উল্টাপানীৰ পূৰ্ণিমা ৰাতি- বৰ্ণালী গগৈ

 

মানাহৰ পৰা ওলাই ঢালি গাঁৱৰ দীপকৰ কোৱাৰ্টাৰ আহি পোৱা ডেৰ ঘণ্টামান হে হৈছিল৷ এন. কে. দে অৰ্থাৎ নিৰ্মল দাদাই ফোন কৰিলে,
“বৰ্ণালী, উল্টাপানী যাবা নেকি? বি.চি.এচ.ইউৰ কেডাৰবোৰক গছ কটা মানুহে মাৰিছে’’।
বেগ খোলা হোৱাই নাছিল মোৰ, ডিকিত সেইটো ভৰাই দেৰ গাড়ীত উঠি দিলোঁ৷ তেখেতৰ সৈতে গাড়ীৰ ড্ৰাইভাৰ মণ্ডল আৰু ওৱেষ্ট বেঙ্গলৰ পৰা অহা তাৰ বন্ধু শান্তনু৷ উল্টাপানীৰ স্থানীয় প্ৰকৃতি সংৰক্ষণ সংগঠন “বায়ডাইভাৰচিটি কনজাৰভেচন চোচাইটি অফ উল্টাপানী’’ চমুকৈ বি.চি.এচ.ইউৰ সতে আমি তাৰ জন্মলগ্নৰে পৰাই সংলগ্ন৷ তাৰ স্থানীয় যুৱকসকলক লৈ গঠিত কনজাৰভেচন ভলণ্টিয়াৰচ – বি.চি.এচ.ইউ.ৰ নিজস্ব বনৰক্ষী দল৷ এনজিঅ’ৰ অধীনত হোৱাৰ বাবে এই ল’ৰাবোৰ আৰ্মড ফোৰ্চত অন্তৰ্ভুক্ত নাছিল কিন্তু কঁকালত খুকুৰী বান্ধি চাইকেল লৈয়েই সিহঁতে উল্টাপানীৰ অৰণ্যত পেট্ৰলিঙ কৰি ফুৰিছিল৷ কেতিয়াবা বন বিভাগৰ লগত, কেতিয়াবা এচ.এচ.বি.ৰ লগত যুটীয়া ভাবেও সিহঁতে পেট্ৰলিঙ কৰে৷ উল্টাপানীলৈ গ’লে ময়ো সিহঁতৰ লগত পেট্ৰলিঙ কৰিবলৈ যাওঁ৷ মোৰ নিৰাপত্তাৰ বাবেই তেতিয়া সিহঁতৰ কামাণ্ডেণ্ট গিৰিণ ব্ৰহ্মও লগত ওলায়৷ ল’ৰাবোৰ ভীষণ উৎসাহিত হয়৷ সিহঁতৰ কাৰণেই এবছৰৰ ভিতৰতে উল্টাপানীৰ কেইবাটাও অঞ্চলত গছ কটা মানুহ আৰু চোৰাংচিকাৰীৰ দৌৰাত্ম্য ভালেখিনি হ্ৰাস পাইছিল৷ সেই ভলণ্টিয়াৰ ল’ৰাবোৰক, জংঘলৰ ভিতৰত এম্বুচত থাকি গছ কটা মানুহ আৰু চিকাৰীয়ে মাৰিছে, মইতো যাবই লাগিব৷
বিচমুৰিৰে সোমাই গৈ দিঘলীপাৰ পাওঁতে আবেলি হৈছিল৷ বাটৰ কাষতে বহা সৰু বজাৰখনত কোনোবাই কচু, ঢেঁকীয়া, মানিমুনি বেচিছে, কোনোবাই আনিছে ঘৰৰে লাউ এটা, কোমোৰা দুটা, কোনোবাই পাতত ভাগ ভাগ কৈ মেলিছে হি ঘৰত শুকুৱা সৰু মাছ৷ ষ্টোভ জ্বলাই কোনোবাই চাহ বনোৱাৰ লগতে মিঠা বৰা ভাজিছে৷ দেয়ে খৰধৰকৈ দুটামান পাচলি ল’লে৷ মই নানামিলোঁৱেই৷ আঘাত পোৱা ল’ৰাকেইটাক আমি বাটতে লগ পালো৷ ফাৰ্ষ্ট এইড দিয়াৰ পিছত সিহঁতক কোকৰাঝাৰৰ হস্পিটেললৈ লৈ যোৱা হৈছিল৷ দে আৰু মই সিহঁতৰ সতে দুটামান কথা পাতি লৰালৰিকৈ পঠাই দিলোঁ৷ উল্টাপানীৰ কেম্প গৈ পাওঁতে গধূলি হওঁ হওঁ৷ গিৰিণ ব্ৰহ্ম কেম্পতেই আছিল৷ ল’ৰাবোৰৰ সতে বহি আমি আটাইকেইজনে মিলি ঘটনাটো আৰু তাৰ লগত সংশ্লিষ্ট কথাবোৰ পাতিলোঁ৷ কোকৰাঝাৰৰ ডিএফঅ’ সোণালী ঘোষ আৰু এচ.এচ.বি.ৰ লগতো কথা পতা হৈছিল৷ পৰিস্থিতি তেতিয়া নিয়ন্ত্ৰণত আৰু পিছৰ পেট্ৰলিঙ বিলাক বন বিভাগ বা এচ.এচ.বি.ৰ লগত যুটীয়া ভাৱে কৰাৰ সিদ্ধান্তও লোৱা হৈছিল৷ সকলো আলোচনা শেষ কৰি আমি কেম্পৰ পৰা ওলালোঁ৷ গিৰিণ ব্ৰহ্মক লগত লৈ আমি গ’লো মঙ্গল দাদাৰ ঘৰলৈ৷ মঙ্গল দাদা মানে মঙ্গল সিং গুৰুং, বি.চি.এচ.ইউ.ৰ প্ৰেছিডেণ্ট৷ উল্টাপানীলৈ আহিলে আমি মঙ্গল দাদাৰ ঘৰতে থাকো৷ কাৰণ উল্টাপানীত থকাৰ ঠাই নাই৷ বন বিভাগৰ আই.বি.টো আন্দোলনৰ সময়ৰ পৰা পৰিত্যক্ত অৱস্থাত আছিল৷ সেই ঠাইতে নতুনকৈ আই.বি.টো সাজি উলিয়াবলৈ আৰম্ভ কৰা হৈছে যদিও তেতিয়াও পূৰা হৈ উঠা নাই৷ মঙ্গল দাদাৰ ঘৰটোৱেই সেইবাবে আমাৰ কনজাৰভেচনৰ মানুহবোৰৰ একমাত্ৰ আশ্ৰয়৷ সেইদিনা পিছে অকল মইহে মঙ্গল দাদাৰ তাত থকাৰ কথা৷ দে হঁত ৰাতিয়েই ঢালি গাঁৱলৈ ঘূৰি যাব৷
উল্টাপানীৰ অৰণ্যৰ মাজেৰে ভূটান সীমান্তৰ সৰলপাৰালৈকে যোৱাৰ সেই বাট চোৱা পখিলাৰ কাৰণে বিশেষ বিখ্যাত৷ ইমানেই ভাল লাগে সেই বাট চোৱাত পখিলা চাই আৰু ফটো তুলি যে মোৰ বাবে গাড়ী ৰখাই ৰখাই মঙ্গল দাদা কেতিয়াবা ভাগৰি পৰে৷ সেইকাৰণে গিৰিণ আৰু মই খোজ কাঢ়ি কাঢ়ি সেই বাট চোৱাত পখিলা চাই চাই ঘূৰি ফুৰোঁ৷ গিৰিণক মই মাতো গাঁওবুঢ়া৷ আচলতে মই যেতিয়া প্ৰথমবাৰ উল্টাপানীলৈ আহিছিলোঁ, তেতিয়া গিৰিণ উল্টাপানী গাঁৱৰ গাঁওবুঢ়া আছিল৷ মোক যেতিয়া তাৰ লগত কনক দাদাহঁতে চিনাকি কৰি দিছিল তেতিয়া মই আচৰিত হৈ কৈয়েই পেলাইছিলোঁ,“গাঁওবুঢ়া আৰু ইমান ডেকা!”
সেই প্ৰথম লগ পোৱাৰ পৰা উল্টাপানীত গাঁওবুঢ়াই মোৰ গাইড আৰু গাৰ্ড৷ ইমানদিনে পিছে সি মোৰ জ্যেষ্ঠ ভাতৃ আৰু অভিন্ন হৃদয়ৰ বন্ধুও হৈ উঠিছে৷ উল্টাপানীৰ অৰণ্যত আমি দুটা পিত-পিতাই ফুৰোঁ৷ গাঁওবুঢ়া লগত থাকিলে উল্টাপানীৰ অৰণ্যত মোৰ কোনো ভাৱনা নাই৷ কোনফালে জুৰি আছে, কোনফালে ঘন হাবি, কোনফালে ফুলেৰে ভৰা ঘাঁহনি, কোনফালে ধনেশ চৰাই আছে, কোনফালে হাতী সব কথাই জানে গাঁওবুঢ়াই আৰু আমি সেই বোৰতেই ঘূৰি ফুৰোঁ৷ তাৰ হাতত অকল খুকুৰী খন থাকে, মোৰ মাত্ৰ কেমেৰা৷ কেতিয়াবা বাথৌ মন্দিৰত সোমাই আমি আয়ঙৰ (পূজাৰী) লগত কথা পাতো, আয়ঙে মোক খাবলৈ কেতিয়াবা প্ৰসাদৰ ফল-মূল দিয়ে, কেতিয়াবা আমি তাৰ ঘৰত গৈ বাজৈ (বৌ) য়ে মাটি দাইল আৰু নৰসিংহ পাত দি ৰন্ধা কুকুৰাৰ মাংসৰে ভাত খাওঁ গৈ৷
দিনত যিদৰে পখিলাৰ পয়োভৰ, ৰাতি সেইদৰে উল্টাপানীৰ সেই বাট চোৱাত দেখা যায় মথ৷ সেই দিনাও তাৰ ব্যতিক্ৰম নাছিল৷ মণ্ডলক গাড়ীৰে মঙ্গল দাদাৰ ঘৰলৈ পঠিয়াই দি আমি মথ চাই চাই খোজ কাঢ়ি আহিলো৷ সৰু -ডাঙৰ, বেলেগ বেলেগ প্ৰজাতিৰ মথবোৰ দেখি মই আনন্দত আত্মহাৰা৷ শান্তনুৱে বিৰাট উৎসাহেৰে দে আৰু মোক ফটো তোলাত সহায় কৰি দিছিল৷ কিছুসময়ৰ পিছত আমি গৈ মঙ্গল দাদাৰ ঘৰ পালোঁগৈ৷
তিনিটা ৰুমৰ কাঠৰ ঘৰ। মঙ্গল সিং গুৰুঙৰ পাঁচটা ল’ৰা-ছোৱালী৷ ল’ৰা দুটাই পঢ়াৰ লগতে কিবাকিবি কামো কৰে৷ ছোৱালীৰ ডাঙৰজনীক বিয়া দিলে৷ ঘৰত থকা দুজনী – লক্ষ্মী আৰু হৰিমায়া৷ হৰি কোকৰাঝাৰৰ কলেজত পঢ়ি আছে৷ মেচত থাকে৷ ভাওজো (মঙ্গল দাদাৰ পৰিবাৰ) ৱে নিজেই ভাত ৰান্ধিছিল আমাৰ বাবে৷ যদিও ৰন্ধা-বঢ়া আৰু ঘৰৰ চব কাম বেছিকৈ লক্ষ্মীয়েই কৰে৷
ভাত খাই উঠি মঙ্গল দাদা আৰু ভাওজোৰ লগত দুই-এষাৰ মান কথা পাতিয়েই আমি ওলালোঁ৷ দে হঁততো উভতি যাব কিন্তু তাৰ আগতে আমি যাম উল্টাপানীৰ অৰণ্যলৈ৷ বিজুলী সৰবৰাহ নথকা উল্টাপানীৰ গাঁৱত পিছে তেতিয়া মানুহ শুই নিঃপালি দিছে৷ লাৱণ্যপুৰ, উল্টাপানী গাওঁ দুখনেই নহয় অৰণ্যতো তেতিয়া নিশুতি ৰাতি৷
“শব্দ কৰিব নালাগে দেই’’ গাড়ীৰ পৰা নামি লাহেকৈ গাঁওবুঢ়াই ক’লে৷
মঙ্গল দাদাৰ ঘৰৰ পৰা ওলাই কেম্পৰ পৰা গাঁওবুঢ়া আৰু বনকুমাৰক লৈ আমি তেতিয়া বাথৌ মন্দিৰৰ সমুখৰ ৰাস্তাৰে আহি মাছ ভাণ্ডাৰৰ পাৰত ৰৈছিলোঁহি৷
মাছ ভাণ্ডাৰ বা না ভাণ্ডাৰ (না মানে বড়ো ভাষাত মাছ) উল্টাপানীৰ অৰণ্যৰ মাজত থকা এক জলাশয় যাক বিল বোলাত কৈ হ্ৰদ বোলাহে শ্ৰেয়৷ সুগভীৰ এই হ্ৰদটোৰ পূৰ্বৰ নাম বান্দৰকাটা৷ উল্টাপানীৰ অৰণ্যত এটা নহয় প্ৰকৃততে দুটা জলাশয় আছে তাৰ এটা বান্দৰকাটা আৰু ইটোৰ নাম তৰা পৰা ঝৰা৷ অৰণ্যৰ এই গোটেই অংশটোৱেই দ আৰু জলাহৰ দৰে ( Swampy)৷ বহু বছৰ আগতে আকাশৰ পৰা উল্কাপিণ্ড খহি ইয়াৰ সৃষ্টি হৈছিল বাবেই ইয়াক তৰা পৰা ঝৰা নামেৰে জনা যায়৷ বান্দৰকাটাৰ পৰা এটা সূঁতি ওলাই লাউপানী হৈ দক্ষিণ-পূবলৈ গৈ ভোৰ নদীত পৰিছে গৈ আৰু এটা সূঁতি শামুকা (বা শামোখা) নাম লৈ অৰণ্যৰ মাজেৰে পশ্চিমলৈ বৈ গৈ গৌৰাঙ্গত মিলিছে গৈ৷ সেই শামোখাৰ পাৰতেই ৰৈ আছিলোঁ আমি৷
কুহিৰ, লালি, ভেলকৰ, ৰুদ্ৰাক্ষ, বহেৰা – ডাঙৰ ডাঙৰ গছেৰে ভৰা গহন অৰণ্য, অৰণ্য ঘেৰা নৈ আৰু হ্ৰদ কিমান মোহনীয় লাগে ৰাতি! আৰু সেয়া যদি হয় পূৰ্ণিমাৰ ৰাতি!
গাঁওবুঢ়াই কোৱাৰ দৰে প্ৰায় নিশব্দে গাড়ীৰ দুৱাৰ বন্ধ কৰি সকলো এটাৰ পিছত এটাকৈ মাছ ভাণ্ডাৰৰ পাৰলৈ নামিলোঁ৷ ওখ ওখ ঢেঁকীয়া, সৰু জোপোহা-জুটুলি আৰু মেটেকাৰে ভৰা এই বাটটোত সদায় পানীৰ চিলচিলীয়া সোঁত বৈ থাকে৷ ’জোক আছে দেই’ কোনোবা এজনে কোৱাৰ লগে লগে নোম শিয়ৰি উঠিল মোৰ৷
পূৰ্ণিমাৰ ৰাতি যদিও আকাশত ডাৱৰ থকাৰ বাবে জোনাক ফটফটীয়া হৈ উঠা নাছিল৷ ডাৱৰে ঢকা জোনৰ সেই ধৱল জোনাকত মাছ ভাণ্ডাৰ শুই আছিল ধ্যান মগ্ন যোগীৰ প্ৰশান্তিৰে য’ত ব্যাঘাত জন্মোৱাটো দুঃসাহস মাত্ৰ৷ বৰ ৰহস্যময় লাগে মোৰ এই উল্টাপানীৰ অৰণ্য৷ প্ৰকৃতি যেন ইয়াত অতন্দ্ৰ৷ বৰ জাগ্ৰত মোৰ বাবে উল্টাপানীৰ অৰণ্যৰ ভগৱান আৰু বাথৌ মন্দিৰৰ ’বাথৌ বৰাই’ তো মোৰ কাৰণে ভগৱানেই নহয় মাথোঁ, মোৰ বুঢ়া বাবাও৷
গাঁওবুঢ়াৰ হাতত থকা ডাঙৰ টৰ্চটোৰ বাহিৰে আমাৰ লগত আৰু একো পোহৰ নাছিল৷ বাকীবোৰৰ হাতত মোবাইল আছিল, মোৰ অকল ডিঙিত ওলমি থকা কেমেৰা৷ ফটো তোলাৰ আশা অৱশ্যে মই কৰা নাছিলোঁ৷

ঠায়ে ঠায়ে একাঁঠু আৰু ঠায়ে ঠায়ে তাতকৈ দ শামোখা নৈৰ বুকুত সেই নিজম ৰাতি আমাৰ খোজৰ শব্দই অলপ হ’লেও যেন উল্টাপানীৰ অৰণ্যক আমনি কৰিলে৷ কিন্তু প্ৰকৃতিয়ে চবৰে অভিসন্ধি জানে৷ ভৰিৰ তলত কিহবাই খুঁটিওৱা যেন লাগিছিল, গাঁওবুঢ়াই টৰ্চ মাৰিলে, দেখিলো মোৰ ভৰিৰ কাষতে এটা ডাঙৰ মাগুৰ মাছ৷ পোহৰত সি এনেকৈ দৰক লাগিল যে মই ফটো তোলাৰ পিছতো সি ৰৈয়েই থাকিল৷ বাকীবোৰ আগ বাঢ়িছিল, আমিও লগ ল’লো৷ তাৰ পিছত নৈ পাৰ হৈ আমি হাবিত সোমালোঁ৷ ক’ৰবাত পানীৰ চিলচিলীয়া সোঁত, ক’ৰবাত আঠুলৈকে সোমোৱা বোকা, ক’ৰবাত সৰা পাতৰ তলত লুকাই থকা বিয়াগোম বিয়াগোম শিপা৷ তাৰ মাজেৰে আমি অৰণ্যৰ ভিতৰলৈ গৈ থাকিলোঁ৷ মাজনিশাৰ অৰণ্য তেতিয়া সপোনৰ দৰে অলৌকিক আৰু মায়াবী৷
আমাৰ মানুহ আছিল মুঠতে ছটা৷ দে, মই, শান্তনু, মণ্ডল, গাঁওবুঢ়া আৰু বি.চি.এচ.ইউ.ৰে সদস্য বনকুমাৰ৷ শান্তনুৱে গধূলিৰ পৰাই খুব আগ্ৰহ আৰু উৎসাহেৰে আমাৰ কাম-কাজবোৰ চাই আছিল কিন্তু সেই নিশা খন পৰুৱাই পোৱা মানুহৰ দৰে অৰণ্যত ঘূৰি ফুৰা আমাৰ কথা-কাণ্ড দেখি তাৰ মুখৰ মাত হৰিল৷ মাজনিশা অৰণ্যৰ মাজত গা শিৰ-শিৰাই আহে, শৰীৰৰ প্ৰতি ডাল স্নায়ুৱেই যেন সষ্টম, সক্ৰিয়৷ প্ৰতিটো ইন্দ্ৰিয়ই যেন সজাগ৷ মূৰৰ ওপৰৰ কোনোবা গছ এজোপাৰ পৰা বিণ্টুৰঙৰ মাত ভাহি আহিল৷ গছ বগাই পাৰ হৈ গ’ল জহামাল৷ মাজে মাজে নিশাচৰ চৰাইৰ মাত৷ পূৰ্ণিমাৰ গোল জোন কেতিয়াবাই আকাশৰ মাজ পাইছিলগৈ কিন্তু মূৰ দাঙি থিয় হৈ থকা বিয়াগোম গছবোৰৰ বাবে জোনাক অৰণ্যৰ মাজত বিয়পি পৰিব পৰা নাছিল৷ ডাৱৰে আৱৰা সেই আধা জোনাক আৰু আধা ছাঁৰ মাজত ভীষণ মায়াবী লাগিছিল উল্টাপানীৰ অৰণ্য৷
বোকাত লাগি ধৰে বাবে মই চেণ্ডেল খুলি হাতত লওঁ কিন্তু পানীত নামিলেই গাঁওবুঢ়াই কয়, “চেণ্ডেল পিন্ধ, শামুকে ভৰি কাটিব’’
শিলৰ ফাঁক আৰু কাষত পৰি থকা শামুকবোৰ নিশ্চল কিন্তু ৰঙা মটীয়া ’খাংখ্ৰাই’ অৰ্থাৎ কেঁকোৰাবোৰ কিন্তু আমাৰ খোজৰ কম্পনত দৌৰি গৈ বালিৰ মাজত সোমাই মুহূৰ্ততে অদৃশ্য হৈ পৰে৷ সমুখৰ বালিত কেইটামান শৰ পহুৰ খোজ৷ আমি অহাৰ আগলৈকে সিহঁতে তাতে মেটেকা খাই আছিল৷ কণ কণ শিল আৰু বালিৰ পানী-যুৱলিত সিহঁতৰ খোজবোৰ পৰি আছিল৷ নৈৰ বুকুৱে বুকুৱে আমি বহুদূৰ আগুৱালোঁ৷ গাঁওবুঢ়াৰ মতে তাতকৈ আৰু আগবঢ়া ঠিক নহয়৷ গতিকে আমি উভতিবলৈ ল’লো৷ নৈৰ পাৰৰ যুৰীয়া গছ দুজোপাৰ মাজেৰে ঠিক সেই মুহূৰ্ততে আকাশত দেখা গ’ল পূৰ্ণিমাৰ গোল জোনটো, ভৰি ৰৈ গ’ল মোৰ শামোখা নৈৰ বুকুত৷ কথা আছিল নৈ পাৰ হৈ আমি পাৰলৈ উঠিম আৰু বাকী চোৱা বাট আমি হাবিৰে আহিম৷ কিন্তু এই মোহনীয় জোনাকত এই মায়াবী নৈখনৰ বুকু এৰি যোৱা যায় কেনেকৈ! বাকীবোৰ বাটে বাটে গ’ল, গাঁওবুঢ়া আৰু বনকুমাৰ মোৰ সৈতে নৈয়ে নৈয়ে আহিল৷ পাৰলৈ উঠাৰ হাবি কণত খপ-জপাই আহোঁতেও তিনিটা মান জোকে আঙুলিত কামুৰি ধৰিলেই৷ মোক বিতত হৈ ঠেং-ভৰি আচৰা দেখি গাঁওবুঢ়াই যেনিবা খুকুৰীৰ আগেৰে জোক কেইটা এৰুৱাই দিলে৷ সকলো আহি গাড়ীত বহিল৷ মাছ ভাণ্ডাৰৰ পৰা ওলাই পোন্ধৰ-বিশ মিনিটতে বাথৌ মন্দিৰৰ সমুখৰ মেইন ৰাস্তা পালোঁহি৷ বাওঁফালে গাওঁ আৰু সোঁফালে অৰণ্য৷ কোৱাই বাহুল্য যে গাড়ী সোঁফালে ঘূৰিল৷ অৰণ্যত তেতিয়া ৰাতিৰ তৃতীয় প্ৰহৰ৷ প্ৰতিটো পল জীৱন্ত, ক’ৰবাত গাড়ীৰ আগেৰে বন বোন্দা পাৰ হ’ল, ক’ৰবাত দৌৰি দৌৰি শেষত হাবিত সোমাই পৰিল কেটেলাপহু৷ দুয়ো কাষৰ অৰণ্য জুৰি কীট-পতঙ্গৰ ঐক্য-টান৷ মোৰ মনটোৱে হাতী এটা দেখা পাবলৈ বিচাৰিছিল
“কেই নম্বৰলৈকে যাম অ’ আমি?”
কথাটো শেষ হোৱাৰ আগেয়েই বাটৰ কাষতে গছ-পাত খাই থকা প্ৰকাণ্ড মখনা এটাই হেড লাইটৰ পোহৰত চক খাই বিকট চিঞৰ এটা মাৰি সোঁফালৰ অৰণ্যত সোমাই পৰিল৷ অকণমান আগবাঢ়ি গৈ গাড়ী ৰখোৱা হ’ল৷ গাঁওবুঢ়া নামিল৷ লগতে আমিও নামিলো৷ উল্টাপানীৰ অৰণ্য গাঁওবুঢ়াৰ নখদৰ্পণত৷ সি হাবিৰ কাষলৈ গৈ কাণ পাতিলে৷ অলপ আঁতৰতে সৰু-ডাঙৰ আৰু কেইবাটাও হাতীয়ে গছৰ ডাল-পাত মোহাৰি খাই থকাৰ শব্দ আহিছিল৷ ভিতৰত চাহনি আছে৷
মাজে মাজে হাবিৰ পৰা সিহঁতৰ পৰস্পৰ সংযোগী নিম্নস্বৰৰ গৰগৰীয়া মাত ভাহি আহিছিল৷ থিয় হৈ থাকোতে সৰু সৰু মহৰ জাকে হাত-ভৰি ছানি পেলাইছিল আমাৰ। তথাপিও হাতীকেইটাৰ সঙ্গ এৰি যাবলৈ মন যোৱা নাছিল৷ কিন্তু ৰাতি শেষ হ’বলৈ তেতিয়া আৰু বেছি পৰ নাছিল৷ পূৰ্ণিমাৰ জোনো মাজ আকাশৰ পৰা ঢলিবলৈ লৈছিল৷ গতিকে অলপ আগলৈ থকা টাৰ্নিঙটোতে গাড়ী ঘুৰোৱা হ’ল৷ মঙ্গল দাদাৰ ঘৰত সকলো টোপনিত লালকাল৷ কেইবাৰমান ঢকিওৱাৰ পিছত মঙ্গল দাদাই উঠি দুৱাৰ খুলি দিলে৷ মোক নমাই থৈ গাঁওবুঢ়াহঁত উভতি গ’ল৷ কেম্পত গাঁওবুঢ়া আৰু বনকুমাৰক নমাই দি দে হঁত তেতিয়াই ঢালিগাঁৱলৈ উভতিব৷ মাজৰ ৰুমত লক্ষ্মীহঁতে মোৰ বিছনা পাৰিয়েই থৈছিল৷ হাত-মুখকেইটা ধুই আহি মই বিছনাত দীঘল দিলো৷ শোৱাৰ আগেয়ে দুশাৰীমান হ’লেও ডায়েৰী লিখা মোৰ অভ্যাস কিন্তু লিখিবলৈ একেবাৰেই মন নগ’ল৷ সেইদিনা দুপৰীয়া মাথোঁ মানাহৰ পৰা ওলাই আহি ঢালিগাঁও পাইছিলোহি। মই তাৰপিছতেই উল্টাপানীলৈ ওলাই আহিছিলোঁ৷ ভাগৰুৱা শৰীৰটো বিছনাৰ কোলাত এৰি দিয়াৰ লগে লগে মাছ ভাণ্ডাৰৰ পাৰত এৰি থৈ অহা জোনটো চকুৰ আগত ভাহি উঠিল আৰু সেই জোনাকত মায়াবী হৈ থকা মোৰ মৰমৰ শামুখাংখ্ৰাই নৈখন৷
টোপনিত ঢলি পৰাৰ আগেয়ে কাৰোবাৰ ঘৰৰ পৰা কুকুৰাৰ দীঘল ডাক ভাহি আহিল –

কু ক্কু ক্কু উ কু ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক