উলুৱনী জয়পুৰৰ ডাঙৰীয়া দেউতা (যুগল চন্দ্ৰ বৰা)

উলুৱনী জয়পুৰৰ ডাঙৰীয়া দেউতা

(ভৌতিক গল্প)

জোনাই মহকুমাৰ উলুৱনী এক বৃহৎ অঞ্চল৷ আগেয়ে এই অঞ্চলত কোনো মেল-মিটিং হ’লে তেলাম নিবাসী নৰকান্ত পেগুক নিমন্ত্ৰণ নজনোৱাকৈ নাথাকে; কিন্তু বড়ো জনগোষ্ঠী অধ্যুষিত এই অঞ্চলৰ ৰাইজে বড়ো আন্দোলনৰ সহযোগী হোৱাৰে পৰাই বহুদিন ধৰি নৰকান্তক সেই অঞ্চলৰ কোনো মেল-মিটিঙলৈ নমতা হ’ল৷

আজি বহু দিনৰ বিৰতিত উলুৱনী অঞ্চলৰ এখন ৰাজহুৱা সভালৈ নৰকান্তই এখন নিমন্ত্ৰণী পত্ৰ পাইছে৷ সেইয়েহে তেওঁৰ মনটো ফৰকাল লাগি যোৱা যেন অনুভৱ কৰিছে৷ ৰজনী বড়ো দেৱৰ জন্মজয়ন্তী উৎসৱলৈ নিমন্ত্ৰণ৷ স্থান উলুৱনী জয়পুৰ প্ৰাথমিক বিদ্যালয়৷ সভালৈ নৰকান্তক বিশিষ্ট অতিথি স্বৰূপে আমন্ত্ৰণ কৰিছে৷ অঞ্চলটোৰ বিভিন্ন জাতিৰ সমন্বয়ৰ কথা চিন্তা কৰি নৰকান্তই মিটিঙলৈ যোৱাটো মনস্থ কৰিলে৷ ৰজনী বড়ো , বড়ো অনাবড়ো সকলোৰে বাবেই আছিল এজন দেৱতা বা অৱতাৰী পুৰুষ৷ তেনে এক মহান ব্যক্তিৰ বিষয়ে সৎ আলোচনা এটা হ’ব বুলি ভাৱি নৰকান্তৰ ভাল লাগিল –য’ত ৰজনী বড়োৰ নাম উচ্চাৰিত হ’ব পুন্যাত্মা স্বৰূপে৷ পৰম পৰোপকাৰী ৰজনী বড়োৰ মৃত্যু হোৱা বহু বছৰ হ’ল যদিও বুৰঞ্জীত স্থান নোপোৱা কৃষক বন্ধুজনক কিন্তু এই অঞ্চলৰ ৰাইজে সদায়ে স্মৰণ কৰি আহিছে৷

আহিন মাহৰ পূৰ্ণিমা তিথিৰ দিনা ৰজনী বড়োৰ জন্ম হৈছিল৷ সেই দিনাও আছিল আহিন মাহৰ পূৰ্ণিমা তিথি৷ সোমবাৰ৷ তেলামৰ পৰা চাইকেলেৰে গৈ ঠিক সময়তেই নৰকান্ত উলুৱনী জয়পুৰ গাঁও পালেগৈ৷

মূল মিটিঙৰ সময়খিনিত বহুতো গাঁৱৰ বয়োবৃদ্ধ লোকে ৰজনী বড়োৰ উদাৰতা, সততা আৰু পৰোপকাৰৰ বিৱৰণ দাঙি ধৰিলে৷ কোনোবা এজন বক্তাই ক’লে ,–“আজিৰ দুৰ্নীতিপৰায়ণ মানুহৰ লগত তুলনা কৰিলে আমাৰ ৰজনী দেউতাক আমি মানুহ বুলিব নোৱাৰোঁ৷ তেওঁ দেৱতা৷ কঠোৰ পৰিশ্ৰমেৰে খেতি কৰি তেওঁ প্ৰচুৰ উপাৰ্জন কৰিছিল৷ নিজে ভোগ বিলাস নকৰি বানপানীৰ সময়ত আৰু আলৈ-আহুকালৰ বেলিকা বিধ্বস্ত ৰাইজক জীয়াই ৰাখিবলৈ নিজৰ ভঁৰালৰ ধান বিলাই দিছিল৷ সেইজন জানো সাধাৰণ মানুহ হ’ব পাৰে? এটি সাধাৰণ জুপুৰিত তেওঁ বাস কৰিছিল—যিদৰে আন গঁঞাসকল বাস কৰিছিল৷”

সভাত ৰজনী বড়োৰ বিষয়ে বহু কথা নৰকান্তই জানিব পাৰিলে আৰু তেওঁ অভিভূত হৈ পৰিল৷

পশ্চিমৰ আকাশখন ৰাঙলী হোৱাৰ বেলিকা মিটিং ভাগিল৷ উলুৱনীৰ ৰাইজে নৰকান্তক ৰাতিটো তাতে কটাবলৈ অনুৰোধ কৰিছিল৷ তেলামলৈ তাৰ পৰা দূৰত্ব পোন্ধৰ কিলোমিটাৰমান হ’ব৷ ইফালে জামজিং বিলৰ পাৰত হেনো এজাক বনৰীয়া হাতী ওলাইছেহি৷ তথাপিও নিজৰ গাঁৱত আন এখন জৰুৰী বৈঠক ৰাতিলৈ বহাৰ কথা থকা বাবে নৰকান্ত যাবলৈ ওলাল৷

নৰকান্তক আগবঢ়াই থ’বলৈ উলুৱনীৰ কেইবাজনো যুৱক ওলাল৷ ল’ৰাকেইজনে চাইকেল বিচাৰি দেৰি কৰাত সিহঁতক পিছে পিছে আহিবলৈ কৈ নৰকান্ত আগ বাঢ়িল৷ প্ৰায় আধা কিলোমিটাৰ মান বাট গৈ ঘূৰি চাই নৰকান্তই দেখে যে কেইটামান ল’ৰা তেওঁক আগবঢ়াই থ’বলৈ চাইকেলত উঠিছে৷ নৰকান্তই ভালেই পালে৷ অন্ততঃ দোমকল ঘাটটো পাৰ কৰাই থৈ আহিলেও হ’ব৷

কিছুদূৰ অহাৰ পিছত নৰকান্তই দ্বিতীয়বাৰৰ বাবে পিছলৈ ঘূৰি চাই দেখে—ল’ৰাহঁতে উভতি গাঁৱৰ ফালেহে জোৰেৰে চাইকেল চলাইছে৷ নৰকান্ত চাইকেলৰ পৰা নামিল৷ কথানো কি বুজ লব’লৈ চেষ্টা কৰিলে৷ ল’ৰাকেইটালৈ চাই থাকোঁতে তেওঁ দেখা পালে,তাৰ পৰা মাত্ৰ দুশ মিটাৰমান দূৰত এটা প্ৰকাণ্ড দঁতাল হাতী হাবিৰ পৰা ৰাস্তালৈ উঠি আহিছে৷ তেতিয়াহে নৰকান্তই ঘটনাটো কি বুজিব পাৰিলে৷ তেওঁ সাৱধান হ’বলৈ নৌ পাওঁতেই বিলখনৰ পৰা এজাক হাতী আহি ৰাস্তাত উঠিল৷

নৰকান্তই ততালিকে চাইকেলত উঠি প্ৰাণপণে পেডেল ঘূৰাব ধৰিলে৷ দোমকল ঘাটলৈ যোৱা ৰাস্তাৰে নগৈ তেওঁ ভুলক্ৰমে উলুৱনী চিয়াৰীলৈ যোৱা ৰাস্তাৰে চাইকেল চলাব ধৰিলে৷ কিছুদূৰ যোৱাৰ পিছত ৰাস্তাৰ কাষত এজন বুঢ়াক ৰৈ থকা দেখি তেওঁৰ মনৰ ভয়-সংশয় নিমিষতে নোহোৱা হৈ গ’ল৷ বুঢ়াৰ ওচৰ পাই তেওঁ চাইকেলৰ পৰা নামিল৷

বুঢ়াৰ কাষ চপাৰ লগে লগে নৰকান্তই অনুভৱ কৰিলে যেন বুঢ়াৰ গাৰ পৰা এক ঐশ্বৰিক সুগন্ধি ভাঁহি আহি তেওঁৰ নাকত লাগিছে৷ মিঠা হাঁহি এটি মাৰি বুঢ়াই প্ৰথমেই মাত দিলে—“কিহে নৰকান্ত, হাতীৰ জাকটো দেখা পালা নেকি ? ইমান উধাতু খাই আহিছা যে ? ভয় নকৰিবা৷ সিহঁতে একো নকৰে৷ মিটিঙত তোমাক দেখা পালো আৰু তোমাৰ নামটোও জানিলোঁ৷ তোমাৰ ভাষণ শুনি ভাল পালোঁ৷ হৃদয়ৰ পৰা কথা ক’লে মই বৰ ভাল পাওঁ নৰকান্ত৷ তুমি আজি মোৰ ঘৰতে থাকি যোৱা৷ তুমি ভুল পথেৰে আহি উলুৱনী চিয়াৰীহে পালাহি৷ ঘূৰি গৈ হাতীজাকক আমনি দিব নালাগে৷ বুঢ়াৰ ব্যক্তিত্ব আৰু কথা-বাৰ্তাই তেওঁক বৰ সকাহ দিলে আৰু মন্ত্ৰমুগ্ধৰ দৰে কৰি পেলালে৷ তেওঁ মাথো বুঢ়াৰ মুখলৈ ভেবা লাগি চাই থাকিল৷ বুঢ়াই পুনৰ ক’লে,–“ ব’লা মোৰ জুপুৰি সৌটো৷ খেতি –পথাৰৰ ৰখীয়া হৈ এই জুপুৰিত অকলশৰীয়াকৈ আছোঁ৷” নৰকান্তই বুঢ়াৰ পিছ ল’লে৷

বুঢ়াৰ ঘৰৰ পদুলিৰ শেৱালি জোপাৰ সুগন্ধিয়ে চৌদিশ আমোল মোলাই গৈছে৷ শেৱালিজোপাৰ গুৰিত চাইকেলখন আঁউজাই নৰকান্তই বুঢ়াৰ ঘৰৰ ভিতৰ সোমাল৷ ঘৰৰ বেৰৰ জলঙাইদি পাৰ হৈ অহা পূৰ্ণিমাৰ জোনৰ পোহৰে কোঠাটোৰ আন্ধাৰবোৰ খেদি পঠাইছিল৷ নৰকান্তক বেতৰ চকী এখনত বহিবলৈ দি বুঢ়াই পাকঘৰৰ পৰা খোৱাবস্তু আনিবলৈ গ’ল৷ বুঢ়াই আহি কলপাতেৰে বন্ধা টোপোলা এটা নৰকান্তৰ হাতত দিলে, লগতে এটা টেকেলিত এটেকেলি পানীও দিলে আৰু ক’লে, “খোৱা নৰকান্ত,এই অঞ্চলৰ ডাঙৰীয়াসকলক উদ্দেশ্যি এটা সকাম পাতিছিল তাৰে প্ৰসাদ৷”

নৰকান্তই পৰম তৃপ্তিৰে সেই প্ৰসাদ স্বৰূপ পৰমান্ন ভোজন কৰিলে৷ ভাগৰে হেচা মাৰি ধৰিছিল তেওঁক৷ চকু দুটা মুদ খাই যাব ধৰাত বুঢ়াই তেওঁক পিছ ফালৰ চোতালত থকা জুপুৰিটোত সোমাই শুই থাকিবলৈ ক’লে৷

বিছনাত পৰি তেওঁ বেচ আৰাম অনুভৱ কৰিলে৷ তেওঁ যেন নিজৰ ঘৰত থকা বিছনাখনতহে শয়ন কৰিছে৷ লগে লগে নৰকান্তই স্বপ্ন ৰাজ্যত বিচৰণ কৰিলে৷ সপোনত দেখিলে—তেওঁ ৰজনী বড়োৰ ঘৰলৈ গৈছে —–সমাজৰ বৰ্তমানৰ জটিল সমস্যাবোৰৰ সমাধানৰ উপায় বিচাৰি আলোচনা কৰিবলৈ৷ ৰজনী বড়ো ৰূপত সপোনত দেখা পোৱা মানুহজন দেখোন এই বুঢ়াজনেই৷ ৰজনী বড়োৱে তেওঁক বহুতো উপদেশ দিলে৷ —-“নৰকান্ত , তুমি সংগঠনৰ নামত যিসকল বন্ধুৰ লগ লৈছা তেওঁলোকৰ মাজত বিশ্বাসঘাতক ব্যক্তিও আছে৷ চাই বুজি চলিবা৷ সংগৰ দোষে মানুহক বিপদত পেলায়৷——-৷”নৰকান্তই পুৱতি নিশা সপোন দেখি থাকোতে বুঢ়াৰ মাতত সাৰ পালে৷ বুঢ়াই নৰকান্তক পুৱাৰ ৰ’দজাক নৌ উঠোতেই চাইকেল চলাই যাবলৈ ভাল হ’ব বুলি পৰামৰ্শ দিলে৷ নৰকান্তই উঠি হাত-মুখ ধুই বুঢ়াৰ চৰণত প্ৰণাম জনাই বিদায় ল’লে৷

তেতিয়া পোহৰ ভালদৰেই হৈছিল৷ অলপমান আহিয়েই নৰকান্তই ঠাইডোখৰ মনত ৰখাৰ উদ্দেশ্যে কৃতজ্ঞতাৰ দৃষ্টিৰে বুঢ়াৰ ফালে ওভতি চালে৷ কিন্তু কি আচৰিত ! য’ৰ পৰা তেওঁ এইমাত্ৰ আহিছে সেই ঠাইত কোনো ঘৰ-দোৱাৰ নাই৷ মাথো এখন বহল মুকলি পথাৰ৷ তেন্তে ক’ত , কাৰ ঘৰত তেওঁ ৰাতিটো কটালে ? এইবোৰ ভাৱি গৈ থাকোতে নৰকান্তই কেইজনমান ডেকা ল’ৰা বিপৰীত দিশৰ পৰা আহি থকা দেখা পালে৷ ল’ৰা কেইজনে নৰকান্তক দেখা পাই দৌৰি আহিল৷ “ছাৰ, ছাৰ আপুনি যোৱা ৰাতি ক’ত থাকিল ? আপোনাক ক’তো নেদেখি আমি বৰ ভয় খাইছিলো৷” সিহঁতক নৰকান্তই ৰাতিটো ক’ত কেনেকৈ থাকিলে সকলো ক’লে৷ তেতিয়া ল’ৰাকেইজনে বুঢ়াৰ চেহেৰা কেনে আছিল সেই বিষয়ে সুধিলে৷ নৰকান্তই মানুহজনৰ শাৰিৰীক গঠন আৰু চেহেৰাৰ বৰ্ণনা দিয়াৰ লগে লগে তেওঁলোকে চিঞৰি উঠিল—“হয় হয় সেইজনাই আমাৰ ৰজনী বড়ো দেউতা৷ তেখেতৰ সোঁগালত চকুত পৰাকৈ এপাহ তুলসী আছিল৷ এলাপেচাই আমাৰ দেউতাক লগ নাপায়৷ ছাৰ, আপুনিও আমাৰ দেউতাৰ লগৰে৷”

ল’ৰা কেইজনে কাকুতি-মিনতি কৰি নৰকান্তক পুনৰ উলুৱনী জয়পুৰ গাঁৱলৈ লৈ আহিল৷ নৰকান্তই ৰজনী দেউতাক লগ পোৱাৰ খবৰ যিয়েই পালে সিয়েই আহি নৰকান্তক বেৰি ধৰিলেহি৷ পুনৰবাৰ জয়পুৰ চাপৰিত এখন ৰাজহুৱা সভা বহিল৷ নৰকান্তই ৰাইজক ক’লে,“ডাঙৰীয়া দেউতাই কৈছে –‘দিনকাল ভাল নহয়, তোমালোক সৎ হৈ থাকা,সেয়া বুদ্ধিমানৰ কাম৷ কোনোবা পাপীয়ে পাপ কাৰ্য্যৰে সুখ-সম্পদ আহৰণ কৰা দেখি নিৰাশ নহ’বা৷ আচল সুখ মনৰ সুখ আৰু আত্মাৰ সুখ৷ সৎকামে মন আৰু আত্মাক অনন্ত কাললৈ সুখ দি থাকে৷ দস্যু-দানৱে সেইবোৰ সুখ লাভ কৰিব নোৱাৰে৷ জাত-পাত লৈ হিংসা-দ্বেষ তোমালোকে মনলৈ নানিবা৷ তেনে হিংসা-দ্বেষে জাতিটোক ধ্বংস পথলৈহে নিব৷ জাতি জীয়াই নাথাকিব৷ কাৰণ, উত্তৰ পুৰুষে এনে হিংসা-দ্বেষ ভাৱবোৰ জাতীয় চৰিত্ৰৰ অংঙ্গ কৰি ল’ব৷ অৱশেষত নিজৰ মাজত হিংষা-দ্বেষৰ জুই জ্বলাই নিজে ভস্মিভূত হ’ব আৰু সম্পূৰ্ণ জাতিটোৱেই নিঃশেষ হ’ব৷ এই কথা যেন কোনো জাতি- উপজাতিয়েই পাহৰি নোযোৱা৷’

সভা ভঙ্গ হোৱাৰ পিছত নৰকান্তক ৰাইজে ‘ডাঙৰীয়া দেউতা’ উপাধিৰে সম্বোধন কৰি সাদৰেৰে বিদায় দিলে৷

নৰকান্তই ঘৰলৈ গৈ গম পালে যে আগদিনা ৰাতি সিহঁতৰ সংগঠনৰ মিটিংখন অনুষ্ঠিত নহ’ল৷ গাঁৱত পুলিচ সোমাই সংগঠনৰ দুজন কৰ্ম্মীক গৰু চোৰ, গাভৰু অপসৰণ , ডকাইটি আদিৰ অপৰাধত দোষী সাব্যস্ত কৰি আটক কৰি নিলে৷

(বিঃদ্ৰঃ গল্পটো ১৯৯৫ চনত ‘ৰহস্য’ৰ ৰঙালি বিহুৰ বিশেষ সংখ্যাত প্ৰকাশিত)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments