এই দেশ মোৰ দেশ –হয় জানো ? (ভাস্কৰজ্যোতি দাস)

কালি টোপনি নাই চকুত, গিৰ-গিৰকৈ সৰি অহা বৰষুণজাকেএটা কথাই ক’লে । শুই থাক ভাই । আকৌ নতুন প্ৰভাত হ’ব ।প্ৰভাত হ’ব ? লাজৰ কথা । প্ৰভাত কেলৈ ? আন্ধাৰৰ ভুপতি মই । ভাল লাগে মোৰ সেই পৰিচয় ।

চাৰে জাহাঁ সে আচ্চা, হিন্দ’স্তা হামাৰা বাদ দিয়া সেইবোৰ ।
ৰক্তপাণ কৰি ভালপোৱা মানুহ মই । সেয়ে, মোক এজন বগা মানুহ দিয়া, যাৰ ৰক্ত বগানহ’লে এজন ক’লা মানুহ ৷

চাইৰেণবোৰ বজাই নাথাকিবা, তাতকৈ এইটো লোৱা । এটা খহতা মাতৰ “ভূভূজেলা”বজাই থাকা । নবজালে কিন্তু জানিবা । ৰক্তৰ নিমখীয়া সোৱাদ মোৰ বৰ প্ৰিয় ।

কুকুৰ । সিহঁতৰ পৰিচয় । তাতে কি হ’ল । ফিল’চ’ফিৰ অঙ্কৰ আজি প্ৰয়োজনেই বা কি ?
সিহঁতে কাজিয়া কৰিব । কৰক । মোৰ ৰক্তপাণৰ কোনো জাত বিচাৰ নাই ।

আইমাতৃ । পথাৰত আইমাতৃয়ে পুতেকৰ বাবে সোণগুটি গজাব । আৰু মই ?
মই তেতিয়া জোকৰ ৰূপ ল’ম ।
আইমাতৃৰ ভৰিতে কামুৰি ধৰিম । মোক তেজ লাগে । আই নহয় ।

আজি মোৰ জিভা শুকান । কোনেও দেখোন আজি প্ৰতিবাদ কৰা নাই যাঠি-জোং লৈ ।এইমখা পাগল হ’ল নেকি ? ইহঁতে শঙ্কৰ- আজানৰ কথা কৈ কেৱল বহি আছে । কমিউনেলহাৰ্মনি ! নে আন কিবাকিবি ? ইহঁতেও মোক ভয় কৰে ।

কাবিদ, হাচান আৰু জাকিৰকহঁতক এইবোৰ কথা নকবা । সিহঁত নহলে যে মই মৰিয়েই থাকিম চাগে ।বেমাৰী মানুহ মই । সেয়েটো ৰক্ত লাগে জীয়াই থাকিবলৈ ।

হাইদৰাবাদৰ ৰহিমহঁতৰ ৰথযাত্ৰা আৰু স্বাধীনতা দিৱসৰ ভনিতা শৰ্মাৰ জিকিৰমোক নেদেখুৱাবা আৰু নুশুনাবা । মোৰো শক্তি শেষ হৈ যোৱাৰ ভয় এটা আছে ।

ডাষ্টবিনে ডাষ্টবিনে ঘুৰি ফুৰাকেইটাৰ পৰিচয়ৰ প্ৰয়োজন নাই । আছে মাথোএটি কামিজ, তাৰো চিগো চিগো চিলাই,কি যে বিলাই ! হাৰ্মনি বাদ দিয়া ।এতিয়া যেন চব হৰ্মনৰ খেল মাথো ।

আইতায়ে কৈছিল- “বচিৰত বেকাৰ ঘৰৰ বিহুৰ তিলপিঠা । ৱাহ! সোৱাদেই বেলেগ” ।
মই শিক্ষিত নৰভক্ষী । মোক এইবোৰ নকবা । নিলাজৰ লাজ নেলাগে ।

বৰষুণজাক আহিলে আহিবা এবাৰ । তোমাক ভক্ষণ কৰাৰ আগতে বৰষুণত তিতি আহিম ।তোমাক মোৰ চকুপানী নেদেখুৱাও । নেদেখুৱাও যে মোৰ চকুয়েও কান্দে ।
হয়তো মোৰ বেমাৰেই তাৰ বেজাৰ ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments