উৰাজাহাজ – হিৰণ্ময়ী দাস

চিটটো অলপ হেলনীয়া কৰি লৈ তাই গাটো অলস ভাৱে এৰি দিলে৷ গভীৰ প্ৰশান্তিত চকুহাল মুদ খাই আহিল৷ আজি গধুৰ বোজা এটা তাইৰ বুকুৰ পৰা আঁতৰি গ’ল৷ আজিৰ পৰা বৰঝাৰ বিমান বন্দৰৰ সেই ঠাইখিনিয়ে তাইক যাতনা দিব নোৱাৰে৷
বিগত দহটা বছৰত তাই যিমান বাৰ বৰঝাৰ বিমান বন্দৰৰ ভিতৰলৈ আহিছে, প্ৰত্যেক বাৰেই সেই ঠাইখিনিলৈ চাইছে৷ বিমান বন্দৰটোৰ চাৰিসীমাৰ ওখ দেৱালৰ বাহিৰফালৰ গাত লাগি থকা ঠাইখিনি৷ তাত এজোপা চাপৰ বগৰিৰ গছ আছিল৷ প্ৰখৰ ৰ’দৰ দুপৰীয়া এটাত গছজোপাৰ ছাঁত তিনিটা প্ৰজন্ম ৰৈ আছিল৷ আইতাক, দেউতাক আৰু তাই৷ উৰাজাহাজ চাবলৈ আহিছিল সিহঁত৷
গুৱাহাটীৰ আনটো মূৰত থকা ঘৰৰ পৰা দেউতাকে তাইক আৰু আইতাকক লৈ আহিছিল৷ আইতাকৰ এটা সপোন আছিল – উৰাজাহাজ এখন ওচৰৰ পৰা চোৱা, কেনেকৈ মানুহবোৰ উঠা-নমা কৰে৷ দেউতাকৰো এটা সপোন আছিল – ছোৱালীজনী পঢ়ি শুনি ডাঙৰ মানুহ হৈ এদিন তেওঁক উৰাজাহাজত উঠাব৷ তেওঁ ছোৱালীজনীক সেই সপোনটোৰ লগত চিনাকি কৰি দিব বিচাৰিছিল৷ ছোৱালীজনীৰ তেতিয়া সপোন দেখাৰ বয়স হোৱা নাছিল৷
সেইদিনা ৰিস্কা, অ’টো, চিটিবাছ সকলোতে বগাই বগাই বৰঝাৰ পাওঁতে বেলি মূৰত উঠিছিল৷ প্ৰখৰ ৰ’দ৷ চাৰিসীমাৰ বাহিৰৰ ওখ দেৱালখনৰ বাহিৰত থকা বগৰি গছজোপাৰ তলত সিহঁত ৰৈ আছিল৷ প্ৰথমতে আহিছিল এখন হেলিক’প্টাৰ৷ দেউতাকে তাইক দাঙি দেখুৱাইছিল৷ তাৰ পিচত এখন বিমান৷
“দেতা এইখন দেখোন বেছি ডাঙৰ নহয়! “- তাই আক্ষেপেৰে কয়৷
“এইখন জেট প্লেন৷ চাই থাক চোন৷ এয়াৰ বাছ আহিলে দেখিবি নহয়- কিমান ডাঙৰ! তাৰ পৰা মানুহ নামিবলৈ সৌ ডাঙৰ জখলাখন লগাব লাগিব৷ “
’এয়াৰবাছ’ চাবলৈ সিহঁত বহুপৰ ৰৈ আছিল৷ নিৰাপত্তাৰক্ষী দুজন আহি সিহঁতক তাৰপৰা আঁতৰাই পঠিয়ায়ছিল৷ সেয়া আজিৰ পৰা বত্ৰিছ বছৰ মান আগৰ কথা৷
দিন বাগৰিল৷ চাওঁতে চাওঁতে আইতাক বেৰত এখন ছবি হৈ ৰ’ল, দেউতাক সৰু চাকৰিটোৰ
পৰা ’ৰিটায়াৰ’ হ’ল আৰু তাই এখন বেলেগ ঘৰলৈ গ’ল৷ তেনে সময়তে তাই প্ৰথম উৰাজাহাজত উঠিবলৈ সুযোগ পালে৷ সেইদিনা বিমান খনত উঠাৰ আগেয়ে তাইৰ চকুযুৰিয়ে সেই ঠাইখিনি বিচাৰিছিল৷ মনত এটা হেঁপাহ জাগিছিল – দেউতাকক এদিন উৰাজাহাজত উঠাবলৈ৷
তাৰ পিচত বহুবাৰ তাই উৰাজাহাজত অহা – যোৱা কৰিলে৷ হেঁপাহটোৱে লাহে লাহে যন্ত্ৰণাৰ ৰূপ ল’লে৷ বিমান বন্দৰটোৰ ভিতৰত থিয় হলেই তাইৰ সেই ঠাইখিনিলৈ চকু যায় – যন্ত্ৰণাটো তীব্ৰতৰ হৈ উঠে৷ সেয়া কৰিব পাৰিও নকৰাৰ যন্ত্ৰণা৷ ইতিমধ্যে তাইৰ জীৱনটোৰ লগত আৰু কেইটামান জীৱন সাঙোৰ খাই পৰিছিল৷
“অনুগ্ৰহ কৰি মন কৰিব৷ আৰু কিছু সময় পিচতেই আমি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত: ৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিম৷ “ – ঘোষণাটো শুনাৰ লগে লগে তাই বৰ্তমানলৈ ঘূৰি আহিল৷ তাইৰ বাওঁকাষৰ চিটটোত বহি থকা দেউতাক চিৰ পৰিচিত লুইতখন খিৰিকীৰে ওপৰৰ পৰা নতুনকৈ চোৱাত ব্যস্ত৷
বিমানখনে মাটি চুলে৷ সিহঁতো চিটৰ পৰা উঠি আহিল৷ দুৱাৰ মুখত থিয় হৈ দেউতাকে সেই ঠাই খিনিলৈ আঙুলিয়াই ক’লে – “ মনত আছেনে তোৰ – তই, মই আৰু আইতাৰে যে সৌ খিনিত ৰৈ আছিলো – উৰাজাহাজ চাবলৈ? তাত এজোপা গছ আছিল৷ “
– “অ’ দেউতা, বগৰিৰ গছ৷ “
’এয়াৰ বাছ খনৰ পৰা দুয়ো লাহে লাহে ডাঙৰ জখলা খনেৰে নামি আহিছিল৷

■■■

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক