~~~~~~ঊনসত্তৰ~~~~~~(মৃদুল কুমাৰ শৰ্মা)

।। বিনিদ্ৰ ৰজনী ।।

গোটেই ৰাতি বিছনাত ছাটি ফুটি কৰি টোপনি নহাত অৱশেষত শৰ্মানীয়ে সাতবজাত বোৱাৰী পুৱাতে শয্যাত্যাগ কৰি উঠি আহিল। ব্ৰাছডাল হাতত লৈ অলপ ছেন্সোডেণ্টকে লগাই দাঁতকেইটা আলফুলে ঘঁহিব ধৰিলে। মুখখন ধুই উঠি বনকৰা ছোৱালী মিনিক ৰঙাচাহ কৰিবলৈ নিৰ্দেশ দি লেপটপটো অন কৰি ডাটাকাৰ্ড সংযোগ কৰি ল’লে। মিনিয়ে চাহ একাপ আৰু দুখন কাটা বিস্কুট দি গ’লহি। চাহকাপত শোহা এটা মাৰি মজিলাৰ ড্ৰপদাউন মেনুখনৰ পৰা ফে’চবুক ছিলেক্ট কৰি দিলে। আমন জিমনকৈ গান্ধী কলনি নামৰ গোটটোত ক্লিক কৰি চকু ফুৰাবলৈ আৰম্ভ কৰিলে।

একেবাৰে প্ৰথম প’ষ্টটোতে টিটুৰ ফটোখন জিলিকি আছে। শৰ্মানীয়ে ৰুদ্ধশ্বাসে মাউছটো তললৈ স্ক্ৰ’ল কৰিব ধৰিলে। হাৰৰৰে, আশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট !

নিজৰ চকুকে বিশ্বাস কৰিব নোৱাৰি শৰ্মানীয়ে বাঁওহাতখনৰ নখেৰে সোঁহাতখনত চিকুটি দি চালে। এয়াতো দিঠকেই। ৰাতিটোৰ ভিতৰতে আঠত্ৰিশটা লাইক আৰু ছৌব্বিশটা কমেণ্ট বাঢ়ি গ’ল ! ফে’চবুকত যি দেখিছো নিশাচৰৰ পয়োভৰ বেছি।

দুটা শোহাতে কাপৰ বাকীখিনি চাহ শেষ কৰি তেওঁ শৰ্মাক খবৰটো দিবলৈ গ’ল।

ঘুমন্ত শৰ্মাক হেঁচোক মাৰি শৰ্মানীয়ে ক’বলৈ ধৰিলে, ’হেৰা উঠাচোন, কথা এটা আছে।’

‘উমমম… শুব দিয়ানা প্লিজ।’

‘উঠানা প্লিজ।’

‘উহহু…আৰু অলপ শুম।’

‘নহ’ব, এটা গুড নিউজ আছে।’

শৰ্মা ঢহমহাই উঠি বহিল। ‘কি কোৱাহে ? তুমিয়ে দেখোন কৈছিলা যে টিটুৰ সাতবছৰ নোহোৱালৈকে বা মোৰ পে’ ৰিভাইজ নোহোৱালৈকে দুই নম্বৰটিৰ কথা চিন্তা নকৰো। এইখন কি কৰিলা ? সদায় কওঁ যে পিলটো খাবলৈ নেপাহৰিবা।’ শৰ্মাৰ কথাত বেচ বিৰক্তিৰ চিন ফুটি উঠিল।

শৰ্মানীয়ে ক’লে, ‘সেই কণ্ডিচন দুটা এতিয়াও ভেলিড আছে। পিছে গুড নিউজ বেলেগহে।’

শৰ্মাই জিজ্ঞাসাৰে সুধিলে, ‘কি বা সেইটো ?’

মুখত এমোকোৰা মিচিকিয়া হাঁহি লৈ শৰ্মানীয়ে এটা এটা শব্দ উচ্চাৰণ কৰিলে—’একাশীটা লাইক, তেত্ৰিছটা কমেণ্ট। বুজিলা এতিয়া ?’

শৰ্মাই অলপ দেৰি তভক মাৰি লৈ ক’লে, ‘ কিক্ক কোৱাহে ?’ পিঙ্কী ইজ বিটেন হৌল’ ?’

‘ইয়েছ মাই ডিয়েৰ, উই হেৱ বিটেন দেম হৌল’।’ এই বুলি কৈ শৰ্মানীয়ে শৰ্মাৰ দুগালত টপৰ টপৰকৈ দুটা চুমা খাই দিলে । অকল ইমানতে ক্ষান্ত নাথাকি শৰ্মাৰ বাঁওগালখনত প্ৰচণ্ড কামোৰ এটা মাৰি দিলে ।

আইঔ দুখ পাইছোঁ। শৰ্মাৰ চিঞৰ শুনি টিটু দৌৰি আহিল কি হৈছে চাবলৈ। শৰ্মাই এখন হাতেৰে বাঁও গালখন ঢাকি ধৰি ইখন হাত জোকাৰি জোকাৰি টিটুক ক’লে, ‘বাবা একো হোৱা নাই দিয়া। হাতখন বিছনাৰ ৰেলিংত খুন্দা খালোঁ।’ টিটু গুচি যোৱাৰ পিছত শৰ্মাই ক’বলৈ ধৰিলে, ‘কি যে কৰা। গালত দাগটো লৈ অফিচ কেনেকৈ যাম কোৱাচোন। মানুহে নাহাঁহিবনে এই বয়সতো উত্পাত কমা নাই বুলি।’

শৰ্মানীয়ে এইবাৰ ঊনত্ৰিশ দন্ত (তিনিটা দাঁত পোকে খোৱা বাবে আগতে সৰুৱাই থোৱা হৈছে) বিকশিত কৰি হাঁহি ক’লে, ‘জানা মই আজি ছুপাৰ ডুপাৰ খুছ। পিছে তুমি নিজেনো কিয় লাইক কৰা নাছিলা বাৰু ?’

‘অ’ মই ভবাই নাছিলোঁ।’

‘নাভাবিবাতো, অঁকৰাটো কৰবাৰ। ময়ে লাইকটো মাৰি দিছোঁ আৰু। একাশীটা লাইক হৈ গ’ল এতিয়া। উঠা এতিয়া চাহ কৰোঁ তোমালৈ। এই বুলি মৰমেৰে শৰ্মাৰ নাকটোত টেপা এটা মাৰি শৰ্মানী আঁতৰ হ’ল।’

শৰ্মাই মুখ ধুই উঠি শৰ্মানীয়ে গোলনেমুৰ ৰস মিহলাই দিয়া ধূম্ৰায়িত ৰঙা চাহকাপত শোহা এটা মাৰি ক’বলৈ ধৰিলে, ‘তাৰমানে ঊনসত্তৰৰ টাৰ্গেটটো লৈ তুমি কোনো ভুল কৰা নাছিলা। মই এই সংখ্যাটো এনেয়ে ইমান ভয় কৰি আছিলোঁ। পিছে আমিতো এতিয়া জিকিলোৱেই (এইটো মই ধৰিব পৰা নাই) গতিকে গেট টুগেদাৰটোৰ নিশ্চয় দৰকাৰ নহ’ব।’

‘উৱা তুমি কি কৈছা। গেট টুগেডাৰ পাতিবই লাগিব। আমাৰফলীয়া মানুহ গোটাবই লাগিব। বৰানী যিহে জেদী মানুহ, এইপাত পোৱাৰ পিছত তাই কি যে নকৰিব ভাবিয়েই ভয় লাগিছে। পিছে শুনা, তুমি টকাৰ বাবে চিন্তা কৰিব নালাগে। মোৰ ষ্টেট বেংকত ফিক্সদ ডিপ’জিট এটা আছে, তাকেই ভঙাম, পঁইত্ৰিশ হেজাৰমান পাব লাগে ধুনীয়াকে’ হৈ যাব। আৰু শইকীয়ানীক শ্বেয়াৰ কৰিব নকওঁ দেই এতিয়া। আৰু শুনা টিটুৰ কাৰণেই এয়া সম্ভৱ হ’ল, গতিকে তুমি তাক সি বিচাৰি থকা ‘মেক্স পায়েন’ আৰু ‘কল অফ ডিউটি’ নামৰ ভিডিও গে’ম দুটা আনি দিবা আজি, কনজুছী নকৰিবা।’

‘অ’কে হানী।’

শৰ্মানীয়ে কাঢ়াকৈ ইষ্ট্ৰি কৰি দিয়া চাৰ্ট-পেণ্টযোৰ পিন্ধি, মিনিয়ে যতনাই দিয়া কৰ্নফ্লেক্স গাখীৰ খাই শৰ্মা আনন্দমনেৰে অফিচলৈ ৰাওনা হ’ল আৰু শৰ্মানী ওলাল ফিক্সড ডিপ’জিট ভঙাবলৈ। অফিচত পিছে গালৰ ৰঙা দাগটোৰ বাবে সকলোকে চাহ আৰু গজা খুৱাব লগা হ’ল। আবেলি ঘৰলৈ আহোঁতে শৰ্মাই কলিতা, ডেকা আৰু নাথকো লগত লৈ আহিল। শৰ্মানীয়ে ভাজি দিয়া ফুলা লুচি আৰু সৰু গুটিআলু ভাজি খাই খাই কলিতাই ক’লে, ‘আপোনালোকৰ প’ষ্টৰ কথা শৰ্মাই ফোনত কোৱাৰ লগে লগে মই অফিচৰ পিয়নটোক পঠিয়াই ম’বাইলত নেট-পেক ভৰাই অনালোঁ আৰু ডেকাৰটোতো ভৰাই দিলোঁ।’

‘আপোনালোকৰ প’ষ্ট আৰু আমি লাইক নকৰিমনে বাৰু’, ডেকাই ক’লে ।

নাথে মাত লগালে, ‘মই সেইসময়ত মিটিঙত থকা বাবে ফোন ৰিচিভ কৰিব নোৱাৰিলোঁ যদিও ঘৰলৈ অহাৰ লগে লগে ফে’চবুক চাই প’ষ্টটি দেখিয়েই লাইক কৰি কমেণ্ট এটা দি দিলোঁ। পিছে গেট টুগেডাৰৰ কথাটো আপোনালোকে কিন্তু ভাল চিন্তা কৰিছে। আমিটো আহিমেই লগতে দুজনমানকো লৈ আহিম বুলি ভাবিছোঁ। আৰু এটা কথা, আমিতো ফে’চবুকত তেনেই কেঁচা। বেছিকৈ লাইক, কমেণ্ট কেনেকৈ পাব পাৰি তাৰ কৌশলবোৰ আমি নাজানোৱেই। গতিকে এগৰাকী বিশেষজ্ঞক মাতিলে কেনে হয় বাৰু ?’

সকলোৱে একমুখে ক’লে, ‘ভাল হ’ব, ভাল হ’ব। পিছে কোন সেই বিশেষজ্ঞ ?’

‘বিশেষজ্ঞ নহয় বিশেষজ্ঞা।’ নাথে ৰহস্যময় হাঁহি এটা মাৰি ক’লে।’ নীলাঞ্জনা গগৈ। সময়ত সকলো গম পাব, এতিয়া উঠোঁহে।’

নাথৰ কথাবিলাক সদায় ৰহস্যময় ।

সিদিনা ৰাতি দুয়োৰে শোৱাই নহ’ল, কেৱল কথাকে পাতি থাকিলে ঊনসত্তৰৰ মহিমাৰ বিষয়ে!

পাচদিনা ঢলপুৱাতে  উঠি দুয়ো গেট টুগেডাৰৰ হিচাপ কৰাত ব্যস্ত হৈ পৰিল।

আহকচোন শৰ্মা-শৰ্মানীয়ে গেট টুগেডাৰৰ আয়োজন কৰাত ব্যস্ত হৈ থাকোঁতে বৰানীৰ ঘৰতনো কি হৈ আছে এভূমুকি মাৰি চাওঁ।

।। প্ৰতিশোধৰ দাবানল ।।

ৰাতিপুৱাৰ পৰাই কিয় জানো আজি কাউৰীজনীয়ে ৰমলিয়াই আছে, কিবা অঘটন নঘটিলেই হৈছে। বৰানীয়ে ভাবিলে।’ ঐ আপী কাউৰীজনী খেদচোন, কিনো অমংগল মাতিছে। আৰু মোক চাহ একাপ দিবি আৰু সোনকালে ব্ৰেকফাষ্ট তৈয়াৰ কৰ।’ এইবুলি বৰানীয়ে টাইম পাছ কৰিবলৈ ফে’চবুকতে বহো বুলি লেপটপটো খুলি পাৱাৰ বাটনটো লাহেকৈ টিপি দিলে। হাইবাৰনেট কৰা থাকে গতিকে বুটিঙত বেছি সময় নলয়। ফে’চবুকত লগ ইন আইডি আৰু পাছক’ড ছেভ কৰি থোৱাই আছে, গতিকে প্ৰথম পেজটো লগে লগে খুলি গ’ল। নিজৰ ৱালৰ আপডেটবোৰত এবাৰ চকু ফুৰাই বৰানীয়ে গান্ধী কলনি গোটটোলৈ আহিল।

প্ৰথম প’ষ্টটো হ’ল টিটু পৰাৰ বিষয়ে। একাশীটা লাইক আৰু তেত্ৰিছটা কমেণ্ট। বৰানীয়ে লগে লগে পিংকী পৰোঁতে দিয়া প’ষ্টটো আৰু প’ষ্টটোত পোৱা লাইক আৰু কমেণ্টবোৰ ছেভ কৰি ৰখা ডকুমেণ্ট ফাইলটো খুলিবলৈ ধৰিলে ।

কাউৰীজনীয়ে আকৌ এবাৰ ৰমলিয়াই উঠিল। বৰানীয়ে বুকুত হাত দুখনেৰে হেঁচা মাৰি ধৰি হামৰাও কাঢ়ি উঠিল – ‘খালে ঔ, খালে। মৰতীয়ে মোৰ বুকুৰ আগমঙহ এটুকুৰা খালে, মোৰ বুকুত এইপাত শেল মাৰিলে ঔ।’

বৰা, পিংকী আৰু আপী (আপীৰ আচল নামটো নৱমী) উধাতু খাই লৱৰি আহিল। বৰানীয়ে মাজে মাজে কান্দে, মাজে মাজে অহৌবলিয়াৰ দৰে চিঞৰে। হিষ্টেৰিয়া। বৰাই যেতিয়া ঘটনাৰ তত্‌ভত পালে বৰানীক ক’লে, ‘উফ্, তুমি যেনেকৈ চিঞৰিছা মই ভাবিলো যে তোমাৰ মাৰাৰ ঘৰত চাগে’…’ বৰাই ইচ্ছাকৃতভাৱে বাক্যটো সম্পূৰ্ণ নকৰিলে। বৰানীয়ে কি কৰিব কি নকৰিব ভাবি উৱাদিহ নোপোৱা হ’ল। ফ্ৰিজৰ পৰা পানীৰ বটল এটা উলিয়াই চিধা ডিঙিত ঢালি দিলে আৰু অলপ মূৰতো ছটিয়াই দিলে। হঠাতে মনত পৰিল এইসময়ত নিশ্চয় ভনীয়েক নাটাশাই কিবা দিহা দিব পাৰিব আৰু লগে লগে ভনীয়েকলৈ ইনবক্স কৰিলে ‘আৰ্জেণ্ট, ছিৰিয়াছ মেটাৰ’ বুলি। নাটাশা এয়াৰহোষ্টেছ, এক আন্তৰ্জাতিক এয়াৰলাইনছৰ। আজি অ’ত কালি ত’ত। কিন্তু ফে’চবুকত এনিটাইম অনলাইন হৈ থাকে। তাই লগে লগে বায়েকক ‘স্কাইপি’ত আহিবলৈ ক’লে। দুয়োজনীৰ মাজত যিখিনি কথা হ’ল তাৰ সাৰমৰ্ম এনেধৰণৰ।

বায়েক – ‘মই এতিয়া কি কৰো ক’চোন। নাক-কাণ গোটেই কটা গ’ল। শৰ্মানীৰ ওচৰত হাৰ মনাতকৈ মৃত্যুয়েই শ্ৰেয়।’

ভনীয়েক – ‘ৰ’চোন, কিনো বকিছ এইবোৰ। ঊনসত্তৰ আৰু একাশী, বেছি ডিফৰেন্স নাছিল। তই মোক আগতে কোৱা হ’লে মই লগৰ কেইজনীক কৈ লাইক মৰাই থৈ দিলোহেঁতেন। কিন্তু এতিয়া ক’বলৈ দিগদাৰ হ’ব। নহ’লে তই এটা কাম কৰ। তোৰ প’ষ্টটো ওপৰলৈ উঠাই আন আৰু চা আগতে ৰৈ যোৱা কোনোবাই কিজানি লাইক মাৰেই। মোৰ হিচাপত সেইটোৱেই একমাত্ৰ উপায় আছে। আৰু তহঁতৰ যদি ফেক প্ৰফাইল আছে তাৰেও লাইক মাৰিব পাৰ।’

বায়েক – ‘প’ষ্ট কেনেকৈ ওপৰলৈ উঠাই মই নাজানো আৰু ফেক প্ৰফাইল এটাও নাই আমাৰ।’

ভনীয়েক – ‘হুহ…কিনো হেৰি কৰিছ ইমানদিনে ফে’চবুকত যদি প’ষ্ট ওপৰলৈ উঠাবই নাজান। শুন, তই দিয়া প’ষ্টটো বিচাৰি উলিয়াই কমেণ্টত এটা ডট মাৰি দি এণ্টাৰ মাৰি দিবি আৰু ছাবমিট হোৱাৰ লগে লগে এডিট কৰি পুনৰাই ডিলিট কৰি দিবি। তেতিয়া প’ষ্টটোও ওপৰলৈ আহিব আৰু তই ধৰাও নপৰিবি। পিছে চাবি এই কামটো কৰিলে ৰাতি তিনিমানৰ পিছত কৰিবি। নহ’লে আজিকালি কিছুমান পিলিঙা মডাৰেটৰে কাম নাই বন নাই ৰাতি ৰাতি ফেক প্ৰফাইল বিচাৰি ফুৰে। ধৰা পৰিলে গ্ৰুপৰ পৰা উলিয়াই দিবও পাৰে। বেছি ষ্ট্ৰিক্ট দেখুৱাই কিবা।’

সেহিমতে বৰানীয়ে ৰাতিলৈ নৰৈ দিন দুপৰতে ডট মাৰি প’ষ্টটো ওপৰলৈ উঠাই আনিলে যদিও কোনো সঁহাৰি নেপালে কাৰো পৰা।

বৰানীৰ  জীৱনটো কিবা অৰ্থহীন হৈ পৰিল। যি শৰ্মানীক তেওঁ নিজহাতেৰে ফে’চবুকত প্ৰফাইল খুলি দিছিল সেই শৰ্মানীৰ প’ষ্টে আজি তেওঁক কহি কা নাৰাখিলে।

দুপৰীয়ালৈ বাৰে বাৰে ৰিফ্ৰেছ কৰি কৰি আৰু এটাও লাইক নাপাই বৰানী আটমোষ্ট ফ্ৰাষ্ট্ৰেটেড হৈ পৰিল। জীৱনটো কিবা অসাৰ যেন হৈ পৰিল। বৰানীক কাউৰীজনীয়েও যেন ভেঙুচালি কৰি গাবলৈ ধৰিলে –

অথিৰ ধন জন

জীৱন যৌৱন

অথিৰ এহি ফে’চবুক।।

বৰানীয়ে আৰু বেছি ভাবিব নোৱাৰিলে। এনেকৈ আৰু জীয়াই থাকিব নোৱাৰি। এই ভাবি তেওঁ গডৰেজ নামৰ আলমিৰাটো খুলি বৰাই টোপনি আহিবলৈ খোৱা ক্ল’নাজিপাম পইণ্ট টু ফাইভ এমজিৰ বিয়াল্লিশটা বড়ি খাই পেলালে।

পোন্ধৰ মিনিট পিছত তেওঁ লাহে লাহে সাম্যবাদী হৈ পৰিল আৰু ছোফাখনত লাহে লাহে ঢলি পৰিল। কিন্তু তেতিয়াহে যেতিয়া পিংকী আৰু আপীয়ে বিকট চিঞৰ দুটি মাৰিলে। বৰাই দৌৰি গ’ল আৰু ধৰ্মপত্নীৰ অৱস্থা দেখি কিংকৰ্তব্যবিমূঢ় হৈ পৰিল। কিন্তু আপীৰ ‘হাস্পতাললৈ নিব লাগিব’ বুলি কথাষাৰ শুনি সম্বিৎ ঘূৰাই পালে আৰু তিনিও মিলি বৰানীক উঠাই নি ‘গান্ধী মেম’ৰিয়েল হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ’লৈ গ’ল।

‘গান্ধী মেম’ৰিয়েল হাস্পতাল এণ্ড ৰিছাৰ্চ চেণ্টাৰ’, গান্ধী কলনিৰ লগতে লগা এখন হাস্পতাল। মডাৰ্ন ষ্টেট অৱ দা আৰ্ট হাস্পতাল যদিও চকুচৰহাবোৰে কয় যে যোৱা বাইছ বছৰে হেনো এইখন হাস্পতালৰ পৰা এখনো ৰিছাৰ্চ পেপাৰ পাব্লিছ হোৱা নাই।

ইমাৰজেন্সী ৱাৰ্ডত আজি ৰেছিডেণ্ট ডাক্টৰ ডাঃ তালুকদাৰৰ ডিউটি। নিজৰ সৰু কেবিনটোত বহি চাহত চুমুক দি থাকোতে ছিছটাৰ মেৰীয়ে আহি কৈ গ’ল, ছাৰ মৰতী এজনীয়ে বিয়াল্লিছটা ক্ল’নাজিপাম পইণ্ট টু ফাইভ খাই আধামৰা হৈ আহিছে।

ডাঃ তালুকদাৰে টক্সিকোল’জীৰ কথাবোৰ মনত পেলাবলৈ চেষ্টা কৰিলে যদিও কোনোপধ্য ক্ল’নাজিপামৰ লিথেল ড’জ মনত পেলাব নোৱাৰিলে। উপাই নাপাই আইফোনটোতে ‘লিথেল ড’জ অফ ক্ল’নাজিপাম’ বুলি ছাৰ্চ মাৰি দিলে। ছাৰ্চ ৰিজাল্টৰ প্ৰথমতে অহা ৱিকিপিডিয়াৰ লিংকটোত ক্লিক কৰিব ওলাওতে, ‘ এক্সিউজ মি ডাঃ তালুকদাৰ।’ ডাঃ তালুকদাৰে মূৰটো ডাঙি চালে। সন্মুখত হাস্পতালৰ নতুন ইনটাৰ্ন অনন্যা। ‘ এগৰাকী ইমাৰ্জেন্সী পেচেণ্ট আহিছে। ক্ল’নাজিপাম অভাৰড’জ। ছেমি কমা। পিছে নমৰে। লিথেল ড’জ লোৱা নাই। মাত্ৰ বিয়াল্লিছটা পইণ্ট টু ফাইভ খাইছে। বিপি হাণ্ড্ৰেড টেন বাই ছিক্সটি, পালছ ছিক্সটি ছিক্স পাৰ মিনিট।’

ডাঃ তালুকদাৰৰ চকু অনন্যাৰ মুখলৈ গ’ল, যেন এক সদ্যপ্ৰস্ফুটিত পদুমৰ কলি। দৃষ্টি লাহে লাহে তললৈ নামিল আৰু এক ছেকেণ্ড পাছতে তেওঁৰ মনত দ্বীপেনদাৰ সেই গানটো খেলাই গ’ল, ‘ঢৌ তুলি নাচিলে বুকুত…।’

পিছে অনন্যাৰ হাতত এণ্ড্ৰইড ম’বাইলটো দেখি সন্দেহ হ’ল, এয়ো নিশ্চয় গুগুলতে ছাৰ্চ মাৰিয়ে লিথেল ড’জটো পালে।

‘তুমি কেনেকৈ জানিলা পেচেন্ট নমৰে বুলি ?’

‘নহয় ছাৰ মই জানো নহয়। আমাৰ ছিনিয়ৰ এজনী বায়েও ক্ল’নাজিপাম খাই ছুইছাইদ কমিট কৰিছিল। পিছে তেওঁ বাৰশ পচপন্নটা খাইছিল পইণ্ট ফাইভ। আৰু আমাৰ ছাবজেক্টে পইণ্ট টু ফাইভহে খাইছে তাকো মাত্ৰ বিয়াল্লিছটা।’

‘অ’ কিয় খাইছিল বা ?’

‘অ’ তেওঁক এনাটমীৰ হেড ছাৰে দুবাৰ প্ৰেকটিকেলত ফেল কৰাই দিলে। ভাইভাত এবাৰ জিৰ’ আৰু এবাৰ তিনি দিলে।’

ডাঃ তালুকদাৰে অলপ আগতে হোৱা তেওঁৰ সন্দেহৰ বাবে লাজ পালে। সঁচাই ইনটেলিজেণ্ট ছোৱালী। হঠাতে তেওঁৰ ৰবিন কুকৰ ‘কমা’ নামৰ উপন্যাসখনলৈ মনত পৰি গ’ল। অকল মনত পৰাই নহয় তেওঁ কল্পনা কৰিবলৈ ধৰিলে যেন তেওঁ ছিনিয়ৰ ৰেছিডেণ্ট ডাঃ মাৰ্ক বেলোজ আৰু অনন্যা হ’ল ইনটাৰ্ন চুছান হুইলাৰ। দুয়ো যেন একেলগে ক্ল’নাজিপামৰ লিথেল ড’জৰ ওপৰত গৱেষণাই আৰম্ভ কৰি দিলে। আৰু …আৰু …

অবাধ্য মনটোৱে অকণমান সময়ৰ ভিতৰতে বহু কিবাই ভাবি পেলালে।

‘ছাৰ। ছাৰ।’

‘অ’… চুছা… মানে অনন্যা।’ অলপ কৃত্ৰিম গাম্ভীৰ্যতা সানি ডাঃ তালুকদাৰে ক’লে, ‘তুমি ছাবজেক্টক কেনুলা এটা লগাই দিয়াৰ ব্যৱস্থা কৰা আৰু এণ্ড’স্ক’পীৰ ডাঃ হুছেইনকো খবৰ এটা দিবা। ষ্টমাক ৱাশ্ব কৰিব লগা হ’ব পাৰে ক’ব নোৱাৰি।’

অ’কে ছাৰ বুলি অনন্যা আঁতৰ হ’ল। ঘূৰি যাওঁতে ফিছিককৈ মাৰি যোৱা হাঁহিটো ডাঃ তালুকদাৰৰ চকুত নপৰাকৈ নাথাকিল।

অনন্যাৰ কঁকালখন যে খাঁমুচিয়া সেইটো মই নক’লেও চাগৈ ৰাইজে ধৰিব পাৰিছেই।

ডাঃ তালুকদাৰে বৰানীক চাবলৈ গ’ল আৰু পৰীক্ষা কৰি বুজিলে যে ৰিক’ভাৰি সোনকালে হ’ব।

পিছে আবেলিলৈ কিছু জটিল হৈ পৰিল। বৰানীৰ দুবাৰ ছিজাৰ হ’ল আৰু মাজে মাজে ভ্ৰম বকিবলৈ ধৰিলে, ‘তাইৰ চকুত ভোট জলকীয়া সানি দিম’, ‘বঠীখনেৰে তাইৰ চুলিকোচা ববকাট কৰি দিম’, ‘মোৰ লগত পাংগা লৈছে তাইৰ পুংগী বজাই দিম।’

ডাঃ তালুকদাৰে বৰাক মাতি আনি আঁতিগুৰি ল’লে ঘটনাৰ আৰু বুজিলে যে ফে’চবুকৰ দুৰ্ঘটনাটোৰ কাৰণে এই ট্ৰ’মা হৈছে। তেঁও বৰাক এলোভেৰা জুচ অলপ আনি খুৱাই দিবলৈ ক’লে। বৰাই এলোভেৰা জুচ আনি প্ৰিয়তমাক এগিলাচ খুৱাই দিলে। সন্ধিয়াৰ পিনে বৰানী কিছু সুস্থ হৈ উঠিল।

।। নিমন্ত্ৰণ ।।

সন্ধিয়াৰ বৈঠকত শৰ্মানী, শইকীয়ানী আৰু ডেকানীয়ে মিলি নিমন্ত্ৰণ দিব লগা সকলৰ তালিকাখন প্ৰস্তুত কৰিলে। অৱশ্য এ আৰু বি ব্লকৰ সকলোৱে নিমন্ত্ৰণ পাবই। বাকী থাকিল চি ব্লক, ডি ব্লক আৰু এফ ব্লক (ই ব্লকটো বহু দিনৰ পৰা বন্ধ হৈ আছে পানীৰ টেংকী ফুটি থকা কাৰণে।) শইকীয়ানীয়ে চিধাই নাকচ কৰিলে চি ব্লক। ডি ব্লকৰ ভট্টক মাতিবই লাগিব। কেৱল সমস্যাটো হ’ল এফ ব্লকৰ ড° হিলৈধাৰীক কেনেকৈ মতা যায়। ডেকানীয়ে উপায় এটা পাঙিলে।

পিছদিনা পুৱা নমান বজাত তিনিও এফ ব্লকৰ ড° হিলৈধাৰীৰ ঘৰৰ কলিংবেল বজালে। সদ্যোস্নাত ড° হিলৈধাৰীয়ে টাৱেলখন পিন্ধিয়েই দুৱাৰখন খুলি দি সন্মুখত তিনি নাৰীক দেখি ‘বহকচোন’ বুলি কৈ ভিতৰলৈ ভিৰাই লৰ মাৰিলে। কিছু অপেক্ষাৰ পিছত তেওঁ ওলাই আহিল।

‘কওকচোন কিয়বা অহা হ’ল?’— ড° হিলৈধাৰীয়ে ভাই বোৱাৰীয়েকে ভাই শহুৰেকক সম্বোধন কৰাৰ দৰেই ক’লে কথাষাৰ।

শৰ্মানীয়ে শইকীয়ানীলৈ চালে আৰু শইকীয়ানীয়ে ডেকানীলৈ চালে। ডেকানীয়ে বেগৰ পৰা ফুলাম গামোচা এখন উলিয়াই ড° হিলৈধাৰীৰ ডিঙিত পিন্ধাই দিলে। ‘আপুনি আমাৰ গান্ধীকলনিৰ এজন পূৰোধা ব্যক্তি। আপুনি আমাৰ সমাজৰ কাৰণে যিখিনি কৰিছে বহুতেই তাক কৰিব পৰা নাই। সেয়েহে আপোনাক সম্বৰ্ধনা জনাবলৈ পোৱাটো আমাৰ বাবে ভাগ্যৰ কথা।’ ডেকানীয়ে একে উশাহতে মুখস্থ কৰি অহা বাক্য দুটি গাই দিলে।

‘ কাইলৈ আমি এখন গেট টুগেডাৰৰ আয়োজন কৰিছো শৰ্মানীৰ ঘৰত, আপুনি আহিবই লাগিব’—শইকীয়ানীয়ে ক’লে।

‘অ’ কিহৰ গেট টুগেডাৰনো পিছে ? মই কিন্তু এটা মস্ত ব’ৰ, পাৰ্টিত মই থাকিলে আপোনালোকৰ নজমিব।’ ড° হিলৈধাৰীৰ উত্তৰ।

‘ সেইবিলাক নাজানো, মুঠতে আপুনি আহহিবই লাগিব, প্লিইইজ….’ তিনি গৰাকীৰে কোৰাছ।

‘অ’কে অ’কে… চাওচোন বাৰু… হেঃ হেঃ হেঃ।’ ড° হিলৈধাৰী যেন গ্ল’বেল ৱাৰ্মিঙৰ চিকাৰ হোৱা এণ্টাৰ্কটিকাৰ এটুকুৰা বৰফহে। সকলো পুৰুষৰ ভিতৰত একোজন কৃষ্ণ সুপ্ত অৱস্থাত থাকে। কোনে জানো কৈছিল।

‘আপোনালোক বহকচোন, চাহ আনো, আজি প্ৰথম আহিছে।’

‘নালাগে মিছাতে কষ্ট কৰিব’, জাতীয় কিবা এটা ক’বলৈ শৰ্মানীয়ে মুখখন মেলিছিল যদিও ডেকানীয়ে চিকুট এটা মাৰি ৰখালে। চাহ কাপ খোৱাৰ সময়তে হেনো বহু ‘ডিল’ ক্ল’জ হৈ যায়, ডেকানীয়ে এমৱে’ৰ প্ৰশিক্ষণত শিকা কথাষাৰিকে লগৰ দুজনীক বুজালে।

ড° হিলৈধাৰীয়ে সৰু ট্ৰে এখনত তিনিকাপ চাহ আৰু প্লেট এখনত ব্ৰিটানিয়া মেৰি বিস্কুটকেইখনমান লৈ আহিল।

‘ গাখীৰ নাইকিয়া, আদায় হ’ল। গতিকে ফিকা চাহকে দিব লগা হ’ল আপোনালোকক।’

‘হ’ব হ’ব, আপুনি যে মিছাতে কষ্ট কৰিলে।’ তিনিও সমস্বৰে ক’লে।

‘হ’ব দিয়ক, ইমানকৈ মাতিছে যেতিয়া আহিম এপাক। পিছে বেছি সময় থাকিব নোৱাৰিম, আঠ বজাত এজনক এপইণ্টমেণ্ট দিয়া আছে।’

‘হ’ব হ’ব, আপুনি দৰ্শন দিলেই হ’ল।’

চিত্ৰলেখাই অনিৰূদ্ধক হৰণ কৰি অনাৰ পিছত সখীয়েক ঊষাই যিটো হাঁহি মাৰিছিল, ঠিক একেই হাঁহি দেখা গ’ল শৰ্মানী, শইকীয়ানী আৰু ডেকানীৰ ‘ফেয়াৰ এণ্ড লাভলী’ মুখকেইখনত।

।। বিস্ময় ।।

সন্ধিয়ালৈ বৰানী যথেষ্ট পৰিমাণে সুস্থ হৈ উঠিল। ডাঃ তালুকদাৰ আশ্বস্ত হৈ নিজৰ এপাৰ্টমেন্টলৈ ঢাপলি মেলিলে। ডিউটি শেষ হোৱাৰ আগতে ৰাউণ্ড দিবলৈ অহা ইমাৰ্জেন্সীৰ হেড ডাঃ বৈশ্যই ‘ৱেল ডান মাই বয়’ বুলি দিয়া মন্তব্যটিয়ে তেওঁৰ বুকুখন বেচ কিছু দেৰিলৈকে ফুলাই ৰাখিলে। পিছে ৰুমত সোমোৱাৰ পাছতো দেখোন তেওঁক অনন্যাৰ মুখখনিয়েহে বৰ আমনি কৰিবলৈ ধৰিলে। বাথৰুমত মুখ ধুই থাকোঁতেও তেওঁ আইনাত অনন্যাৰ মুখখনেই দেখিবলৈ পালে। পিছে নিজৰ তালুৰ সদ্যবিলীয়মান চুলিকেইডালেহে তেওঁক কিছু চিন্তাত পেলালে।

মুখ হাত ধুই আহি তেওঁ ভাবিলে এই কথাই কথা নহয়, এবাৰ ফে’চবুকত অনন্যাৰ প্ৰফাইলটিকে খুঁচৰি চোৱা যাওক। প্ৰফাইল থাকিব বুলি তেওঁ নিশ্চিত। কেৱল চাব খুজিছে নেচাৰটো ‘ফান লাভিং’ নে ‘ছিম্পল এণ্ড হোমলি’।

ফে’চবুকৰ হোমপেজটো খোলাৰ পিছত এটা ফ্ৰেইণ্ড ৰিকুৱেষ্ট আৰু এটা ইনবক্স মেছেজ লক্ষ্য কৰিলে ডাঃ তালুকদাৰে। চকুমুদি ফ্ৰেইণ্ড ৰিকুৱেষ্টটোৰ এক্সেপ্ত বক্সটোত ক্লিক কৰি মেছেজ বক্সত ক্লিক কৰাৰ লগে লগে অযুত বিষ্ময়ে তেওঁৰ চকুত ধৰা দিলেহি।

আহকচোন, ডাঃ তালুকদাৰৰ অযুত বিষ্ময় সাম কাটিবলৈ দি আমি ক্ষন্তেক ভুমুকি মাৰোহি গেট টুগেডাৰৰ আয়োজনস্থলীত।

।। আয়োজন ।।

অতি সাধাৰণভাৱে গেট টুগেডাৰৰ আয়োজন কৰা হ’ল।

বিকাজীৰ টানা বানা মিক্সাৰ, চীনাবাদাম ৰোষ্ট, কাজুবাদাম ৰোষ্ট, ৰোষ্টেড পাপড়, পেষ্ট্ৰী, প্ৰাণ লিচি, ব্ৰইলাৰ কুকুৰাৰ তণ্ডুৰী, বৰিয়লা মাছৰ ফ্ৰাই, ছাগলিৰ লিভাৰ ফ্ৰাই খুবেই কমন হ’ল। বি ব্লকৰ মিছেছ ছেত্ৰীয়ে ছাগলীৰ পেটুবোৰ ভাজি এবিধ স্পেচিয়েল ৰান্ধিলে বুলিহে। শৰ্মানীয়েও আকৌ তিয়ঁহৰ পাতল শ্লাইচ কৰি ভোট জলকীয়া আৰু বাঁহৰ গাঁজৰ চাটনি সানি এবিধ আনকালে তৈয়াৰ নকৰা বিশেষ চালাদ তৈয়াৰ কৰিলে। তণ্ডুৰীৰ কাৰণে শইকীয়ানীয়ে নিজৰ ঘৰৰ মাইক্ৰোৱেভটোকো লৈ আহিল। দুটাত একেলগে ৰান্ধিলে সময় বাচিব বুলি।

ইমান বিধ স্নেক্সৰ লগত খাবলৈ বুলি জনী ৱাকাৰ ৰেড লেবেল হুইস্কি, স্মিৰনফ ভ’ডকা, বাকাৰ্ডি ৰাম, মহিলাসকলৰ বাবে ব্ৰীজাৰ, কিংফিছাৰ বীয়েৰ, ভিনো নামৰ এবিধ ৱাইন, ফেন্টা, মিৰিণ্ডা, মাউন্টেইন ডিউ, ছ’ডা আদিও আহিল।

ক’বলৈ পাহৰিছোঁ, দাম বেছি হ’লেও আজি এলমণ্ড অলপো অনা হ’ল, স্পেচিয়েল অকেজন বুলি।

।। যৌৱনে আমনি কৰে ।।

মেছেজ বক্সটোত মেছেজটো আছিল ‘ হাই ডিয়াৰ 🙂 ‘ ।

অনন্যাৰ মেছেজ।

আৰু নোচোৱাকৈ একচেপ্ট কৰা ফ্ৰেইণ্ড ৰিকুৱেষ্টটোও আছিল অনন্যাৰেই !

ডাঃ তালুকদাৰৰ ছিষ্ট’লিক আৰু ডায়েষ্ট’লিক প্ৰেছাৰ দুয়োটায়ে যেন সম্ৰাট যুধিষ্ঠিৰৰ অশ্বমেধৰ ঘোঁৰাৰ দৰে ওপৰলৈ জাঁপ এটা মাৰি দৌৰ মাৰিলে। উফফ্ …..।

ডাঃ তালুকদাৰৰ আৰু অনন্যাৰ প্ৰফাইল চাবলৈ নহ’ল। তেওঁ অসমীয়া বাতৰি কাকতখনকে হাতত তুলি ল’লে।

দ্বিতীয় পৃষ্ঠাৰ ৰাশিফলটো পঢ়ি দেখিলে ‘ কৰ্মস্থানত জটিলতাৰ সন্মুখীন হ’ব যদিও ওপৰৱালাৰ প্ৰশংসাৰ পাত্ৰ হ’ব পাৰিব। প্ৰেমত অতিকৈ শুভ। যিসকলৰ শুক্ৰ তুংগত আছে সেইসকল ব্যক্তিয়ে এই সময়ত প্ৰেমাভিযানত আগবঢ়াৰ শুভ সময়।’

উফফ্… ধক ধক ধক।

কোনেনো কয় বাৰু জ্যোতিষ ভণ্ড বুলি ? জ্যোতিষ ভণ্ড বুলি কোৱা তথাকথিত বিজ্ঞানীসকলেই ডাঙৰ ভণ্ড ! নহ’লেনো এনেকৈ গোটেইখিনি মিলি যাব লাগেনে বাৰু।

ফ্ৰিজৰ পৰা ফাৰ্মৰ কণী এটা উলিয়াই সিজাই খাই ডাঃ তালুকদাৰ শুই পৰিল। আজি দেখোন ভোকেই লগা নাই কিবা! শোৱাৰ আগতে অৱশ্যে পুৱা ছয় বজাৰ এলাৰ্ম দিবলৈ নেপাহৰিলে।

পুৱা ছয় বজাত বিশ্বস্ত এলাৰ্ম বাজি উঠিল। আনদিনা কাউৰীৰ মাত যেন লগা এলাৰ্মৰ শব্দটোৱে যেন আজি কিশোৰদাৰ কণ্ঠৰে গাই উঠিল, ‘ দিল ক্যা কৰে জব কিছিচে কিছিকো প্যাৰ হো যায়ে…।’

আজি আৰু বেছি দেৰি এলাৰ্ম স্নুজ কৰি কৰি শুই থাকিবৰ মন নগ’ল ডাঃ তালুকদাৰৰ। বিছনাৰ পৰা উঠিয়েই দাঁত দুপাৰি ব্ৰাছেৰে ঘৰ্ষণ কৰি মুখত ‘ৰাজা’ খৈনী অলপ সুমুৱাই তেওঁ বাথৰুমত সোমাল। হোষ্টেলৰে অভ্যাস। আগতে হাতৰ তলুৱাত মলি খাইছিল যদিও সময়ৰ অভাৱত সেই বিলাসিতাকণ ত্যাগ কৰিব লগা হ’ল। নাখালে দেখোন প্ৰাত্যহিক কামফেৰা সমাপন নহয়। লগৰ বহুতে ধুম্ৰপান কৰে যদিও তেওঁ অসমীয়া চুইংগামবিধ এৰিব নোৱাৰিলে।

গা ধুই উঠি ধূপ দুডাল জ্বলাই ডাঃ তালুকদাৰে বাবা গণেশৰ মূৰ্তিটোৰ সন্মুখত হনুমান চালিচাখন পাঠ কৰিবলৈ ধৰিলে। মঙ্গলৰ দোষ। হনুমান চালিচা পাঠ কৰি উঠি ডাঃ তালুকদাৰে সোঁহাতৰ অনামিকা আঙুলিত পিন্ধি থকা ৰক্তপ্ৰবালটিত ‘স্ম্পুচ্চ’ ‘স্ম্পুচ্চ’ কৰি দুটা চুমা খালে আৰু ৰঙা চাৰ্ট এটা পিন্ধি কৰ্মস্থানলৈ যাবলৈ ওলাল। আজি আৰু মেগী খাবলৈ সত নগ’ল।

নিজৰ ৱাৰ্ড পাই উপস্থিতিৰ বহীত চহী কৰি ৰাউণ্ড দিবলৈ যাওঁতে ডাঃ তালুকদাৰে অনন্যাক দেখা পালে। হাৰৰৰে… এইবোৰ কি হ’ব ধৰিছে ? অনন্যায়ো যে টিকটিকিয়া ৰঙা চুৰিদাৰ এযোৰ পিন্ধি আহিছে !!! তাৰমানে কি তাইৰো মঙলৰ দোষ! হে ভগৱান!

ঐ হৈ হৈ সৈ। ডাঃ তালুকদাৰৰ মনটোৱে তেওঁক জোকালে। চুপ থাকচোন তই। কৃত্ৰিম ধমকি এটা দিলে তেওঁ নিজৰ মনটোক।

আবেলিলৈ বৰা আৰু বৰানী ডাঃ তালুকদাৰৰ কেবিনত হাজিৰ। বৰানী সম্পূৰ্ণ সুস্থ। মানুহগৰাকীৰ কিন্তু মনোবল মানিব লাগিব।

‘কেনে পাইছে এতিয়া?’ ডাঃ তালুকদাৰৰ প্ৰশ্ন।

‘কেনে পামনো?’ বৰানীয়ে হুমুনিয়াহ এটা কাঢ়ি মুখখন ওফোন্দাই দিলে। হুমুনিয়াহ নহয় যেন আটলাণ্টিক মহাসাগৰৰ তলিৰ পৰা এটা বুৰবুৰণিহে ওপৰলৈ উঠি আহিল।

‘পিছে আপোনালোকৰ মাজত এই ‘ছত্তিচ কা আখৰা’ কেতিয়াৰ পৰানো আৰম্ভ হ’ল? মানে এই ব্যতিহাৰ বহুব্ৰীহি?’

বৰানীয়ে ডাঃ তালুকদাৰৰ প্ৰশ্নৰ উত্তৰ নিদি বৰাৰ ফালে চাই ক’লে, ‘তাই জহনীত যাইতীয়ে যিপাত দিলে মোক। হেৰা, সেইবোৰ সিহঁতৰ নাটক বুজিছা। আঁঠুত টমেটো ছচ সানি মিছাতে সিহঁতে পৰি তেজ ওলোৱা নাটকখন কৰিলে মোতকৈ বেছি লাইক পাবলৈ। চাই ল’ম তাইক।’

ডাঃ তালুকদাৰৰ পুতৌ উপজিল মানুহজনীৰ নীচ চিন্তাধাৰাৰ ওপৰত।

‘আৰু সিহঁতে ফেক প্ৰফাইল ব্যৱহাৰ নকৰাকৈ ইমান লাইক পাবই নোৱাৰে।’ বৰানীয়ে নিজকে সান্ত্বনা দিলে।

ফেক প্ৰফাইলৰ নাম শুনি ডাঃ তালুকদাৰৰ গাটো চেবালে। কিছুদিন আগতে তেওঁ ‘ ডেংগু ৰোগৰ উপশমত অমিতাৰ পাতৰ ৰসৰ উপযোগিতা’ সন্দৰ্ভে লিখা গুৰূত্বপূৰ্ণ প’ষ্ট এটা কেনেকৈ ফেক প্ৰফাইল দুটাই হাইজেক কৰি ‘লিভাৰৰ বেমাৰত লাওপানীৰ উপকাৰিতা’লৈ লৈ গ’ল তাকে ভাবি মূৰটো গৰম হৈ পৰিল। সেই হাইজেকটোত দুজনমান ভব্য গব্যয়ো যেনেদৰে হাত উজান দিছিল। পিছলৈ কমেণ্টসমূহ ব্যক্তিগত আক্ৰমণলৈ পৰ্যবসিত হৈ পৰিছিল। সৌভাগ্যক্ৰমে চিনাকি মডাৰেটৰ এজনে হস্তক্ষেপ কৰাতহে ৰক্ষা।

আৰু এদিন ডাঃ বৰুৱাই কোৱা তেওঁৰ ভতিজাকজনৰ কাহিনীটোলৈ মনত পৰি গ’ল। বেচেৰাই ফেক প্ৰফাইলৰ প্ৰেমত পৰি ঠগন খাই মানসিকভাৱে বিধ্বস্ত হৈ পৰিছিল। এতিয়াও হেনো সি ৰাতি ৰাতি চিঞৰ মাৰি উঠি বহে।

বৰা, বৰানী যোৱাৰ এঘণ্টা পিছত অনন্যা আহি ডাঃ তালুকদাৰৰ কেবিনলৈ আহিল দুই এটা গতানুগতিক কথা আলোচনা কৰিবলৈ। ঠিক তেনেতে শৰ্মানী, শইকীয়ানী আৰু ডেকানী আহি ওলাল গেট টুগেদাৰৰ নিমন্ত্ৰণ দিবলৈ। ডাঃ তালুকদাৰৰ গান্ধীকলনিৰ দুই এজনক বাদ দি সকলোৰে লগত এক সদ্ভাৱ আছে। তেওঁলোক অহাত অনন্যাই চকীখন এৰি দি থিয় হৈ ৰ’ল। ডাঃ তালুকদাৰে তাইক নিজৰ কাষৰ চকীখনত বহিবলৈ ইংগিত দিলে।

শইকীয়ানীয়ে গেট টুগেদাৰত ডাঃ তালুকদাৰৰ উপস্থিতি নিশ্চিত কৰিহে এৰিলে আৰু লগতে অনন্যাকো লগত লৈ আহিবলৈ টানি ধৰিলে। অনন্যাই নাযাওঁ নাযাওঁ কৰিছিল যদিও অৱশেষত  সন্মত হ’ল।

–**–

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক