রাক অহাৰ কেইদিন আমাৰ ৰাম-ৰাজ্য্ | পঢ়া-শুনা , স্কুল সকলো বাদ দি লাগি পৰোঁ সেই ট্রাকখনৰ লগত | কিমান যে মধুৰ আনন্দ | কথাবোৰ ভাৱি থাকোঁতেই পাছফালৰ পৰা মায়ে মাত লগালে – “ স্কুলৰ সময় হ’ল | নৃপেন আৰু ভাস্কৰ আজি স্কুললৈ নেযায় | ময়ো অলপ আঁকোৰগোজ কৰিলোঁ | মায়ে ধমক মাৰি দিলে | খন্তেকতে মোৰ আনন্দ চূৰমাৰ হৈ বিষাদত পৰিণত হ’ল |
আজি কেইবাদিনো হ’ল | স্কুলৰ পৰা আহিয়েই ভাত পানী খাই কেৱল গাড়ীখনৰ লগতেই লাগি থাকোঁ |আমাৰ দোকানৰ পৰা মাল-বস্তু কিনিব লগীয়া হোৱাৰ কাৰণে সেই ড্রাইভাৰ আৰু হেণ্ডিমেনজন মোৰ লগত কিছু মিলি গৈছে | লাহে-লাহে নৃপেন আৰু ভাস্কৰক চেৰ পেলাই মই হৈ গ’লো সৰ্ব্বেসর্বা |সিঁহতে সদায় আমাৰ পুখুৰীৰ পৰা মোৰ কথা মতে পানী আনি দিয়ে গাড়ীত উঠাৰ লোভত | স্কুলৰ পৰা আহিয়েই গাড়ীখনত সোমাই আমি খেলোঁ লুকাভাকু , চোৰ-পুলিচ , আৰু যে ক’ত খেলা | এদিন নৃপেনে গাড়ীখনৰ ওপৰলৈ উঠি গৈ যেন এটা বিশেষ আৱিস্কাৰ কৰিলে , ড্রাইভাৰেও একো নক’লে | তাতো মই অতিশয় লাজ পালোঁ | আজি কালি আমি বাছৰ ওপৰতেই বেছি ভাগ খেলোঁ | পৰীক্ষাৰ শেষত ৰাতিপুৱাতে সোনকালে উঠি মোৰ সেই বিশেষ ব্লেংকেট খন আৰু দুটামান বস্তা লৈ বাচৰ ওপৰ পাওগৈ | লগত থাকে নৃপেন আৰু ভাস্কৰ | লগেলগেই আৰম্ভ হয় দিনজোৰা আমাৰ নানা কথা | কাৰোবাৰ তামোল গছত থকা উৰিব নোৱাৰা চৰাই জনীৰ পৰা লৈ শনিবাৰে ৰাতি চোৱা চিনেমা খনলৈ | কি যে আমেজ শীতৰ সেই ৰাতিপুৱা বোৰৰ !
দিনবোৰ বাগৰি গৈ থাকিল | বাচখন অহাৰ আজি বিশ দিনেই হ’ল | কেনেকৈ বিশ দিন গ’ল গমকেই নেপালোঁ |এই বাচখনেই আছিল আমাৰ শৈশৱৰ সেই মধুৰ দিনকেইটা আনন্দময় কৰি তোলাৰ একমাত্র কাৰণ | কাৰোবাৰ মুখৰ পৰা শুনিছিলোঁ বাছ্খন হেনো বিধানসভাৰ ইলেকচনৰ কাৰণে আহিছে, আকৌ হেনো এদিন গুছি যাব | সঁচাকৈ এদিন আমাৰ সকলোৰে আনন্দক চূৰমাৰ কৰিলে সেই বাচখনে | স্কুলৰ পৰা আহি চিধাই ৰাস্তালৈ গ’লো | নৃপেন , ভাস্কৰ আৰু লগৰ কেইজনমানক অতি নীৰৱে ঠিয় হৈ থকা দেখিলোঁ | আবেগিক হৈ নৃপেনে কৈ উঠিল – “ বাছখন গ’ল , আকৌ হেনো আহিব আগন্তুক বিধান সভাৰ ইলেকচনত |”
চকুলো্ নিগৰি গ’ল | কিছু সময় নিৰৱে থাকি একেথৰে বাছখনৰ চকাই ৰাস্তাত কৰি থৈ যোৱা চিন বোৰলৈ চাই ৰৈ থাকিলো আগন্তুক বিধান সভাৰ ইলেকচনলৈ …………
লাহে লাহে ডাঙৰ দীঘল হ’লো ; শৈশৱ, কৈশোৰ পাৰ হৈ কর্মৰত হ’লো , বহুতো বাছ্গাড়ী দেখিলোঁ , বহুতো উঠিলোঁ , লাহে-লাহে আমাৰ চুবুৰীটোও ভৰি পৰিল নানা গাড়ীৰে । তথাপিও জীৱনলৈ উভতি নাহিল শৈশৱৰ সেই বাছ্গাড়ী খন | আশাৰে ৰৈ থাকিলোঁ আগন্তুক বিধান সভাৰ ইলেকচনলৈ ………………………….

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Jitu
6 years ago

Bohut Moja lagil pohi.. Loralir kotha monot pori gol