উৰুকা -জিতু দত্ত

পুহ মাহৰ পঁচিশ তাৰিখ মানৰ পিছত অৰ্থাৎ ভোগালী বিহুৰ পাঁচ-ছয় দিন মান আগৰ পৰা মাৰ গাত তৎ নাইকিয়া হয়৷ বিহুৰ জা-যোগাৰ কৰাত ব্যস্ত হৈ পৰে মা৷ ৰজনী মাষ্টৰ খুৰাহঁতৰ ঘৰত সেইকেইদিন কাম কৰি মায়ে পাৰিশ্ৰমিক নলয়৷ প্ৰতিটো দিনত কাম কৰি কৰি মাননিৰ সলনি কোনোবাদিনা যদি বৰা চাউল আন এদিনাখন আকৌ নাৰিকল চাৰি-পাঁচটামান লৈ আহে৷ কোনোবা দিনা যদি খৰিৰ বোজা এটা, আন কোনোবাদিনা আকৌ জহা চাউল, দৈ, ক্ৰীম আদি লৈ আহি ঘৰ পায়৷ এক কথাত বিহুৰ সমস্ত যোগাৰ কোনো ধৰশৰ অভাৱ-অভিযোগ নকৰাকৈ, আমাক কোনো ধৰণৰ সমস্যাত নেপেলোৱাকৈ মায়ে যোগাৰ কৰি যায়৷ মই আৰু দাদাই অত্যন্ত খাই ভাল পাওঁ বাবে ঘৰত মায়ে পোহা পাৰ কেইযোৰ বিক্ৰী নকৰে৷ সাঁচি ৰাখে৷ পাৰবোৰক সদায় পুৱা খাদ্য যোগান ধৰি বিহুৰ আগত অলপ বেছিকৈ মৰম কৰে৷ বাৰীৰ পিছপিনে থকা পুখুৰীটোত বিহুৰ প্ৰায় এমাহ আগৰে পৰা মাছক খাদ্য যোগান ধৰে কিজানি মাছবোৰ উৰুকালৈ আৰু অলপ ডাঙৰ হয়েইবা৷ উৰুকাৰ আগদিনাখন ৰজনী মাষ্টৰ খুৰাহঁতৰ ঘৰলৈ চাউলবোৰ গুড়ি কৰিবৰ বাবে পুৱাই যায়৷ কাহিলীপুৱাতে যোৱাৰ একমাত্ৰ কাৰণটোৱে হ’ল মাষ্টৰ খুৰাৰ ঢেঁকীটো৷ চুবুৰিত একমাত্ৰ ঢেঁকী বুলিবলৈ সেইটোৱেই৷ সেইবাবে গাঁৱৰ বোৱাৰী, খুৰী-জেঠীহঁতৰ সেই ঢেঁকীটোলৈ লানি নিছিগা সোঁত বয়৷ ঢেকীৰ শবদত চৌদিশ ৰজনজনাই থাকে৷ মায়ে সোনকালে গৈ চাউলখিনি গুড়ি কৰি আনে৷ নাৰিকলবোৰৰ বাকলিবোৰো নিজে দাখনেৰে গুচাই, বাহিৰৰ সৰু ঘৰটোত থকা চৌকাটোত জুই ধৰি, নাৰিকল, তিলবোৰ, পগাই লৈ বিধে বিধে মাটিৰ চৰুটোত পিঠা বনোৱাত লাগি যায়৷ উৰুকাৰ দিনাখন মায়ে বোৱাৰী পুৱাতে উঠি আমাক টোপনিৰ পৰা জগাই দিয়ে৷ মায়ে নিজে গৈ মাষ্টৰ খুৰাহঁতৰ মাছ মৰা জালখন লৈ আহে৷ সেই জালখন মাষ্টৰ খুৰাই আমাৰ বাদে আৰু কাকোৱেই নিদিয়ে৷ জালখন আনি আমাৰ হাতত তুলি দিয়ে৷ দাদা আৰু মই ঠাণ্ডাত কঁপি কঁপি, পানীত নামি নামি মাছ উঠোৱাত লাগি যাওঁ৷ মায়ে খালৰ মানে পুখুৰীটোৰ পাৰত মাছবোৰ বুটলিবলৈ ৰৈ থাকে৷ এটা সময়ত মোৰ আৰু দাদাৰ প্ৰিয় মাছটো মানে ৰৌ মাছটো উঠে৷ মাৰ হাতত দি আমি সোধো-
ঃ হ’বনে মা নে আৰু লাগিব?
ঃ আৰু এচাব মাৰচোন, কিজানি মই ভাল পোৱা মাছটো উঠেই৷ মানে, তহঁতে জানই দেখোন মই শোল মাছৰ মূৰটো খাই ভাল পাওঁ বুলি৷
দাদা আৰু মই ইজনে সিজনৰ মুখলৈ চাওঁ৷ আকৌ জালখন পেলাই দিয়ে দাদাই৷ প্ৰায় এক কেজি ডেৰ কেজি ওজনৰ শোল মাছটো জালত নাচি নাচি আহে৷ মাৰো নাচোন উঠি যায় মুখাবয়বত৷ দিনত ৰৌ মাছটো খাই ৰাতিৰ সাঁজ শোল মাছ আৰু ঘৰৰ পাৰযোৰেৰে মায়ে বনোৱা এসাঁজ তৃপ্তিমনেৰে খাওঁ৷ একমাত্ৰ শোল মাছৰ মূৰটো মাই নিজৰ কাৰণে ৰাখি থয়৷ তাৰ পিছত গোটেই ৰাতিটো মাই ফুটা কেৰাহীটোত জুই পুৱাই পুৱাই আমাৰ লগত কথাৰ ফুলজাৰি মাৰে৷

গাঁৱৰ পৰা প্ৰায় এশ কিলোমিটাৰ দূৰৈৰ নগৰখনত থকা ব্যক্তিগত প্ৰতিষ্ঠান এটাত কাম এটা কৰি পেটে ভাতে দুবেলা দুমুঠি খাই আছোঁ৷ বিহুৰ উৰুকাটো জানুৱাৰীৰ তেৰ চৈধ্য তাৰিখ মানে প্ৰতিবছৰে হয়৷ দৰমহা পাওঁ পাঁচ তাৰিখে৷ দৰমহা যিখিনি পাওঁ সকলোখিনি বাজেট জোৰা মাৰিবলৈ যাওঁতে মাহটোৰ পোন্ধৰ তাৰিখ মানলৈ টকা নাথাকে৷ বন্ধু এজনৰ পৰা অলপ টকা ধাৰ লৈ উৰুকাৰ দিনাখন মই গাঁৱলৈ ৰাওনা হ’ল৷ দুপৰীয়া এক মান বজাত ঘৰ পালো৷ নবৌয়ে দুখন পিঠা আৰু দুটা নাৰিকলৰ লাৰুৰে চাহ একাপ সুন্দৰকৈ দিলে৷ চাহকাপ খাই বজাৰৰ পিনে অলপ ওলাই গ’লো৷ ছাগলীৰ মাংস অলপ আৰু ’চবজি’ অলপ কিনি আনিলো৷ ঘৰৰ পাৰবোৰ মা যোৱাৰ পিছত এদিন নোহোৱা হৈ থাকিল৷ মাছ পুৱাই দাদাই বাৰীৰ খালটোত মৰা বুলি বৌৱে মোক কথাটো ক’লে৷ মাবিহীন ঘৰখনত মোৰ বুকুখন কিবা উদং উদং যেন লাগিল৷
ৰাতি বৌৱে ভাত খাব মাতিলে৷ দাদা, মই আৰু আমাৰ নতুন বৌজনীয়ে একেলগে ভাত খাব বহিলো৷ বৌৱে ভাত পানী ধুনীয়াকৈ সজাই পৰাই দিলে৷ এটা সময়ত মোৰ থাল খনত মাছৰ জোলেৰে সৈতে মাছ দুটুকুৰা দিলে৷ মাছৰ মূৰটো দেখি মোৰ কিবা চিনাকি চিনাকি যেন লাগিল৷ বৌক সুধিলো- কি মাছ মাৰিছিল বৌ?
ঃ শোল মাছ বোলে৷ তোমাৰ দাদাই কৈছে৷ মই যে মাছ চিনিয়ে নাপাওঁ, বাচিবওঁ নাজানো৷
ঃ দাদা, শোল মাছ নেকি? মই দাদাক সুধিলো৷
ঃ অঁ, এই মাছ কেইটা দুবছৰ মান আগতে মাই জীয়াইছিল৷ আজি জাল পেলোৱাৰ লগে লগে আহি গ’ল দেখোন৷ ৰাখি দিলো দে৷ দাদাই ক’লে৷

হাতত লৈ থকা মাছৰ মূৰটো পতককৈ মোৰ হাতৰ পৰা মোৰ থালখনত সৰি পৰিল৷ মাছটুকুৰাৰ ফালে মই থৰ হৈ চাই থাকিলো৷ দুচকুৱেদি অশ্ৰুৰ বন্যা বৈ আহি এটোপ এটোপকৈ মোৰ থালখনত পৰিব ধৰিলে৷ এক মুহূৰ্তৰ বাবে মাক যেন মই মোৰ সম্মুখতে ভাত খাই থকা অৱস্থাত আৱিষ্কাৰ কৰিলো৷

বাহিৰত চোতালৰ একোণত ফুটা কেৰাহীটোত দগমগাই জ্বলি থকা জুইকুৰাৰ ওচৰ পাওতে স্বতঃস্ফূৰ্তভাৱে মোৰ মুখৰ পৰা ওলাই আহিল-
তুমি নাথাকিলে আমাৰ উৰুকা উৰুকা যেন নালাগে দেখোন অ’ মা৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক