উৎসৱ, The Pursuit of Performance : সমুদ্র কাজল শইকীয়া

উৎসৱ, The Pursuit of Performance

সমুদ্র কাজল শইকীয়া

 

(এই কাহিনীটো ১৯৯০ চনৰ, বিশ্বনাথ চাৰিআলিৰ। চৰিত্রসমূহ কাল্পনিক।)

ঘাঁহনিত বহি পিছফালে হাতদুখন থৈ তাতে ভেঁজা দি নয়নীয়ে ওপৰলৈ চাই আছে। বগৰীজোপাৰ পাতৰ ফাঁকে ফাঁকে অহা সূর্যৰ পোহৰ তাইৰ মুখত পৰিছেহি যদিও তাইৰ চকুত ধৰা নাই। কাষতে ঘাঁহনিত পেট পেলাই ভাঁজ কৰি ৰখা হাতৰ কিলাকুটিৰ ওপৰত থুতৰিৰ ভৰ থৈ কাজুৱে ভৰি দুখন নচুৱাই আছে। ববচা বনৰ কুটা এডাল মুখতে লৈ খেলা কৰি কৰি কাজুৱে সুধিলে, “আজি কিবা কাৰণত তোৰ মন বেয়া নেকি?” নয়নীয়ে একো নক’লে। তাই কিবা ভাবত বিভোৰ। “আজি দেখোন শেনৰ এজাত। ইমান পৰ ধৰি তই মনে মনে আছ যে?”

“কাজু, তই যে কৈ থাক’, মই ক’লে তই যি কোনো কাম কৰিব পাৰ, এইবাৰ কিবা এটা কওঁ? মই পকা বগৰী এটা দেখিছোঁ”।
“এটাহে দেখিলি নে? পকা বগৰী এই গছজোপাত কমেও এশটা আছে।”
“নহয়, মই এটা দেখা পাইছোঁ, মই সেইটোৱেই খাম।”

এইবাৰ কাজু উঠি বহিল। নয়নীয়ে আঙুলি টোঁৱাই দেখুৱালে। কাজু অলপ সময় ৰ লাগি চালে। পকা বগৰী এটা মোক খা মোক খা কৰি জিলিকি আছে। সি মাটিৰ পৰা চপৰা এটা বুটলি ল’লে। কিন্তু কিবা এটা ভাবি চপৰাটো আকৌ পেলাই দিলে।

“সেয়া মই জানো নহয়, সেই বগৰীটো পাৰিবৰ সাধ্যই তোৰ নাই। জানো পাই, বগৰীটো কেতিয়া খাবলৈ পাম! কাইলৈ পাৰি দিম বাৰু বুলি নক’বি কিন্তু, তোৰ আকৌ যি হে কথা পাহৰা অভ্যাস।” নয়নীয়ে পেংলাই কৰি ক’লে।
“তই চাই থাক” বুলি কৈ কাজুৱে বগৰীজোপাৰ গাত দুহাতমান বগাই গছজোপা লৰাব পাৰে নেকি চেষ্টা কৰিলে।
“তেনেকৈ নহ’ব। এসোপামান বগৰী হৰহৰাই সৰিব। তাৰ মাজত সেই বগৰীটো মই কেনেকৈ বিচাৰি উলিয়াম?”

এইবাৰ কাজুৱে তলৰ ফালে কেইটামান বুতাম নথকা চোলাটোৰ তলৰ কোণা দুটা গাঁঠি মাৰি বান্ধি লৈ গপাগপে গছজোপা বগাই উঠিবলৈ লাগিল। কোনোমতে বগাই হাকুটিয়াই সি বগৰীটো আনিলে। বগৰীটো হাতৰ তলুৱাত লৈ বীৰবেশে যেতিয়া কাজুৱে নয়নীৰ চকুৰ সন্মুখত মেলি ধৰিলেহি, নয়নীয়ে হাতৰ তলুৱাৰে কাজুৰ হাতৰ তলুৱাখনত তলফালৰ পৰা চপৰিয়াই বগৰীটো ওফোৰাই পেলাই দি লৰ ধৰিলেঃ “নাখাওঁ যা তোৰ বগৰী!”

মাটিত পৰি থকা বগৰীটোলৈ চাই কাজু ৰৈ থাকিল। তাৰ পিছত নয়নীৰ পিছে পিছে সিও লৰ ধৰিলে।

উপেনহঁতৰ বাৰীৰ পিছফালে থকা বেল গছজোপাৰ তলেদি দৌৰি গৈ গৰুৱে ভাঙি থোৱা জেওৰাখনেদি দেও দি পাৰ হৈ তাই লুং লুঙীয়া ৰাস্তাটোত উঠিলেগৈ। দৌৰি দৌৰি গৈ আলি কেঁকুৰিটো পাওঁতেই দেখিলে পঙ্খীবা আৰু যুগলদা কিবা কথাত মছগুল হৈ এল পি স্কুলৰ ফালে গৈ আছে। কান্ধত ঢোলটো লৈ বাওঁহাতেৰে চাইকেলখন ঠেলি ঠেলি গৈ থকা যুগলদাক দেখি নয়নীয়ে কিবা এটা ভাবিলে আৰু আকৌ ৰাণীহঁতৰ ঘৰৰ ফালে ঢপলিয়াবলৈ আৰম্ভ কৰিলে।

ৰাণীহঁতৰ ঘৰৰ পদূলিৰ পৰা দুবাৰমান চিঞৰি চিঞৰি সঁহাৰি নাপাই তাই ঘৰৰ ভিতৰলৈকে সোমাই গ’ল। ‘ঘৰত কোনো নাই হ’বলা’, তাই ৰাণীহঁতৰ বাহিৰৰ ফালে থকা কোঠালিটোতে মেল খাই থকা দুৱাৰখনেদি দেখিলে: এসোপামান কাপোৰ সোঁত-মোচ খাই বিচনাখনতে পৰি আছে। ঘৰৰ বাকীবোৰ বস্তুও ছেদেলি ভেদেলি হৈ আছে। ৰাণীৰ বুঢ়ীমাক শাক বুটলিবলৈ বুলি শাকনিলৈ সোমাইছিল। নয়নীক দেখা পাই তেওঁ শাকনি বাৰীৰে পৰাই চিঞৰ ধৰিলে: আকৌ আহিলিনে তহঁত মোৰ ঘৰ লেতেৰা কৰিবলৈ! নয়নীয়ে সেই ঠাইৰ পৰাই উভতি আকৌ লৰ ধৰিলে। তাই বুজিলে, এতিয়া ৰাণীহঁত ক’ত থাকিব পাৰে।

নয়নীৰ পিছে পিছে আহি কাজুও ধন খুৰাহঁতৰ বহু দিনৰে পৰা আধা সাজি থৈ দিয়া দেৱাল গঁঠা কিন্তু প্লাষ্টাৰ নকৰা ঘৰটো পালেহি। ধনখুৰাৰ এই আধা সজাকৈ পৰি থকা ঘৰটোতে সিহঁতে মনে মনে আহি খেলি থাকেহি। কোনেও গম নাপাওক বুলি বুদ্ধি কৰি বাহিৰৰ পৰা দুৱাৰত কাঠৰ মূঢ়া এটা ভেজা দি লয়। দেৱাল গাঁঠিবলৈ মিস্ত্রিয়ে ব্যৱহাৰ কৰা ওখ দুই খলপীয়া ঢেঁকী এটাতে কাপোৰ আঁৰি ৰাণীহঁতে মঞ্চ এটা সাজি উলিয়াইছে আৰু তাতেই ফাংচন পাতিছে। ৰাণী, বাবলু, প্রণামী, অতুল আটাইমখা তাতেই আছে। কোনোবাই বাঁহৰ মুঢ়া এটাত কাটি উলিওৱা মাইক্র’ফোন এটা মুখৰ আগত লৈ গান গাইছে, কোনোবাই গামোছা এখনকে চাদৰৰ দৰে গাত মেৰিয়াই লৈ নাচিছে, কোনোবাই টর্চ এটাৰ সন্মুখত আঙুলিৰে লিৰিকি বিদাৰি লাইটিং এফেক্ট দিবলৈ চেষ্টা কৰিছে। নয়নী আৰু কাজু সেইখিনি পোৱাৰ লগে লগেই গোটেইবোৰে আহি সিহঁতক বেৰি ধৰিলেহি। “আজি তঁহত দুয়োটা ক’লৈ গৈছিলিগৈ? কালিয়েই আমি ফাংচন পাতিম বুলি কোৱা নাছিলোঁ?”

কিন্তু নয়নীৰ আজি এই মিছামিছি ফাংচন ফাংচন খেলাত একেবাৰে মন নাই। তাই পঙ্খীবা আৰু যুগলদাৰ কথা সুধি গম পালে যে সিহঁত ৰিহার্চেল কৰিবলৈ এল পি স্কুললৈ গৈছে। তাই কোনোমতে ফাঁকি-ফুকা দি ৰাণীহঁতৰ পৰা বিদায় লৈ কাজুৰ হাতখনত থাপ মাৰি ধৰি কাজুক প্রায় চোঁচৰাই নিয়া দি ধনখুৰাৰ আধাসজা ঘৰটোৰ পৰা বাহিৰলৈ উলিয়াই নিলে। তাৰপিছত আকৌ স্কুলখনৰ ফালে ঢপলিয়াবলৈ ধৰিলে।

নয়নীয়ে খুব দৌৰিব পাৰে। তাইৰ লগত পৰি বেছেৰা কাজুও দৌৰি দৌৰি ভাগৰি গৈছে। স্কুলতো সিহঁত দুটাক দেখি আটায়ে খুব আলহ উদৰ কৰিলে।

“হে’ৰ মাৰ-বাপেৰে তোক আহিবলৈ দিলেনে?” যুগলদাই নয়নীক ‘কাট’ মাৰি ক’লে যদিও নয়নীয়ে বেয়া নাপালে।
“নহয় মই গমেই পোৱা নাছিলোঁ”।
“নাচিবিনে?”
নয়নীয়ে হা না একো নক’লে। যুগলদাই ঢোলৰ বৰতি ঠিক কৰাত লাগিল।

পঙ্খীয়ে আগবাঢ়ি আহি মৰমেৰে ক’লেহি, “হাতত সময় নাই। পৰহিলৈকে সাহিত্য সভাৰ প্রচেছন। মানুহ বিচাৰি পোৱা নাই। সাংস্কৃতিক শোভাযাত্রাত নাচিবলৈ মানুহ আগবাঢ়ি নাহে। তই ইচ্ছা কৰিলে এতিয়াও নাচিব পাৰ। বেছি প্রেকটিচ নকৰিলেও হ’ব। অলপমান প্লেন কৰি ল’ম। তই নাচিলেতো আমি ভালেই পাওঁ।”

“আৰু ঐ তীখৰ, তই ঢোল বজাবিনে নাই?” কাজুলৈ চাই যুগলদাই মাত লগালে।
“বজাম বজাম। মোক ঢোলটো দেচোন আগতে।”
যুগলদাই ঢোলটো আগবঢ়াই দিলে। ঢোলটো লৈ কাজুৱে লুটিয়াই বগৰাই চালে।
“কিনো বজাৰৰ গেলা মাছ চোৱাদি চাই আছ? বজা আকৌ”

ঢোল বজোৱাত কাজুৰ নাম আছে। যুগলদা হ’ল মাষ্টাৰ, যুগলদাৰ ওপৰত আৰু কোনো নাই। কোৱা হয়, কাজু যুগলদাৰ একমাত্র উত্তৰসুৰী। কাজুৱে ঢোলত চাপৰ দিলে, ‘এইবেলি বিহুটি খাবলৈ নেপালোঁ মতা ম’হৰখীয়া দিলে…’।ৰিহার্চেলৰ কাৰণে গোট খোৱা আটাইবোৰে নাচিবলৈ সাজু হ’ল। নয়নীও আগবাঢ়ি আহিল। সকলোৰে মুখত হাঁহি বিৰিঙিল। কাজুৱে ঢোল বজালে নয়নীয়ে নেনাচি নোৱাৰে। কাজুৱে ঢোল বজালে আৰু নয়নীয়ে বিহু নাচিলে তাৰ সমান একো হ’ব নোৱাৰে। ডাঙৰ ডাঙৰ বিহুৱতীয়েও তভক মাৰি চায়।

আৰু তিনিদিনৰ পিছতে সাহিত্য সভাৰ অধিৱেশন আছে। এইবাৰৰ সভাপতি নৱকান্ত বৰুৱাদেৱক আদৰি আনিবৰ বেলিকা নগৰখনৰ বাট পথেদি এটা সাংস্কৃতিক শোভাযাত্রা উলিওৱা হ’ব। তাৰ কাৰণেই যুগলদাহঁতে ৰিহার্চেল কৰি আছে। নয়নীৰো মন সিহঁতৰ লগত বিহু নাচিবৰ। নয়নী আৰু কাজু বাকীবোৰতকৈ বয়সত বহু সৰু যদিও আটায়ে সিহঁতক মৰম কৰে আৰু সিহঁতৰ প্রতিভাক আদৰো কৰে। নয়নীক মাক দেউতাকহঁতে নাচিবলৈ নিদিয়ে। সেই কথাটোতেই তাইৰ দুখ।

হঠাৎ বৰষুণ আহিল। অসময়ত বৰষুণ আহা দেখি সকলোবোৰ আচৰিত হ’ল। কাজুৱে ওফাইদাং মাৰি ক’লে, “দেখিছ, মই ঢোল বজাই বৰষুণ আনি দিব পাৰোঁ!” এটা এটাকৈ সিহঁতবোৰ স্কুলঘৰৰ বাৰন্দাৰ পৰা চোতাললৈ নামি গ’ল। ঢোলৰ মাতত বৰষুণ। বৰষুণত বিহুৱতীৰ নাচোন। আকাশত মেঘৰ সশব্দ সমদল।

ৰাতিলৈ ভাত খাবৰ পৰত নয়নীহঁতৰ ঘৰত বেচ উত্তপ্ত পৰিস্থিতি একোটাৰ সৃষ্টি হ’ল। পঙ্খী বা যুগলহঁত হ’ল বয়সত নয়নীতকৈ যথেষ্ট ডাঙৰ। সিহঁতৰ লগত নাচি বাগি ফুৰিলে নয়নীৰ পঢ়া-শুনাৰ কি হ’ব? এনেয়েও নয়নীৰ নচাত নাম আছে। তাই এতিয়া শোভাযাত্রাৰ নামত ৰাস্তাই ৰাস্তাই নাচি ফুৰিলে তাইৰ ৰেপুটেচন বেয়াহে হ’ব। পঙ্খী আৰু যুগল একেলগে ঘূৰি ফুৰাৰ কাৰণে গাঁৱৰ মানুহবোৰে সিহঁতক বৰ এটা ভাল চকুৰেও নাচায়।

ভাতৰ কাঁহীখন সন্মুখত লৈ নয়নীয়ে মাকৰ কথাবোৰ শুনি থাকিল। দেউতাক মনে মনে আছে। দেউতাকৰ মুখ খুলিবৰ প্রয়োজনেই নাই। আৰম্ভণিতে তাই দুই এটা কথা ক’বৰ চেষ্টা কৰিছিল, কিন্তু পাছলৈ বাদ দিলে। তাইৰ মনৰ মাজতহে বহুখিনি কথা, যুক্তি, আত্মপক্ষ-সমর্থন আৰু অজুহাত ঘূর্ণি বতাহৰ দৰে পাক-ঘূৰণি খাই থাকিল। বহুসময় ধৰি হুইছেল মাৰিবলৈ বুলি চিঁ-চিঁয়াই থাকিও হুইছেল নমৰা প্রেছাৰ কুকাৰটোৰ দৰে তাই একো নোকোৱাকৈ মনে মনে থাকিল।

প্রথম কথা, সন্মুখত তাইৰ এতিয়া কোনো পৰীক্ষা নাই। পঢ়া-শুনাৰ ইমান চাপ নাই যে তাই ঘৰৰ পৰা ওলাবলৈ সময়কে নাপাব। পঙ্খীবা এজনী পঢ়া-শুনাত নাম কৰা পোষ্ট-গ্রেজুৱেট ছোৱালী, সিহঁতৰ লগত থাকিলে তাইৰ পঢ়া শুনা কেনেকৈ ক্ষতি হ’ব পাৰে? দ্বিতীয়তে, নয়নী এজনী শিল্পী, তাই নাচিব খোজে, তাই নচা উচিত। তাই নাচিব খোজে মনৰ আনন্দত, ক’ৰবাৰ মঞ্চতেই নাচক বা শোভাযাত্রাত ৰাস্তাতেই নাচক, তাৰ লগত ৰেপুটেচনৰ কি সম্পর্ক থাকিব পাৰে? কাৰোবাৰ বিয়াত পানী তুলিবলৈ যাওঁতে মাকেও দেখোন পিতলৰ ঘটটো কাষত লৈ বাটে বাটে বিয়া নাম গাই গাই গাঁৱৰ মাজেৰ গৈ থাকে। তেতিয়া হ’বলা ৰেপুটেচন বেয়া নহয়! ৰাস পূর্ণিমাৰ দিনা ‘আহা আহা সখীসৱ বৃন্দাবনে যাওঁ’ বুলি দেখোন মতাই-মাইকীয়ে-ল’ৰাই-বুঢ়াই গোটেই গাওঁখনে ঢাপলি মেলে! ভাওনাৰ সময়ত প্রভাত ফেৰী গাবৰ পৰত দেউতাকেও দেখোন গাঁৱৰ ৰাস্তাইদি বৰগীত গাই গাই আগবাঢ়ে, তেতিয়া একা? তৃতীয় কথা, যুগলদা আৰ পঙ্খীবা দুয়োটা নাচে-গানে ভাল আৰু বহুতো সামাজিক কামত আগৰণুৱা। সিহঁতে নিজেই আন দহজনে কি বু-বু বা-বা কৰিছে তাক লৈ চিন্তিত নহয়। সেইবোৰ কথাত নয়নী চিন্তিত হ’বৰ কি কাৰণ থাকিব পাৰে? এইবোৰ কথা নয়নীৰ মনৰ মাজতেহে গুজৰি গুমৰি থাকিল। মুখেৰে ওলাই নাহিল। ওলাব খুজিও ওলাব নোৱাৰা চকুপানীৰ ভৰ চকুৰ কোণত লৈ নয়নী বিচনাত পৰিল।

সুমথিৰা ৰঙৰ ৰ’দৰ কিৰণ আৰু তাতেই হঠাৎ কণিয়াবলৈ ধৰা এজাক বৰষুণ। ৰ’দে-বৰষুণে এখন অচিনাকি হাবিৰ মাজে মাজে নয়নীয়ে বাট বুলিছে। গগণচুম্বী চেগুণ গছবোৰৰ আঁৰে আঁৰে ছাঁ পোহৰৰ অদ্ভূত খেলা। ঢোল-খোল, দবা আৰু বৰকাঁহ একেলগে বাজিছে। চাউলৰ গুৰি হেন বৰষুণ সৰিছে। যেন বিয়াত কোনোবা কইনাঘৰত দৰা আহিবৰ সময় হৈছে আৰু ল’ছালিবোৰে অতপালি কৰি চাউলহে ছটিয়াইছে। ঢোল-খোলৰ মাতটো কাষ চাপি আহিছে, লগতে বহুতো মানুহৰ হাঁহি-খিকিন্দালি। তাই আৰু অলপ আগবাঢ়ি গৈ উমান পাবৰ চেষ্টা কৰিলে। তাই দেখিলে শাল-চেগুণ আৰু আম গছৰ ফাঁকে ফাঁকে কাৰোবাৰ বৰযাত্রী আহি আছে। একেবাৰে সন্মুখত গাওঁবুঢ়াৰ দৰে মানুহ এটা কোবাকুবিকৈ আহি আছে। বাকীবোৰতকৈ তাৰ খোজ-কাটল নিমিলে। বাকী মানুহখিনিক গায়নে-বায়নে আদৰি আনিছে। তেওঁলোকৰ পিছে পিছে পাটৰ বুটা-বছা কাপোৰ পিন্ধা এজাক নাচনী। দৰাটোৱে মুখখন বগা ৰুমাল এখনেৰে ঢাকি ধৰিছে। তাৰ পিছে পিছে ঢোল লৈ যুগলদা। তেওঁৰ পিছে পিছে মুগাৰ সাজ পিন্ধা আৰু এজাক নাচনী। তাই দূৰৰে পৰাই উমান পাবৰ চেষ্টা কৰিলে, ৰাণী, বাবলুহঁতৰ কোনোবা আছে নেকি! কাষ চাপি অহাতহে তাই দেখিলে এইবোৰ দেখোন মানুহ নহয়। কোবাকুবিকৈ আহি থকা গাওঁবুঢ়াটো দেখোন শহাপহু এটাহে। দৰাটো এটা শিয়াল। শিয়াল এটাৰ বিয়াও ইমান ধুমধামকৈ হয় নে? তাই আমগছ এজোপাৰ আঁৰত ৰৈ আলেখ-লেখ চাই আছিল। তাই আৰু অলপ আগবাঢ়ি গৈ চাব খোজোতেই শহাপহুটোৱে তাইক দেখি তভক মাৰি ৰ’ল। সি হাত দাঙি বাকীবোৰক ৰখালে। খোল-তালৰ মাত বন্ধ হ’ল। বিয়ানাম বন্ধ হ’ল। আটাইবোৰেই তাইলৈ চকু ঘোপা কৰি চালে। যেন তাই চিৰিয়াখানাৰ পৰা পলাই অহা কোনোবা জানোৱাৰহে। যেন তাই কিবা নকৰিবলগীয়া কামহে কৰিলে। ভয় খাই তাই উভটি পলাবলৈ বিচাৰোতেই আমগছৰ মুঢ়া এটাতে উজুটিত হামখুৰি খাই পৰিবলৈ ধৰিছিলেই, তেনেকুৱাতেই কাজু আহি তাইক ধৰিলেহি। কাজু যে তাইৰ পিছে পিছে আহি এইখিনি পাইছিলেহি তাই গমেই পোৱা নাছিল। ঐ নয়নী, ঐ নয়নী বুলি কাজুৱে মাতিলে।

কাজুৰ মাতত তাই সাৰ পালে। খকমকাই সাৰ পাই উঠি নয়নী বিচনাত বহিল। তাই গম পালে, তাই সপোন দেখি আছিল আৰু এতিয়াহে কাজুৰ মাতত সাৰ পালে। স্কুললৈ যাবলৈ আহি কাজুৱে তাইক মাতি আছেহি। তাইৰ আজি শুই উঠোতে ইমান দেৰী হ’লনে!

স্কুলৰ পৰা আহি নয়নী আৰু কাজু ৰিহার্চেললৈ যোৱাৰ কথা আছিল। কিন্তু আজি নগ’ল। সিহঁত দুইটা আহি বিলৰ পাৰত বহি থাকিলেহি। কাজুৱে ক’লে, “তই মন মাৰি নেথাকিবি। কিবা এটা কৰিব লাগিব”।
“কিবা এটা কৰিব লাগিব মানে কি কৰিবিনো?”
“ৰ’বিচোন, মন মাৰি থাকিওতো লাভ নাই। মই আছোঁ নহয়।”
“মই নাচিবলৈ নোপোৱাৰ কাৰণেই নহয়, আজি ৰাতিপুৱা দেখা সপোনটোৰ কথা ভাবিহে কিয় জানো মনটো কেনেবা কেনেবা লাগি আছে”
“কি দেখিছিলিনো?”
“মই দেখিলোঁ ৰ’দো দিছে বৰষুণো দিছে, আৰু তাতে খৰা শিয়ালৰ বিয়া পাতিছে”। নয়নীয়ে লাহেকৈ হাঁহিলে।।
“খৰা শিয়ালৰ বিয়া? ভাল হে কথা। তাত মন বেয়া কৰিবলৈ কিটো আছে?”
“নহয়, মোৰ কাৰণেই বিয়াখন নষ্ট হ’ল। মই মনে মনে দৰা অহা চাই আছিলোঁ, সিহঁতে মোক দেখিলে। মোক দেখি সিহঁতবোৰৰ বিয়ানাম, ঢোল-পেঁপা সকলোবোৰ বন্ধ হৈ গ’ল। সিহঁতে মোলৈ ইমান বেয়াকৈ ট ট কৈ চাই আছিল, মইনো ইমান বেয়ানে?”
নয়নীৰ চকু দুটা সেমেকি উঠিল।
“ধেৎ কান্দুৰী!”
“ঐ মই কান্দুৰী নহয়।”
“বাৰু তই এটা কথা ক’চোন। খৰা শিয়ালৰ বিয়াখন বাৰু ডাঠ হাবি এখনৰ মাজত হৈছিল নেকি?”
“অঁ, তই কেনেকে’ গম পালি?”
“মই সব গম পাওঁ। আৰু এটা কথা ক’চোন! সিহঁতবোৰ বাৰু জংঘলৰ মাজৰ কিবা ধোৱাঁৰ মাজৰ পৰা ওলাই আহিছিল নেকি?”
“ওঁ… এৰা হয়, তই কেনেকৈ জানিলি?”
“দেখিছ, মই সব জানোঁ।”
“ক’চোন কেনেকৈ জানিলি?”
“আঁকৰী ক’ৰবাৰ। এনেয়েই ক’লোঁ। ৰ’দো দিছে বৰষুণো দিছে খৰা শিয়ালৰ বিয়া, ঘৰচিৰিকাই তামোল কাটিছে আমাকো এখন দিয়া। আমাৰ দেখোন এনেকুৱা নামেই আছে।”
“এৰা, হয়তো”
“তই এনেয়ে ভয় খালি। ভয় পাদুৰা ক’ৰবাৰ”।
“মোক ভয়পাদুৰা বুলি নক’বি”
“ভয় পাদুৰী”
এই বুলিয়াই কাজু উঠি লৰ মাৰিলে। কাষতে পৰি থকা এছাৰি এডাল তুলি লৈ কাজুক মাৰিবলৈ বুলি নয়নীয়েও পিছে পিছে খেদা ধৰিলে।

কিন্তু দৌৰাত কাজুৱে নয়নীৰ লগত ফেৰ মাৰিব নোৱাৰে। নয়নীয়ে কাজুক ধৰিলেগৈ। আকৌ দুইটা ঘাঁহনিতে বহি পৰিল। এইবাৰ কাজুৱে সি দেখা সপোন এটাৰ কথা ক’লে। সি হেনো কোনবা ল’ৰা এটাক দেখে, ল’ৰাটোৱে তাক ক’ৰবালৈ মাতি থাকে। ক’লৈ মাতে সি নাজানে, কিন্তু মাতি থাকে। কালি ৰাতি ল’ৰাটো নাৱৰীয়া এটা হৈ আহিছিল, নদীৰ সিপাৰৰ ক’ৰবালৈ হেনো মাতি আছিল।
“মই দেখোন সপোন দেখিলে তোক কৈ দিওঁ। তইহে মোক একো নকৱ”। নয়নীয়ে অভিযোগ কৰিলে।
“নহয়, মই ৰাতিপুৱাৰে পৰাই ক’ম ক’ম বুলি ভাবি আছিলোঁ। কিন্তু পাহৰণিতে থাকি গ’ল”।

“কাজু, তোৰ কথা পাহৰাৰ অভ্যাসটো নগ’ল আৰু!”

নক’লেও হ’ব যে কাজু আৰু নয়নী খুব নলে গলে লগা বন্ধু। দুয়োটাৰ মাজত মিল যিমান অমিলো সিমান। কাজিয়াৰো অন্ত নাই মিলৰো অন্ত নাই। শোভাযাত্রাত নাচিবলৈ যে নয়নীৰ খুব মন সেই কথাটো কাজুৱে বুজি পাইছে। সি নয়নীক কথা দিলে যে সি কিবা এটা কৰি হ’লেও নয়নীক নচুৱাবই। কাজু তেনেকুৱাই। কিন্তু কেনেকৈ? দুয়োটাই এটা পাং পাতিলে। কাইলৈ দেওবাৰ। ঘৰত কোনেও গম নোপোৱাকৈ সিহঁত দুটা শোভাযাত্রাত নাচিবলৈ আৰু ঢোল বজাবলৈ ওলাই যাব। বচ্ । কিন্তু সাজিব-কাচিব লাগিব, মুগাৰ মেখেলা পিন্ধিব লাগিব, খোপা বান্ধিব লাগিব, সেইবোৰ কেনেকৈ সম্ভৱ? ঘৰৰ মানুহে দেখোন গমেই পাই যাব!

“আৰে নয়নী, আমি ধনখুৰাহঁতৰ সেই আধাসজা ঘৰটোতে মনে মনে মেক আপ কৰিম”।
“কিন্তু মুগাৰ মেখেলা ক’ত পাম? মাক খুজিবতো নোৱাৰোঁৱেই, গমেই পাই যাব!”
“সেইবোৰ দায়িত্ব তই মোৰ ওপৰত এৰি দে”, কাজুৱে ক’লে।

নিৰু নামেৰে কাজুৰ বায়েক এজনী আছে। সন্ধিয়া বায়েকক মুগাৰ সাজ এজোৰ খুজিবলৈ গৈ কাজুৱে বায়েকৰ বকনি খাই উভটি আহিল। কাষৰ ঘৰৰ অকণবাৰ ওচৰলৈ গৈয়ো নিৰাশ হৈ উভটি আহিল। শেষত উপায় নাপাই ৰাণীহঁতৰ ঘৰ ওলালগৈ। সি বুজিলে চিধা আঙুলিৰে আৰু ঘিঁ উলিয়াব নোৱাৰি, তাৰ ভৰসাৰ ঠাই আটাইবোৰ শেষ। ৰাণীৰ বুঢ়ীমাক জনীয়ে মুখেৰে কেটেৰা-জেঙেৰা মাৰি থাকে যদিও মানুহগৰাকীক ভালৰি লগা কথাৰে ভুলাবলৈ ভাল। সি তেখেতকে গৈ বায়েকে ফুল বাচিবলৈ নে কি জানো কাৰণত ৰাণীৰ আইতাকৰ ৰিহা এখন খুজি পঠাইছে বুলি ক’লেগৈ।

“এহ, বায়েনো বাৰু মোক পঠাব লাগেনে আইতা, চোৱাচোন বাজনী যে কেনেকুৱা! এটা কামকে কৰা, ৰিহাখন, চাদৰখন আৰু মেখেলাখনো দি দিয়া একেলগতে। কি কাৰণতনো বিচাৰিছে নাজানোঁ যেতিয়া আটাইবোৰকে লৈ যাওঁ। যিখন লাগে লাগিব, যি খিনি নেলাগে কাইলৈ ৰাতিপুৱাতে মই দি থৈ যামহি। নে কি কোৱা আইতা?”
“মোৰ মূৰটো চোবাই নেথাকিবি, এইয়া চা, কি লাগে লৈ যা। মই গোঁসাই ঘৰত সোমাব লাগে। আৰু সজে সজে আটাইবোৰ দি যাবিহি। নেপাহৰিবি কিন্তু।”

কাজুৰ কাম সিজিল। কাপোৰবোৰ আনি সি মনে মনে বিচনাৰ তলত লুকুৱাই থ’লেহি।
সিফালে ৰাণীৰ আগত নয়নীয়ে পঙ্খীবালৈ খবৰ এটা পঠাবলৈ নেপাহৰিলে যে তাই কাইলৈ বিহু নাচিবলৈ যাব।

আনদিনাৰ দৰেই আজি নয়নীয়ে পঢ়া টেবুলত বহি কিবা লেখা পঢ়া কৰি আছে। তাইক দেখি মাক দেউতাকৰ সন্দেহ কৰিব লগা একো নাই। কাষৰ খিৰিকীখনেদি হঠাৎ আহি কাজুৱে ভুমূকি মাৰিলেহি। তাই তাৰ বাবেই বাট চাই আছিল যদিও প্রথমতে তাক দেখি উচপ খাই উঠিছিল।
“ঐ নয়নী, সোনকাল কৰ, সময় হৈ আহিছে”।
“অহ তইহে। মই আকৌ ভাবিছিলোঁ তই পাহৰিলিয়েই”।
“মই ইমান কথা নেপাহৰোঁ দেই”
“কিয়, কালি ৰাতি আমাৰ ঘৰলৈ এবাৰ আহিম বুলি কোৱা নাছিলি?”
“হ’ব দে, মই মেনেজ কৰিব নোৱাৰিলোঁ। তোৰ বাকীবোৰ ‘সম্পত্তি’ মেনেজ কৰোঁতেই পলম হ’ল। ওলা ওলা, মই তাতে ৰৈ থাকিম”।

কাজু গ’লগৈ। নয়নীয়ে বায়েকৰ মেক-আপৰ চেটটো মনে মনে লুকুৱাই লৈ কাজুহঁতৰ ঘৰলৈ যাওঁ বুলি ঘৰত ফাঁকি দি ওলাল। ৰাস্তা পায়েই তাই দৌৰিবলৈ ধৰিলে। ধনখুৰাহঁতৰ আধাসজা ঘৰটোতে কাজু ৰৈ আছিল।

খলপ জলপ কৰি সিহঁত মেক-আপ কৰাত লাগিল। খৰধৰৰ কোবত নয়নীয়ে মাকৰ ৰঙা ব্লাউজ এটা আনিম বুলি ভাবিছিল যদিও আনিবলৈ পাহৰিলে। এতিয়া আকৌ আনিবলৈ গ’লে তাইক ঘৰৰ পৰা আহিবলৈকে নিদিয়া হ’ব। তাই পিন্ধি থকা ফ্রকটোকে কোচাই ব্লাউজৰ দৰে পিন মাৰি ল’লে।

“কাজু, এইখনৰ এই মূৰটো ধৰচোন। ৰিহাখন ভাঁজ কৰি লওঁ”।
“এতিয়া মই তোৰ কাপোৰ ভাঁজ কৰি থাকিম নে নিজৰ ধুতিখন পিন্ধিম?”
“ৰিহাখন ভাঁজ নকৰাকৈ মই কেনেকৈ পিন্ধিম, মূর্খ!”
“ঠিক আছে, দে।”
“ধৰ। কাপোৰসোপা তেনেই সোঁতমোচ কৰি আনিছ।”
“কোনেও নেদেখাকৈ কেনেকৈ বিচনাৰ তলত লুকুৱাই থৈছিলোঁ মইহে জানোঁ!”

কোনোমতে জোৰা টাপলি দি নয়নীয়ে কাপোৰবোৰ পিন্ধিলে। কাজুৱেও ধুতিখন পিন্ধিলে। ধুতিখনৰ এফালে অলপমান ফটা আছিল, সি কোনোমতে সেইফাল খোঁচনিত লুকুৱাই ল’লে। কাজুৱে নয়নীক কাজল সানি দিলে। লিপষ্টিক সানি দিলে। নয়নীয়ে হঠাত চিঞৰি উঠিল, “সর্বনাশ!”
“কি হ’ল?”
“ছুলি নাই। মই এতিয়া কেনেকৈ খোপা বান্ধিম?”
“আনিবলৈ পাহৰিলি হবলা?”
“এই মেক আপৰ বাকচটোতেই থকাৰ কথা। আজি নাই দেখোন, বায়ে অন্য ক’ৰবাত থ’লে হবলা”।
“হ’ব দে, তোক এনেকৈয়ে ধুনীয়া দেখাইছে। আজি খোপা নলগালেও হ’ব”
“পগলা হৈছ নেকি, খোপা নথকা নাচনী দেখিছ ক’ৰবাত? গগণা ক’ত ল’ম? মানুহে দেখি নেহাঁহিব নেকি?”
“এতিয়া কি কৰোঁ?”
“বিহু নানাচোঁ, আৰু কি!”
“ৰ’বি, মই লৈ আনোগৈ”
“ক’ৰ পৰা আনিবি”
“চাওঁচোন ক’ত পাওঁ”।
“কিন্তু ধুতিখন পিন্ধি তই এতিয়া ঘৰৰ ফালে গ’লে সব চেটেপ হৈ যাব। সকলোৱে গম পাই যাব, মৰিবি বাপ্পেকে”।
“ধুতি পিন্ধি নেযাওঁ আক’” বুলি কৈয়েই কাজু ধুতিখন খোলাত লাগিল।

“জাননে কাজু মোৰ কিন্তু বিৰাট ভোকো লাগিছে। মায়ে খাবলৈ দিছিলে, মই তহঁতৰ ঘৰত খাম বুলি কৈ একো নোখোৱাকৈ ওলাই আহিলোঁ”।
“ৰ তেনেহ’লে, মই গৈ তোৰ ছুলিখিনিৰ যোগাৰ কৰোঁ। খাবলৈকো কিবা এটা লৈ আনিম বাৰু”।
“যা, কিন্তু সোনকালে আহিবি। মই ইয়াত অকলে আছোঁ, পাহৰি নেথাকিবি”।

বাহিৰলৈ ওলাই কাজুৱে দুৱাৰখন বাহিৰৰ পৰা কাঠৰ মূঢ়াটোৰে হেঁচা দি বন্ধ কৰি দিলে। নহ’লে ভিতৰত কোনোবা আছে বুলি মানুহে গম পাই যাব পাৰে। এনেয়েও দুৱাৰখন বাহিৰৰ পৰা ঢোকা দি তেনেকৈয়ে ৰখা হয়। সিঁহতে খেলিবলৈ আহিলেহে ঢোকাডাল আঁতৰাই লয়।

১০

কাজু প্রথমেই ৰাণীহঁতৰ ঘৰলৈ গ’ল। ৰাণীৰ বায়েকে কাপোৰ চিলোৱা মেচিনটোত কিবা এটা চিলাই আছিল। ৰেডিঅ’ত গান এটা বাজি আছিল, “অ’ মেইনে তেৰে লিয়ে হি সাত ৰংগ কে স্বপ্নে বুনে…”। সি গৈ ফল্‌চ ছুলি লাগে বুলি কওঁতেই সেইখিনিতে বুঢ়ীমাক ওলালহি। আহিয়েই বুঢ়ীমাকৰ চিঞৰ বাখৰ আৰম্ভ হ’ল, “অই খটাসুৰ, তই মোৰ কাপোৰবোৰ নি কি কৰিলিগৈ? মই গম নেপাওঁ বুলি ভাবিছ, বজ্জাত ক’ৰবাৰ। সজে সজে মোৰ কাপোৰবোৰ আনি দে আগতে”।কাজুৱে গম পালে ৰাণীয়ে সিহঁতৰ গোপন প্লেনৰ কথা ঘৰত কৈ দিলে। সিহঁতৰ পর্দা ফাচ্‌ হ’ল। সি একে কোবেই পলাই আহি ঘৰৰ ওচৰৰ ভানু পেহীহঁতৰ ঘৰ পালেহি। বিয়া নোহোৱাকৈ ঘৰতে থকা ভানু পেহীয়ে ল’ৰা ছোৱালীবোৰক মৰম কৰে আৰু সহায়ো কৰে। ভানু পেহীয়ে অন্ততঃ কাজুক না নকৰে। কিন্তু ভানু পেহী ঘৰত নাছিল, ঘৰৰ আগফালৰ বাৰন্দাত মাইকীমানুহবোৰে ওকণী বচা আৰু কথাৰ মহলা মৰা কাম কৰি আছিল।

“ভানু পেহী আছেনে?”
“কি হ’ল, কিয় লাগে ভানু পেহীক?”
“নকল চুলি এডাল লাগিছিল, নকল খোপা এটা পালেও হ’লহেতেন”
“আই ঐ দেহী, এই ল’ৰাটোলৈ চা। ঢোল বজাবলৈ এৰিলি হবলা আজিকালি? নিজকে ছোৱালী সাজি ভেশচন ধৰিবলৈ মন গৈছে নেকি?”

এইবুলি কৈয়েই মানুহবোৰে দাঁত নিকটাই হাঁহিবলৈ ধৰিলে। কাজু লাজত ৰঙা পৰি গ’ল। সি বুজিলে, সি ভুল সময়ত আহিল। সি উভটি লৰ ধৰিলে। এতিয়া তাৰ সমুখত এটাই ৰাস্তা। সি আটাইতকৈ বিপদজনক কামটো কৰিবলৈ আগবাঢ়িল। সি নিজৰ ঘৰলৈ গ’ল আৰু বায়েক নিৰুৰ টিনৰ পেৰাটোৰ পৰা নকল চুলিডাল আৰু নকল খোপাটো মনে মনে উলিয়াই লৈ দৌৰিবলৈ ধৰিলে। ভাগ্য ভাল যে এতিয়ালৈকে তাক কোনেও নেদেখিলে। নকল চুলি আৰু নকল খোপা সি চোলাৰ তলত কঁকালৰ খোচনিত লুকুৱাই ল’লে।

পদূলিমুখ পাওতেই সি দেখিলে ওলোটা ফালৰ পৰা ৰাণী আৰু বাবলু দৌৰি দৌৰি আহি আছে। সি ৰাণীক ৰখালে।
“ঐ ক’লৈ যাৱ, ৰাণী, ৰ তই গম পাবি।”
“কি গম পাবি? মই কি কৰিলোঁ?”
“তই ঘৰত আমাৰ কথা কৈ দিলি কিয়? তোক ক’বলৈ মানা কৰা নাছিলোঁ?”
“বিদ্যা শপত! মই একো কোৱা নাই”।
“কথা ক’বলৈ আহিছ? এক্কেপাত চৰত…”

বাবলুৱে সিহঁতৰ কাজিয়াখন ৰখালে। “কাজু, সময় নাই, ব’ল ভাইটিখুৰাহঁতৰ ঘৰত ভি-চি-আৰ আনিছে। এক্কেবাৰে নতুন নতুন চিনেমা দেখুৱাই আছে হেনো। গোটেইবোৰ তালৈকে গৈছে। তই নাযাৱ যদি মিছ কৰিবি”।
“মই নাযাওঁ, তহঁতেই যা। মোৰ কাম আছে।”
“আৰে ব’ল না, কি কি চিনেমা আনিছে সেইটোতো চাই ল। চিনেমা নাচালে নাই বাৰু। পিছত পোস্তাবি কিন্তু”।

কাজুৱে কিবা এটা ভাবিলে আৰু বাবলু আৰু ৰাণীৰ লগতে গৈ ভাইটিখুৰাহঁতৰ ঘৰ পালেগৈ। ভাইটিখুৰাহঁতৰ ঘৰৰ সন্মুখত কেইবাযোৰো চেন্দেল দেখি সিহঁতৰ বুজিবলৈ বাকী নেথাকিল যে এজাক মানুহেৰে ঘৰখন ভৰি আছে। সিহঁতে গে’টখন খুলিছেহে, তেনেতে শুনিলে ভিতৰৰ গোটেইবোৰ মানুহে ফুটবল খেলাত গ’ল হ’বৰ পৰত চিঞৰাৰ দৰে চিঞৰি উঠিছে, “গ’ল”। বুজিলে, কাৰেণ্ট গ’ল। ঘৰৰ ভিতৰৰ পৰা মানুহবোৰ এটা দুটাকৈ ওলাই আহি বাহিৰৰ বাৰন্দাতে কথা পাতিবলৈ আৰম্ভ কৰিছে। কাজু, ৰাণী আৰু বাবলুও সিহঁতৰ মাজৰে হৈ পৰিল।

সময় পাৰ হৈ গৈ আছে। কাৰেণ্ট অহা নাই।
“আজি আৰু সোনকালে লাইট অহাৰ আশা দেখা নাই”
“চিনেমা চোৱাৰ গোটেই মজাটোৱেই বৰবাদ হৈ গ’ল” মানুহবোৰে কথা পাতিছে।
কথাৰ মাজতে কোনোবা এজনে ক’লে, “আজি সাহিত্য সভাৰ শোভাযাত্রা ওলোৱাৰ কথা আছিল নহয়। চিনেমা চোৱা নহ’ল যেতিয়া শোভাযাত্রাকে চাবলৈ যাওঁ নেকি?”
কাজুৰ তেতিয়াহে সম্বিত ঘূৰি আহিল, সি যে নয়নীয় কাৰণে চুলি নিবলৈহে আহিছিল। কঁকালৰ খোচনিত চোলাৰ তলত লুকুৱাই থোৱা বস্তুবোৰ সি এবাৰ চুই চালে। সি এক মুহূর্তও পলম নকৰাকৈ তাৰ পৰা ওলাল।

ভাইটিখুৰাহঁতৰ ঘৰৰ পৰা ওলাই প্রথম যিটো আলি-কেঁকুৰি পাই, তাতে দেখিলে এটা মানুহৰ জুম। কাষ চাপি গৈ কাজুৱে দেখিলে অদ্ভুত পোছাক পৰিচ্ছদ পিন্ধা মানুহ এটাই চিঞৰি চিঞৰি মানুহ গোটাই আছে আৰু হাতেৰে ডম্বৰু বজাই বজাই বান্দৰ এটা নচুৱাই আছে। মানুহটোৱে বান্দৰ নচুৱাব জানে আৰু  যাদুও দেখুৱাব জানে। মানুহটোৱে গাঁৱে গাঁৱে যাদু দেখুৱাই, বান্দৰ নাচ দেখুৱাই পুতলা বেচি ফুৰে। মানুহটোৰ কথা এবাৰ শুনিলে শুনি থাকিবলৈ মন যোৱা। কাজুৱেও ভাবিলে এখন্তেক ৰৈ চাই যোৱা যাওক।

মানুহটোৱে অনর্গল কথা গৈ আছে আৰু হাতেৰে অনর্গল যাদু দেখুৱাই আছে। মানুহটোৱে বৰ ধুনীয়াকৈ গান এটাও গালে:
“আমাৰ এই ছোট্টঝুড়ি, এতে ৰাম-ৰাবণ আছে,
দেখে যা নিজেৰ চোখে হনুমান কেমন নাচে।
এ সুযোগ পাবে নাই আৰ বলো ভাই কি দাম দেবে
পুতুল নেবে গো পুতুল নেবে…”

বান্দৰটো সাইলাখ মানুহৰ দৰেই। কথা কোৱাৰ বাহিৰে সি মানুহে কৰা আটাইবোৰ কামেই কৰিব পাৰে। যাদুকৰটোৱে মাজে মাজে বান্দৰটোৰ লগতো কথা পাতে। বান্দৰটোৱে কিছুমান যাদু ভাল পায় কিছুমান বেয়া পায়। ভালপোৱা খেলা দেখুৱালে সি হাত চাপৰি বজাই আৰু এটা আৰু এটা বুলি কয়। বেয়া পোৱা যাদু দেখুৱালে মুখ ওফোন্দাই বহি থাকে। এটা সময়ত বান্দৰটোৱে একেৰাহে মুখ ওফোন্দাই বহি থকা হ’ল। যাদুকৰটোৱে তাক সুধিলে, কি হ’ল, মোৰ খেলা তই বেয়া পাইছ নেকি? বান্দৰটোৱে নিজৰ পেটত চপৰিয়াই আৰু হাতখন মুখৰ ওচৰলৈ নি তাৰ ভোক লাগিছে বুলি দেখুৱালে। যাদুকৰটোৱে দর্শকক ক’লে, “চাওক ৰাইজ, ইয়াৰ ভোক লাগিছে। ভোকাতুৰ পেটেৰেতো আৰু মনোৰঞ্জন কৰিব নোৱাৰি। আপোনালোকে যিয়ে যিমান পাৰে অলপ দান-দক্ষিণা আগবঢ়াই…”।

কাজুৱে মন কৰিলে, তাৰো ভোক লাগি আহিছে। হঠাত তাৰ মনত পৰিল সি যে নয়নীক ঘৰ এটাত বাহিৰৰ পৰা বন্দী কৰি থৈ আহিছে। নয়নীয়েও তাক খাবৰ কাৰণে কিবা লৈ আনিবলৈ কৈছিল। সি দৌৰিবলৈ আৰম্ভ কৰিলে। সি বুজিলে ইতিমধ্যেই বহু দেৰী হৈ গৈছে। কঁকালৰ খোঁচনিত থকা নকল চুলি আৰু খোপাটো হাতেৰে খামোচ মাৰি ধৰি সি প্রাণপণে দৌৰিবলৈ আৰম্ভ কৰিলে। সময় কিমান হ’ল? সময় বহুত হ’ল, এতিয়া সি ধুতি পিন্ধিব কেতিয়া আৰু নয়নীয়ে খোপা বান্ধিব কেতিয়া? সি দৌৰি থাকোতেই স্কুলখনৰ সিপাৰে ৰাস্তাত ঢোল-তালৰ মাত শুনিবলৈ পালে। ঢোল-তালৰ মাত শুনিয়েই তাৰ বুকুখন কঁপি উঠিল।

১১

ধনখুৰাহঁতৰ আধা সজা ঘৰটো পায়েই কাজুৱে মাত দিলে, “নয়নী!” নয়নীৰ কোনো সাৰ সুৰ নাই। বেচেৰী চাগৈ ভোকত লেবেজান হৈ পৰিছে। কাজুৰ বৰ বেয়া লাগিল। নিজৰ ওপৰতে খং উঠিল। সেই যাদুকৰটোৰ ওপৰতো খং উঠিল। তাৰ খেলা চাই থাকোতেহে ইমান দেৰী হৈ গ’ল! অৱশ্যে তাৰ ওপৰত খং কৰি কি লাভ, দোষতো কাজুৰেই। মানুহে ইমান কথা পাহৰিব লাগেনে? দুৱাৰত বাহিৰৰ পৰা ভেঁজা দি থোৱা ঢোকাডাল আঁতৰাই কাজু ভিতৰলৈ সোমাই গ’ল।

নয়নী, মুগাৰ চাদৰ মেখেলা পিন্ধি, মুখত ৰং-বৰণ সানি, বুকুত আইনাখন সাবটি ধৰি মাটিত লেটি পেটি খাই শুই আছে। আৰুনো কৰিব কি, তাইৰ যে কৰিব পৰা আৰু একোৱেই নাছিল। কাজুৱে হেচুকি দি তাইক জগালে, “নয়নী, ঐ নয়নী, উঠ, বহুত দেৰী হৈ গ’ল”।

নয়নী আধা টোপনিত উঠি বহিল। কাজুৱে ভাবিছিল, নয়নীয়ে চিঞৰ বাখৰ কৰিব, তাৰ লগত কাজিয়া কৰিব। তাক ভুকুৱাব, নহ’লে কান্দিব। কিন্তু তাই একো নকৰিলে। নয়নীৰ চকুত টোপনিৰ জাল। সেমেকি থকা চকুদুটা মোহাৰি দিওতে তাইৰ চকুৰ কাজল বিয়পি গ’ল। ওঠৰ লিপষ্টিকো গাললৈকে বিয়পি পৰিছে। সিহঁতে শুনিলে স্কুলৰ ফালে শুনিবলৈ পোৱা ঢোল-তালৰ মাতটো ক্রমান্বয়ে আগবাঢ়ি আহিছে।

ধনখুৰাৰ আধা সজা ঘৰটোৰ খিৰিকীবোৰ গজাল মাৰি বন্ধ কৰি থোৱা আছিল। কাজুৱে কাঠৰ মুঢ়া এটাত উঠি গজাল এডাল এৰুৱাই খিৰিকী এখন খুলি দিলে। বাহিৰৰ শব্দবোৰ এতিয়া তেনেই ওচৰ পাইছেহি।

খিৰিকীৰে সিহঁতে দেখা পালে, সুসজ্জিত হাতীৰ পিঠিত উঠি সাহিত্যিক কবি নৱকান্ত বৰুৱা আৰু পিছে পিছে বহুতো মানুহৰ সমদল। গায়ন-বায়ন আৰু পাটৰ সাজ পিন্ধি সত্রীয়া নাচি গৈ থকা এদল মানুহ। তাৰ পিছে পিছে সিহঁতে দেখা পালে এদল বিহুৱা নাচনী। যুগলদাই ঢোল বজাইছে। নাচনীৰ দলটোত সিহঁতে দেখিলে পঙ্খীবায়ো নাচিছে।

কাজু আৰু নয়নীয়ে থৰ লাগি সমদলটোৰ ফালে চাই আছে।
মুখত কথা নাই।
চকুত পানী নাই।

এইটো যেন আন এটা সপোন। ইয়াতকৈ সেই খৰা শিয়ালৰ বিয়াৰ সপোনটোৱেই বেছি ভাল আছিল নেকি বাৰু!
(Mobile: 09811370754, e-mail: [email protected])

***********************************
“আইকো তেজিলোঁ বোপাইকো তেজিলোঁ
তেজিম সমনীয়া ভাই;
তোমাক ঐ লাহৰী তেজিব নোৱাৰোঁ
মৰিম বৰবিহে খাই।”
“তুমিও আমাৰে আমিও তোমাৰে
একেটি শৰীৰৰ কায়;
কিনো ঐ বিধাতাই তোমাক মোক স্রজিলে
তোমাৰ মোৰ ভিন-পৰ নাই।”
***********************************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments