উলু উলু গঙ্গে (উজ্জ্বল ফুকন)

( বি: দ্ৰ: তলত বৰ্ণনা কৰা কথাখিনি কোনো জীৱিত বা মৄত ব্যক্তিৰ লগত জড়িত নহয়৷ কৰবাত কিবা সাদৃশ্য দেখা পালে সেয়া সম্পূৰ্ণ কাকতালীয়৷ ধন্যবাদ৷ )
“টুট মামা টুট”
অজয়ৰ ডাঙৰ বায়েকৰ ল’ৰাটোৰ মাত৷ তিনি বছৰ মান হৈছে৷ চুলিখিনিয়ে ঢাকি ৰখা বাওঁফালৰ চকুটো অলপ মেলি চালে অজয়ে৷ এলাহ আৰু ফেচকুৰিয়ে চকুটো মেলাত বাৰে বাৰে বাধা দিছে তাক৷ আনটো চকু গাৰুত লাগি আছে৷
চাৎকৈ খিৰিকীৰ সিপাৰৰ পৰা অহা বেলিৰ পোহৰটোত সি বুজি পালে বহু পলম হ’ল৷ তাৰ ভৰিৰ পৰা মূৰলৈ লেপখনে আৱৰি আছে৷ বিছনাত পাৰি লোৱা কম্বলখন আৰু গাৰ ওপৰত লোৱা লেপখনৰ বাহিৰে যেন এই মুহূৰ্তত তাক আৰু একো নালাগে৷
“টুট মামা টুট” পোৱালিৰ মাতটো এইবাৰ ভৰি শিতানৰ ফালৰ পৰা আহিল৷
অজয়ে ভৰিৰ আঙুলিৰে লাহেকৈ লেপৰ গৰম বতাহ অলপ পোৱালিৰ ফালে উলিয়াই দিলে৷ ওৰে ৰাতি পিছপিনেদি উৰুৱাই থকা মিছাইলবোৰে থেলা-হেঁচা কৰি পোৱালিৰ নাকত খুন্দা মাৰিলে৷
“টি টি৷ মামাই পাতিছে৷”
পোৱালিয়ে নাকত হাত দি দৌৰ দিলে৷ অজয়ে এইবাৰ লেপখন মূৰে গায়ে লৈ আকৌ টোপনিৰ সন্ধানত চকু দুটা মুদি দিলে৷
“নিজে সৃষ্টি কৰিছো যদিও সহ্যৰ সীমা এটা আছে৷” নাকটো লেপখনৰ পৰা বাহিৰলৈ উলিয়াই লেপৰ মূৰকেইটা বতাহ ওলাব নোৱাৰাকৈ গাটোৰে ঠিক ঠাক কৰি ল’লে৷
“অজয় নুঠ কেলৈ? বেলি মূৰৰ ওপৰ পালেহি৷ গা ধোগৈ যা৷”
সপোনৰ কুঁৱলী ফালি কোনোবা এজনী চকামকাকৈ সি দেখিছিলহে কিন্তু মাকৰ মাতত তাই আকৌ কুঁৱলীৰ সিপাৰে নোহোৱা হ’ল৷
“হু হু উঠিছোঁ উঠিছোঁ৷” অজয়ে লাহেকৈ ক’লে৷ শব্দকেইটাও চুৱেটাৰ পিন্ধি ওলাই অহা যেন লাগিল৷
“ৰাতিৰ সৰু সৰু ফুচুকা বমবোৰে এতিয়া আলু বম’ৰ দৰে শব্দ কৰিছে৷ গাটো ধোৱাৰ আগতে সিপিনেও যাব লাগিব৷ ঠাণ্ডা দিনত গা ধোৱা ব্যৱস্থাটো কেনেবাকৈ যদি নোহোৱা হৈ গ’ল হেতেঁন৷ ঠাণ্ডা দিনকেইটা শেষ হোৱাৰ লগে লগে সাপে মোট সলোৱাদি ছালখন সলাই ল’লেই হ’ল৷ কাম শেষ৷” অজয়ে ভাবিলে৷
“এক দুই তিনি” অজয়ে লেপখন গোৰ মৰাৰ অগতে মনৰ ভিতৰতে আওৰালে৷
ভিতৰৰ এলাহটোৱে আকৌ এবাৰ তাক দুৰ্বল কৰি ক’লে “প্লিজ ৫ মিনিট৷”
অলপ সময়ৰ পিছত অজয়ে আকৌ মনৰ ভিতৰতে আওৰালে “এক দুই তিনি”৷ এইবাৰ তিনিৰ পিছতে লেপখন ওফৰি পৰিল৷ একে জাপে বিছনাৰ পৰা উঠি সি কাপোৰ কেইটা সলাই ল’লে৷
উদং দেহা৷ কঁকালত গামোচাখন পিন্ধি এহাতত ভিতৰত পিন্ধা বস্ত্ৰপদ আৰু আনখন হাতেৰে টুথব্ৰাচত অলপ পেষ্ট সানি মুখত ভৰাই থ’লে৷
ঠাণ্ডাত মুখখন এনেকৈ কঁপিব ধৰিলে যে ব্ৰাচদালে বিশেষ কষ্ট কৰিব লগা নহ’ল৷ মুখধোৱা বেচিনটোৰ কাষত থকা পাত্ৰ এটাত অলপ পানী দেখি সেইখিনিৰে মুখখন যেনেতেনে ধোলে৷
বেচিনৰ টেপটো খুলিবলৈ তাৰ এলাহ৷ মূল কাৰণ কেনেবাকৈ গা ধোৱাৰ আগতে টেপৰ পানী তাৰ গাত নপৰে যাতে৷
এইবাৰ কাষৰ টেবুলখনত পৰি থকা ডাঙৰ কাগজৰ টুকুৰা এটা লৈ সি লেট্ৰিনত সোমাল৷ “গা ধোৱাৰ আগতে যিমান পাৰি পানীৰ পৰা দুৰত থাকিব লাগে৷” সি মনে মনে ভাবিলে৷
লেট্ৰিনৰ পৰা ওলায়েই কাগজখন সৰু কৰি কাষৰ কলিতাৰ ঘৰৰ বাৰীলৈ দলিয়াই সি বাথৰুমৰ পিনে আগবাঢ়িল৷
“আজিৰ দিনটোৰ শেষ যুদ্ধ৷” মনটোক বুজালে অজয়ে৷ বাথৰুমৰ পিনে চাওঁতে কোনোবা এটা দৌৰি ওলাই যোৱা যেন লাগিল তাৰ৷ কিন্তু কোন ধৰিব নোৱাৰিলে৷
বাথৰুমৰ দুৱাৰৰ কাষ পাই সি মনটো ডাঠ কৰি ল’লে৷ বেকগ্ৰাউণ্ডত চুৱাপাতনিত বহি থকা কাউৰী মখাই গাই থকা যেন লাগিল “হাম কৌ মন কি চক্তি দেনা… মন বিজয় কৰে….”
সি সিহঁতৰ পিনে কেৰাহিকৈ এবাৰ চাই বাথৰুমত সোমাল৷ এটা গেলাগোন্ধ চাৎকৈ তাৰ নাকত লাগিল৷
“এতিয়া আৰু গোন্ধত মন দি লাভ নাই৷ সোণকালে গাটো ধুব লাগে৷”
অজয়ে নাকৰ পৰা হাতখন আঁতৰাই ভাবিলে৷
বাল্টিটোৰ তলিত অলপ পানী আছিল৷ সি যেনে তেনে দুই হাতৰ আজলিত অলপ পানী লৈ সেই বিশেষ মন্ত্ৰ্টো গাই মূৰত পানী ঢালি দিলে “ এহাতত এচলু আন হাতত এচলু৷ উলু উলু গঙ্গে..”৷
দুইখন হাতত থকা পানীৰে মুখখন আৰু চুলিখিনি যিমান পাৰি তিয়াই ল’লে সি৷
“এটা পৰ্যায় যেনে তেনে শেষ হ’ল৷ এতিয়া গামোচাখন তিয়াই ভালকৈ গাটো মোচিব পাৰিলেই হৈ গ’ল আৰু৷” অজয়ে ভাবিলে৷
বাল্টিটোৰ পানী ইতিমধ্যে শেষ হৈছিল৷ কাষতে থকা মগ এটাত আধা মগ মান পানী দেখি সি বুজিলে এইখিনি পানীয়ে তাৰ হাততে মুক্তি পাব৷
মগৰ পানীৰে গামোচাখন ভালকৈ তিয়াই ল’লে সি৷ গেলা গোন্ধটো আকৌ নাকত লাগিছিল যদিও সি ইমান মন নিদিলে৷ মাজে মাজে ‘উলু উলু গঙ্গে..’ চিঞৰি সি গোটেই গাটো গামোচাখনেৰে মচি পেলালে৷
ভিতৰৰ বস্ত্ৰপদ পিন্ধি আধা তিতা গামোচাখন আকৌ কঁকালত মেৰিয়াই ল’লে৷ হাত দুখনেৰে গাটো ঢাকি বাথৰুমৰ পৰা ওলাই এইবাৰ চিধাই সি জুহাল পালেগৈ৷ মুখৰ পৰা অহৰহ ওলাই থাকিল “বৰ ঠাণ্ডা৷ বৰ ঠাণ্ডা৷ উলু উলু গঙ্গে..”৷
জুহালত ইতিমধ্যে দেউতাক, বৰদেউতাক আৰু ঘৰৰ কাষৰ বৰুৱা খুড়া বহি আছিল৷ তাৰ সৰু বায়েকেও প্ৰাই একেলগে পেন্দুকণা এটা কোলাত লৈ জুহাল পালেহি৷ এইটোৰ তিনিমাহ মান হৈছে৷
“পাল মাৰিলি যেন লাগিছে৷” বৰুৱা খুড়াই তাৰ ফালে চাই ক’লে৷
“এক বাল্টি পানীৰে ধুই আহিছোঁ খুড়া৷” অজয়ে বৰুৱা খুড়াৰ ফালে চাই ক’লে৷
“মাকে চাগৈ পিতেকক পাকঘৰৰ পৰা গৰম পানী দি পঠাইছে৷ যিমানেই হওক পুতেক বুজিছে৷” দেউতাকে বৰুৱালৈ চাই ক’লে৷
“আজিলৈকে গৰম পানীৰে গা ধোৱাৰ ৰেকৰ্ড নাই পিছে আমুকাৰ৷” অজয়ে ক’লে৷
“কিন্তু আজি পানী অহাই নাই দেখোন৷ পাইপ ফুটিল ক’ৰবাত৷ ঠিক কৰি আছে৷ তই ক’ত পালি পানী?” দেউতাকে সুধিলে৷
“মই কৈছো নহয় সি পাল মাৰিছে বুলি৷” বৰুৱা খুড়াই আকৌ ধৰিলে তাক৷
“বৰ মূত মূত গোন্ধাইছে৷ এই পোৱালিয়ে মূতিছে নেকি চাচোন পাৰুল৷” সৰু বায়েকলৈ চাই বৰদেউতাকে ক’লে৷
অজয় আৰু সৰু বায়েকে কিবা উত্তৰ দিয়াৰ আগতেই ডাঙৰ বায়েকৰ তিনি বছৰীয়া খটাসুৰটো আহি জুহাল পালেহি৷ পিছে পিছে ডাঙৰ বায়েক৷
“দেউতা ইয়াক দিয়কছোন দুচাট মান৷ ই আজিও বাথৰুমৰ মগটোত মূতি আহিছে৷ আৰু ইমান বদমাছ মূতি আহি মোক খবৰ দিয়েহি৷” বায়েকৰ কথা শেষ নহওঁতেই পোৱালিয়ে আকৌ চিঞৰিলে “মই মদত টুটু কৰিলো৷”
“কিন্তু আজি আচৰিত হোৱাৰ কাৰণটো হ’ল বাথৰুমৰ মগটোত অকণো পানী নাই৷ বুজি পোৱা নাই মূতখিনি সি কৰিলে কি?” বায়েকে তালৈ চাই ক’লে৷
এইবাৰ বৰুৱা খুড়া, দেউতাক আৰু বৰ দেউতাকে একেলগে হাঁহিব ধৰিলে৷
“পোৱালিয়ে পানীখিনি একো কৰা নাই৷ আন কোনোবাইহে সেইখিনিৰে গা ধুই আহিছে যেন পাইছোঁ৷” দেউতাকে বায়েকক অজয়ৰ ফালে দেখুৱাই ক’লে৷
অজয়ে এবাৰ সকলোৰে ফালে চালে আৰু এবাৰ নিজৰ গাটোৰ ফালে চালে৷ মূতৰ গোন্ধটো যেন আৰু তীব্ৰ হৈ আহিল৷
সকলোৰে হাঁহিৰ মাজত দুহাতেৰে গাটো ঢাকি অজয় পিছপিনৰ বিলৰ পিনে দৌৰিব ধৰিলে৷
কঁকালৰ বগা গামোচাখন আৰু উদঙ দেহাটো দেখি নিজকে তাৰ মন্দাকিনী যেন লাগিল৷ চিনেমাখনত ঠিকেই কৈছিল “ ৰাম তেৰি গঙ্গা মেইলী”!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments