এই দেশ মোৰ দেশ (প্ৰতিম প্ৰতাপ বৰুৱা)

এই দেশ মোৰ দেশ – সঁচা কথা । মোৰ দেশখন মোৰ মাতৃভূমি । কিন্তু এই দেশখনকলৈ, এই দেশত বাস কৰা মানুহখিনিক লৈ, এই দেশৰ আচাৰ-ব্যৱস্থাক লৈ মই কিমানসুখী, কিমান গৰ্বিত ? এই কথাবোৰ মাজে মাজে চিন্তা কৰি থাকে প্ৰকাশ বৰুৱাই ।যিমানে চিন্তা কৰে সিমানে খঙটো উঠি উঠি গৈ থাকে ।
সৰুতে প্ৰাইমেৰী স্কুলত পঢ়ি থাকোতে প্ৰধান শিক্ষক দাস চাৰে বৰ্ডত অসমৰ মেপখন আঁকিছিল । অলপডাঙৰ হৈ প্ৰকাশে বুজি পাইছিল সেইখন প্ৰকৃততে বৰ অসমৰ মেপ আছিল । সেই বৰঅসমখন টুকুৰা টুকুৰ কৰি পেলোৱা হৈছিল । অসমৰ মেপখন দিনে দিনে সংকুচিত হৈআহিছিল ।

ভাৰতৰ মেপখন আঁকোতে এতিয়াও বহুত লৰা-ছোৱালীয়ে নাজানে LOC আৰু LAC মানে কি । মেপত জম্মু-কাশ্মীৰৰ অঞ্চলটো আঁকোতে এতিয়াও বহুতে নাজানে যে তাৰ বহুখিনি ঠাই ভাৰতৰ শাসনতন্ত্ৰই ঢুকি নাপাইগৈ । আমি আন কোনোবাদেশৰ অকুপাইড কাশ্মীৰ বুলি কোৱা ঠাইডোখৰৰ নাম তেওঁলোকে আজাদ কাশ্মীৰ, আক্‌চাই চীন আদি দিছে । সেই অকুপাইড কাশ্মীৰত এটা সুৰঙ্গ আৰম্ভ হয় আৰু সেই সুৰঙ্গইদি সন্ত্ৰাসবাদী ভাৰতলৈ সোমাই আহে ।

২৩-২৪ বছৰীয়া ল’ৰাই হাতত ৫ কেজি ওজনৰ ৰাইফল, পিঠিত ২০ কেজি ওজনৰ গুলী-বাৰুদ লৈ ৰাতিৰ অন্ধকাৰত৮০ ডিগ্ৰী কোণৰ পাহাৰ বগাই শত্ৰুৰ চকুত চকু থৈ যুদ্ধ কৰি নিজৰ প্ৰাণ আহুতি দিয়ে । বন্ধুহত্যাৰ প্ৰতিশোধ লবলৈ দিল্লীৰ এয়াৰ কণ্ডিচন্দ ৰুম, জুংগা জীপআৰু সন্ধিয়াৰ অফিচাৰ্ছ ক্লাবৰ আড্ডাৰ মোহ ত্যাগ কৰি কাৰ্গিললৈ দৌৰি যায়সমবয়সীয়া বেট্‌চ্‌মেট আৰু ঠিক সেই সময়ত ৭০ বছৰীয়া বৃদ্ধ পলিটিচিয়ানে সন্ত্ৰাসবাদীক চেফ পেচেজ দিয়াৰ কথা কয় । সেই বীৰৰ মৃতদেহ পাহাৰৰ পৰা কঢ়িয়াই আত্মীয়-স্বজনলৈ পঠিয়াবলৈ যিটো কাঠৰ বাকচ ব্যৱহাৰ কৰা হয় সেই কাঠৰ বাকচটো কিনোতে দিল্লীৰ নিলাজে কমিচন খোৱাৰ অভিযোগ উঠে । বীৰচক্ৰ বিজেতা ডেকা কেপ্তেইন পুত্ৰৰ চিতাৰ অগ্নি নুমুৱাৰ আগতেই পিতৃক নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ আহ্বান জনায় আমাৰ হৃদয়হীন পলিটিচিয়ানে ।

১ কোটি টকীয়া বিদেশী গাড়ীখন শ্ব’ৰুমলৈ অহাৰ এঘন্টাৰ ভিতৰত চহৰৰ আলিবাটত দৌৰাব লাগিব ।সেই গাড়ীখন ট্ৰেফিক পইণ্টত ৰওঁতে এখন হাত মেলি কাষ চাপি আহে কোলাত কাপোৰৰ নামত সূতা এডালো নথকা পিতৃ পৰিচয়হীন ভায়েকক লৈ এজনী ভোকাতুৰা সৰু ছোৱালী ।ছোৱালীজনীৰ কোলাত উঠি থকা নাঙঠ ল’ৰাটোৱে নাজানে চাউথ মুম্বাইত থকা ২৭ মহলীয়া অত্যাধুনিক ঘৰটো মাত্ৰ এটা পৰিয়ালৰ ।

একো একোটা লাখ কোটি টকীয়া কেলেংকাৰী ধৰা পৰে । দেখ-দেখকৈ ধৰা পৰা একোটাহঁত নিলাজে জেললৈ যোৱাৰ পিছতোনিজকে ধোৱা তুলসীৰ পাত সজাই কয় এয়া বিৰোধীপক্ষৰ ষড়যন্ত্ৰ । জেলৰপৰা জামিনতওলাই অহা একো একোটা নিলাজে বীৰৰ অভ্যৰ্থনা পায় আৰু পিছদিনাখনেই উপস্থিত হয়গৈ তৰ্কালয়ত । নিলাজহঁতৰ চুইচ বেংকত জমা হোৱা টকাৰ পৰিমান শুনিলে সাধাৰণমানুহৰ হৃৎযন্ত্ৰ বিকল হৈ পৰাৰ সম্ভাৱনা আছে । কিন্তু প্ৰতি ৫ বছৰৰ মূৰেমূৰে যেতিয়া সিহঁতে নমস্কাৰ এটা দি মিটিং এখন পাতে আমাৰ নাগৰিকসকলৰ নিজৰ মাজতে প্ৰতিযোগিতা হয় কোনে কিমান জয়জয়কাৰ কৰিব পাৰে এই নিলাজহঁতৰ । সেইসময়ত কোনেও তেওঁলোকক জনতাৰ সন্মুখত থিয় কৰাই লৈ প্ৰশ্ন কৰি উত্তৰ নিবিচাৰে ।

এজাক বৰষুণতে বানপানী হোৱা মহানগৰ বোধহয় এই দেশতেই আছে । আৰু এই বানপানীত মানুহৰ ঘৰৰপৰা জাপে জাপে টকা উটি অহা আৰু সেই টকা বিচাৰি মানুহে পানীত সাঁতুৰি ফুৰা দৃশ্য পৃথিৱীৰ আন ক’তো কোনেও আগতে দেখি পোৱা নাই । চকুৰ আগতেজল জল পট পটকৈ দেখি থকা নিৰ্লজ ঘটনাবোৰ নিলাজ এমখাই ঘটা নাই বুলি ক’লেই সকলোৱে মানি লোৱা আৰু তাৰ সপক্ষে মগজ খটুৱাই যুক্তি বিচাৰি পোৱা মানুহ এইখনদেশতেই আছে । মাত্ৰ চাৰিহাজাৰ কিলোমিটাৰ সীমান্তত কাঁটা তাঁৰৰ বেৰা দিয়া কাম দশকজুৰি শেষ কৰিব নোৱাৰা দেশ পৃথিৱীত মাত্ৰ এইখনেই ।

কথাবোৰভাবি থাকিলে প্ৰকাশ বৰুৱাৰ খঙে গৈ মূৰৰ চুলিৰ আগ পায়গৈ । নিজকে শান্ত কৰিবলৈ তেতিয়া প্ৰকাশ বৰুৱাই কয় – কিন্তু এইখন দেশতেই পৃথিৱীৰ শ্ৰেষ্ঠবিজ্ঞানী, শ্ৰেষ্ঠ ইঞ্জিনিয়াৰ, শ্ৰেষ্ঠ লিখক, শ্ৰেষ্ঠ গায়ক আৰু শ্ৰেষ্ঠখেলুৱৈ কেইজনমানে জন্ম লৈছিল ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments