এইবাৰ কাৰ পাল? (- মলিন মজুমদাৰ)

বলোৰাম বুঢ়াৰ যোৱা সাতদিন ধৰি টোপনি খতি৷ কাৰণটো প্ৰাণাধিক মৰমৰ ঘৈণীয়েক – বুঢ়ী হৈমন্তী৷ তজবজীয়া বুঢ়ীজনী হঠাতে নৰিয়াত পৰিল৷ আজি সাতদিন ধৰি বিছনাত৷ স্থানীয় ডাক্তৰজনে কালি সন্ধিয়া আহি শেষ কথা শুনাই গৈছে–“দুই-এদিনৰ ভিতৰত চহৰৰ কোনো বিশেষজ্ঞ ডাক্তৰক নেদেখুৱালে কিন্তু জীৱটোলৈ টনা-টনি হ’ব৷ পাছত মোক নুদুষিবা৷ ”
ঘৰখন গাওঁখনৰ মানুহেৰে বৰসবাহ যেন হ’ল৷ নুৰুদ্দিন মাষ্টৰে বুঢ়াক ক’লে–“চহৰলৈ যোৱা একমাত্ৰ ৰাস্তাটো পানীয়ে কেইবা ঠাইতো চিঙিছে৷ না‌ৱঁৰ বাহিৰে উপায় নাই৷ এটা কাম কৰা মিতা৷ নিজামগাঁৱৰ মোতলেবৰ নাওখন লৈ বুঢ়াদিয়াৰে পাৰঘাটলৈ উজাই যোৱা৷ তাৰপৰা গাড়ী এখন ভাড়া কৰি শিল দিয়া ৰাস্তাৰে পাঠশালা হৈ গুৱাহাটীলৈ যাব পাৰিবা৷ নাওখন পাৰঘাটৰ পবিত্ৰ সখিৰ জিম্মাত থৈ যাবা৷ সাত মাইল উজাই নাও বাবলৈ কষ্ট হ’ব অলপ৷ পিছে মদগজ পুতেৰ তিনিটা থাকোঁ‌তে তোমাৰ কিহৰ চিন্তা? ”

“হেৰৌ বোপাইহঁ‌ত, এয়া মাতৃ ঋণ পৰিশোধ কৰাৰ সময়, সুযোগটো নেৰিবিহঁ‌ক৷ দেহৰ কষ্টলৈ নাচাবি, মাৰৰ মুখলৈ চা৷ ” ৰাইজৰ মুখত মাকৰ গুণানুকীৰ্তন শুনি এলা-বাদু পুতেক তিনিজনৰো মাতৃপ্ৰেম জাগ্ৰত হ’ল৷
না‌ঁৱৰ চৈৰ তলত যন্ত্ৰণাত কাতৰ বলোৰাম বুঢ়াৰ সুখ-দুখৰ লগৰী, তিনি পুত্ৰৰ চেনেহী জননী৷ গোটেই গাওঁখনৰে মৰমৰ আইতা, ঘৰখনৰ প্ৰাণ৷ বঠা হাতত লৈ বুঢ়াই খাগৰিজানৰ ভটিয়নি পানীত নাও মেলি দিলে৷
খাগৰিজানেৰে আধামাইলমান ভটিয়াই আহি নাও বুঢ়াদিয়াত পৰিল৷ নাওখন উজনিমুৱা কৰি বঠাৰ চাব মাৰি মাৰি বলোৰাম বুঢ়াই বৰপুত্ৰক মাতিলে, “ ডাঙৰ বোপা আহ, বঠা মাৰহি, মই এই দুৰ্বল দেহাৰে উজাই নাও চলাব নোৱাৰোঁ‌৷ ”
সোৰোপা বৰ পুত্ৰই বোলে–“পিতাই, ৰাতিপুৱাই হালখন সদায় ময়েই লৈ যাওঁ‌চোন৷ ই মাজুৱে আগতে বঠা মাৰকচোন, মই পাছত ধৰিম নহয়৷ নহ’লে সৰু তয়েই ধৰ৷ ঘৰততো কামেই নকৰ৷ ”
মেলে-মিটিঙে ভাষণ দি ফুৰা মাজুৱে ভেকাহি মাৰি উঠিল-“বোলো তই হালখন বাই ধানখিনি যোগাৰ কৰিলি বুলি বৰ কথা নক’বিচোন৷ ঘৰখনৰ যাৱতীয় খৰচবোৰচোন মোৰ চাকৰিৰ দৰমহাৰেই কৰোঁ৷ মই কিবা খৰচত হাত ধৰিছোঁ‌নে? ই সৰুৱেওতো বঠাপাত আগতে ধৰিব পাৰে৷ খালী নাটক কৰিব, গান গাব, খেলা-ধূলা কৰিব; কুটা এখন নকৰে৷ যা যা সৰু, পিতাইৰ ভাগৰ লাগিছে৷ মই এনেয়েও মাজু৷ ইহঁত কোনোবা এটাই ধৰকচোন আগতে, তাৰ পাছত বাৰু মই বঠা ধৰিম৷”
সৰুৱে বোলে–“ কি কথা ক’বলৈ আহিছ তহঁ‌তে? তহঁত ডাঙৰ দুজন থাকোঁ‌তে মই প্ৰথমে বঠা ধৰিম! কোন দেশৰ কথাহে? লাজ নাপালি নে ক’বলৈ৷ আগতে তহঁতে ধৰচোন৷ পাছত যদি মই বঠা নামাৰোঁ‌ তেতিয়াহে দুষিবি মোক৷ ”

stock-photo-landscape-with-boat-on-a-river-and-village-among-palm-trees-in-background-picture-i-have-created-82026880
সোঁ‌তৰ বিপৰীতে বঠা বাই ইতিমধ্যে বলোৰাম বুঢ়া ভাগৰি পৰিল৷ মৰমৰ ঘৈণীয়েকজনীৰ যন্ত্ৰণাকাতৰ মুখলৈ চাইহে কোনোমতে বঠাৰ চাব মাৰিছে যদিও দেহাই আৰু নসহা হৈ আহিছে৷ বঠাৰ চাব ক্ৰমান্বয়ে পাতল হৈ আহিছে৷ সোৰোপা, আপোনপেটা পুতেক কেইজনৰ কথা-বতৰা শুনি বুঢ়াৰ বুকুখন শোকে খুন্দা মাৰি ধৰিলে৷ ভাগৰ, খং, দুখ আৰু শোকত বুঢ়াৰ মন আৰু দেহ জঠৰ হৈ পৰিল৷ বঠাপাত বুঢ়াৰ হাতৰ পৰা সৰি পৰিল৷
ইতিমধ্যেই গতি ধীৰ হৈ পৰা নাওখন প্ৰথমে স্থিৰ হ’ল আৰু পাছমুহূৰ্ততে বুঢ়াদিয়াৰ সোঁ‌তত ভটিয়াই যাব ধৰিলে৷ সেই ভটিয়নি সোঁ‌তত যেন উটি গ’ল ঘৰখনৰ লক্ষ্মী, বলোৰাম বুঢ়াৰ প্ৰাণেশ্বৰীজনীৰ জীৱন ৰক্ষাৰ সকলো আশা৷ গৃহলক্ষ্মীৰ অৱশ্যম্ভাৱী দশাৰে শংকিত আৰু খং আৰু শোকত বিহ্বল হৈ পৰা বলোৰাম বুঢ়াৰ প্ৰাণকাতৰ চিঞৰ বিয়পি পৰিল আকাশে বতাহে–“হেৰৌ কুলাংগাৰহঁ‌ত, এইহেন সময়তো কামৰ ৰিহা ধৰিব পাৰনে? তহঁতক জন্ম দিয়া, তহঁতক নাম দিয়া, চিনাকি দিয়া, এই ধৰাত অস্তিত্ব দিয়া মাতৃৰ সংকট কালতো তহঁতৰ চকু মেল নাখালে? অকল মুখেৰে মাৰক ভাল পাৱ বুলি ক’লেই দায়িত্ব শেষনে? অধঃপাতে যাবিহঁক৷ এই স্বভাৱেৰে একোৱেই ধৰি ৰাখিব নোৱাৰিবি৷ সকলো হেৰাই যাব৷ নিঃশেষ হৈ যাবি—-”
বুঢ়াৰ চিঞঁৰ কাৰো কাণত নোসোমাল৷
তিনিপুত্ৰই এতিয়াও উচ্চস্বৰে ডিঙিৰ শিৰ ফুলাই নিজৰ নিজৰ যুক্তি প্ৰতিপন্ন কৰিবলৈ চিঁঞৰি আছে — “এইবাৰ কাৰ পাল? মোৰ পাল পাছতহে৷ এইবাৰ তোৰ, নহ’লে তাৰ পাল৷”
এইবাৰ কাৰ পাল?
আৰু নাওখন ভটিয়াই গৈ থাকিল হৈমন্তী বুঢ়ীৰ আসন্ন মৃত্যুৰ ওচৰলৈ৷ বলোৰাম বুঢ়া নিৰ্বাক, জঠৰ হৈ চাই ৰ’ল বুঢ়ীৰ যন্ত্ৰণা কাতৰ মুখলৈ, অতীতৰ সোণোৱালী দিনবোৰ সুঁ‌ৱৰি৷ এতিয়াযে অতীতেই আশ্ৰয় হ’ব; বৰ্তমান বিষময় আৰু ভবিষ্যত? ইহঁত সলনি হ’বনে? ?

————————————————————————-

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments