এই ধৰক, লগ পাই গলোঁ হঠাতে এদিন তেওঁক..(ৰিদিপ কুমাৰ নাথ)

এই ধৰক, লগ পাই গলোঁ হঠাতে এদিন তেওঁক~

এই ধৰক, লগ পাই গলোঁ হঠাতে এদিন তেওঁক
ওভতনি যাত্ৰাৰ বাচখনত খিৰিকী ফাঁকেৰে সেউজীয়াত মগ্ন থাকিব তেওঁ
দুষ্ট বতাহজাকে চূৰ্ণি টানি মেহুৰা কৰি তুলিব
আৰু ওফন্দা লাজ ধাকিবলৈ বাৰে বাৰে ব্যৰ্থ নহ’বলৈ চেষ্টা কৰিব
তেওঁৰ বাবে ম‍ই সেউজীয়া হোৱাৰ প্ৰয়াস কৰিম

নাইবা ধৰক, মহানগৰীৰ ভিৰ ৰাষ্টা পাৰ কৰাবলৈ
বৃদ্ধজনৰ লাখুটিত থকা তেওঁৰ সেই হাতখনৰ প্ৰেমতেই পৰিলোঁ
অথবা গ্ৰন্থমেলাত মোৰ পচন্দৰ কিতাপখন বিচাৰি তেওঁৰ স’তে এটা খুন্দা মাৰিলোঁ
বিৰক্তিকৰ ৰেল ভ্ৰমণত সেই কিতাপখন বিচাৰিওতো তেওঁ আহিব পাৰে
“আপুনি কিতাপৰ প্ৰেমিকা নেকি বাৰু ?” ম‍ই সুধিম
তেওঁ ক’ব যে মানৱতাৰ জয়গানে মুগ্ধ কৰে তেওঁক
যিয়েই শেৱালীৰ সুবাস ভাল পায় তেৱেই তেওঁৰ প্ৰেমিক
তেওঁৰ বাবে ম‍ই শেৱালিৰ সুবাস চিঙি আনিম

এই ধৰক, হঠাতে এদিন মোৰ কবিতাৰ প্ৰেমতেই পৰিলে তেওঁ
ধৰক, কবিতাৰ শেতেলিত সমাজিক আঁকি সুখী হয় তেওঁ
উশাহত যাৰ সেৱিত হয় কবিতা অথবা জীৱনৰ গান
মোৰ কবিতাৰ গুচ্ছ উভালি নপৰাৰ জোখেৰে এজাক বৰষুণ হৈ নামিব
বৰষুণ পিবলৈ ফুল হৈ ফুলিম
সাগৰ হৈ মেলি দিম বুকু

এই ধৰক, হঠাতে এদিন প্ৰেমত পৰি গলোঁ তেওঁৰ…

(ৰিদিপ কুমাৰ নাথ, [email protected], ১১/০৭/১১)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments