উমমম (অমিতাভ মহন্ত)

অতনু আছিল সামাজিক৷

হৈ পৰিল অসামাজিক৷

আছিল কবিতাৰ ঘোৰ বিৰোধী৷

হৈ পৰিল বিমূৰ্ত প্ৰেমৰ কবিতাৰ নিয়মিত লেখক৷

আছিল নাৰীবিদ্বেষী৷

হৈ পৰিল ঈষৎ নাৰীবাদী৷

অতনু এক ভয়াবহ ব্যাধিত আক্ৰান্ত- প্ৰেম!!!

অতনুৱে আজিকালি ফেচবুকত প্ৰেমৰ টুকুৰা টুকুৰ ষ্টেটাছ দিয়ে৷ দিয়ে নামবিহীন কোনোবাক উদ্দেশ্যি ৰোমান্টিক চিঠি৷ গভীৰ ৰাতি হোষ্টেলক চাদত তাক প্ৰায়েই ফিচফিচাই কোনোবাৰ সৈতে ফোনত কথা পাতি থকা দেখা যায়৷ আজিকালি সি নিজৰ ফোনটো কোনোপধ্যেই বেলেগক এটা মূহুৰ্তৰ বাবেও নিদিয়ে৷

অতনুৰ এই আকস্মিক পৰিৱৰ্তন অপৰ্ণাৰ চকুৰ পৰা সাৰি নাযায়৷ সাৰি যোৱাৰ কোনো কথায়েই নাছিল৷ তাইটো কলেজৰ সেই প্ৰথম দিনটোৰ পৰা সেই জধলাটোৰ প্ৰেমত নিমজ্জিত৷

কেতিয়াও পিছে তাক কোৱা হোৱা নাই৷

ঘৰত যে নামানিব সেয়া নহয়৷

হয়তো মানিব৷

পিছে অতনুৱে যদি নামানে??

যদি দুয়োৰে বন্ধুত্ব শেষ হৈ যায়৷

অতনু অপৰ্ণাৰ যিমান ভাল বন্ধু, তাতকৈ হাজাৰগুণ অপৰ্ণা অতনুৰ বন্ধু৷ সি কি খাই ভাল পায়, কি পিন্ধে, কিয় কলেজলৈ অহা নাই, সকলো খবৰেইটো ৰাখে তাই৷

পিছে সিহে……. হয়তো জানিও নজনা ভাও ধৰি থাকে৷

– অতনু তোৰ কি হৈছেনো? কিয় এনেকৈ থাক তই???

– কি হৈছে মোৰ? ঠিকেইটো আছো৷

– তই কোনোবাৰ প্ৰেমত পৰিছ?

– ধুৰৰ৷

পূৰ্ব নিৰ্ধাৰিত প্লেন অনুসৰি মনোজে অতনুৰ ফোনটো লৈ দৌৰ মাৰে৷ অতনুৱে কিবা বুজি উঠাৰ আগতেই ফোনটো গোটেই গ্ৰুপৰ কব্জাত৷

“9706007524”

এই নম্বৰটোতেই ঘন্টাৰ পিছত ঘন্টা কথা পাতে অতনুৱে৷ শ শ মেছেজৰ আদান প্ৰদান৷

অতনু ধৰা পৰি যায়৷ সকলোৰে হেঁচাত সৈ কাঢ়িবলৈ বাধ্য হয়, প্ৰেমত পৰিছে সি৷

বাসৱী, এৰা বাসৱী তাইৰ নাম৷ যোৰহাট ইঞ্জিনিয়াৰিং কলেজৰ ফাইনেল ছেমিষ্টাৰৰ ছাত্ৰী৷ ফেচবুকতেই চিনাকী৷

অপৰ্ণাৰ অন্তৰে কান্দি উঠে৷ তাই অতনুৰ ভাল হোৱাটোৱেই সদায় কামনা কৰে৷ হলেও বাসৱীৰ প্ৰতি অন্তৰৰ কোনো এটা কোণত ইৰ্ষা জাগি উঠে তাইৰ৷

আজি অতনুৰ সেই আকাঙ্খিত দিন।

হয়তো অপৰ্ণাৰ বাবে সেই অতি অনাকাঙ্ক্ষিত দিন৷

আবেলি চাৰিটা বজাত দুয়ো অতনুৰ কলেজৰ মেইন গেইটৰ সন্মূখতেই লগ হ’ব৷

অতনু ৰৈ আছে কমাৰ্চ কলেজৰ গেইটৰ সন্মূখত৷

তিনিঘন্টা পাৰ হৈ গ’ল৷ সন্মূখৰ দোকানখনৰ পৰা অপৰ্ণা আগুৱাই আহিল৷

– তাই চাগে নাহিব অতনু৷

– জানো৷

– জান?? কেনেকৈ??

– মোৰ কপালেই বেয়া৷ কোনেও মোক ভাল নাপায় অ’৷ তাইৰ মবাইলো অফ৷

লাহে লাহে সকলো গোট খালে৷ কাৰো কথা নুশুনি সেই ৰাতি বাৰটালৈ অতনু তাইৰ আপেক্ষাত তাতেই থিয় হৈ ৰ’ল৷

তিনি দিন কলেজলৈ নাহিল সি৷ ফোন অফ, হোষ্টেলটো নাই অতনু৷

তিনি দিনৰ শেষত অপৰ্ণাৰ ফোনত বহু আকাঙ্খিত ফোনটো আহিল৷ এই বিশেষ ৰিংটোনটো তাইৰ ফোনত কমেই বাজে৷ কিন্তু যেতিয়া বাজে তেতিয়া অপৰ্ণাৰ সমগ্ৰ পৃথিৱীখনত বৃষ্টিৰ ঢল নামে৷

– অতনু তই ক’ত? সকলোৱে ইমান বিছাৰি আছে তোক৷

– আজি ৰাতি মই যোৰহাট যাম৷ তাইক এবাৰ সুধিম কিয় তাই এনেকুৱা কৰিলে৷

অপৰ্ণাৰ মনে বাৰে বাৰে কলে, তই নাযাবি৷ তই মোৰ বুকুৰ মাজত আহ৷ এবাৰ কেৱল চা কিমান ভাল পাওঁ তোক৷

মুখেৰে ক’লে, যা৷

– দুটা টিকট কাটিছো৷

– দুটা? আৰু কোন যাব?

– তই৷

– মই??

তাই ঘৰত কি বুলি মেনেজ কৰিলে সেয়া জনাৰ আমাৰ বিশেষ দৰকাৰ নাই৷ বৰ্তমান এইখিনি জানি থোৱা ভাল যে বাছৰ ভিতৰত অতনু অপৰ্ণাৰ কান্ধত ঢলি পৰিছিল৷

আৰু জানি থব পাৰে যে, অপৰ্ণাই তাক আতৰাই দিয়াৰ কোনো চেষ্টা নকৰিলে

***

– নাই ভাইটি, ইয়াত বাসৱী নামৰ কোনো নাথাকে৷

– নাই, আমাৰ বেটছত বাসৱী নামৰ কোনো ষ্টুডেন্ট নাই৷ আপুনি বাসনাৰ কথা কৈছে নেকি?

***

চাহদোকানখনত বহি আছে অতনু, কাষত অপৰ্ণা৷

– কি কৰো এতিয়া অপৰ্ণা?

– কি কৰিবি? বাসৱীক দেখোন বিছাৰিয়েই নাপালো৷

– তাকেই অ’৷

– তাই কিয় তোক মিছা ক’লে?

– একো ধৰিবই পৰা নাই অ’৷

– তই তাইক বহুত ভাল পাইছিলি ন’?

– এতিয়াও পাওঁ৷

তাৰপিছত বহুসময় কথা নাই৷

– তাই হয়তো আহিছিল৷ মোক দেখি পছন্দ নোহোৱা বাবে গুছি গ’ল৷

– হ’বই নোৱাৰে৷ তোক পচন্দ নকৰাৰ কোনো প্ৰশ্নই থাকিব নোৱাৰে৷

– মোক কোনেও ভাল নাপায় অ’৷

– পায়৷

– কোনে?

– আছে এজনী, তোৰ ওচৰতেই থাকে৷ তইহে চিনি নাপাৱ৷

– কোন অ’? ধৰিব পৰা নাই৷

অপৰ্ণাই কিবা ক’বলৈ মুখ মেলোতেই অতনুৱে হঠাৎ পকেটৰ পৰা ফোনটো উলিয়াই ধৰিলে৷

অলপ সময় পিছত ফোনটো ৰাখি বাহিৰত থিয় হ’ল অতনু৷ চকু মুখত উত্তেজনাৰ চিন স্পষ্ট৷

– বাসৱীয়ে ফোন কৰিছিল৷ তাইৰ আজি বিয়া৷ মাক দেউতাকে জোৰ কৰি ডাক্টৰ এজনৰ লগত তাইৰ বিয়া ঠিক কৰিছে৷

“প্ৰজাপতি বিবাহ ভৱন”৷

অতনুৰ বাহিৰে বেলেগ কোনোবাই তাইক স্পৰ্শ কৰাৰ কথাও তাই ভাবিব নোৱাৰে৷ অতনু নাহিলে তাই আত্মহত্যা কৰিব৷

– ৰিক্সা….

অতনুৰ চিঞৰত ৰিক্সা ৰৈ গ’ল৷ উঠিয়েই অপৰ্ণাই ক’লে,

– প্ৰজাপতি ভৱনলৈ বলা৷

****

দৌৰি বিয়াঘৰত সোমাল দুয়ো৷

দৰা কইনা ষ্টেজত বহি আছে৷ অতনুৱে কাকো কেৰেপ নকৰি দৌৰি গৈ কইনাৰ হাতত ধৰি ক’লে,
– বাসৱী, আই লাভ ইউ৷ বলা আমি যাওঁগৈ৷

গোটেই বিয়াঘৰ স্তব্ধ হৈ গ’ল৷ কইনাই লাহে লাহে ক’লে,

– আপোনাৰ কিবা ভুল হৈছে৷ মোৰ নাম আইভীহে৷

অপৰ্ণাই অতনুক টানি কাষলৈ লৈ আহিলে৷ ষ্টেজৰ পিছফালে ডাঙৰ ডাঙৰকৈ লেখা,
:: SAMUDRA WEDS IVY ::

– অতনু ইয়াত কোনো বাসৱী নাই৷ তোৰ কিবা ডাঙৰ ভুল হৈছে৷ বাহিৰলৈ ব’ল৷

হঠাৎ কোনোবাই যেন তাইক নাম ধৰি মাতিলে৷ এবাৰ ঘূৰি চালে তাই৷ কোনো নাই, হয়তো ভুল শুনিলে তাই৷

আৰু নৰল অপৰ্ণা৷ সকলোৰে মাজেৰে অতনুক টানি আনি বাহিৰৰ চাহদোকান এখনত বহিল দুয়ো৷

– চাহ খাবি?

– নাখাও৷

– চিগাৰেট?

– বিস্কুট?

– নাহ৷

– ভাইটি, দুটা গাখীৰ দিয়া চাহ দিবা৷

অলপ ৰৈ তাই আকৌ আৰম্ভ কৰিলে,

– তোৰ মনত আছেনে আমি তোৰ মবাইল কাঢ়ি লৈ তোৰ কল, মেছেজ ডিটেইল চাইছিলো৷

– হুমম৷

– সেই নম্বৰটো কাৰ নামত আছে তই জাননে?

– কাৰ?

– বাবুল ৰয়৷ বাবুল ৰয় কোন জান নহয়?

– কোন?

চাহৰ কাপত চুমুক দি অপৰ্ণাই ক’লে,

– তহতৰ হোষ্টেলৰ ৰান্ধনী৷ এতিয়া প্ৰশ্ন হৈছে তই বাবুলৰ লগত কিয় ঘন্টাৰ পিছত ঘন্টা কথা পাতিবি৷ তই গে নেকি?

মুৰ তল কৰি অতনু বহি আছে৷

– মই এয়াৰচেলৰ অফিচত গৈ গোটেই খবৰ লৈছো৷ সেই নম্বৰটোৰ পৰা কেৱল তোলৈ ফোন, মেছেজ আহে৷ চা অতনু মই কোনো ডিটেকটিভ নহয়, কিন্তু ইমানখিনি ময়ো বুজি পাওঁ৷ তই বাবুলৰ চিমখন ব্যৱহাৰ কৰি আছ৷

অতনু নিশ্চুপ।

– তোৰ এই বলিয়ালিৰ বিষয়ে মই আগতেই আন্দাজ কৰিছিলো৷ তথাপিও মই কিয় তোৰ লগত আহিছো জাননে?

কিয়?

– তোৰ মানসিক সমস্যাটো কিমান গম্ভীৰ তাক জানিবলৈ তই এটা মস্ত চাইকো অতনু৷ বাসৱী নামৰ কোনো নাই৷ বাসৱী তোৰ উৰ্বৰ মস্তিস্কৰ কল্পনা৷ তই এটা মোবাইলেৰে ফোন কৰি এটা ৰিচিভ কৰ৷ নিজেই নিজকে মেচেজ দি থাক৷

অতনুৱে যেন কথা কোৱাৰ শক্তি হেৰুৱাই পেলাইছে৷

– বিবাহ ভৱনলৈ তোক কোনেও মতাই নাছিল৷ তথাপি তই এইখন নাটক কৰিলি৷ কিয় অতনু কিয়??

তই হয় এটা মস্ত চাইকো নহ’লে ডাঙৰ এক্টৰ৷ চাইকো হ’লে তোক ভাল কৰিব পৰা যাবও পাৰে, কিন্তু অভিনেতা হ’লে? কিয় কৰি আছ এইবোৰ অতনু?? কিয়??

– যদি মই কওঁ তোৰ ওচৰত বহি এই অসম্ভৱ মূহুৰ্ততো এনেকৈ উপভোগ কৰাৰ বাবে৷

অপৰ্ণাৰ হাতৰ পৰা চাহৰ কাপ পৰি ভাঙি গ’ল৷

– সঁচা কৈছ?

-হুম।

– তই সঁচাকৈয়ে মোক…?

– মে বি।

– মে বি মানে কি?

– মে বি মানে মে বি।

– অই, বান্দৰামি নকৰিবি।

– বান্দৰামি কৰা নাই৷ চাব খুজিছিলো মোৰ দৰে পাগল এটাক তই সহ্য কৰিব পাৰ নে নাই৷

***

পৰবৰ্তী দিনবোৰ অপৰ্ণাৰ বাবে সপোনৰ দৰে হ’ল৷ তাইৰ সপোনে পূৰ্ণতা পাইছে৷ পিছে তাইৰ স্বপ্নভঙ্গ হ’বলৈ বেছিদিন নালাগিল৷

কাৰণ…..? অতনু৷

কিমান সপোন দেখিছিল তাই অতনুক লৈ৷ গোটেই জীৱন একেলগে কটোৱাৰ অঙ্গীকাৰ কৰিছিল দুয়ো৷

প্রথম কেইদিন ভালেই চলিছিল।

ফোন, মেছেজ, আউটিং…..

কিন্তু তাই মন কৰিলে মাজে মাজে অতনুৰ মন কোনো কাৰণ অবিহনে বেয়া হৈ যায়৷ তাই প্ৰথম ধৰিব পৰা নাছিল অতনুৰ হৈছে কি৷ তাক সুধিলেও একো নকয় সি৷ দিনে দিনে অতনুৱে যোগাযোগ কমাই আনিবলৈ ধৰিলে৷

সম্পর্কৰ বান্ধোন লাহে লাহে ছিঙিবলৈ ধৰিলে৷

হঠাৎ এদিন অপৰ্ণাই দেখিলে, অতনু ফোনত ব্যস্ত৷ মুখত এক অপাৰ্থিৱ হাঁহি৷ চাৰিওফালে কি চলি আছে অতনুৱে গমেই নাপায়৷

খপককৈ কিবা চিন্তা কৰি অতনুৰ পৰা ফোনটো টানি লৈ যায় তাই৷

বাসৱী!!!

আগৰ দৰেই সেইমুৰত কোনো নাই৷ আহত বাঘিনীৰ দৰে গৰ্জি উঠি ফোনটোক দুৰলৈ দলিয়াই ঘৰলৈ লৰ মাৰে তাই৷

আৰু অতনু?? কল্পনাৰ বাসৱীক সেইদিনা বিয়াঘৰৰ পৰা উদ্ধাৰ কৰিব নোৱাৰি অনুতাপত দগ্ধ সি৷

তাৰ হৃদয়ত এতিয়াও কেৱল বাসৱী!!

পিছদিনা কলেজলৈ আহোতে দেউতাকৰ মাতত থমকি ৰয় অপৰ্ণা৷

– কি কৰে ল’ৰাটোৱে?

দেউতাকে শূণ্যত তৰোৱাল ঘূৰোৱা মানুহ নহয়৷ কথা লুকুৱাই লাভ নাই বুলি জানি তাই লাহকৈ মাত দিলে,

– পঢ়ে, মোৰ লগত একেলগে৷

– ক’ত থাকে?

– গোৱালপাৰাৰ ল’ৰা৷ ইয়াতে হোষ্টেলত থাকি পঢ়ে৷

– মই খবৰবোৰ পাইছো৷ ক্লাছমেটক ভাল পোৱাটোত মোৰ বিশেষ আপত্তি নাই৷ কিন্তু পাগল এটাক ভাল পোৱাটোত মোৰ আপত্তি আছে৷

– সি পাগল নহয় দেউতা৷ অলপ মানসিক সমস্যা থাকিলেই জানো তাক পাগল বুলি ক’বা?

– যাৰ কোনো অস্তিত্বই নাই তাৰ সৈতে ঘন্টাৰ পিছত ঘন্টা কথা পতা তাৰমানে তোৰ মতে পাগলামি নহয়?

অপৰ্ণাক বুকু ঢপঢপাবলৈ ধৰিলে৷ দেউতাকে ভালকৈয়ে খবৰ লৈছে৷ তাই যোৰহাট যোৱা কথাটো জানে যদি সৰ্বনাশ৷

– তই সোনকালে সেই পাগলটোৰ লগত সম্পৰ্ক চেদ কৰ মাজনী৷ তোৰ বাবে এটা খুব ভাল বিয়াৰ প্ৰস্তাৱ আহিছে৷

– কি???

– অ’ মোৰ কলিগৰ চিনাকী ল’ৰা৷ অইলত কৰে৷ তোৰ মা আৰু মই ইতিমধ্যে খাটাং কৰিছো৷ তই ল’ৰাটোক কাইলৈ এবাৰ লগ কৰিবি৷

অপৰ্ণাৰ মুৰত তেতিয়া ভাগি পৰিছে সমগ্ৰ আকাশ৷

– দেউতা প্লিজ!!!

– মই তোৰ বেয়া হোৱাটো নিবিচাৰো৷ যি ভাবিছো৷ সেই পাগলটোৰ কথা ভাবিবলৈ বাদ দে৷

– তাৰ পিছত কন্দা- কটা, মৰম, গালি গালাজৰ এক অধ্যায়৷

কৰিশ্মা কাপুৰ, আয়েশা ঝুলকাৰ চিনেমাৰ যুগ পাৰ হৈ যোৱা বাবেই চাগে অপৰ্ণাৰ কলেজ যোৱা বন্ধ কৰা নহ’ল৷ ল’ৰাৰো পঢ়া শুনা কৰা ছোৱালী পচন্দ৷ গতিকেই তাই কলেজ যোৱাত কোনো বাধা নাপালে৷ কলেজ গৈয়েই তাই অতনুক সকলো খুলি কলে৷

– ল’ৰাটো ভাল৷ বিয়া পাতি পেলা৷

– কি?

– কলো যে বিয়াখন পাতি পেলা৷ ভাল ল’ৰা৷ মইতো চাইকো এটা৷

– ফাল্টু কথা বন্ধ কৰ৷ তোক এৰি মই জীয়াই থাকিব নোৱাৰো৷

– এনেয়েও সদায়ৰ বাবে জীয়াই নাথাক৷ এদিনটো মৰিবিয়েই৷

– উফফফ, তোক কথা কোৱাই ভুল৷

– আচ্ছা আচ্ছা, আৰু ফটুৱামি নকৰো৷

তাৰ পিছত চান্দমাৰী অভাৰব্ৰীজত দুঘন্টাৰ আলোচনা৷

পৰহি দুয়ো ঘৰ এৰি পলাব৷ অপৰ্ণাৰ তেজপুৰত থকা বান্ধৱীজনীৰ ঘৰত গৈ দুয়ো প্ৰথম উঠিবগৈ৷ তাৰ পিছত বাকী দেখা যাব৷

টিকট কটা হ’ল৷ প্লেনমতে অপৰ্ণা আগদিনাই সন্ধিয়া বান্ধৱী এজনীৰ ঘৰলৈ থকাকৈ গুছি গ’ল৷ অৱশ্যেই মাকৰ পাৰ্মিচন লৈ৷

বাছ পিছদিনা পুৱা পাঁচটাত৷ গোটেই ৰাতি তাইৰ টোপনি নাহিল৷ অতনুৱে দহবাৰমান ফোন কৰিলে৷ সি খুউব এক্সাইটেড৷

গোটেই ৰাতি সাৰে থকা বাবেই চাগে পুৱতি নিশা চিলমিলকৈ টোপনি আহিল তাইৰ৷ সপোনত দেখিলে এটা সুন্দৰকৈ সজোৱা কোঠাত কেৱল দুয়ো৷ এটা সময়ত অতনুৱে অপৰ্ণাক নিজৰ বুকুৰ মাজলৈ টানি নিলে৷ তাই বাধা নিদিলে৷ তাইক সাবটি লৈ অতনুৱে পৰম আবেগেৰে কবলৈ ধৰিলে,
– বাসৱী, মোৰ বাসৱী…..

টোপনিৰ পৰা খকমককৈ সাৰ পাই উঠিল অপৰ্ণা৷ ঘামি জামি তাই একাকাৰ৷ তাৰ পাছত বহুত চিন্তা ভাৱনা কৰি মোবাইলটো অফ কৰি টোপনি যাবলৈ যত্ন কৰিলে তাই৷

শান্তিৰ টোপনি৷

***
পাঁচটা ত্ৰিশ৷ মানুহে গালি গালাজ কৰি অতনুক অতীষ্ঠ কৰি তুলিছে৷ অপৰ্ণাৰ বাবে আৰু আপেক্ষা কৰিলে অতনু, ড্ৰাইভাৰ, কণ্ডাক্টৰ সকলোৱে পাব্লিক ধুলাই খোৱাৰ চান্স ক্ৰমাৎ বাঢ়ি আহিছে৷

অতনুৱে অসংখ্য যোগ এক বাৰ তাইৰ নম্বৰটো ডায়েল কৰিলে৷

চুইটচড্ অফ৷

অতনুৱে আকৌ ডায়েল কৰিলে৷ এইবাৰ বাসৱীক৷

ৰিং হ’ল৷ অতনুৱে পকেটৰ পৰা আনটো ফোন উলিয়ালে৷ ভাঁহি আহিল, ‘অতনু কলিং’!!!

সেউজীয়া বুটামটো টিপি দিলে অতনুৱে৷

– কি কৰিছা বাসৱী?

কোনো উত্তৰ নাই৷

– মোৰ কথা ভাবি আছা?

উত্তৰ নাই৷

– তাই মোক ঠগালে জানা৷ ঠিকেই কৈছিলা তুমি৷

সেইফালে আকৌ নীৰৱতা৷

– বাসৱী!!

উত্তৰ নাই৷

– একো নোকোৱা কিয়? কিয় এনেকুৱা কৰিছা? মোক এভইড কৰিছা তুমিওঁ?

গাড়ীখন গৈ এখন দলঙৰ ওপৰত উঠিল৷ বাছ চলিছে৷ তলত দলং খন৷ তাৰ তলত পানী৷

অতনুৱে বিৰবিৰালে,
– তোমাক বহুত ভাল পাওঁ বাসৱী৷ বহুত!!

পুলিচ আহি অতনুৰ দুয়োটা মবাইল সি বহা চিটতেই পালে৷ কানেকচন তেতিয়াওঁ অন কৰা৷ কেৱল অতনু হেৰাই গৈছিল পানীৰ মাজত৷

***
অতনুৱে আত্মহত্যা কৰিছে৷

অপৰ্ণাই এই খবৰ শুনিলে প্ৰচণ্ড শোকত ভাগি পৰিব৷ অনুতাপত দগ্ধ হৈ পৰিব৷ হাজাৰ হলেও তাইৰ প্ৰতাৰণাৰ বাবেই সি এই পৃথিৱীৰ মায়া এৰি গুছি গ’ল৷

আচৰিতভাৱে তেনেকুৱা একো নহ’ল৷

এক অদ্ভুত স্বস্তি অনুভৱ কৰিলে তাই৷

*****

আন্দামানৰ অপৰুপ সৌন্দৰ্য্যত অপৰ্ণা আপোনপাহৰা৷ হনীমুনৰ বাবে সিঁহত আহিছে৷ এক নতুন পৃথিৱী আৱিষ্কাৰৰ আনন্দত সকলো দুখ, কষ্ট, অনুতাপ পাহৰি গ’ল তাই৷

নিশাৰ এক নীবিড় মূহুৰ্তত অপৰ্ণাই বিৰবিৰাই উঠিল,
– অতনু, অতনু!!

একেজাপে তাইৰ পতি বিছনাৰ পৰা উঠিল৷

– অতনু কোন?

উত্তৰ হ’ব লাগিছিল কোনো নহয়৷

উত্তৰ আহিল, যাক মই ভাল পাইছিলো৷ এতিয়াও সমানেই ভাল পাওঁ৷

গোটেই ৰাতি তাইৰ পতি বিজয়ে বাৰাণ্ডাত পায়চাৰি কৰি কটালে৷

অতনু বিষয়ক আৰু কোনো কথাই নহ’ল দুয়োৰে মাজত৷

ঘূৰাৰ দিন আগুৱাই দিয়া হ’ল৷ বিমানত হঠাৎ বিজয়ৰ হাতত ধৰি অপৰ্নাই ক’লে,
– মোৰ ভুল হৈ গৈছিল৷ মোক ক্ষমা কৰি দিয়া৷ গোটেই ভুল মোৰ৷ এবাৰলৈ ক্ষমা কৰি দিয়া মোক৷

বিজয় নিশ্চুপ।

– অতনু মোৰ ক্লাচমেট আছিল৷ সি ভাল পাইছিল বাসৱীক৷ কিন্তু সমস্যাটো হ’ল বাসৱী নামৰ কোনো ছোৱালীৰ অস্তিত্ব নাছিল৷ তাই কেৱল আছিল তাৰ এক কল্পনা৷

বিজয়ক প্ৰথমবাৰৰ বাবে আগ্ৰহী যেন দেখা গ’ল৷

– অতনুৱে কল্পনাতেই খবৰ পালে তাইৰ বিয়া ঠিক হৈছে৷ বিয়াঘৰৰ পৰা তাইক উদ্ধাৰ কৰিবলৈ সি গ’ল, লগত মই৷ বিয়াঘৰত গৈ কইনাৰ হাতত ধৰি সি টানিবলৈ সাঁজু৷ অথচ কইনাই তাক নিচিনেই৷ কইনাৰ যে কোনো অস্তিত্বই নাই৷ সেয়া কেৱল তাৰ খেয়ালী মনৰ কল্পনা৷

– অদ্ভুত।

প্ৰথমবাৰলৈ বিজয়ে কিবা ক’লে৷

তাৰ অসহায় অৱস্থাই মোক লাহে লাহে তাৰ প্ৰতি আকৃষ্ট কৰে৷ কিন্তু শেষত মই নিজৰ ভুল বুজি পালো৷ আমি দুয়ো পলোৱাৰ কথা আছিল৷ কিন্তু মই শেষত আতৰি আহিলো৷ কিয় জানা?

– কিয়?

– কাৰণ সি তাইক একেবাৰেই পাহৰিব পৰা নাছিল৷ বাৰে বাৰে বুজোৱাৰ পিছতো সি সেই কাল্পনিক বাসৱীৰ সৈতে সম্পৰ্ক ৰাখি গৈছিল৷ ঘন্টাৰ পিছত ঘন্টা কথা পাতে, কিন্তু সেইপাৰে নাথাকে কোনো৷

– কি চাইকো৷ আচৰিত৷

বিজয় লাহে লাহে নৰম হ’বলৈ আৰম্ভ কৰিছে৷

– চাইকো বাবেই তুমি তাৰ লগত গুছি নগলা?

– নহয়৷ মই নগলো কাৰণ ভালপোৱাত প্ৰতিদানৰ দৰকাৰ৷ অতনুৱে মোক কোনোদিন ভাল নাপালে৷ ভৱিষ্যতেও নাপালেহেতেন৷ বাসৱী তাৰ প্ৰেম আছিল৷ মোক এনেকুৱা কোনোবা এজনৰ দৰকাৰ যি চিৰজীৱন মোকেই ভাল পায়, কেৱল মোক৷

– মই সেইজন হৈ দেখুৱাম অপৰ্ণা৷ মোক এটা সুঁযোগ দিয়া৷

প্ৰয়োজনতকৈ বেছি আবেগিক হৈ পৰিল বিজয়৷

***
– অতনু এতিয়া ক’ত?

মুখখন অন্যফালে ঘুৰাই দি অপৰ্ণাই কলে,

– ঢুকাইছে৷

– ঢুকাইছে? কেনেকৈ??

– আত্মহত্যা৷ বাছৰ খিৰিকীৰে নদীত জপিয়াইছিল৷

– অহ!

– সেই বাছখনত ময়ো যোৱা কথা আছিল, কিন্তু শেষত মই নগলো৷ হয়তো সেইবাবেই……
কথাখিনি শেষ কৰিব নোৱাৰিলে তাই৷

কোনো ভাব প্ৰকাশ নকৰাকৈ শুনি গলেও মনে মনে স্বস্তি অনুভৱ কৰিলে বিজয়ে৷

***
– তুমি এতিয়াই ঘৰলৈ আহা৷

– এতিয়া? এতিয়া মই অফিচত, অলপ জৰুৰী কাম আছে৷ কোৱাচোন কি হৈছে৷

– সেইবোৰ মই নাজানো৷ এতিয়াই আহা৷

– কিন্তু কিয়?

– আহিবা নে কোৱা?

– অপৰ্ণা বুজিবলৈ চেষ্টা কৰা অফিচত বহুত কাম৷ অলপ সোনকালে যাম বাৰু৷

ফোনটো কাটি গ’ল৷ বিজয়ে আকৌ ডায়েল কৰি চালে৷ ফোনটো বন্ধ৷

আনদিনাতকৈ অলপ সোনকালে ঘৰলৈ উভতিল বিজয়৷ বিজয়ক দেখিয়েই হুকহুকাই কান্দি উঠিল অপৰ্ণা৷
– নাকান্দিবা অপৰ্ণা৷ আহিছো দেখোন সোনকালে৷ কি হৈছে কোৱাচোন৷

বিজয়ক সাবটি হুকহুকাই কান্দিবলৈ ধৰিলে অপৰ্ণাই৷
– অতনু মোৰ বাবেই মৰিল৷ মই সেইদিনা তাৰ লগত গুছি যাব লাগিছিল৷ মোৰ ডাঙৰ ভুল হৈ গ’ল৷

এটা যেন কুৎসিত, ঘৃণনীয় প্ৰানীক বুকুৰ মাজত আকোৱালি আছে, তেনেকুৱা ভাব হ’ল বিজয়ৰ৷

কোন এই অতনু? অপৰ্ণাই কিবা লুকুৱাইছে নেকি? গোটেইখিনি নজনালৈ বিজয়ে শান্তি নাপাব৷ এই মূহুৰ্তত তেনেকুৱাই অনুভৱ হ’ল তাৰ৷

শহুৰৰ ঘৰৰপৰা অতনুৰ বিষয়ে কোনো সন্তোষজনক খবৰ পোৱা নগ’ল৷ কিবা যেন লুকুৱাব খুজিছে বিজয়ৰ পৰা৷

বন্ধু মহলতো একেই৷ অতনুৰ কথা সুধিলে সকলৱে কিবা ইতস্তত বোধ কৰে৷
অৱশেষত অপৰ্ণাৰ ক্লাছমেট ভাৰ্গৱে সকলো কথা খুলি ক’লে৷

***

ৰাতি বাৰটা বাজিছে৷ বিজয়ে একেৰাহে অপৰ্ণাক চাই আছে৷
– এনেকৈ চাই আছা যে? কি হ’লনো?

– তুমি অতনুক কিমান ভাল পাইছিলা?

– আজি হঠাৎ অতনুৰ কথা যে? অতনু এটা অতীত৷ মই আগতেই কৈছো সেয়া মোৰ ভুল আছিল৷

– ভুল- শুদ্ধ বাদ দিয়া৷ মোৰ প্ৰশ্নৰ উত্তৰ দিয়া৷ ভাল পাইছিলানে নাই৷

– পাইছিলো৷

– চিওৰ?

– হুম।

– অতনুৰ ৰোল নম্বৰ কিমান আছিল?

– ৰোল…….ঠিক মনত নাই৷ ২৭ বা ৩৭ হ’ব৷ কিয় সুধিলা?

– তাৰ দেউতাকে কি কৰিছিল?

– কিবা অফিচ এটাত চাকৰি কৰিছিল৷

– শেষৰ পৰীক্ষাটোত তাৰ পাৰ্চেন্টেজ কিমান আছিল?

– ৭৩%৷

– তাৰ কোনখন হাতত সৰুতে অপাৰেচন হৈছিল?

– সোঁহাতত৷

– তাৰ চুলি কিমান দীঘল আছিল?

– কান্ধত পৰা আছিল৷

– তাৰ ৰোল নম্বৰ কিমান আছিল?

– ৩২৷

লাহেকৈ পকেটৰ পৰা কাগজ এখন ওলালে বিজয়ে৷
– ৰোল নম্বৰ ২৭ জয়দীপৰ, ৩৭ কৌশিকৰ আৰু ৩২ বিশালৰ৷ অতনুৰ ৰোল নম্বৰ কিমান জানা?

– কিমান?

– শূন্য৷ তোমাৰ লগত অতনু নামৰ কোনো ল’ৰা পঢ়ায়েই নাছিল অপৰ্ণা৷

– কি???

– হয় অপৰ্ণা৷ ক’বলৈ টান লাগিলেওঁ অতনুৰ বিষয়ে তুমি কোৱা পাগলামিবোৰৰ আছল চিকাৰ আছলতে তুমি৷

অপৰ্ণাৰ চকু মুখে ফুটি উঠিছ চূড়ান্ত অবিশ্বাস আৰু অস্বস্তি৷
– হ’বই নোৱাৰে৷ মই অতনুক কিয় কল্পনা কৰিবলৈ যাম?

– ময়ো নাজানো৷ হয়তো তুমি সদায় মনৰ মাজত ড্ৰীম বয়ৰ ছবি এখন লৈ ফুৰিছিলা, যি বাস্তৱ জীৱনত কেতিয়াওঁ তোমাৰ জীৱনলৈ নাহিল৷ তোমাৰ সকলো বান্ধৱীৰেই বয়ফ্ৰেইণ্ড আছিল, তোমাৰ বাহিৰে৷ হয়তো অজানিতে তোমাৰ মনতো জাগিছিল প্ৰেমৰ অতৃপ্ত বাসনা৷ হয়তো এইবোৰেই জন্ম দিছিল অতনুৰ, যাৰ প্ৰকৃততে কোনো অস্তিত্বই নাই৷

কিছুসময়ৰ নীৰৱতাৰ অন্তত অপৰ্ণাই মাত দিলে,
– তাৰমানে অতনুৰ সমস্যাবোৰত মইহে আক্ৰান্ত??
কান্দিবলৈ ধৰিলে তাই৷

– নাকান্দিবা অপৰ্ণা৷ তোমাক মই বহুত ভাল পাওঁ৷ ৰাজৰাণী কৰি ৰাখিম তোমাক৷ তুমি এই কল্পনাৰ ৰাজ্যৰ পৰা ওলাই আহা৷

***

লাহে লাহে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিল৷

এমাহ পিছত৷ বিজয়ে বাৰে বাৰে কলিং বেল বজোৱাৰ পিছত অপৰ্ণাৰ কোনো সাৰিশব্দ নাই৷ শেষত উপায় নাপায় এক্সট্ৰা চাবিপাট ব্যৱহাৰ কৰি বিজয় ঘৰত সোমাল৷

অজান আশঙ্কাত বুকুখন কপি আছিল বিজয়ৰ৷ সন্দেহ কৰাটোৱেই হয়৷

বিছনাত পৰি আছে অপৰ্ণা৷ চাৰিওফালে এগাল টেবলেটৰ খালী পেকেট৷

টেবুলত এখন চিঠি৷

” মোক ক্ষমা কৰি দিবা৷ তুমি যিমান কলেওঁ অতনুৰ মৃত্যুৰ বাবে ময়েই দায়ী৷ মই তাক হত্যা কৰিছো৷ মোৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই৷

ওচৰৰ হস্পিটেললৈ লগে লগে লৈ যোৱা হ’ল তাইক৷ ডাক্টৰৰ কৃপাত সেইবাৰলৈ নিৰাপদে ঘৰলৈ ঘূৰি আহিল অপৰ্ণা৷

***
বিজয়ে জোৰ দিয়াৰ পিছতো অপৰ্ণা চাইকিয়াট্ৰিস্টৰ ওচৰলৈ যাবলৈ সাঁজু নহ’ল৷ অতনুৰ কথা তাই কেতিয়াওঁ নাভাবে৷ আত্মহত্যাৰটো প্ৰশ্নই নাহে৷

কথা নাৰাখিলে তাই৷ দুবাৰ আত্মহত্যাৰ চেষ্টা কৰিলে তাই৷ চকু কান মুদি সকলো সহ্য কৰি গ’ল বিজয়ে৷ সি যে পাগলীজনীৰ প্ৰেমত পৰি গৈছে৷

এদিন ৰাতি অপৰ্ণাৰ প্ৰচণ্ড জ্বৰ৷ গোটেই ৰাতি বিজয় তাইৰ কাষত সাৰে বহি থাকিল৷ পুৱতি নিশা চিলমিলকৈ টোপনি আহোতেই কিবা গুণগুণনি শুনিবলৈ পালে সি৷
– মোক ক্ষমা কৰি দিয়া অতনু… মোক ক্ষমা কৰা৷ প্লিজ!!

নিজৰ অজানিতে হাতৰ মুঠি টান হৈ পৰিল তাৰ৷ ক’ব নোৱাৰাকৈ মুখৰ পৰা ওলাল এষাৰী বাক্য,
– তোক মই মাৰি পেলাম অপৰ্ণা৷ চাই থাক!!

**
– তাৰপিছত?

লিখা বন্ধ কৰিলে সুধিলে সমুদ্ৰই৷ অতি কম সময়তে চাইকিয়াট্ৰিস্ট হিচাপে যথেষ্ট নাম কৰিবলৈ সক্ষম হৈছে সমুদ্ৰ৷

– তাৰপিছত৷ তাৰপিছত লাহে লাহে অপৰ্ণাৰ প্ৰতি মোৰ ভালপোৱা লাহে লাহে ঘৃণালৈ পৰিবৰ্তন হ’ব ধৰিলে৷ তাইক হত্যা কৰাৰ প্লেন তৈয়াৰ কৰাত লাগি গলো মই৷ কেনেকৈ হত্যা কৰো তাইক, কিদৰে কৰিলে কোনেও একো শুংশুত্ৰ নাপায়৷ কেনেকৈ তাইক বেছি কষ্ট দি মাৰিব পাৰো৷ সেইবোৰ চিন্তাই মোক খুলি খাব ধৰিলে৷

জীৱনটোৱেই খেলিমেলি হৈ গ’ল৷ ঘৰলৈ যিমান ৰাতিকৈ পাৰি যাওঁ৷ অফিচতেই বহি থাকো৷ ৰাস্তাত ঘূৰি ফুৰো৷ ভয় লাগে, পাগলামিবোৰ বেছিকৈ দেখি থাকিলে সঁচাকৈয়ে কিজানি তাইক মাৰিয়েই পেলোৱা যাব৷

অৱশেষত এদিন মোৰ মুখলৈ হাঁহি উভটি আহে৷ তাই প্ৰেগনেন্ট হোৱা খবৰটো মোক দিয়ে৷ আকৌ তাইক ভালপাবলৈ আৰম্ভ কৰো৷ তাইৰ মুখতো আৰু অতনুৰ কথা নুশুনা হ’লো৷ তাৰপিছত….

আগ্ৰহী স্বৰেৰে সমুদ্ৰই সুধিলে,

– তাৰপিছত?

– সেই আকাঙ্খিত দিনটো আহে৷ আমাৰ মাজলৈ এক দেৱশিশুৰ আগমন হয়৷ সুখ কি বস্তু সেয়া মৰ্মে মৰ্মে উপলব্ধ কৰিছিলো সেইদিনা৷

*******

– চোৱা আমাৰ বাবাটোৰ নাকটো একেবাৰে মোৰ দৰে৷

– অ’, তোমাৰ দৰেই হ’ব দেখিবলৈ৷

– কি মৰমলগা ন’? নহ’বনো কিয় নাকটো বাদ দি গোটেইখিনি দেউতাকৰ কাৰ্বন কপি৷

গৰ্বত বুকু ফুলি যায় বিজয়ৰ৷

– কি নাম ৰাখিলে ভাল হ’ব অপৰ্ণা৷ অৰ্পন ৰাখো নেকি? তোমাৰ লগত মিলিব৷

– নাহ৷ ল’ৰাৰ নাম দেউতাকৰ লগত মিলিলেহে ভাল লাগে৷ আচ্ছা কোৱাচোন কৃষাণু নামটো কেনেকুৱা হ’ব?

– বঢ়িয়া৷ ভাল লাগিছে নামটো৷

– তেনেহ’লে কৃষাণু ফাইনেল৷ ধুনীয়াকৈ অতনুৰ নামৰ লগত মিলি যাব৷

******

খঙত ফাটি পৰিলো মই৷ ভাৱ হৈছিল তেতিয়াই মাক- পুতেক দুয়োকে হত্যা কৰি নিজেও মৰি যাওঁ৷ কিন্তু কেচুৱাটোলৈ কিবা মায়া ওপজি নোৱাৰিলো৷

কিবা কৰক ডাক্টৰ৷ মই নোৱাৰিছো আৰু৷

সমুদ্ৰই গভীৰ মনোযোগ দি কিবাকিবি লিখিলে৷ তাৰপিছত ক’লে,
– আপুনি চিন্তা নকৰিব৷ কিবা এটা ব্যৱস্থা কৰিম মই৷ আজি মই আপোনাক বেছি সময় দিব নোৱাৰিম৷ মোৰ ফালৰ পৰা এটা উপদেশ, আজি আপুনি ঘৰৰ বাহিৰত থাকক৷ আপুনি আজি আকৌ ভায়লেন্ট হৈ পৰিব পাৰে, ৰিস্ক লোৱাৰ কোনো দৰকাৰ নাই৷
– ডাক্টৰ আপুনি মোৰ সমস্যাটো এতিয়ালৈ শুনাই নাই৷ মই কিয় আপোনাৰ ওচৰলৈ আহিছো শুনক৷
– বিজয় ডাঙৰীয়া, সেই বিষয়ে আমি অবাবাৰ ভালকৈ কথা পাতিম৷ অহা শুক্ৰবাৰে গধুলি সময় লৈ আহিব৷ মই ভালদৰে জানো আপুনি কি ক’ব৷ যদি বিশ্বাস হোৱা নাই তেন্তে আপুনি এখন কাগজত কথাখিনি লিখি লৈ আহিব৷ মই কোৱাৰ পিছত চাব৷
– কিন্তু ডাক্টৰ৷

বিজয়ক কোনো কথা কোৱাৰ সুযোগ নিদি ওলাই আহিল সমুদ্ৰ৷
বাহিৰলৈ ওলায়েই সমুদ্ৰই কোনোবাক ফোন কৰিলে,

– এইবাৰ সকলো ঠিক হ’ব যেন লাগিছে সোনকালে৷

****
আজি শুক্ৰবাৰ৷

টেবুলৰ ওপৰত এখন ভাঁজ কৰা কাগজ৷ য’ত বিজয়ৰ প্ৰকৃত সমস্যা লেখা আছে৷
সমুদ্ৰই সেইখন চোৱাই নাই৷

– ডাঙৰীয়া, আপোনাৰ কেচটো মই অলপ ষ্টাডী কৰিলো৷ দুটামান প্ৰশ্ন সোধো আপোনাক, যদিহে আপোনাৰ আপত্তি নাই৷
– নিশ্চয় ডাক্টৰ৷

-আপোনাৰ নাম?

– বিজয় চৌধুৰী৷

– আপোনাৰ নামটো কোনে ৰাখিছিল?

– দেউতাই৷

– আপোনাৰ দেউতাৰ নাম?

– উমেশ চৌধুৰী৷

– ককাৰ নাম?

– ককাৰ নাম….. এইমূহুৰ্তত ঠিক মনলৈ অহা নাই ডাক্টৰ৷

– আপুনি ক’ত চাকৰি কৰে৷

– অইলত৷

– আপোনাৰ পত্নীৰ নাম?

– আপুনি জানেই ডাক্টৰ, অপৰ্ণা৷

– মই সম্পূৰ্ণ নামৰ কথা কৈছো৷

– হমমমমম৷ বিয়াৰ আগত কি উপাধি আছিল মনত পৰা নাই৷ বিয়াৰ পিছত চৌধুৰী৷

– আপোনাৰ বয়স?

– ৩৫৷

– আপুনি নীহাৰ বৰুৱা নামৰ কোনোবাক চিনি পায়?

– নাই নাপাওঁ৷

– কেতিয়াবা লিখামেলা কৰিছে?

– সৰুতেই স্কুল মেগাজিনত৷

– মোক আপুনি কেতিয়াৰ পৰা চিনি পায়?

– যোৱাবাৰ আহোতেই আপোনাক প্ৰথম দেখা৷

সমুদ্ৰই বেগৰ পৰা এখন পুৰনা ফটো উলিয়ালে৷ এজন মানুহ আৰু এটা কিশোৰৰ৷

– এয়া কোন চিনি পাইছে?

বিজয়ে ফটোখন লৈ মনোযোগেৰে চোৱাত লাগিল৷ অলপ অলপ চিনাকী যেন লাগিলেওঁ ঠিক ধৰিব নোৱাৰিলে বিজয়ে৷

– নাই৷ ঠিক ধৰিব পৰা নাই৷

– এই ল’ৰাজনকো ধৰিব পৰা নাইনে?
বহুত সময় মনোযোগেৰে চাই বিজয়ে ক’লে,
– আপুনি?

– হয় ময়েই৷ মোৰ কাষৰজন হ’ল নীহাৰ বৰুৱা৷ খুব টেলেন্টেড লিখক আছিল৷ আজিৰ বহু লিখকে তেওঁৰ আগত পাত্তাই নাপাব৷ কিন্তু এওঁৰ সমস্যা কি আছিল জানে?

– কি?

– এখেতৰ কিতাপ বিক্ৰী নহৈছিল৷ হয়তো মানুহে তেওঁৰ চাইকোল’জিকেল বাখ্যাবোৰ বুজিয়েই নাপাইছিল৷ আমাৰ পঢ়ুৱৈসকলৰ বাজেটে তেওঁৰ পাগলামিবোৰ কিনিবলৈ উৎসাহ নাপাইছিল৷

– হমমম৷

– আপুনি মন কৰিলে দেখিব ফটোখনত তেখেতে এখন কিতাপ লৈ আছে৷ হয়তো তেখেতে লিখা শ্ৰেষ্ঠ কিতাপ৷ নাম বিষন্নতা৷ এইখনে তেওঁৰ কেৰিয়াৰৰ গ্ৰাফ সলনি কৰি দিব বুলি তেওঁ নিশ্চিত আছিল৷

– তাৰপিছত?

– একেই৷ আগৰবাৰৰ দৰে আকৌ ফ্লপ৷ হতাশ, বিধস্ত নীহাৰ বৰুৱাই মানুহৰ লগত মাতবোল বন্ধ কৰি দিলে৷ নিজৰ পত্নী, ল’ৰাটোকো অচিনাকীৰ দৰে ব্যৱহাৰ কৰা হ’ল৷

এদিন তেখেত নিৰুদ্দেশ হ’ল৷ ক’ত গ’ল কোনেও নাজানিলে৷
– তাৰপিছত?

– সকলো কম৷ তাৰ আগত বিষন্নতাৰ ঘটনাটো অলপ কৈ লও আপোনাক৷ বিষন্নতাৰ নায়কজনৰ নাম কি জানে?

– কি?

– বিজয় চৌধুৰী৷ পত্নীৰ নাম অপৰ্ণা৷

– হোৱাট??

– হয়৷ কাহিনীত অতনু, বাসৱী, অপৰ্ণা, বিজয় সকলো আছে৷ বিজয়ে শেষত অন্তিম আশা হিচাপে চাইকিয়াট্ৰিস্টৰ ওচৰলৈ আহে৷ গোটেই কাহিনী তেওঁক কৈ শেষত বিজয়ে ……

এইখিনিলৈ কৈ বিজয়ে ভাঁজ কৰি যোৱা কাগজখন খুলি বিজয়ৰ ফালে মেলি ধৰি সমুদ্ৰই আকৌ ক’বলৈ আৰম্ভ কৰিলে,
– বিজয়ে ভালকৈ জানে অপৰ্ণা আৰু সন্তানটো বিজয়ৰ কল্পনা মাত্ৰ৷ অপৰ্ণা নামৰ কোনো বিজয়ৰ জীৱনত নাই৷ অথচ তাইৰ প্ৰতি থকা ঘৃণা বিজয়ে অলপো কমাব পৰা নাই৷ সেয়াই বিজয়ৰ সমস্যা৷

চক খাই উঠিল বিজয়৷ কাগজখনত লিখা আছে, ” মই জানো অপৰ্ণা মোৰ কল্পনা৷ কিন্তু সেয়া মোৰ সমস্যা নহয়৷ মোৰ সমস্যা হ’ল সকলো জনাৰ পিছতো মই তাইক হত্যা কৰিবলৈ চটফটাই থাকো”৷

ডাক্টৰজন ভীষণ টেলেন্টেড৷ মনে মনে স্বীকাৰ কৰিবলৈ বাধ্য হ’ল বিজয়৷

– কিন্তু ডাক্টৰ মোৰ কাহিনী কিতাপখনৰ লগত হুবহু কেনেকৈ মিলি গ’ল৷ কিতাপখনটো বহুত আগতে লিখা৷

– বঢ়িয়া প্ৰশ্ন৷ উত্তৰ পাবলৈ আকৌ নীহাৰ বৰুৱাৰ ওচৰলৈ উভটি যাওঁ৷ এইখন কিতাপো পাঠকে আদৰি নোলাৱাত চুড়ান্ত হতাশ হৈ পৰিল তেখেত৷ হয়তো চৰিত্ৰবোৰৰ মাজলৈ সোমাব পৰা নাই তেওঁ৷ লাহে লাহে নিজেই গম নোপোৱাকৈ তেওঁ চৰিত্ৰবোৰৰ মাজত গভীৰভাৱে সোমাই পৰিল আৰু এদিন গল্পৰ নায়ক বিজয় চৌধুৰী ৰুপে জীৱন যাপন কৰিবলৈ লাগিল৷
নীহাৰ বৰুৱাৰ এই দ্বিতীয় সত্ত্বা লাহে লাহে বেছি শক্তিশালী হ’বলৈ ধৰিলে৷ কেতিয়া তেওঁ বিজয়, কেতিয়া নীহাৰ বৰুৱা হৈ পৰে তেওঁ নিজেওঁ ধৰিব নোৱাৰা হ’ল৷ শেষত বিজয়ে নীহাৰ বৰুৱাক গ্ৰাস কৰি পেলালে আৰু শেষত ৰৈ গ’ল কেৱল বিজয়৷

ইমানপৰে চাগে বুজিছেই যে আপুনিয়েই বিজয় ওৰফে নীহাৰ বৰুৱা৷ যিবোৰ কথা বিষন্নতা কিতাপখনত আছে আপুনি তাৰহে উত্তৰ দিব পাৰিছে, বাকীবোৰ আপুনি একো নাজানে৷

বিজয় মৌন হৈ আছে, সত্যক হজম কৰাৰ চেষ্টা কৰিছে৷ মুৰটোৱে অলপো কাম কৰা নাই৷
– ডাক্টৰ মোক এটা কথা কওঁক, যদি আপোনাৰ কথা সঁচা বুলি অলপ সময়ৰ বাবে মানিও লওঁ, তেন্তে এই ফটোখনৰ অৰ্থ কি? যদি মই নীহাৰ বৰুৱা হয়, তেন্তে মই কিদৰে আপোনাৰ লগত?

– আপুনি নিজকে নীহাৰ বৰুৱা হিচাপে আকৌ ভাবিবলৈ আৰম্ভ কৰক, হয়তো আপুনি প্ৰশ্নৰ উত্তৰ নিজেই পাব৷ মনত পৰিব আপোনাৰ কিতাপৰ চাইকোল’জিকেল বাখ্যাবোৰৰ টিপচ ময়েই দিছিলো৷

– আপুনি?? কেনেকৈ?? আপনাক মই কেনেকৈ আগৰ পৰা চিনি পাওঁ? আপোনাৰ মোৰ লগত সম্পৰ্ক কি??

– আপোনাৰ সঁচাকৈয়ে একো মনত পৰা নাই?

– নাই৷ কেৱল মুৰটো ফাটি যাব যেন লাগিছে৷

– আপুনি মোৰ ভিনদেউ৷

***

নীহাৰ বৰুৱাই কোনোমতেই বিশ্বাস কৰিব পৰা নাই যে তেওঁ বিজয় চৌধুৰী নহয়৷

– ডাক্টৰ মই কি হৈছে একোৱেই ধৰিব পৰা নাই৷ যদি মই নীহাৰ বৰুৱা হয় তেন্তে মোৰ পত্নী আৰু ল’ৰাটো ক’ত? মই নিজৰ পৰিয়ালৰ কথা এনেকৈ পাহৰিম নে?

– দুৰ্ভাগ্যক্ৰমে আপুনি পাহৰিছে৷ কাইলৈ আপোনাৰ সতে মই দুয়োকে লগ কৰাই দিম৷

– মোৰ ল’ৰাটো কিমান ডাঙৰ?

– ২১ বছৰ৷

– ২১? তেনেহ’লে মোৰ বয়স কিমান?

– ৫১৷ আপুনি ভাবি থকাৰ দৰে আপুনি ৩৫ বছৰীয়া বিজয় নহয়৷ আপুনি ৫১ বছৰীয়া নীহাৰ বৰুৱাহে৷ চিন্তা নকৰিব, অতি সোনকালে এখন বিয়াত আপুনি সিহঁতক দেখা পাব৷

– কাৰ বিয়া৷

– মোৰ, কাইলৈ৷
***

ষ্টেজত কইনাৰ সৈতে সমুদ্ৰ৷ বিবাহভৱনৰ এটা কোণত নিজৰ পত্নী আৰু পুত্ৰক সাৱটি কন্দাকটা কৰিছে নীহাৰ বৰুৱাই৷

ফটোচেচনৰ মাজে মাজে আৰ চকুৰে আইভীক চাই আছে সমুদ্ৰই৷ ইমান ধুনীয়া তাই৷ মুগ্ধ হৈ পৰিল সি৷

**

হঠাৎ দীঘলচুলীয়া ল’ৰা এটা দৌৰি আহি আইভীৰ হাতত ধৰি ক’লে,

– বাসৱী, আই লাভ ইউ৷ বলা আমি যাওঁগৈ৷

গোটেই বিয়াঘৰ স্তব্ধ হৈ গ’ল৷ কইনাই লাহে লাহে ক’লে,

– আপোনাৰ কিবা ভুল হৈছে৷ মোৰ নাম আইভীহে৷

নীহাৰ বৰুৱাই ষ্টেজলৈ অবাক হৈ চাই আছে৷ ল’ৰাটোক টানি লৈ যোৱা সেইজনী দেখোন অপৰ্ণা৷

নীহাৰ বৰুৱাই চিৎকাৰ কৰি উঠিল,

– অপৰ্ণা!!

ছোৱালীজনী ৰৈ এপলকৰ বাবে তেওঁক চালে৷ এই চাৱনি যে নীহাৰ বৰুৱাৰ অতিকে চিনাকী৷

অপৰ্ণাই তেওঁক চিনি নাপায়!!
***

উপসংহাৰ::

সমুদ্ৰ ৰুমত সোমাইছে৷ আইভী ইতিমধ্যে শুই পৰিছে৷ আস কি সৌম্দৰ্য্য৷

লাইটটো নুমাই আইভীৰ কাষলৈ আহিল সমুদ্ৰ৷ হঠাৎ নীহাৰ বৰুৱাৰ কথা মনলৈ আহিল সমুদ্ৰৰ৷

কাকতালীয় ভাবে অতনুৱে তাৰ কাল্পনিক প্ৰেয়সীক বিচাৰি অহা ঘটনাটো বিয়াৰ দিনা হ’ল৷ তাৰ একো বাখ্যা সমুদ্ৰই বিছাৰি পোৱা নাই৷ কি হ’ল আছলতে?

বোধহয় এয়াও নীহাৰ বৰুৱাৰেই সৃষ্ট কোনো প্লটৰ ৰুপায়ণ৷ কোনে জানে৷ আৰু ভাবিবলৈ মন নগ’ল সমুদ্ৰৰ৷

লাহেকৈ সাৱটি ধৰিলে আইভীক৷ এতিয়া আৰু সেই খেলিমেলিবোৰে তাক আমনি কৰা নাই৷ কিবা এক অদ্ভূত ভাললগাই আকোৱালি ল’লে সমুদ্ৰক৷

বাসৱী!! কি অদ্ভূত৷ গল্পৰ বাসৱীয়ে কিয়বা মিছা কথা কৈ অতনুক আইভী বোলাজনীৰ বিয়ালৈ পঠিয়াইছল৷ আৰু সেইদিনা বিয়াটো একেই ঘটনা৷

কি কাকতালীয় সংযোগ!!

বাসৱী৷ মনৰ মাজতে নামটো উচ্চাৰণ কৰিলে সি৷ কি সুন্দৰ নাম৷

বাসৱী! বাসৱী! বাসৱী! ল’ৰাজনৰ ঠাইত নিজকে কল্পনা কৰি চালে সি৷ কি পাগল ল’ৰা৷ বেলেগৰ বিয়াত এনেকৈ সোমাই আহিছে৷ অদ্ভূত৷

আইভীৰ মুখলৈ চালে সমুদ্ৰই৷ কি নিষ্পাপ মুখ৷ লাহে লাহে ক’লে,
– তোমাক দেখি ময়েই সকলো পাহৰি যাওঁ৷ বেলেগৰ কথানো কি কম৷ আজি অলপ পাগলামি কৰিবলৈ মন গৈছে৷ আজিৰ বাবে মই অতনু আৰু তুমি মোৰ বাসৱী৷ হ’বনে?

আইভী গভীৰ নিদ্ৰাত মগ্ন৷

সমুদ্ৰই লাহেকৈ আইভীৰ কানৰ কাষত গৈ ক’লে,

– অই বাসৱী উঠা৷ বলা আমি কৰবালৈ পলাই যাওঁ৷

টোপনিতে এটা দেখ নেদেখ হাঁহি মাৰিলে আইভীয়ে৷ সমুদ্ৰ আৰু ওচৰ চাপি আহিল৷ ফুচফুচাই ক’লে,

– এই বাসৱী, বাসৱী!! বাসৱী!!

টোপনিতে সমুদ্ৰক সাৱটি আইভীয়ে লাহেকৈ ক’লে,

– উমমমম….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments