উশাহ (মিতালী গোস্বামী)

–টিং টং টিং টং–
দুৱাৰখন শতাব্দীয়ে খুলিলে। তাইৰ খোজৰ গতিত আজিও লাস্যময়তা!
:তুমি আহিবা বুলি জানিছিলোঁ। আহা।
মুখখন উজ্বলি উঠিছে তাইৰ। প্রফুল্লিত নয়ন ; উচ্ছ্বাসিত কন্ঠস্বৰ! আজিও তেন্তে একে আছে তাই! মনৰ মাজত গুজৰি-গুমৰি থকা সংকোচ ভাৱটো নিমিষতে ছাঁই হৈ গ’ল। শতাব্দী এই চহৰতে থাকে বুলি অৰুণাভে জানে; এই অট্টালিকাত থাকে বুলিও জানে। কিন্তু অহাৰ সাহটোহে গোট খোৱা নাছিল। ক’বতো নোৱাৰি; মানুহে কি কয়!
০০০০০০০০

: তোমাৰ চকুৰ গুৰিহাল ইমান ক’লা পৰিছে।
: কেইবাৰাতিও শুব পৰা নাইযে!
শতাব্দীৰ পোন উত্তৰ। অঁকাই-পকাই কথা ক’ব নাজানে তাই ।
: কিন্তু কিয় ?
সুধোঁ বুলিও সোধা নহ’ল কথাষাৰ। ওঁঠৰ মাজত বান্ধ খাই ৰৈ গৈছেচোন শব্দবোৰ। চোৰৰ দৰে এটা ৰাতি এই মহলত তহল দিবলৈ ইচ্ছা হৈছে ; তাইৰ মেলা চুলিকোচাৰ মাজত অৱাধে বিচৰণ কৰিবলৈ ইচ্ছা হৈছে অৰুণাভৰ। পুৰণি অভ্যাস!
: চাহ একাপ কৰোঁ।
: নালাগে।
: খাবই লাগিব। মইও খাম।
অৰুণাভক জোৰ কৰাৰ অধিকাৰ এতিয়া আৰু শতাব্দীৰ নাই। তথাপি .. ?  উঠি গ’ল তাই।

০০০০০০০০

ইলেক্ট্রিচিটি বিলখন দিবলৈ গৈয়ে কেনাটো লাগিল। শতাব্দী আৰু অৰুণাভ একলগ হ’ল । আৰু তাৰেই পৰিণতিত বাধ্য হৈ সি আজি তাইৰ ঘৰত আলহী হৈছে।
: তেওঁ কেতিয়া আহিব ?
চাহৰ কাপত শেষৰ শোহাটো মাৰি অৰুণাভে প্রশ্ন কৰিলে। পাতলীয়া হাঁহি এটা শতাব্দীৰ ওঁঠেদি বাগৰি গ’ল। তৃপ্তিহীনতাৰ শুকান হাঁহি ! এই হাঁহি অৰুণাভে চিনি পায় ; ক’লেজে-কেন্টিনে, বাটে-ঘাটে বহুবাৰ দেখিছে।
: জীৱনটোৱে মোক থেকেচি পেলালে অৰুণাভ!
অসহায় মানুহজনীৰ মাতটো কঁপিছে । তাইক আৰু একো এটা সোধাৰ সাহ নহ’ল। কথাবোৰ কোনফালে যায় ঠিক নাই। জানে সি ; টকাৰ মাজত সুখী হ’ব পৰা ছোৱালী শতাব্দী নহয়। সৰগৰ দিব্য পাৰিজাতপাহ থেকেচা খাই মাটিত পৰি আছে ; অলপ ইফাল-সিফাল হ’লেই যেন মোহাৰ খাই লেৰেলি যাব। সিওতো তাইক প্রতাৰণা কৰিলে ; সঁচা ভালপোৱাবোৰৰ বিনিময়ত মিছা প্রতিশ্রুতি কিছুমান দি। টকা আৰু ষ্টেণ্ডার্ড নোহোৱা বাবে হ’বলৈ লৈও বিয়াখন নহ’ল।
: যাওঁ দিয়া। বহু ৰাতি হ’ল।
অৰুণাভ থিয় হ’ল।
: অঁ ৰাতি ? হ’ল! অৱশ্যে ইয়াত বাৰটা এটালৈ এন্ধাৰ নানামে। কেতিয়াবা গোটেই নিশাও।
সামান্য হাঁহিৰে কৈ উঠিল তাই। শতাব্দীৰ মাতত ক্ষোভৰ আস্ফালন! তাইৰ অন্তৰত যেন উভতি বৈছে অভিমানৰ পচোৱা বতাহ। মানুহজন গোটেই ৰাতি কেতিয়াবা ঘৰলৈ নাহে বুলি কাৰোবাৰ মুখে অৰুণাভে শুনিছিল। অকলশৰে থাকিবলৈ শতাব্দীয়ে বেয়া পায় ; সেয়াও জানে।
অৰুণাভে একো নামাতিলে। বেছিপৰ আৰু ইয়াত থকা উচিত নহ’ব। এতিয়া জীৱনৰ মাত্রা সলনি হ’ল। তাৰ আৰু তাইৰ ; উভয়ৰে। এইবাৰ মাঘত বিয়াখন পাতো বুলি ছোৱালীজনী ঠিক কৰিছে।

০০০০০০০০
: অতদিনে তোমাক নাপালোঁ। কিন্তু এতিয়া ? হেৰুৱাব নোৱাৰোঁ। আকৌ আহিবানে ? কোৱা, আহিবানে আকৌ ?
গাত ধৰি শতাব্দীয়ে অৰুণাভক জোকাৰি দিলে। তাইৰ কন্ঠস্বৰ দৃঢ়। অৰুণাভৰ চকু দুটা সেমেকি উঠিল। ইমান কাতৰ হৈছে মানুহজনী! কোমল চাৱনিৰে সি তাইলৈ চালে। ওঁঠৰ শব্দবোৰ যেন অনুক্রমে হেৰাই গৈছে ; ঘন হৈছে উশাহবোৰ । ক’ব নেকি বাৰু উশাহবোৰে অন্তৰৰ কথাবোৰ?
ছোৱালীজনী ঠিক কৰাই নহয় দুদিন আগে আঙুঠি পিন্ধোৱাও হৈ গ’ল। সহজ-সৰল অমায়িক ছোৱালী! শতাব্দীক জনোৱা হোৱা নাই! নামটো ক’লে তাই তাইক চিনিয়েই পাব। অলকা !
এদিন ভোগদৈৰ পাৰত সিহঁত আটাইবোৰে অলং দলং খেলিছিল। তাৰপাছত ..? দিনবোৰ বাগৰিল ; সলনি হ’ল সময়!

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments