ঊনসত্তৰ (মৃদুল কুমাৰ শৰ্মা)

ঊনসত্তৰ (৩য় খণ্ড)

মৃদুল কুমাৰ শৰ্মা


শৰ্মানী: হেৰা, টিটুৰ বাপেক। আজি শনিবাৰ। পাহৰিলা নেকি?

শৰ্মা: হেৰা টিটুৰ মাম্মী! বাপেক বুলিবলৈ লাজ পোৱা নাই। নিজেই দেখোন পুত্ৰদেৱক শিকাইছা পি এ পি এ পাপা বুলিবলৈ। হুহ্হ, ঔকাদটো ক’ত যাব। কিযে ঢেকেৰী মাল এটা বিয়া পাতিলো। কৃষ্ণ, না ইধৰ কা না উধৰ কা। না মেখেলা চাদৰ পিন্ধিব জানে না জীনচ পিন্ধাৰ ফিগাৰ আছে। পেটলী পেটলী পেটলী!!!

শৰ্মানী: আজি অফিচতে দুটাপেগ মাৰিলাযেন পাইছো? আৰু মোক যে পেটলী বুলি কৈছা তোমাৰনো ক’ত ছিক্স পেক দাল আছেহে? ছিক্সপেক নহয় ছিক্সপেগহে বনালা। পেটুৱা পেটুৱা পেটুৱা!!!! তুমিও সেই ‘চৌভিনিষ্টিক মে’ল’ হয়৷ গতিয়াই নিওতা নাই আৰু দোলাত যায়। যি বুজিলা বুজিলা আৰু।

শৰ্মা : হৌৰা, ডাৰ্লিং সোণজনী মইনাজনী, মোৰ হট হট হেৰি হেৰি ভিক্ট’ৰিয়া ছিক্ৰেট এঞ্জেলজনী!! মাৰ্চ মাহত ফাগুণ চ’ত চব মতলীয়া হৈ উঠে। আৰু আমাৰো ব্লেণ্ডাৰ প্ৰাইড, ছিগনেচাৰ চব একাকাৰ হৈ উঠে। ইমান কথা শুনাইছা যেতিয়া তুমিও শুনা, লাও যিমানে ডাঙৰ নহওক কিয়, সদায়ে পাতৰ তল। ভাত তুমিয়ে বনাব লাগিব, বাচনো তুমিয়ে ধুব লাগিব। নহ’লে তোমাৰ লিপষ্টিক এলাৱেন্স, মাস্কাৰা এলাৱেন্স চব হেল্ড আপ।

শৰ্মানী : পিছে ভাত নবনাইহে, ৰান্ধেহে।

শৰ্মা : অ’ তুমি ভাত ৰান্ধিবা আৰু মই খাম। তুমি বাচন ধুবা আৰু মই বিচনাত উঠিম। তুমি বিচনাত উঠিবা আৰু মই নাক বজাম। বেছি এক্সপেক্ট নকৰিবা। হ’লতো ? হুহহ, ব্যাকৰণৰ লেভেল দিয়ে । মাই ফুট।

শৰ্মানী : তোমাৰ লগত লাগি লোৱাতোৱে ভুল। পিছে মই শনিবাৰ বুলি কি মনত কৰি দিছিলো কোৱাচোন?

শৰ্মা : কিনো? আকৌ ঘোঁৰাৰ খুৰাৰ আঙুঠি পিন্ধিব লাগিব নেকি?

শৰ্মানী : সেইতোৱেতো কথা। যোৱা সপ্তাহত আমাৰ এটাও প’ষ্ট পপুলাৰ হোৱা নাই। কথাটো তুমি মন কৰা নাই চাগে?

শৰ্মা : হাতত মালেই নাই। মাল থাকিলেও ৱেইট নাই। কি কৰিবা, লাইক আৰু এনেয়ে নাপায় নহয়। আজিকালি পলিটিকেল প’ষ্টবোৰক কোনেও পাত্তা নিদিয়া হ’ল। কিছুমান প’ষ্টেটো এটা লাইকো নাপায়, মইহে দুখতে লাইক এটা মাৰি দিও, উৎসাহ দিবলৈ। চবেই আজিকালি ক্ৰিয়েটিভ প’ষ্ট বিচৰা হ’ল।

শৰ্মানী : হেৰা, এটা তামাম ইণ্টাৰেষ্টিং কাৰবাৰ হৈছে। খুক খুক, পি পি, ডি ডি!!!

শৰ্মা : আমাৰ গান্ধীকলনিতনে? কিনো বাৰু?

শৰ্মানী : আজিকালি আধুনিক কবিতাৰ দৰেই…

শৰ্মা: প্লিজ, তোমাৰ আধুনিক কবিতাৰ কথা মোক নকবা। আজিকালি এনি টম, ডিক এণ্ড হেৰী কেন ৰাইট এন আধুনিক কবিতা।

শৰ্মানী : অহ হ’ ডাৰ্লিং, পূৰাকৈ শুনি লোৱাচোন। আধুনিক কবিতাৰ দৰেই আজিকালি এবিধ চুপাৰ অত্যাধুনিক গল্প ওলাইছে। তুমি ধৰিবই নোৱাৰিবা এয়া গল্প নে কবিতা নে কাহিনীনে অইন কিবা হেৰিহে!! সিদিনাতো এটা পঢ়ি ভাব হ’ল এইটো কিবা হেৰি সূত্ৰ নহয়তো। পিছতহে গম পালো সেইটো হেনো কিবা স্বাধীনতাৰ বিষয়ে লিখা গল্প।

শৰ্মা: অহ, ৰক্ষা দেও। কিবা সূত্ৰ নহয়। বাচিলো।

শৰ্মানী : কিবা কৈছা? ডাঙৰকৈ নোকোৱা কিয়? হুহহ্হ।

শৰ্মা : নাই নাই। কথাটো একপ্ৰকাৰ ভালেই হৈছে। আধুনিক কবিতা, বিমূৰ্ত চিত্ৰৰ পিচত এতিয়া অত্যাধুনিক গল্প। হাল্লেলুইয়াহ, হাল্লেলুইয়াহ।

শৰ্মানী : অ’ অ’, সেই শব্দদুটাকে লিখি দিয়া আৰু কেপচনটো দি দিয়া ….. উমমম… লাইফ বুলি বা জীৱন বুলি।

শৰ্মা : ধেইৎ, সেইটো কিবা গল্প হ’বনেকি?

শৰ্মানী : আঃ সাঃ হানী, আজিকালি চবেই ‘কুইক্যি’হে পচণ্ড কৰে। ফেচবুকতো চুটি চুটি প’ষ্ট বিচাৰে। বেছি দীঘল হ’লে হেনো চকুত ধৰে৷

শৰ্মা: তাৰমানে তুমিও ‘কুইক্যি’ ….. অ’কে ভালেই পাও বাৰু মই। আপলোদ কৰিছো দিয়া।

~~এক *গল্প~~

জীৱন:

হাল্লেলুইয়াহ হাল্লেলুইয়াহ ।
……..

শৰ্মানী : কেপচনটোৰ আগত ষ্টাৰটো দিলা যে?

শৰ্মা : যাৰ যি মন যায় লগাই ল’ব । আণবিক, পাৰমাণবিক, মহাজাগতিক, নিঃচিদ্ৰ, বিক্ষিপ্ত, মহাকাল, দুদ্ধৰ্ষ!!!

শৰ্মানী : আজি তাৰমানে এশটামান লাইক পামেই নে কি কোৱা?

শৰ্মা: এনেই নকয় মোল্লাৰ দৌৰ মছজিদলৈহে বুলি । যোৱা ভাতটো বাঢ়া।

শৰ্মানী : ভাতটো নহয়হে ভাতসাজ।
~~~~~~

টিটু : পাপা, মাম্মী, চোৱাচোন মই এয়া কি লিখিছো!!!!

মৃত্যু:

এনেকৈয়ে মোৰ মৃত্যু হ’ল

নামৰ আগত লাগিল ৺
আৰু এটা কবিতাৰ জন্ম হ’ল।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক