এই দেশ, আমাৰ মৰমৰ দেশ (দিগন্ত কুমাৰ ভট্টাচাৰ্য)

অ’ফিচলৈ অহাৰ পিছত দেখিলোঁ আজি বৰ বিশেষ কাম নাই। ভাবিলোঁ অলপ আমাৰ সৰু অথচ অতিকে আপোন দেশখন ঘূৰি অহাই ভাল হ’ব।

মূল প্ৰৱেশদ্বাৰৰ তলতে উপস্থিত হ’লো মই। ওপৰৰ তোৰণখনলৈ চালোঁ, লিখা আছেতাত -‘কামৰূপা মোৰ সুৱদি সুৰীয়া, অসমীয়া ভাষা জগত সভালৈ যাব’।
মইআগুৱালোঁ লাহে লাহে। নিয়ৰ পৰি দুবৰিৰ গোন্ধ এটি নাকত লাগিছে। সৰুৰ কথা মনতপৰিল। কিছুদূৰত শুনা পালোঁ শংখ-ঘন্টাৰ শব্দ। ধূপ-ধুনাৰ গোন্ধেৰে পৱিত্ৰ হৈউঠিছে ঠাইখনি। মই আগবাঢ়ি গ’লোঁ তালৈকে। এজনে কীৰ্ত্তনৰ কথা কৈছে। ‘কংসবধ’ৰ সুন্দৰ বৰ্ণনা দিছে। বেচ মানুহ গোট খাইছে তাত। অকণমান দেৰি ৰ’লোঁ তাত।এজনে মাহ-প্ৰসাদ বিলাইছে। সেৱা এটি কৰিলোঁ।

আগুৱাই গ’লোঁ লাহে লাহে। এজনে মিচিকিয়া হাঁহিৰে ধুনীয়া ফ’টো এখন দাঙি ঠিয় হৈ আছে। মই ক’লোঁ, ‘আৰে দাদা, মজা তুলিছে দেই! গুৱাহাটীখন ইমান ধুনীয়া নে? গমেই পোৱা নাছিলোঁহে..’।
‘সেইটোৱেইটো ফ’টোগ্ৰাফাৰৰ কামাল, হা: হা:’। হাঁহিলে তেওঁ।
অলপ দূৰত দেখিলোঁ বিৰাট ভিৰ। এজনে উদাত্ত কন্ঠেৰে কবিতা পঢ়িছে। সকলোৱে মনোযোগেৰে শুনিছে। আন কেইজনমানে নিজৰ নিজৰ কবিতা কেইটা লিখি কাগজকেইখন ডাঙি ধৰিছে। এজনে মাতিলে মোক, ‘ডাঙৰীয়া, এইফালে আহক…কবিতা দুটিমান শুনি যাওঁক।’
‘এহ, মই আকৌ কবিতা ভালকৈ বুজিয়ে নাপাওঁ নহয়…চেষ্টা কৰি চাওঁবাৰু। আপোনালোকে আৰম্ভ কৰক।’ দুজনৰ দুটি কবিতা শুনিলোঁ, সঁচাকৈ অপূৰ্ব!
‘হেৰি, এনেকুৱা কবিতা এবাৰ নহয় হাজাৰবাৰ শুনিবলৈ ৰেডি আছোঁ দেই..বহুত ভাললাগিল। আপোনালোক যথেষ্ট সংখ্যক কবি আছে দেখোঁ। কবি-সন্মিলন এখন পাতিবপাৰে..মোক মাতিবলৈ নাপাহঢ়িব আকৌ।’

অলপ আগত দেখো এজনে বিভিন্ন ধৰণৰ মাছ সন্মুখত লৈ মানুহ কেইজনমানক কিবা বুজাই আছে।
‘আৰে দাদা দেখোন..এই মাছবোৰ লৈ কি কৰিছে হে? কিবা নতুন ৰিচাৰ্ছ-চিচাৰ্ছ নহয়তো?’
‘সৰু-সুৰা ৰিচাৰ্ছ বুলিয়ে ক’ব পাৰা। আমি অসমীয়াই যদি মাছৰ বিষয়ে ভালকৈ নাজানোঁ, বেয়া কথা নহ’ব? ৰ’বা এই দুখন পঢ়ি চাই ল’বা, অলপ কিবা লিখিছোঁ..বহুত লিখিবলৈ আছে এতিয়াও।’ তেওঁ মোলৈ কাগজ দুখিলা আগবঢ়াই দিলে।মই পঢ়ি পঢ়ি আগবাঢ়িব লওতেই দেখিলোঁ সন্মুখত পুৰণি বন্ধু এজন।
‘কি খবৰ দোস্ত? কিহত ইমান বিজি?’
‘য়াৰ, এতিয়া ডোন্ট ডিষ্টাৰ্ব ৰে..নিউজ পেপাৰৰ কাম কৰি আছোঁ’।
‘এই দুপৰীয়া পেপাৰৰ কাম? পেপাৰৰ কাম ৰাতিহে হয়, কাহিলি পুৱাতে দেখো মানুহে পেপাৰ পঢ়িবলৈ পায়!’
‘আমাৰ পেপাৰখন অলপ বেলেগ…..দুপৰীয়া ওলায়..মিড ডে!’
তাক দুটামান এনেই ‘কামোৰ’ দি বেগাবেগিকৈ আগলৈ খোজ দিলোঁ।

দূৰত দেখিলোঁ কোনোবা এজনীয়ে গিটাৰ লৈ গান গাই আছে। কাষত বহুতো শ্ৰোতা।আগবাঢ়ি গৈ দেখিলোঁ ওহ এইজন ল’ৰা হে। দূৰৰপৰা দীঘল চুলি দেখি ছোৱালী বুলি ভুল কৰিছিলোঁ। শুৱলা কন্ঠেৰে গাই আছে জয়ন্ত হাজৰিকাৰ গান। কিছুদেৰি শুনিলোঁ, মনটো ভাল লাগি গ’ল।

‘ও ডাক্তৰ বাবু, আপোনালোক ক’লৈ দৌৰিছে??’ কোনোবা এজনে চিঞৰা শুনিলোঁ পিছৰপৰা। হয়, কেইজনমান ডাক্তৰ দৌৰা-দৌৰিকৈ গৈ আছে এফালে। মোৰ টেনশ্যন হ’ল। কাৰোবাৰ টান বেমাৰ হোৱানাইতো?! ময়ো তেওঁলোকৰ পিছে পিছে গ’লোঁ। অলপ দূৰত দেখিলোঁ কেইজনমানে মোবাইল, লেপটপলৈ বহি আছে। অসমীয়া আখৰ লিখিব পৰা নাই হেনো। দুজনমানে আকৌ অসমীয়া ফ’ন্টবোৰ নেদেখে বোলে। ডাক্তৰসকল কামত লাগি গ’ল। আন দুজনমানৰ লগতো ফোনতে কনচাল্ট কৰিলে, সমস্যাৰ সমাধান উলিয়ালে।

দূৰত এজনে কুইজ প্ৰতিযোগিতা পাতিছে। বহুত মানুহ লেপটপ, ডেস্কটপ লৈ প্ৰশ্নৰ উত্তৰৰ কাৰণে গুগুলত চাৰ্চ কৰিছে। নাই, লাভ নাই। এইবোৰ গুগুলতো নাই। ক’ৰপৰা ইমান পুৰণি অসমীয়া গান-চিনেমাৰ কথাবোৰ বিচাৰি পায় জানো এওঁ! হ’লেও চুপাৰ্ব কাম কৰি আছেতেওঁ।

চাহদোকান এখনৰ সন্মুখত ৰ’লো মই। কেইজনমানে দেখো কাজিয়া কৰিছে। নাই, কাজিয়া নহয়। আমাৰ আচল দেশখনৰ চৰকাৰখনৰ বিষয়ে আলোচনা কৰিছে।সপক্ষে-বিপক্ষে কেইজনমানে অকাট্য যুক্তি দাঙি ধৰিছে। এজনে কাষৰপৰা মাত লগালে, ‘হেৰি, ইয়াত এইবোৰ চিঞৰ-বাখৰ কৰি থাকিলে কি ডাল হ’ব হে?’
‘হ’বহ’ব, এনেকৈয়ে আমাৰ এই সৰু দেশখনৰ হাজাৰ মানুহেতো গম পাব সঁচা-মিছা কি।তেওঁলোকে আন হাজাৰজনক ক’ব পাৰিব কথাবোৰ ৷ এনেকৈয়ে হয়তো সৃষ্টি হ’ব জনজাগৰণৰ!’
সপক্ষে কোৱা এজনক তেওঁৰ হাতত জ্বলি থকা চিগাৰেটটো দেখুৱাই বিপক্ষে কোৱা এজনে ফুচফুচাই ক’লে,’ডাঙৰীয়া, শেষৰ ফালে দুই টান মান দিবদেই!’ ভাল লাগি গ’ল মনটো! যুক্তি-তৰ্কই অসমীয়াৰ মাজৰ এনাজৰীডাল কিন্তু চিগিব পৰা নাই!!

আৰে, সেয়া কি? আইদেউৰ বুলনি নেকি বাৰু?? নাই, নহয়। বহুত পুৰুষো আছে তাত। এজনী বাইদেৱে ডাঙৰ অসমীয়া গ্ৰন্থ এখনিৰ সাৰমৰ্ম বুজাই আছে সকলোকে। আন এজনীয়ে সাঁথৰ সুধিছে। পাৰিলে ভীমকল আৰু গুৰ খাবলৈ দিবহেনো! এজনীয়ে আকৌ কবিতা এটি সুৰ লগাই গানৰ দৰে গাইছে। কিছু দেৰি তাত ৰৈপুণৰ আগবাঢ়িলোঁ।

হে হৰি! এইজনে আকৌ ইংৰাজীতে কিবা কিবি লিখি গছ এডালত ওলোমাই থৈছে। অকলে ৰৈ আছে তেওঁ। বোধকৰো কোনেও মন কৰা নাই। বাকী দহজনৰ এজনেও দেখা নাই যে। এজন তাত মাছৰ লগত ব্যস্ত। আন এজনীৰ গাত পখিলা পৰিছে, এতিয়া পখিলা খেদি আপোনপাহৰা হৈ ঘূৰি ফুৰিছে। বহুদিন দেখা নাই। ৰঙা লাইট লগোৱা গাড়ীত উঠি কোনোবা এজন অহাৰ আগতে ভাবিলো ময়েই তেওঁক বুজাই কওঁ কাগজখন গছৰপৰা নমাবলৈ। এনেতে দেখিলো এজন আহি আছে। ৰঙা লাইট লগোৱা গাড়ীত নহয়, চাইকেলত উঠি হাফ পেডেল মাৰি মাৰি আহিছে। আহিয়ে মানুহজনক বুজালে নিয়মবোৰ।অসমীয়াত কেনেকৈ লিখিব লাগে শিকালে। গছৰপৰা ইংৰাজীত লিখা কাগজখন ফালি লৈগ’ল। ময়ো আগবাঢ়িলোঁ।

‘ও ককাইটি, আমাৰ ঘৰ-সংসাৰলৈ আহি চাহ একাপখাই যাওঁকহি’। দেখিলো কোলাত কণমানিটোক লৈ এজন। তেওঁৰ মজাৰ সংসাৰখন দেখি বৰভাল লাগিল। কাষতে এজনে ডায়েৰী এখন লৈ সকলোকে পঢ়িবলৈ আগবঢ়াই দিছে। ময়োদিন লিপিৰ দুখিলামান পাত জেৰ’ক্স কৰি লৈ ল’লো ৰাতি ভালকৈ পঢ়িম বুলি।

অলপ দূৰত দুজনমানে বিদেশী সাহিত্য অনুবাদ কৰি ৰাইজলৈ বিলাইছে। ৰাইজে অন্যভাষাৰ সাহিত্য নিজ ভাষাতে পঢ়িবলৈ পাই পৰম তৃপ্তি পাইছে। দুজনমানে ৰং, তুলিকা লৈ মনোমোহা ছৱি আঁকিছে। এজনে আঁকিছে এটি সুন্দৰ কাৰ্টুন। হাঁহি ৰখাব নোৱাৰিলোঁ মই।

অ’, এইটো আকৌ কিহৰ কাৰ্যালয়?! বহুত মানুহৰ ভিৰদেখোন! বিহু-পূজাৰ চান্দা তুলিছে নেকি? ধেৎতেৰি, এজনে গৰিহণা দিয়া কাৰ্যালয় এটি খুলিছে। কৰোবাক গৰিহণা দিবলৈ হ’লে ইয়াত এক শাৰী লিখি থৈ গ’লেই হ’ল।বেচ আমোদ পালোঁ কথাটিত। জমনি দেই! ময়ো চান্সতে গৰিহণা এটি দি আগবাঢ়িলোঁ!

দূৰত এজন কম বয়সীয়া ল’ৰা। দেখি চিনি পালোঁ। সকলোৱে তেওঁক শুভেচ্ছা আৰুঅভিনন্দন দি আছে। এজনে কপালত চন্দনৰ ফোঁট এটি দিছে। হয়, তেওঁ অহামাহৰ আলোচনীখনৰ সম্পাদক হ’ল। ময়ো শুভকামনা দি হেণ্ডচেক কৰিলোঁ। এজনে ঘোষণা কৰিলে অহামাহৰ থিম হেনো ‘এই দেশ মোৰ দেশ’! মানে দেশৰ বিষয়ে লিখিব লাগিব। মই ভাবিলোঁ কি লিখোঁ মই!? আমি বাহিৰত থকাসকলৰ কাৰণে সৰুকৈ হ’লেও এইখনেই অসমদেশ! ইয়াতেই পাওঁ আমি অসমৰ মাটিৰ সুবাস! মনতে ভাবিলোঁ মই এই সৰু অথচ আমাৰ অতিকৈ আপোন দেশ মানে অ.ক.ব.ৰ কথাই লিখো অলপ!

হঠাতে ফোনটো বাজি উঠিল। বছে মাতিছে। অনিচ্ছাসত্বেও আমাৰ সৰু দেশ ‘অকব’ৰ মাটিৰ পৰা উভতি আহিবলৈ বাধ্য হ’লো। সকলোকে হাত জোকাৰি বিদায় জনালোঁ- ‘পিছত লগ পাম। টিল ডেন – বাই বাই’। ফেচবুকৰ ল’গ-আউট বুটামটো ক্লিক কৰিলোঁ লাহেকৈ!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক