এই বিহুৰ দিনত বিহু-সম্রাট সংগীতাচাৰ্য খগেন মহন্তক মনত পেলাওঁ আহক (চৰিফুল ইছলাম)

(বিহুনাম এফাঁকি হেৰাই গ’ল)

 খগেনদা গ’লগৈ। যেনেকৈ ভূপেনদা গ’ল, ৰুদ্র বৰুৱা গ’ল— মঞ্চ উকা কৰি। কেৱল কণ্ঠৰ যাদুৰে মঞ্চ শুৱাই ৰখা এইসকল সঁচামনৰ জনশিল্পীয়ে বৰ বেছি বাজনা (আজিকালিৰ সংগীত-শিল্পীৰ হেণ্ডচ) নিৰ্ভৰ নাছিল। নিজৰ স্পষ্ট উচ্চাৰণ সম্বলিত যাদুকৰী কণ্ঠই আছিল এওঁলোকৰ শৈল্পিক জীৱনৰ মূলধন। আৰু সঁচাকৈয়ে অগণন শ্রোতা-দৰ্শকক এই কণ্ঠৰে মন্ত্রমুগ্ধ কৰি ৰাখিছিল। বিহু আহিলেই খগেনদালৈ মনত পৰে। অকল মোৰে নহয়, বহুতৰে এনে এক নষ্টালজিক সোঁৱৰণ হয়। কাৰণ, এসময়ত আমি বিহুতে জী উঠিছিলো, বিহুতে মৰিছিলো কেৱল খগেনদাৰ বিহুগীত আৰু বিহুসুৰীয়া গীতৰ শৰাইত। পথাৰৰ গছ-তলৰ স্বতঃস্ফুৰ্ত মুকলি বিহুখনে তেতিয়া নগৰীয়া বিহুৰ সাজ পৰিধানেৰে মঞ্চলৈ উঠা সৰহ সময় হোৱা নাই এথোন। ন কৈ হ’বলৈ আৰম্ভ কৰা মঞ্চবিহুৱে লাহে লাহে খোপনি পুতি বিস্তাৰ লাভ কৰিবলৈ লৈছে। এনেসময়ত পুৰণি স্বকীয়তাক বজাই ৰাখি বিহুগীত বা বিহুনাম পৰিবেশন অৱশ্যম্ভাৱী হৈ পৰাত যিসকল গায়কৰ যোগদান উল্লেখনীয় আছিল সেইসকলৰ প্রথম শাৰীতে খগেনদা জিলিকি উঠিছিল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সেই দিনত বিহুমঞ্চ সমুহত খগেনদাৰে বিহুগীত আৰু বিহুসুৰীয়া গীতৰ খলকনি—

‘ধনশিৰী পাৰে হৈ / ঢপলিয়াই আহিলো / জিৰালোহি কলিয়াবৰত…
তোমাকে বিচাৰি / ঘৰ-বাৰী এৰিলো / তোমাক নেপালোহি ঘৰত’।

‘উজায়ে চালো মই / ভটিয়াই চালো মই / তোমাৰ মান শুৱনি নাই
দেৱে ঐ মাৰিব / মনিষে মাৰিব / তোমাক ধন অকলে পাই…
হেনো তোৰ সাজেপতি আধাপেটী / হেনো তোৰ খোজেপতি লটিঘটি
হেনো তোৰ ঢেঁকী আছে খুৱলী উদি / হেনো তোৰ তাঁতখন আছে চকু মুদি
তই কিয় মনে মাৰি থাক মোৰ চেনাই ঐ / তোক মৰম কৰিবৰ মন যায় তোক’…

‘পকা ধুণ্ডোল বিলাহী ঐ
পাছিত ভৰাই দিয়াহি ঐ
গোটে গোটে গিলিবৰ মন’

‘ন জোনটি ওলালে / বৰণটি সলালে / সলায় বৰেগছৰ পাত
আমাৰ নাচনীয়ে / বৰণটি সলালে / মুগাৰ ৰিহা লগালে গাত’। ইত্যাদি।

গণশিল্পী খগেন মহন্তৰ শিল্পীসত্তা চহা-থলুৱা কলা-কৃষ্টি-সংস্কৃতিৰে জীপাল আছিল। তেওঁ আছিল মাটিৰ মানুহ। তেওঁৰ গানত অসমৰ মাটিৰ গোন্ধ আছে। লোকসংগীতৰ নজহা-নপমা সুৰবোৰ আছে। খগেনদাই গীত গাই ৰং-আনন্দই উপভোগ নকৰে, চহা লোকজীৱনৰ এই পকা থুলথুলীয়া লোকসুৰবোৰো গোটাই-মেলি-পখালি তাৰে জগত সভাত বিলায়ো ভাল পাইছিল। সেয়েহে হেমাঙ্গ বিশ্বাস, বিষ্ণু ৰাভাৰ সান্নিধ্য লভা গণ-নাট্য সংঘৰ এসময়ৰ প্রগতিশীল আপোচহীন মনৰ শিল্পীজনাই বিহুৰ আচল শাহটো বিচাৰি উজনি-নামনি ঢপলিয়াই ফুৰিছিল। অসমীয়া থলুৱা পৰম্পৰাগত কলা-কৃষ্টি-সংস্কৃতিক বিশ্ব-দৰবাৰত চিনাই দিয়াত খগেনদাৰ অৱদানো প্রণিধানযোগ্য।

এসময়ত মাটি, মানুহ, প্রকৃতিৰ স’তে সম্পৰ্ক থকা বিহুনামসমূহ কালক্রমত নগৰীয়া বিহু মঞ্চসমূহত তাহানিৰ বনৰীয়া গীত, গৰখীয়া গীত তথা বনগীতৰে সনা-পোটোকা কৰি যি বিহুগীতৰ সৃষ্টি হ’ল তাক খগেনদাৰ দৰে সঁচা বিহুৱাদলে নস্যাৎ কৰিলে আৰু মন-প্রাণ জুৰ পৰা বিহুনামেৰে হিয়া উজাৰি বিহুমঞ্চত কণ্ঠ নিগৰাই সকলোকে মোহাছন্ন কৰি ৰাখিলে। আজিকালিৰ দৰে ন-কৈ নিজে সৃষ্টি কৰা বিহুনামেৰে নহয়, একেবাৰে থলুৱা চহাকবিৰ লোকনামেৰে ইবোৰ সমৃদ্ধ কৰিছিল। জীৱনৰ বিয়লিবেলাতো তেওঁ বিহুগীতৰ শুদ্ধ আৰু মননশীল চৰ্চাত নিজকে জড়িত ৰাখিছিল। আজি এবছৰমানৰ আগতে লগ পাওঁতে তেওঁ ভাল শুদ্ধৰূপৰ বিহুনাম প্রচাৰত কিবা কৰিব লগা থাকিলে জনাবলৈ কৈছিল। খগেনদাই কৈছিল, ‘ইমান সুন্দৰ ভাব ভাষাৰে জীপাল হৈ থকা থলুৱা বিহুনামবোৰ বিকৃত ৰূপত পৰিবেশন কৰিলে বেয়া পাওঁ। অন্তৰত আঘাত লাগে। মই ইয়াৰ বাবেই কিছু কাম কৰি আছো। কিবা কৰিব লগা হ’লে জনাবা’। খগেন মহন্ত হাড়ে-হিমজুৰে বিহুনামৰ শিল্পী। বিহুগীতৰ শিল্পী। বিহুমঞ্চ এখনলৈ তেওঁ বিনা প্রস্তুতিৰে বিহুৰ পৰিবেশ এটা আনিবলৈ সক্ষম হৈছিল। সেয়েহে তেওঁ ‘বিহু সম্রাট’। বিহুবলীয়া ৰাইজৰ মৰম আকলুৱা সম্বোধন।

আমাৰ দিনত ভূপেনদা, খগেনদা, ৰুদ্র বৰুৱাৰ লগতে পাছলৈ মহানন্দ মজিন্দাৰ বৰুৱা আদি শিল্পীসকলৰ বিহুগীত আৰু বিহুসুৰীয়া গীতৰ অনুষ্ঠানে বেছ আমোদ দিছিল। ৰাইজখনে হিলদল ভাঙি তেওঁলোকৰ অনুষ্ঠান উপভোগ কৰিবলৈ আহিছিল। বৰ্তমান তেনেধৰণৰ মন হৰি নিয়া পৰিবেশ সৃষ্টি যেন দূৰ আকাশৰ তৰাহে হ’ল। খগেনদাৰ সমগ্র জীৱনটোৱেই সঁচা অৰ্থত লোকজীৱনৰ সুৰীয়া সুতাৰে বন্ধা। সৰু সৰু মানুহৰ সৰু সৰু জীৱন যাপন তথা ভাৱ-ভাষাৰে ধৌত। আধুনিক অসমীয়া গানৰ ক্ষেত্রত এক অমূল্য মণিকাঞ্চন সংযোগ হ’ল কেশৱ মহন্ত আৰু খগেন মহন্তৰ যুটি। সম্বন্ধত কেশৱ মহন্তৰ পত্নী গজলা সত্রৰ জীয়ৰী নিকুঞ্জলতা মহন্ত খগেন মহন্তৰ বাইদেৱেক। কেশৱ মহন্তৰ বহু গানৰ গায়ক খগেন মহন্ত। খগেনদাই সুৰেৰে, গীতেৰে গীতিকাৰ কেশৱ মহন্তকে প্রতিভাত কৰা নাছিল, সৰু সৰু মানুহৰ সুখ-দুখ, জীৱন যন্ত্রণাকো শ্রোতাৰ আগত ডাঙি ধৰিছিল। এই গীতসমূহৰ কিছুমান বনগীত, বিহুসুৰীয়া গীতে শ্রোতাৰ হৃদয়ত সাঁচ বহুৱাবলৈ সক্ষম হৈছে। যেনে—

‘পাৰৰ পাখিত গাঁঠি দিলোঁ / ফুলাম চিঠিখনি
জনাওঁ বুলি জগতখনক / বিহুৰ ওলগনি’।।

‘আমাৰ মন পথাৰৰ লহপহীয়া বাওধানবোৰ / হালধীয়া চৰায়ে কৰে হেনো চুৰ’

‘এজাৰ ফুলা দেখি / বেজাৰ কিয় কৰ / কিয় মনে মাৰি / থাক মোৰ দেহি ঐ…’

‘বৰষুণৰ বতৰত / মইনা নুঠে মটৰত…’

ৰুদ্র বৰুৱা সুৰাৰোপিত, গীতিকাৰ, কবি কেশৱ মহন্তৰ কালজয়ী ‘বেলাড’ গীত এটি খগেনদাই যেনে আন্তৰিকতাৰে প্রাণঢালি গালে, সেয়া ‘খগেনদাসুলভ’ গায়কোচিত শিল্পীৰ দ্বাৰাহে সম্ভৱ। গীতটিৰ শব্দ, ভাষা, সুৰ কথাংশৰে তেওঁ শ্রোতাৰ হৃদয়ত সঁচাকৈয়ে এখনি বাস্তৱ চিত্র ফুটাই তুলিবলৈ সক্ষম হৈছে। গীতটো হ’ল—
‘কাউৰী পৰে / কলৰে পাততে কাউৰী পৰে / আগলতি চিত মোৰ লৰে চৰে
ডুম ডুম ডবাতে কোনে কোব মাৰে / আষাঢ়ৰ ডাৱৰৰ আঁৰে আঁৰে
অ’ অ’ সেউতী তোলৈ মনত পৰে’

খগেনদা ওৰে জীৱন বৰবিহুৱা হৈয়ে থাকিল। তেওঁ চহাকবিৰ মুখে মুখে চলি অহা বিহুনামকে ধৰি অন্য চহা লোকগীতিৰে সমৃদ্ধ অসমীয়া স্বাভাৱিক গানৰ জগতখনক যি সজীৱতা প্রদান কৰিলে, সি কাললৈ যুগমীয়া হৈ ৰ’ব। আনহাতে গুৰুজনাৰ বৰগীতকো তেওঁ নিজৰ গায়কীৰে অমৰ কৰিলে। অমৰ কৰিলে ঘোষা, দিহানাম, দেহবিচাৰৰ গীত আদি থলুৱা গীতবোৰো। আজি সেয়েহে অসমৰ লোকসংগীতেই নহয়, লোকসংস্কৃতিৰ পথাৰখনো উকা হৈ পৰিল।

খগেন মহন্তৰ ঘৰখন অসমীয়া লোকজীৱনৰ সাংস্কৃতিক পলসেৰে ভৰা। দেউতাক প্রয়াত হৰেন্দ্র নাথ মহন্তই শুৱলাকৈ বৰগীত গাইছিল। তেওঁৰ ল’ৰা অংগৰাগ মহন্তই (পাপন) যেনে দৃষ্টিনন্দনেৰে অসমীয়া গানৰ জগতখনত প্রবেশ কৰিলে, ই এখন সুন্দৰ সাংস্কৃতিক পৰিমণ্ডলৰ ঘৰৰে দান বুলিব পাৰি। খগেনদাৰ সহধৰ্মিণী অৰ্চনা মহন্ত বৌৱো এগৰাকী বিশিষ্ট গায়িকা। আদৰৰ ভাগিনী মনজ্যোৎস্না মহন্ত নতুন প্রজন্মৰ এগৰাকী অনুভৱী গায়িকা।

খগেনদাৰ বিয়োগত যেন বিহুনাম এফাঁকিয়ে হেৰাই গ’ল। আজিৰ প্রজন্মৰ শিল্পীসকলে আৰু কোনোদিনে নাপাব লোক-সংগীতৰ ধাৰাক প্রণালীবদ্ধভাবে কঢ়িয়াই অনা তেওঁলোকৰ শ্রদ্ধাৰ অভিভাবক গৰাকীক। আমি খগেনদাক কিন্তু কেতিয়াও হেৰাই যাবলৈ নিদিওঁ। খগেনদাক জীয়াই ৰাখিম লোকসংগীতৰ শিপাডাল খামুছি ধৰি। মানুহৰ পৰা জীৱনবোধ শিকা জনশিল্পী গৰাকীক মানুহৰ মাজতে জীয়াই ৰাখিব লাগিব। আমি খগেনদালৈ শেষ শ্রদ্ধা নিবেদন কৰিলো।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments