উৰুকাৰ নিশা চুৰ কৰিবলৈ গৈ কি ঘটিছিল (বৰা নিতুল)

বৰা নিতুল
(আমাৰ মাজৰে হুটাশনীয়া কচুগুটি কণপাইৰ সেই সৰুকালৰ স্বভাৱৰ তেতিয়াও যে পৰিৱৰ্তন ঘটা নাছিল গ’মেই পোৱা নাছিলোঁ। সি কোন টলকত গৈ পাছফালৰ হাঁহৰ গড়ালত হেঁপাৰ দৰে হাত দিলেগৈ গমেই নাপালোঁ। আমি দাইটিৰ লগত দৰ-দাম কৰিয়েই থাকিলোঁ। দৰে- দামে নিমিলাত দাইটিয়েও নিদিয়ে আমিও নেৰোঁ, ইফালে কণপাইয়ে হাঁহৰ টেটু মুচৰি শেষেই কৰিলে।)

উৰুকাৰ নিশা চুৰ কৰিবলৈ গৈ কি ঘটিছিল

(ল’ৰালিৰ দিনতে উৰুকাৰ নিশা সমনীয়াৰ লগত কৰা চুৰি কাৰ্যৰ কিছু সোৱাদ আপোনালোকলৈও আগবঢ়ালোঁ। এই লেখাটি পঢ়াৰ পিছে কোনেও যাতে উৰুকাৰ দিনা চুৰ কৰিবলৈ উৎসাহিত হৈ হাতে-কামে লাগি নাযায়, কাৰণ তাহানিৰ দিনৰ তুলনাত আজিৰ দিন যথেষ্ট সলনি হৈছে। সেয়ে আমি কৰা কামবোৰৰ লেখীয়াকৈ কোনোবাই কৰিবলৈ গলে, এতিয়া চিধা মোকৰ্দমা হৈ যাব পাৰে বা মূৰ ফলা ফলিহে হ’বগৈ পাৰে, সেয়ে কোনোবাই তেনে কাৰ্য সংঘটিত কৰিলে লেখক জগৰীয়া নহয়।)

দলনিৰ মাজৰে নৰা কাটি আনি
টুনৰে হাৰলি সাজোঁ
কলঙৰ চৰতে খালোহি ভোজ ভাত
মাজ-নিশা ধেমালি কৰোঁ।।

আঘোণ মাহৰ পৰা পুহৰ শেষলৈকে গাঁৱৰ সকলো ধান কটা, মৰণা মৰা, খেৰ শুকুৱাই মেজি বা খেৰ ঘৰত থোৱাৰ ব্যৱস্থা সম্পূৰ্ণ হৈ যায়।পুহত ধান ৰ’দত শুকুৱাই ভঁৰালত ভৰাই, মাঘৰ বিহুৰ বাবে প্ৰয়োজনীয় ধান বাহিৰ কৰি ভঁৰাল সামৰে, কিয়নো মাঘ মাহত ভঁৰাল খুলিব নাপায় বুলি ককাহঁতে কোৱা শুনিছিলোঁ।

এই কেইদিনত আকৌ দেউতা আৰু খুৰাহঁতে নিজৰ নিজৰ ঢেঁকী মেৰামতিও আৰম্ভ কৰি দিয়ে, কঁতৰা, থোৰা, খুবলিৰ পৰা আৰম্ভ কৰি বাঢ়নীৰূপে ব্যৱহাৰ কৰা মাৰি ডাললৈকে যোগাৰ কৰি দিয়ে, নহ’লে মা-বৰমা, খুৰীটিহঁতৰ কেটকেটনি শুনিব লগীয়া হয়। কেইদিনমান পাছৰে পৰা গাঁৱৰ জীয়াৰী, বোৱাৰীসকলেও ঢেঁকীত জা-জলপানৰ যোগাৰ আৰম্ভ কৰি দিয়েই। গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ ঢেঁকীৰ মাতে ৰাতি দুপৰলৈকে ৰজনজনাই থাকে। প্ৰতিঘৰৰ আখলত জীয়াৰী-বোৱাৰীসকলোৱে লাহে-লাহে ব্যস্ত হৈ পৰে পিঠা-পনা বনোৱাত। বিহু পাৰ নোহোৱালৈকে যেন কাৰো আজৰি নাই এই সময়ত।

মাঘ বিহুৰ ওচৰ চাপি অহাৰ লগে লগে ল’ৰালিৰ দিনলৈ মনটো এতিয়াও উৰি যায়। আঘোণৰ পকাধান কাটি, মাৰি শেষ হোৱাৰ পাছৰে পৰা বিহুৰ বাবে সকলোৰে উথপথপ লাগেই। আমি ল’ৰাবোৰে কাৰ ঘৰত গৰুগাড়ী আজৰি হৈছে বিচাৰি লৈ যুঁৱলিৰ দুফালে দুটাই ধৰি টানি গাড়ীখন পথাৰলৈ লৈ যাওঁ আৰু লগৰবোৰে হাতত একোখনকৈ কাঁচি লৈ পাছে-পাছে নৰা কাটিবলৈ বুলি খোজ লয়। পুৱাৰে পৰা সকলোৱে নৰা কাটি গাড়ী ভৰ্তি কৰি এগাড়ী নৰা লৈ উভতি আহোঁ, সন্ধ্যা হাত-ভৰি ধোৱাৰ সময়ত নৰাই কটা ভৰিত পানী লাগিলেই চেকচেকনিত থাকিব নোৱাৰা হওঁ। তাৰ পাছৰ পৰা উৰুকাৰ ভোজৰ বাবে খৰি কটা আৰম্ভ হৈ যায়। কাৰোবাৰ বাৰীৰ গছ, কেতিয়াবা তামোল, নহ’লে শুকান বাঁহ কাটি সেইবোৰ ফাল ফালকৈ কাটি মেজি আকাৰে শুকাবলৈ সজাই ৰাখোঁ। খৰি ফালোঁতে ওচৰ-চুবুৰীয়াৰ পৰা কাঁহৰ বাটিত ৰঙাচাহ, তামোল খোৱাৰ কি যে আনন্দ।

বিহুলৈ চাৰি দিনমান থকাৰে পৰা আমি ল’ৰামখাই কলঙৰ পাৰত হাৰলি-ঘৰ বা ভেলাঘৰ সাজিছিলোঁ, তাৰ বাবে প্ৰত্যেকৰে বাঁহতলীৰ পৰা ভলুকা-বাঁহ আৰু জাতি বাঁহ বাচি-বাচি কাটি আনিছিলোঁ। তাৰ মাজতে দুটামান অপৈণত বা অপইটা বাঁহ কাটিছিলোঁ তমালেৰে বেৰ বন্ধা, মাৰলি বন্ধাৰ দৰে কামবোৰ কৰিবলৈ। ভেলাঘৰৰ কাষতে এটা দীঘল ভলুকা-বাঁহৰ খুঁটা পুতি সেইটোৰ গাত কলমাৰলি বা নৰা জাপে জাপে বান্ধিছিলোঁ মেজি আকৃতি কৰি।

উৰুকাৰ দিনা দিনৰ ভাগতে পুখুৰী বা কলঙত জেং মাৰি মাছ বিচাৰি আনিছিলোঁ নহ’লে ওচৰৰ মুছলমান গাঁৱৰ পৰা বাচি বাচি মুৰ্গী কিনিছিলোঁ। দিনৰ ভাগতেই গাঁৱৰেই ইঘৰ-সিঘৰৰ আশে পাশে ঘূৰি কাৰ বাৰীত কি চুৰ কৰিব পাৰি—কবি, আলু, বেঙেনা আৰু জেওৰা আছে সেইবোৰ চাই আহি ভেলাঘৰৰ জেগাত আলোচনা কৰো, কোনে কি কৰিব,কামবোৰ ভগাই দিয়া হয়। সন্ধিয়া নামি অহাৰ লগে লগে লগৰবোৰৰ ঘৰৰ পৰা চাউল তোলা কামটোও আৰম্ভ হৈ যায়। কোনোৱে যদি বাচন-বৰ্তন যোগাৰ কৰে, কোনোৱে মাছ-মুৰ্গী বাচিবলৈ লাগি যায়, এফালে ৰন্ধাই ৰান্ধি থাকিব, চুৰ কৰাই চুৰ কৰিবলৈ যাব। কোনোৱে আকৌ যদি খৰি চুৰ কৰিবলৈ যায়, কোনোৱে পাচলি চুৰ কৰিবলৈ কাৰোবাৰ বাৰীত সোমায়, গৃহস্থ ওলাই মুখেৰে খেক-খোক, ৱাক…ক…থু, খুহুৰ খুহুৰ কাঁহ দুটামান মৰা শুনিলেই পাচলিৰ মাজতে বহুত সময় ৰৈ থাকিবলগীয়াও হৈছিল গৃহস্থ ভিতৰলৈ নাযায় মানে। কেতিয়াবা দুই এটাক গৃহস্থই দেখা পালেই শিশুপাল খেদা দিছিল।টেঙৰ চেঙেলীয়াবোৰ বাগী দি কেনিবা পলাইছিল, ক’ত আৰু বিচাৰি পায়।

এদিনৰ কথা, লগৰ দুটামানে পাচলি চুৰ কৰিবলৈ গৈ দেখে গৃহস্থ শোৱাই নাই, সেই ঘৰৰ গৃহিণীয়ে তেতিয়াও ঢেঁকীশালৰ কাষতে থকা আখলত টোপনিয়াই টোপনিয়াই পিঠা বনাইয়েই আছিল। আমাৰ লগৰ সকলোতকৈ টেঙৰটো গৈছিল, সি ৰৈ ৰৈ আমনি লগাত কিনো কৰিছে বুলি চাকি জ্বলাই, চাবলৈ গৈ দেখে গৃহিণীয়ে তেতিয়াও কলমটিয়াই কলমটিয়াই ধিমিক-ধামাক চাকিৰ পোহৰত পিঠা খৰাহি এটা কাষতে থৈ এখন-দুখনকৈ পিঠা বনাইআছে, সি হাতত সাৰে ভৰিত সাৰে ধিমিক-ধামাক পোহৰেৰ মাজেৰেই গৈ পিঠা-খৰাহি সাউতকৈ গম নোপোৱাকৈয়ে লৈ আহিলগৈ। কিছু সময়ৰ পিছত ৰাতিয়েই গুৱাল-গালি আৰম্ভ হৈ গ’ল, লগৰ দুজনমান মনতে দুখ লাগি ক’লে—ধেৎতেৰি বৰ বেয়া কথা হ’ল দেই, খুৰীটিয়ে ইমান কষ্টৰে টোপনি ক্ষতি কৰি পিঠা বনাইছে, তহঁতেনো সোপাকে লৈ আহিব লাগেনে? বাৰু আনিলি আনিলি, আকৌ দি থৈ আহিবি গৈ… কেইখনমান পিঠা ৰাখি বাকীখিনি আকৌ লৈ গৈ দুৱাৰ মুখত থৈ দুৱাৰত দুটামান টোকৰ মাৰি থৈ আহিলগৈ। আকৌগৃহস্থ ওলাই ‘কোন? কোন?’ বুলি মাতি বাহিৰলৈ ওলাই চাই দেখে পিঠা খৰাহি। আকৌ গালি আৰম্ভ, খুৰীটিয়ে তেতিয়া দদাইদেউক বুজনি দিলে—‘হেৰি  শুনিছেনে, সিহঁতকেইজন বেয়া ল’ৰা-ছোৱালী নহয় দিয়ক, সিহঁতৰ চাগৈ ৰাতিখন ভোজভাত ৰন্ধা হোৱা নাই বাবে ভোকত থাকিব নোৱাৰি তেনে কৰিলে, নহ’লেনো সিহঁতে পিঠা খৰাহি আকৌ ওভতাই দি যায়হি নে? দদাইদেউৱে কথাটো ঠিকেই বুলি বুজিব পাৰি সাম কাটিলে সেইফালে।

কেতিয়াবা আকৌ কাৰোবাৰ ঘৰৰ দুই এজন বয়োজেষ্ঠই বিছনাৰ পৰাই মাজে সময়ে এনেয়ে ডিঙি হেঁকাৰি এটা মাৰে, মাজে মাজে চিঞৰি কয়—অ’ বোলো কোন অ’ সেইটো বাৰীৰ মাজত? ৰহ,গৈছোঁ, চাল্লা হতচিৰি যোৱাহঁত, তহঁতৰ পৰা শুবও নোৱাৰা হ’লো। ইফালে কোনো নাইয়েই বাৰীত, কিজানিবা কোনোবা সোমাইহি, সেয়ে মাজে মাজে সাৰে যে আছে তাৰেই উমান দিয়ে। পাছলৈ আমি চোৰমখাইও বুজিপোৱা হ’লোগৈ যে উঠি নাহে গৃহস্থ লেপৰ তলৰ উমৰপৰা। সেয়ে সেইবোৰলৈ কাণসাৰ নিদি কৰ্ম ভাগ চলাই গৈছিলোঁ বিনাদ্বিধাই।

তেজবেলি আকৌ উৰুকাৰ আগ নিশা আমি সমনীয়া আটাইকেইজনে গাঁৱৰে পুটুকণ দাইটিৰ ঘৰলৈ গ’লো হাঁহ কিনিবলৈ বুলি, বোলো বেপাৰীয়ে পইচাকেইটা পোৱাতকৈ আমাৰ পুটুকণ দাইটিয়েই পাওঁক। অন্ততঃ গাঁৱৰ পইচাকেইটা গাঁৱৰেই মানুহটোৱে পাব, দাইটিৰ সহায়ো হ’ব। এইবুলি কাণ-সমনীয়া আটাইকেইজনে গৈ গৃহস্থৰ ঘৰৰ পিৰালিতে বহি পৰিলোঁ। সাজ লাগিবৰ হৈছে। আমাৰ মাজৰে হুটাশনীয়া কচুগুটি কণপাইৰ সেই সৰুকালৰ স্বভাৱৰ তেতিয়াও যে পৰিৱৰ্তন ঘটা নাছিল গ’মেই পোৱা নাছিলোঁ। সি কোন টলকত গৈ পাছফালৰ হাঁহৰ গড়ালত হেঁপাৰ দৰে হাত দিলেগৈ গমেই নাপালোঁ। আমি দাইটিৰ লগত দৰ-দাম কৰিয়েই থাকিলোঁ। দৰে- দামে নিমিলাত দাইটিয়েও নিদিয়ে আমিও নেৰোঁ, ইফালে কণপাইয়ে হাঁহৰ টেটু মুচৰি শেষেই কৰিলে। এনেকৈ থেৰো-গেঁৰো কৰি থাকোতেই কণপাইয়ে কেতিয়াযে জোলোঙাত হাঁহ ভৰাই আনি আমাৰ শাৰীত মিলিলহি ধৰিবই নোৱাৰিলোঁ। তেতিয়ালৈকে কথাটো আমি কোনেও গম পোৱা নাই। যেতিয়া দৰে-দামে নিমিলা দেখিলে, কণপায়ে ছেগ বুজি কথাত কথা যোগদি ক’লে—বোলে হ’ব দাইটি তোৰ লোকচান কৰি আমি হাঁহ নিনিওঁ। তয়ো দিব নোৱাৰো আৰু আমিও দিব নোৱাৰোঁ, গতিকে আমি বেলেগতে গৈ হাঁহ বিচাৰোঁ গৈ ব’ল, এইবুলি সি জোৰ কৰিয়েই আমাকপুটুকণ দাইটিৰ ঘৰৰ পৰা লৈ আনিলে। কেইঘৰমানৰ পদুলি পাৰ হোৱাৰ পাছত আদবাটত জোলোঙাটো দাঙি দেখুৱাওঁতেহে উৰহিৰওৰ পালোঁ। হেৰৌ, বোলো কি কৰিলি, কি কৰিলিএয়া? পুটুকণ দাইটিয়ে গম পাব লাগিলে হাঁহৰ টেঁটু মোচৰা দি তোৰো টেঁটু মুচৰিব গম পাবি তেতিয়া। সি ক’লে—কথাটো আমি কেইজনেহে জানো আৰুনো কোনে জানে? গতিকে ৰাতিৰ বাবে মাংস হৈ গ’ল। আৰু পিঠা, খৰাহিৰ দৰে এইটোতো এতিয়া ঘূৰাই দিবপৰা অৱস্থাতো নাই, গতিকে বাদদে ইমান চিন্তা কৰিলে আমাৰ ভোজ নহ’বগৈ।দেখা নাই পুটুকণ দাইটিয়ে কেনেকৈ একেটা দৰতেখুঁটি পুতি বহি আছে আঁকোৰগোজহৈ? হেৰৌ,গাঁৱৰে ল’ৰামখাই হাঁহটো বিচাৰিছে দুপইচা কমকৈহে দিব লাগে, এতিয়া পালে মজাতো। আমি কেউজনে মুখ মেলি চাই থাকিলোঁ আৰু সি একেকোবে গৈ পাখি গুচাই জুইত পুৰি গৰম পানী ঢালিলে আৰু হাঁহ কাটি-বাচি আজৰি, বিচাৰি ওলালেও যাতে সিহঁতৰ হাঁহ বুলি চিন ধৰিবহি নোৱাৰে। ৰাতিলৈ সেইবেলি দকচি হাঁহৰ ভোজভাত হ’লগৈ কণপাইৰ জহতে।

ৰাতি খাই বৈ উঠি বাচনবোৰ এবাল্টি পানীৰেই যেনেতেনে আওখালি থৈ লগৰ কোনোবাজনৰ ঘৰত দ’মাই থৈ আজৰি হৈ লওঁ। দুই এজনে কম্বল, লেপ লগত লৈ আহে ৰাতিটো হাৰলি ঘৰতে কটাবলৈ। সকলো কাম শেষ হোৱাৰ পাছত দুজনমানে ঠাণ্ডাত থাকিব নোৱাৰি জুই ধৰাত লাগি যায়, আটাইয়ে অলপ সময় জুই পুৱাই গাটো গৰম কৰি লৈ দিনতে ঠিৰাং কৰি থোৱা কামৰ বাবে সাজু হওঁ।

আকৌ অপাৰেচন আৰম্ভ হৈ যায়, ভাগে-ভাগে দল বান্ধি যাওঁ কাৰোবাৰ কুঁহিয়াৰদলিৰ তাঁতী ভাঙিবলৈ। এইবোৰ বিশেষ কষ্ট বা চিন্তা কৰিবলগীয়া নহয়, কাৰণ সকলোৱে নিজৰ নিজৰ বাৰীৰ পাচলিলৈহে চকু ৰাখে, এই মৰ-ঠেঁটুৱৈত গাঁৱৰ সিমূৰত থকা কুঁহিয়াৰণিলৈ ক’তনো চকু দিব পাৰে। সেয়ে চাৰি-পাঁচটাই মিলি কুঁহিয়াৰণিৰ একোখন তাঁতী চাৰি ঠাইত ধৰি চিধাই উঠাই লৈ আহোঁগৈ। এনেকৈ একোখন তাঁতীৰে ৰাতিটো চলি যায়। তাৰ মাজতেদুজনমানে এইঠেঁটুৱৈতো কুঁহিয়াৰ দুডালমান লগত লৈ আহে আৰু জুইৰ ওচৰতবহি-বহি খায়হি। ৰাতিটো কত যে ৰসাল কথা, হাঁহি-ধেমালিৰে কেনেকৈ পাৰ হৈ যায় গমকে নাপাওঁ। শেষৰাতি শেষ অপাৰেচনটো বাকী থাকেই, এইটো অপাৰেচনৰ বাবে দুজনমানে যাওঁ নাযাওঁ কৰে, কাৰণ সিহঁতৰ তেতিয়ালৈ টোপনিয়ে হেঁচা মাৰি ধৰে সেইখিনি সময়ত। আমি দুজনমানে তেতিয়া কওঁ, হেৰৌ,গোটেই বছৰটো নাক বজাই শুলি কিডাল কৰিলি, এদিন টোপনি খতি কৰি থাকিব নোৱাৰনে? হেৰৌ, নিজৰ বিয়াৰ বেলিকা কি কৰিবি? হোমৰ গুৰিত দেউক ক’বি নেকি যে—দেউ আপুনি ৰিল কাটক, মোৰ টোপনি ধৰিছে। এনেকৈ কিবাকিবি কোৱাৰ লগে লগেই সকলোৱে ধেকধেকাই হাঁহি দিয়ে, টোপনি ধৰাকেইজনৰ টোপনি কেনিবা যায়।

শেষ নিশা প্ৰায় প্ৰতিঘৰ মানুহেই টোপনিত লালকাল হৈ পৰে আৰু তাৰেই সুবিধা লওঁ আমি। এই অপাৰেচন আকৌ অলপ বেলেগ দেই। বস্তু চুৰ কৰা নহয়, খেলিমেলিহে কৰা হয়। গাঁৱত দুই-এঘৰ মাজত আগৰে পৰা কাজিয়া থাকেই, সেয়ে ৰং চাবলৈকে আমি মিলি ইঘৰৰ বয়বস্তু যেনে, পুৱা বাহিৰলৈ নিয়া ঘটিটো সিঘৰত থৈ আহোঁ, কাৰোবাৰ পদুলিৰ জপনা নি গোহালিত লগাই থৈছিলোঁ, কাৰোবাৰ আকৌ পাছফালৰ দুৱাৰত বাহিৰৰ পৰা ঢোকা এডাল লগাই থৈছিলোঁ, যাতে পুৱা সহজতে খুলিব নোৱাৰে। কাৰোবাৰ আকৌ গোহালিত সোমাই গাই গৰু খীৰাই গাখীৰ লৈ আনি ৰাতিয়েইগৰম কৰি খাইছিলোঁ। গাখীৰ খীৰাওঁতে গৃহস্থই গম পাই ফটককৈ ওলাই আহিব নোৱাৰা কৰিবলৈ সন্মুখৰ দুৱাৰৰ খাৰুডালত ৰছীৰে আগতীয়াকৈ বান্ধি থৈছিলোঁ। গাখীৰ খীৰাই হ’লেই সেইডাল খুলি ফৰিংচিটিকা দিছিলোঁ। কেতিয়াবা কেতিয়াবা লোকৰ ঘৰত এইবোৰ কৰি থাকোঁতেই নিজৰ ঘৰতো এনেকুৱা কৰিছিল আনবোৰে। তথাপিও আনন্দৰ সীমনা নাছিল, পুৱা আমাৰ মায়ে ভোৰভোৰাবলৈ আৰম্ভ কৰিলেই বুজনি দিছিলোঁ, এদিনহে ধেমালি কৰিব একো নহয়। বছেৰেকৰ বিহুৰ দিনা গালি পাৰিব নাপাই অ’মা, আমিও আনৰ ঘৰত ধেমালি কৰি আহিছোঁ। এইবোৰ দেখোন আমাৰ পূৰ্বপুৰুষেই শিকাই থৈ গৈছে আনন্দ কৰিবলৈ। মায়েও একো নামাতে তেতিয়া।

ধলপুৱাতে সকলোবোৰ ঘৰাঘৰি গৈ, গা-ধুই আহি মেজিত জুই-জ্বলাই অগ্নিক সেৱা কৰোঁ একেলগে। আমাৰ মাজৰে আবিয়ৈ এজনে ৰাতিয়েই তিয়াই থোৱা মাহ-প্ৰসাদ আৰু তামোল-পাণ, সিকি-আধলি আনি মেজিৰ সন্মুখত ৰাখি সেৱা জনাই, জয় হৰি বোলা জয় ৰাম বোলা বুলি আমাৰ মাজৰে এজনে হৰিধ্বনি দিয়ে, তাৰ পিছতে মেজিত অগ্নিসংযোগ কৰে। দপদপকৈ জ্বলি উঠে মেজিৰ জুই, তাৰ পাছত প্ৰসাদ আনি সকলোকে বিলাই দিয়ে, কেতিয়াবা মেজিৰ জুইতে মিঠাআলু পুৰি খোৱাও হয়। এইদৰে মিঠাআলু বিহুৰ দিনাই পুৱাতেই খোৱাৰো এটা পৰম্পৰা আছে। মেজিৰ জুইৰ কাষতে কিছু সময় ৰাতিৰ কাণ্ড-কাৰখানাবোৰৰ আলোচনা হয়, কোনে কি কি কৰিলে, কাৰ ঘৰত কি হ’ল আজি ইত্যাদি ইত্যাদি। তেতিয়ালৈ আটাইৰে চকু গৈ  গাঁত পায়গৈ, আৰু কিছুসময়ৰ পাছত সকলো ঘৰা-ঘৰি যাওঁগৈ।

এনেকৈয়ে শৈশৱৰ দিনবোৰ অতিবাহিত হৈছিল নানা ৰং-ধেমালিৰে। এতিয়া আৰু সেই দিন নাই। এতিয়া সেইবোৰ কৰিবলৈ গ’লে গৃহস্থই চিধাই গৈ আৰক্ষী চকীত গোচৰহে তৰিবগৈ। সেয়ে পুনৰ কওঁ এই বিদ্যা যাতে কোনেও অনুকৰণ নকৰে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments