এইইইই ! – জ্যোতিৰুপম দত্ত

এইইইই ! ইয়াহু !!!

কিবা তৎ ধৰিবলৈ নৌ পাওতেই মোৰ দুয়োটা ভৰি শূন্যলৈ উঠি গ’ল ৷ মোক কোনোবাই পিছফালৰ পৰা অতৰ্কিতে অকণো লৰচৰ কৰিব নোৱাৰাকৈ ডাঙি ধৰি লৈ নাচিবলৈ লাগিল ৷ সেই বজ্ৰকঠিন যুযুৎসুসদৃশ পেচৰ পৰা ওলাবলৈ গাটো ভাজ কৰি, জোকাৰি জোকাৰি আপ্ৰাণ চেষ্টা কৰিও সফল হ’ব নোৱাৰিলো ৷ ভৰি দুখন মাটিৰ পৰা কেইইঞ্চিমান ওপৰতে ওলমি থাকিল ৷ সেই সময়ত চাৰিওকাষে এক বিশেষ দৃশ্য দৰ্শনৰ প্ৰতীক্ষাত উৎসুক জনতাৰ ভিৰ ৷

উপায়বিহীন হৈ ময়ো হাত মুৰ জোকাৰি আলাসতে কিবা এটা নৃত্যৰ ভংগিমা দিলতহে আমাক বেৰি লৈ কিৰিলিয়াই থকা ৰাইজসকল ক্ষান্ত হ’ল ৷ মোৰ আঢ়ৈমোণীয়া বিশাল বপুৰ শৰীৰটো ধানৰ বস্তা পেলোৱাদি গেমেহকৈ বালিতেই থেকেচি পেলাই দি পালোৱান চেহেৰাৰ বন্ধুজনে এইবাৰ ফোঁপাবলৈ লাগিল ৷ পিছে নাচ বন্ধ নহল ৷ আটাইমখাই কিৰিলিয়াই কিৰিলিয়াই প্ৰকাণ্ড পেট কেইটা নচুৱাই নানা অংগী-ভংগীৰে নৃত্য কৰিবলৈ ধৰিলো ৷ সেই সময়ত আমাৰ দৰে স্বয়ম্ভু নৃত্য বিশাৰদসকলৰ বিভিন্ন অদ্ভুত নৃত্য ভংগিমা দেখি স্বয়ং নটৰাজেই বিচুৰ্ত্তি খালেহেতেন ৷

কি মজা ! এইহে পিকনিক ! অলপ সময়লৈ সেই অদ্ভুত নৃত্যপৰ্ব চলিয়েই থাকিল ৷

এইবাৰ মই লাহেকৈ মাত দিলো, ‘এইমাত্ৰ আহি পাইছোহে ৷ আটাইবোৰে প্ৰথমতে কিবা এটা খাই ল’ব লাগে ৷’

সকলোৱে হয়ভৰ দি খাবলৈ উঠি আহিলো ৷ চহৰৰ পৰা দুৰৈত নৈ-পৰীয়া সুন্দৰ ঠাই এটুকুৰালৈ লগৰ কেইজনমানৰ সৈতে বনভোজলৈ আহিছো ৷ নৈ-পৰীয়া ঠাইটুকুৰাত সৰু বৰ অসংখ্য গাড়ী ৷ পৰিয়াল, বন্ধু বান্ধৱৰ সতে সকলোৱে প্ৰকৃতিৰ মাজত এসাজ খাই আনন্দ কৰাৰ বাবে ভিৰ কৰিছেহি ৷ সকলোৰে মনত কোলাহলৰ পৰা দুৰৈত কেইটামান ক্ষণ কটোৱাৰ ইচ্ছা ৷

জিলেলে জিলেলে ও জিলেলে জিলেলে !

এনেতে প্ৰচণ্ড শব্দ এটাত মুহূৰ্ততে সকলোৰে কাণ তাল মাৰি উঠিল ৷ এই পাণ্ডৱ বৰ্জিত ঠাইটুকুৰাতো জেনেৰেটৰত প্ৰকাণ্ড ছাউণ্ড চিষ্টেম লগাই ৰক শ্ব’ৰ দৰে বুকু ধপধপাই যোৱাকৈ গান বজাইছে ৷ উস্ ৰাম ! অলপ পৰ পাছতেই তেনে সৰু সুৰা বহুকেইটা দলৰ শব্দযন্ত্ৰৰ প্ৰভাৱত কোনেও কাৰো মাত নুশুনা হ’ল ৷

যিয়েই নহওক খোৱা-বোৱা আৰম্ভ কৰা যাওক বুলি আমাৰ দলৰ সকলোকে ওচৰলৈ মাতি আনিলো ৷

: মই ব্ৰেডৰ লগত বাটাৰ নাখাও ! জামহে লাগিব ৷ ব্ৰেকফাষ্টত দুটাকৈ কণীও লাগিব দেই !

হে হৰি ! সদায় ৰাতিপুৱা ৰঙা চাহৰ সৈতে এখন কাটা বিস্কুটকে মৰক-মৰককৈ চোবোৱা মানুহটোৰ মুখত আজি চাহাবী ঢঙৰ ব্ৰেকফাষ্টৰহে ফৰমাইচ !

যিয়েই নহওক নানা বাধা বিঘিনি অতিক্ৰম কৰি লগৰে কেইটিমান মনে মিলা আদহীয়া মিলি পিকনিক এটা কেনেবাকৈ আৰম্ভ কৰিহে এৰিলো ৷ কেইদিনমান আগৰ কথা ৷ হোৱাটছএপৰ গ্ৰুপত এটাত কোনোবা অত্যুৎসাহী এজনৰ মন্তব্য এটাই হেন্দোলনি তুলিলে ৷

: ‘পিকনিক এটা হ’ব লাগিছিল !’

বচ ! কোনে পায় আৰু ! লগে লগে সমস্বৰে আটাইবোৰে একে আষাৰে কথাটোত হয়ভৰ দিলেই ৷ আধাঘন্টাৰ ভিতৰতে এটা ‘পিকনিক’ খাটাং হৈ গ’ল ৷ পিকনিকৰ সকলো বন্দবস্ত কৰাৰ কৰাৰ দায়িত্ব লবলৈ প্ৰথমতে বহুকেইজন আগবাঢ়ি আহিল ৷ পিছে জনা শুনা কথাটো হল যে পিছলৈ বেছিভাগেই মুৰ পোলোকা মাৰি নিৰাপদ দূৰত্বত অৱস্থান কৰি ফৰ্মুটিহে দলিয়াই থাকে ৷ দুজনমানে আলচ কৰি গ্ৰুপৰে দুজনমানক এই মিছনৰ চুপ্ৰিম কমাণ্ডাৰ পাতিলেই ৷

মুঠতে না কোনেও নুশুনে ৷ পিকনিক হবই লাগিব ৷

পিছে উদ্যোক্তা দুজনমানে তাৰিখ এটা ঘোষণা কৰিবহে পালে, হাহাকাৰ লাগিয়েই গ’ল ৷

: এই অমুক তাৰিখে মই নোৱাৰিম ৷ অফিচিয়েল কাম আছে ৷ মিটিং বা টুৰ টাইপৰ কিবা আছে ৷

কাৰোবাৰ আকৌ ঘৰুৱা কাম ওলাল ৷

: নাই নাই ! মই নোৱাৰিম ৷ কাম আছে !

আচলতে এইটো নিজৰ দাম বঢ়াবলৈ কৰা চেলু এটা ৷ এনেয়ে দিনৰ দিনটো অফিচত লিলিমাই কৰি বা মাৰিঅ’, তিনপাট্টি, কেণ্ডী ক্ৰেছ খেলি কটাই দিয়াজনৰো পিকনিকৰ দিন এটা ঠিক কৰাৰ লগে লগেই চিধাই অফিচিয়েল কামবোৰলৈহে মনত পৰে ৷

কেইজনমানে আকৌ হা-না একো নকয় ৷ এখেতসকললৈ এইকেইদিনতে বহুকেইটা পিকনিকৰ আয়োজক সমিতিৰ পৰাই নিমন্ত্ৰণ আহে ৷ পিছে এখেতসকলে ঘপহকৈ কতোৱেই হয়ভৰ নিদি মাথো আলেঙে আলেঙে সকলোৰে ৰেহ-ৰূপ চাইহে ফুৰে ৷ সদৌশেষত গমি পিতি চাই যিখন সবাহতেই সুবেশী ৰূপহী গোপিনীৰ পয়োভৰ হয় সেইখন সবাহতেই নিজৰ নামটো লিখোৱায় ৷

কেইজনমানৰ আকৌ অনুমতিৰ লেঠা ৷ এইকেইজনৰ আকৌ গৃহসম্ৰাজ্ঞীৰ অনুমতি অবিহনে পিকনিকৰ নামত এখোজো বাজলৈ ওলাব নোৱাৰা অৱস্থা হয় ৷ কাজেই গৃহসম্ৰাজ্ঞীৰ মন-মেজাজ ভাল থকা সময়চোৱাতেই সুযোগ বুজি অনুমতি লবলৈ অশেষ যত্ন কৰা হয় ৷ গৃহসম্ৰাজ্ঞীয়েও এটা এটাকৈ পৰিবেশ, তাৰিখ তথা যাত্ৰাৰ সংগীসকলৰ বায়’ডাটা ইত্যাদি বিষয়বোৰ পুংখানুপুংখকৈ পৰীক্ষা কৰাৰ পাছতহে অন্তিম ৰায়দান দিয়ে ৷ নিজৰ সপক্ষে ৰায়দান হলেই হোৱাটছএপৰ গ্ৰুপটোত আকৌ এটা মেচেজ উটি ফুৰে ৷

এইইইই ! ইয়াহু !!!

কেতিয়াবা আকৌ এই শব্দটো শুনিলেই বহু পুৰণি কথা মনলৈ ভাঁহি আহে ৷ কেইদশকমান আগৰ পিকনিকৰ ফটোবোৰ যেন আকৌ জীৱন্ত হৈ উঠে ৷ ক্ষন্তেকতে মনটো থৌকি-বাথৌ লাগি যায় ৷ স্মৃতিৰ জলঙাৰে ভাল লগা দৃশ্যবোৰ লাহে লাহে ভাঁহি আহিবলৈ লয় ৷

এইইইই ! ইয়াহু !!!

কেইটামান উলাহৰ উকি ! কুঁৱলীৰ চাদৰ ফালি একা-বেঁকা পথটোৰে ধীৰ গতিৰে আগবঢ়া গাড়ীৰ মিছিল ৷ কমলাৰ বাকলি গুচাই ৰ’দৰ আমেজ লৈ অন্তাক্ষৰী-কুইজ-গান-নাচৰ সমাহাৰ ৷ কাৰো আদেশলৈ বাট নেচাই লগে ভাগে চৌকা খন্দা, পানী ভাৰ বৈ অনা, পাচলি কুটা আদি নানা কাম আৰম্ভ কৰা কথাবোৰ ৷ চেঙেলীয়াৰ ক্ৰিকেট, আদহীয়াৰ তাচপাতৰ খেল ৷ বিয়ানাম, বিহু, লোকগীতৰ পৰা জিলেলে পৰ্য্যন্ত হিন্দী গীত গোৱা ৷ নতুনকৈ প্ৰেমত পৰা ডেকা-ডেকেৰীকেইহালক লৈ কৰা জোকোৱা-জুকি, হাঁহি খিকিন্দালি ৷ খাবলৈ বহোতে কাষৰ পাতত বহা চেনেহীলৈ মাংসৰ লিভাৰ এটুকুৰা, হাত ধুবলৈ পানী ঢালি দিয়া কথাবোৰ ৷ ঘুৰি অহাৰ পৰত মুৰত গামোছা মেৰিয়াই বাছৰ হেন্দোলনিৰ লগত তাল ৰাখি নচা বিহু ৷

পিছে আজিকালি দিনকাল সলনি হ’ল ৷ কাজেই আজিকালি আমাৰ দৰে আদহীয়াবোৰৰো পিকনিক পৰ্বৰ আলেখ্যখনৰ পটকথাবোৰো সলনি হ’ল ৷

বহু আলোচনা বিলোচনা এৰা-ধৰা কৰাৰ পাছত তাৰিখ এটা কোনোমতে ঠিক হল যেনিবা ৷ তাৰ পাছতেই জেগাটুকুৰাৰ কথা লৈ বাক-বিতণ্ডা আৰম্ভ হৈ গ’ল ৷ খেনোৰ মতে ঠাইটুকুৰা ওচৰতে হ’ব লাগে, খেনোৰ মতে যিমান দুৰ হয় সিমানেই ভাল ৷

কোনোবাই ঠাই এখনৰ নাম প্ৰস্তাব কৰাৰ লগে লগে বিৰোধীপক্ষ সাজু হৈ পৰে ৷

: এহ ! অমুকত মই যোৱাবছৰ গৈছোৱেই ৷ একেখিনি ঠাইলৈ বাৰে বাৰে নাযাওঁ দেই !

পিছে আচল কথাটো হল যে তেৰাই যোৱাবেলি পিকনিকলৈ বুলি সেইখিনি ঠাইলৈ গৈ পায়েই বটল খুলি বহি লৈছিল ৷ দহ বাজিবলৈ নৌ পাওঁতেই তেখেত আউট ! আহিবৰ সময়ত তিনিজনে মিলি তেখেতক ডাংকোলাকৈ আনিহে গাড়ীত বহুৱাই দিছিল ৷ ইমানৰ পাছতো তেখেতে হেনো সেইখিনি ঠাইৰ সকলো ফুৰিলেই বুলি ভাষণৰ ফুলজাঁৰি নমৰাকৈ নাথাকে !

ঠাইখনৰ কথাটো ঠিক হোৱাৰ পাচতেই আহিল খোৱাৰ কথা ৷ এইবাৰহে আচল লেঠাটো আৰম্ভ হ’ল ৷ খোৱাবস্তুৰ মেন্যু বা তালিকাখন লৈ সদায়েই মহা পয়মাল ৷ কেইজনমানে মাছ নাখায়, কেইজনমানে মাংস নাখায়, কেইজনমানে মাছ-মাংস একোৱেই নাখায়, কেৱে অমুক বিধ মাংস নাখায়, কেৱে তমুক নাখায়, মুঠতে সৰ্বসন্মত সিদ্ধান্ত লবলৈ বৰ আহুকাল ৷

কাৰোবাৰ মতে ব্ৰেকফাষ্টৰ পৰা ছুইট ডিছলৈকে সম্পুৰ্ণ ইলাহী খানা এটা হ’ব লাগে ৷ কেইজনমানৰ কথা হ’ল ভাত-ৰুটী-দাইল-তৰকাৰীৰ ঝামেলা কৰি একো লাভ নাই ৷ পিকনিকৰো আজিকালি এটা নতুন ফেশ্যন আহিছে ৷ কেবল কেইকেজিমান মাংস আৰু সোণালী পানীয় হ’লেই হৈ যায় ! আন একো নালাগে ৷ কেবল এই দুবিধ অপৰ্য্যাপ্ত পৰিমানে থকাটো বাঞ্চনীয় !

এইবোৰ বহু বাধা বিঘিনি অতিক্ৰম কৰি যেনিবা পিকনিকৰ ঠাইটুকুৰাত উপস্থিত হলো ৷ যথাৰীতি কামবোৰো আৰম্ভ কৰা হৈ গ’ল ৷ জুই ধৰা, পানী গৰম কৰা, পাচলি কুটা, চেলফি উঠা ইত্যাদি ৷ ব্ৰেকফাষ্টৰ পৰ্বও সুকলমে হৈ গ’ল ৷ নাচ-বাগ কৰাও চলিয়েই থাকিল ৷

অলপ পৰ পাছতে দেখিলো লগৰ এজনৰ সৈতে আন এটা দলৰ দুজনমানৰ দবৰা-দবৰি লাগি গৈছে ৷ দৌৰি গলো ৷ কিবা এটা হ’বলৈ হ’লে আনন্দৰ সময়খিনি পানী হ’ব আজি ৷ সৰু কথা এটাতেই খণ্ডযুদ্ধ আৰম্ভ ৷ যেন ফিৰিঙতিৰ পৰা খাণ্ডব দাহ ! ইতিমধ্যে গোলাপী নিচাৰ প্ৰভাৱত দুইপক্ষৰে তেজত সুপ্ত হৈ থকা বীৰৰস জাগ্ৰত হৈ উঠিছিল ৷ গতি গোত্ৰ চাই দুয়োকে দুইফালৰ পৰা ধৰি লৈ এৰুৱাবলৈ আপ্ৰাণ চেষ্টা চলাই থাকোতে বীৰ এজনৰ প্ৰচণ্ড ঠেলা এটাত মইহে বাগৰি পৰিলো ৷ দুদিন আগৰে পৰা এই বিশেষ দিনটোলৈ বুলি ধুনীয়াকৈ জোগাৰ কৰি আজি পৰিপাটিকৈ পিন্ধি অহা কাপোৰসাজ ধুলি-বোকা লাগি কিম্ভুত কিমাকাৰ ৰূপ ললেই ৷ কোনোমতে বাগৰি-জুগৰি হেচি-ঠেলি দুইপক্ষৰ দুই বীৰক নিজৰ নিজৰ ব্যূহৰ ভিতৰলৈ আনিবলৈ সক্ষম হলো ৷

এইবোৰৰ লাগি থাকোতেই দুপৰীয়াৰ খোৱাৰ যোগাৰ সম্পুৰ্ণ হৈছিলগৈ ৷ সোনকালে খাই বৈ আজৰি হবলৈ বুলি সকলোকে মাতিবলৈ ললো ৷ পিছে দলটোৰ দুজনমানৰ তেতিয়ালৈ দেখা দেখিয়েই নাই ৷ ইফালে সিফালে অলপ চাই চিতি দেখো, আমাৰ দলৰ কেইজনমানে অলপ আঁতৰত বিৰিণাৰ আঁৰ লৈ সোমৰসৰ সোৱাদ লোৱাত ব্যস্ত ৷ আনবোৰে খোৱাপাত আগত লৈ সকলোৱে একেলগে খাবলৈ ৰৈ আছে ৷ ইফালে সেইসকল প্ৰভুৱে আমাৰ আকুল আহ্বানলৈ অকণো কেট কুট নকৰি সোমৰস গলাধঃকৰণত ব্যস্ত ৷ এইবোৰ কথা কাণ্ড দেখি ময়েই এইবাৰ চিলাৰায়ৰ দৰে চোঁ মাৰি গৈ তেখেতসকলৰ আৰ্কষণৰ মধ্যবিন্দু সেই সোমৰসৰ আধা ভৰ্ত্তি বটলটিকেই ডাঙি উঠাই আনিলো ৷ বটলটো কাঢ়ি আনিবহে পালো, দুজনমানে আকৌ মোৰ পিছে পিছে শিশুপাল খেদা দিলেই ৷ মই বটলহস্তে আগে আগে, পিছে পিছে থৰক বৰক খোজেৰে সুৰাসেৱীবৃন্দৰ লৰ ! অলপ পৰ তেনেদৰে খেদা-খেদি কৰি হেঁপাই-ফোঁপাই আহি তেখেতসৱেও আমাৰ দলৰ নিৰ্দিষ্ট স্থান পাই মোৰ উদ্দেশ্যি আষাৰচেৰেক উষ্ম বাক্যবাণ নিক্ষেপ কৰি ভোজনপৰ্বৰ নিমিত্তে বহি ল’লে ৷ ময়ো বটলটিক আথে-বেথে তেখেতসবৰ হাতত অৰ্পণ কৰি সন্ধি কৰিলো ৷

এনেদৰে দিনটো আনন্দ উল্লাসেৰে পাৰ কৰি অস্তাকাশত ডুব যাবলৈ ধৰা ৰঙা বেলিটোৰ কেইখনমান ফটো তুলি ৰঙিয়াল মন এটিৰে ওভতনি যাত্ৰা আৰম্ভ কৰিলো ৷ ঠেক পথ এটিৰে তই-থাক মই-যাওঁ কৰি বনভোজলৈ যোৱা আটাইবোৰ দলৰ গাড়ীবোৰে একেলগে উভটিবলৈ হেতা ওপৰা কৰি আহি কোনোমতে ঘৰ পালোহি ৷

উস ! শান্তি ৷ পিকনিকটো ভালে ভালে পাৰ হৈ গ’ল ৷ বছৰটোৰ প্ৰতিটো দিনেই অনবৰতে গহীন হৈ কাম কাজত ব্যস্ত থকা সকলোৱে নিজানত হেপাহ পলুৱাই মন খুলি অলপ আনন্দ কৰিলে ৷

আৰামেৰে বহি লৈ দিনটোত ঘটি যোৱা কথাবোৰ ভাবি গুণি টিভিটো অন কৰিলো ৷ ক্ষন্তেকতে মোৰ মুৰৰ চুলিৰ আগে জীৱ গ’ল ! টিভিৰ পৰ্দাত ৰঙা বৃত্ত এটাৰ ভিতৰত মোৰ অবয়ব ! কোনোবা এজনে টেটুফালি চিঞৰি চিঞৰি বৃত্তান্ত দি গৈছে –

: “হয় হয় ! নিশ্চিতভাৱে ! নিশ্চিতভাৱে প্ৰথমতে এয়া চাওক এইজন নৃত্য-বিশাৰদৰ নৃত্য ! চাওক কেনেদৰে এজনে ধৰি ডাঙি মেলি দি নচুৱাই ফুৰিছে ! এয়া চাওক মহাপুৰুষজনাৰ বালিত বাগৰি ফুৰাৰ এক্সক্লুছিভ দৃশ্য ৷ এইবাৰ চাওক কেনেদৰে এইজনেই মাৰ-পিট কৰি বনভোজস্থলীত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰিছে ৷ এয়া চাওক ৷ কেনেদৰে মদৰ বটল হাতত লৈ ঢলং-পলংকৈ খেদা খেদি কৰি ফুৰিছে ৷ হয় হয় ! নিশ্চিতভাৱে এইজন তথাকথিত ভদ্ৰলোকৰ কথা-কাণ্ড আপোনাৰ টিভিৰ পৰ্দাত ৷ হয় হয় ৷ চাওক ৷ আজি নিশাৰ আমাৰ বিশেষ আলোচনা অনুষ্ঠানত এই মুখাপিন্ধা ভদ্ৰলোকৰ বিষয়ে আৰু কিছু বিতং তথ্য আপোনালোকৰ মাজত ডাঙি ধৰা হ’ব ৷ আলোচনাত বিশিষ্ট বুদ্ধিজীৱী কেইজনেও এই বিষয়টোত নিজৰ নিজৰ মতামত ব্যক্ত কৰিব ৷ নিশ্চিতভাৱে এই এক্সক্লুছিভ ভিডিঅ’ কেৱল আমাৰ চেনেলত ….. নিশ্চিতভাৱে …..”

চকু ঘুৰাই চাই দেখো ৰঙা চকু পকাই শ্ৰীমতীও ইতিমধ্যে সাজু হৈছে….
এইইইইই !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments