উৰণীয়া তৰা : নৱকান্ত বৰুৱা

চোৱাচোন বাৰু আই,
ৰুমী ভনীটিয়ে উৰণীয়া তৰা
ক’তো হেনো দেখা নাই।
সদায় সন্ধিয়া শই শই আহি
পথাৰ উপচি যায়;
কি যে বেঙী তাই ক’বকে নোৱাৰো
তথাপিতো দেখা নাই,
ৰুমী বৰ বেঙী ভাই।

পপীয়া তৰাৰ কথা কোৱা নাই
সেইবোৰ হেনো শিল;
দ্বীপেন চাৰক তেনেকৈ নক’লে
দিয়ে জানা থিয় কিল।
এইবোৰ আন কিবা
মই দিছো নাম উৰণীয়া তৰা
আৰু কিনো নাম থ’বা?

নহয় নহয় আই!
দেউতাই কোৱা ফ্লাইং ছছাৰ
তাৰো কথা কোৱা নাই।
সেইবোৰ মই শুনিছোহে মাথোঁ
নেজানো ক’তনো পায়!

কি ক’লা, কি ক’লা আই?
সকলো তৰাই থিৰ হৈ থাকে?
উৰণীয়া তৰা নাই?
জোন বেলি তৰা ক’ৰ পৰা আহে
কোৱাচোন ভাবি গমি
নাহিলে কিদৰে সদায় গধূলি
দেখা পাওঁ বাৰু আমি?
একোকে নাজানা তুমি
আই! তুমিও এজনী ৰুমী।

ক’ৰ পৰা আহে মই কওঁ শুনা
ক’ৰবাৰ পৰা আহে
গধূলি হ’লেই তৰাৰ লগত মিচিকি মিচিকি হাঁহে।
সিহঁতে যে কাক মাতি থাকে জানো
চকুবোৰ টিপিয়াই
সিহঁতৰ সতে উমলিবলৈ
মোৰ বৰ মন যায়
বকুল তলৰ এন্ধাৰত আই
উৰি ফুৰে জাকে জাকে
বতাহ আহিলে উৰণীয়া তৰা দুবৰিত শুই থাকে

ব’লাচো ওলাই আই
চোতালত গৈ উৰণীয়া তৰা
দিম মই দেখুৱাই
সেইদিনা মাকে মলয়ৰ স’তে চালে উৰণীয়া তৰা
হেজাৰ বিজাৰ জোনাকী পৰুৱা পোহৰে বননি ভৰা।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক