এই দেশ মোৰ দেশ-স্বদেশ প্রেম (ৰাজু শইকীয়া)

ফণীন্দ্র কুমাৰ দেৱচৌধুৰী দেৱৰ “অনুৰাধাৰ দেশ” কিতাপখন পঢ়িছিলো । কিতাপখনত মি: এছ. পি. মেহেৰাই অসম দেশৰ ল’ৰা অৰুনাভক সুধিছে-
-“অৰুনাভ, জানানে অসম দেশত খাৰুৱা তেল কেতিয়া আৱিস্কৃত হয় ?”  তাৰ উত্তৰত অৰুনাভে কয়- “১৮৬৮ চনত ।”    তেতিয়া মি: এছ. পি. মেহেৰা চাহাবে কয় —
-“তাৰ ঠিক সত্তৰ বছৰ পিছত, ১৯৩৮ চনত আৱিস্কৃত হৈছিল ছাউদি আৰবিয়াত । আজি অসম ক’ত, ছাউদি আৰবিয়া ক’ত ?”
এই কথাখিনি মোৰ মনত এটা প্রশ্ন হিচাবে ৰৈ গ’ল । আজি ছাউদি আৰবিয়া তৃতীয় বিশ্বৰ দেশ বুলি জনাজাত কিন্তু অসম ?
আচলতে প্রশ্নটো বেলেগ ধৰণৰ । কাৰণ এই কথাখিনিয়েই এজন ছাউদি আৰবিয়া দেশৰ নাগৰিকে ক’লে হয়তো অলপ বেলেগ হ’লহেতেন । দেশ বুলিলে আমি মাতৃভূমি আমাৰ অসমক বুজো নে ভাৰতবৰ্ষক বুজো । ৰাষ্ট্রনীতিৰ অন্ধতাৰ বাবেই আমাৰ নিজৰ ৰাজ্যৰ প্রতি যিমান প্রেম দেশৰ প্রতি কম নেকি ?

মহাত্মা গান্ধীৰ প্রতিআমাৰ যিমান শ্রদ্ধা,ভক্তি হয়তো ভাৰতবৰ্ষৰ প্রতি আমাৰ সিমান স্বদেশ প্রেমনাই ।ভগত সিঙক যিমানে জানে হয়তো পিয়লি ফুকন, কনকলতাক সিমানে নাজানে ।অতীত বুৰঞ্জীৰ পাত লুটিয়ালেওঁ দেখা যায় ১৭বাৰ আক্রমণ কৰি দখল কৰা পৰাক্রমীজনকো লাচিত বৰফুকনে পৰাস্ত কৰিছিল । আজিৰ ভাৰত বুৰঞ্জীত তেওঁৰ নাম কিমানজনে জানে ?

তাড়ণাৰ অভাবে স্বদেশ প্রেম অৱসান ঘটায় । আমাৰ স্বদেশ প্রেমৰ ধাৰণাই ভুল । ৰাষ্ট্রীয় দায়বদ্ধতা, সেৱা আৰু সুৰক্ষাৰ মনোবৃত্তি আমাৰ যুৱ সম্প্রদায়ৰ মাজত গঢ় লৈ নুঠে । যাৰ ফল স্বৰূপে আমি বিশ্বৰ বিশাল ৰাষ্ট্র চীন আৰু ক্ষুদ্র ৰাষ্ট্র ইজৰাইলৰ লগত সমানে ফেৰ মাৰিব নোৱাৰো । ঠেক স্বদেশ প্রেম,কঠোৰ পৰিশ্রম তথা একাগ্রতাৰ অভাৱত আমি প্রতিজন ব্যক্তিয়ে একোটা মানৱ সম্পদ হিচাপে গঢ় লৈ উঠিব পৰা নাই ।

আমি গৌৰৱ কৰো কাক লৈ ?
১৯৮২ চনত ভাৰতীয় উইং কমাণ্ডাৰ ৰাকেশ শৰ্মাই ৰাছিয়ান উপগ্রহত মহাকাশচাৰী হৈ গৈছিল । প্রয়াত ইন্দিৰা গান্ধীয়ে চেটেলাইট মাধ্যমৰ যোগেদি মহাকাশৰ পৰা ভাৰতখন কেনে দেখিছে বুলি সোধাত ৰাকেশ শৰ্মাই কৈছিল “সাৰে জাহা সে অচ্ছা হিন্দুস্তান হামাৰা ।” ১৯৯৭ চনত ইন্দ্রকুমাৰ গুজৰালে কল্পনা চাওঁলাক মহাকাশৰ পৰা ভাৰতখন কেনে দেখিছে বুলি সোধাত কল্পনা চাওঁলাই ক’ব নোৱাৰিলে ।কাৰণ কল্পনা চাওঁলা ভাৰতীয় হিচাবে জন্ম গ্রহণহে কৰিছিল কিন্তু আমেৰিকান হিচাবেহে মহাকাশলৈ গৈছিল । এনেকৈয়ে আমি পূৰ্ণ পৰ্য্যায়ৰ ৰাষ্ট্রীয় মৰ্য্যদা দি আহিম নেকি ?

আনহাতে লাখ টকা খৰচ কৰি ভাল ডিগ্রী লৈ বিদেশ গমন সুগম হৈ পৰিছে । হাই-ফাই চাকৰি , ভোগবাদী জীৱনৰ আকৰ্ষণে মেধাৰ বৰ্হিগমন ঘটাইছে । অপ্রতিৰোধ্য । পিতৃ-মাতৃক নিসংগতাক ৰোধিবৰ বাবে বিদেশ বৰ্জন কৰিবতো নোৱাৰি । মাক-বাপেকলৈ টকা পঠাবই । পিছে সমাজ তথা দেশৰ প্রতি দায়িত্ব নাই নেকি ? বাপেক-মাকেই ক’ব “বেংক বেলেঞ্চ খালী কৰি বেকাৰী জীৱন কটাবলৈ ঘূৰি আহিব নেকি ?” নাই নালাগে আহিব । পিছে বেংক বেলেঞ্চ বঢ়োৱাৰ বাবে তেওঁ স্থানীয় প্রাইমাৰী স্কুল,মাধ্যমিক বা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি বুনিয়াদী জ্ঞান অৰ্জন কৰা নাই জানো । তেনেহ’লে সমাজ বা দেশৰ প্রতি দায়িত্ব কিয় নহব । বিশিষ্ট লেখক চেতন ভগতে বিদেশৰ লোভনীয় চাকৰি এৰি স্বদেশতে কামকৰি আছে । এয়াই আজিৰ যুগৰ স্বদেশ প্রেমৰ এক বিৰল উদাহৰণ ।

“স্থানীয়” মানসিকতাই আমাক পংগু কৰাৰ লগতে স্বদেশতে আমাক বিভাজিত কৰিছে ।আজি ধুবুৰীৰ যোগ্য প্রাৰ্থী এজনে শিৱসাগৰত বা শদিয়াৰ যোগ্যজন বৰপেটাত চাকৰিত যোগদান কৰাত বাধা আহে । স্থানীয় আৱেগৰ কি প্রাবল্য । এয়ায়েই আমাৰ স্বদেশ প্রেম !

ৰাষ্ট্রীয় সংগীতত আমাৰ ৰাজ্যখনৰ নাম উল্লেখ থাকিলেহে কি আমি স্বদেশ প্রেমী হম নেকি ? মন্ত্রী-বিধায়কে বিষয়াৰ পদন্নোতি, বদলি আদিত লাগি নাথাকি জনসাধাৰণৰ বাবে সুস্থ নীতি যুগুত কৰাটোৱে স্বদেশ প্রেম ।যিয়ে যি কামেই নকৰক নিজৰ কৰ্তব্য দেশৰ কৰ্তব্য হিচাবে দায়িত্বশীল ভাবে কৰাটোৱেই স্বদেশ প্রেম । দেশৰ হকে ৰণলৈ গৈ শ্বহীদ হোৱাটোৱে অকল স্বদেশপ্রেম নহয় । ৰাজহুৱা কামত দেখুওঁৱা তাড়নাৱো স্বদেশ প্রেম । ঘৰুৱা কাম এটা আমি ভবা ধৰণে নিৰ্দ্দিষ্ট সময়ত সমাপন কৰা বা পৰীক্ষাগৃহত সময়ত উপস্থিত হৈ শান্তি পাওঁ । কিন্তু সভা বা সদনত সদায় পলমকৈ আহিহে শান্তি পাওঁ । সময়ৰ সৎ ব্যৱহাৰ কৰি ৰাজহুৱা সভা বা যি কোনো বৈঠক নিৰ্দ্দিষ্ট সময়ত শেষ কৰিব পৰাটোওঁ এক প্রকাৰ স্বদেশ প্রেম ।

“Always aim at complete harmony of thought and word and deed. Always aim at purifying your thoughts and everything will be well.” M.K. Gandhi.

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক