উষ্ণতা (উজ্জ্বল ফুকন)

ফিকা চাহ একাপ লৈ আকাশ পাতাল ভাবি বুধিন বৰা আৰামী চকিখনত বহি আছে। কোমল ৰ’দটো লৈ বাতৰি কাকত পঢ়াটো বৰাৰ পুৰণা অভ্যাস। সন্মুখৰ আলিবাটটো চাই চাই বৰাই ভাবিলে..অৱসৰ লোৱা চাওঁতে চাওঁতে ৮ বছৰেই হ’লহি। ডাঙৰজনী ছোৱালী শান্তিৰ বিয়া হৈ ল’ৰা পোৱালি এটি হোৱাৰো ৬ বছৰ হ’ল। সৰুজনী ছোৱালী মুন্নি আৰু এতিয়া ওচৰ চুবুৰিয়া ল’ৰামখাৰ কাৰনে সৰু হৈ থকা নাই। ৰাতি ৰাতি বৰাৰ ঘৰৰ কাষেৰে উকি মাৰি যোৱা ল’ৰাৰ সংখ্যা কম নহয়। কেতিয়াবা কোনোবা এটাই চিঞঁৰি যোৱা শুনে..”মুন্নি ঐ..বৰাক কবি গৈ.. বাটত লগে পালে জোঁৱাই বুলিবলৈ |” পিছে বৰাৰ এই কেইদিন সেই ল’ৰাজাকৰ কথা ভাবিবলৈ সময় নাই..শান্তিৰ ল’ৰাটোৱেহে বৰাক নাকত ধৰি চাকত ঘুৰাইছে। শান্তিৰ মাকৰ ঘৰলৈ ফুৰিবলৈ অহা এসপ্তাহেই হ’ল। শান্তিৰ গিৰিয়েক ভদ্রই ল’ৰাটোৰ নাম দিছে গহীন..যি গুণ তাৰ গাত সমূলি নাই। বৰাই কাকতখন লৈ ব্যস্ত হৈ থাকোতেই গহীনে আৰামী চকিৰ কাষত বহি প্রশ্ন সোধা আৰম্ভ কৰিলে। গহীনৰ হাতত তিনিটা জলকীয়া.. এটা সাধাৰন জলকীয়া..এটা কণ আৰু আনটো ভুত জলকীয়া।

“ককা..কোৱাছোন কোনটোৰ জ্বাল বেছি?”

বৰাৰ উত্তৰ নিদি উপাই নাই..দুদিন আগতে বৰাই কিবা এটা উত্তৰ নিদিয়া কাৰণে শুই থাকোতে গহীনে বৰাৰ চুৰিয়াৰ গাঠিটো খুলি দিছিল। সাৰ পাই নিজকে যি ৰূপত দেখিলে সেইটো ভাবি এতিয়াও বৰাৰ কান মূৰ ৰঙা হৈ যায়। ভুত জলকীয়াটোলৈ আঙুলীয়াই বৰাই কলে – “এইটো আটাইতকৈ জ্বলা” | “বেছ তেন্তে ,তোমাৰ পছন্দ মতে আজি ৰবাব টেঙাৰ লগত ভুত জলকীয়া খাম |” গহীনে কথাষাৰ কৈয়ে বৰাক পুখুৰীৰ পাৰলৈ টানি লৈ গ’ল। বৰাৰো বহুদিনৰ পৰা ৰবাব টেঙা খোৱাৰ মন এটা আছিল, সেয়েহে নাতিয়েকৰ এই প্রস্তাৱটো সিমান বেয়া নাপালে তেওঁ।
কলপাত দুখন কাটি বৰাই তিনিটা ৰবাব টেঙা পাৰি আনিলে। গহীনে একান্তমনে ককাকৰ ৰবাব টেঙা গুছোৱা পদ্ধতি চাই থাকিল। প্রথমবাৰৰ বাবে ককাকে নাতিয়েকক সঁচাকৈয়ে গহীন দেখিলে। ডাঙৰ কলপাতখনত ৰবাব টেঙা কেইটা গুছাই বৰাই অলপ নিমখ তেল লৈ সানিবলৈ ধৰিলে। ভুত জলকীয়াটো তাতে থেতালি আঙুলীকেইটাৰে ভালকৈ সানি দিলে। সৰু সৰু দুখন পাতত শান্তি আৰু পদুমীলৈ সজাই বৰাই নাতিয়েকক দি আহিবলৈ কলে। নাতিয়েক উঠি যোৱাৰ ছেগ বুজি বৰাই কাষৰ জোপোহাটোৰ আৰঁত সৰুপানী চুবলৈ বহিল।
কলপাতত থেতালি খাই পৰি থকা ভুত জলকীয়াটোৱে বৰা যোৱালৈ চাই যেন এটা মিচিকিয়া হাঁহি মাৰিলে। বৰাইও আঙুলীত ভুত জলকীয়া লাগি থকা কথাটো একেবাৰে পাহৰি থাকিল। অলপ সময়ৰ পাছত জোপোহাটোৰ মাজৰপৰা জ্বৰে ঘমা দি ঘামি বৰা উলাই আহিল। গেঞ্জীটো ঠাইতে খুলি চুৰিয়াখন কোচাই ককাকক পুখুৰীলৈ নামি যোৱা দেখা পাই গহীনে একো বুজি নাপালে। ককাললৈ পানীত সোমাইহে বৰাই অলপ সকাহ পোৱা যেন পালে।
এনেতে পদুমী আহি বৰাক ককাললৈ পুখুৰীত সোমাই থকা দেখি সুধিলে—“হেৰি হয়নে ! অসময়ত পুখুৰীৰ মাজত সোমাই কি কৰি আছে? আৰু মানুহটো ঘামিছে কিয় ইমান”? “ককাই ভুত জলকীয়া খালে যেন পাইছো” — গহীনে হাঁহি হাঁহি আইতাকক ক’লে। বৰাই কি উত্তৰ দিব ভাবি নাপাই তালু গৰম হৈ গল। যি কৰে কৰি থাকক বুলি পদুমী অহা বাটে উভটিল। গহীনে টেঙা খাই খাই প্রশ্ন আৰম্ভ কৰিলে – “ককা জানানে ভুত জলকীয়া বোলে পৃথিৱীৰ আটাইতকৈ জ্বলা জলকীয়া”? বৰাই একো উত্তৰ নিদিলে , মাথো মনে মনে ভাবিলে ইয়াৰো পাছফালে অলপ লগাই দিওঁ নেকি? বপুৰাই গম পাওক ভুত জলকীয়া যে কেৱল খালেই নোপোৰে , চুলেও পোৰে।
“লেখি শিকা, দেখি শিকা আৰু থেকি শিকা” সৰুতে দেউতাকে বৰাক শিকওৱা কথাষাৰ মনত পৰি গল।
ষাঠিৰ ডেওনা পাৰ হোৱাৰ পাছত ভুত জলকীয়াৰ জ্বলাই যেন থেকি থেকি বৰাক জ্বলাৰ প্রমান দিলে।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক