এই মাহৰ প্ৰশ্নঃ অঞ্জলি গগৈ বৰগোহাঞি

 

ফেচবুকত প্ৰথম অৱস্থাত যি সকলে সাহিত্য চৰ্চা কৰিছিল , তেওঁলোকক ছপা মাধ্যমত সাহিত্য চৰ্চা কৰা লিখকসকলে পুতৌৰ দৃষ্টিৰে চাইছিল | কিন্তু দিন যোৱাৰ লগে লগে ছপা মাধ্যমত সাহিত্য চৰ্চা কৰা লিখকসকলো ফেচবুকত সোমাই পৰিল | ফেচবুকত যিহেতু সম্পাদকৰ কেঁচী ব্যৱহাৰ নহয় সেইবাবে লাহে লাহে সাহিত্য চৰ্চা কৰা লোকৰ সংখ্যা বৃদ্ধি পাই আহিল | এইটো কথা অপ্ৰিয় হ’লেও সত্য যে বাতৰি কাকত বা আলোচনীত প্ৰকাশ হোৱাৰ দৰেই ফেচবুকতো বহুতো উন্নত মানদণ্ডৰ লিখনি প্ৰকাশ হৈ আহিছে |

এতিয়া আহোঁ মূল বিষয়টোলৈ মানে প্ৰশ্নটোলৈ |
ব্যাকৰণ তথা বৰ্ণাশুদ্ধিৰ ক্ষেত্ৰত ফেচবুকৰ লিখকৰ লিখনি চাবলৈ যিহেতু সম্পাদনা কক্ষ নাথাকে , গতিকে এই ক্ষেত্ৰত ফেচবুকৰ লিখক এজনে পোষ্ট এটা দিয়াৰ আগতে কি কি সাৱধানতা অৱলম্বন কৰাটো ভাল বুলি ভাৱে ?
মতামতসমূহ অসম্পাদিত ৰূপত তলত দিয়া হ’ল–
সোমকান্ত শইকীয়া :
ব্যাকৰণ বা অভিধানত নোপোৱাও কিছুমান কথা থাকে যিবিলাক কথা ভাষা এটাৰ স্বকীয় গাঁথনি সম্পৰ্কে সম্যক জ্ঞান নাথাকিলে ভাষাটো লিখোঁতে ভুল হ’ব পাৰে ।
এটা উদাহৰণেৰে ব্যাখ্যা কৰি দিওঁ বাৰু ।
“আজি দুদিন একেৰাহে বৰষুণ দি আছে । যাৰ বাবে বাট – পথ বিলাক বোকাময় হৈ পৰিছে ।”
এই বাক্যটো ভুল হৈছে নে নাই তাক পৰীক্ষা কৰিবলৈ “ব্যাকৰণ”ৰ কোন নিয়মটো চাব লাগিব সতকাই ক’ব পৰা নাযায় । কিন্তু বাক্যটোৰ গাঁথনি ভুল ।
শুদ্ধ হ’ব —-আজি দুদিন একেৰাহে বৰষুণ দি আছে , যাৰ বাবে বাট -পথ বিলাক বোকাময় হৈ পৰিছে ।
নাইবা —
আজি দুদিন একেৰাহে বৰষুণ দি আছে । ইয়াৰ বাবে বাট-পথ বিলাক বোকাময় হৈ পৰিছে ।
” আজি দুদিন একেৰাহে বৰষুণ দি আছে” এইটো লিখাৰ পিছত যদি পূৰ্ণ বিৰতি চিন “।” দিয়া হয় ,তেনেহ’লে পিছৰ বাক্যটো এটা সুকীয়া বাক্য হ’ব , গতিকে “যাৰ ” বাবে বুলি লিখিলে ভুল হ’ব —-ইয়াৰ বাবে বুলি লিখিব লাগিব । অৱশ্যে , প্ৰথম বাক্যটোৰ পিছত অৰ্ধ বিৰতিৰ চিন –, (কমা) এটা দিলে গোটেই বাক্যটো এটা বাক্য বুজাব আৰু তেতিয়া “যাৰ বাবে” বুলি লিখিলে শুদ্ধ হ’ব ।
ভাষা এটাৰ এনেকুৱা সৰু যেন লগা কথা বিলাকতে ভাষাটোৰ মহিমা প্ৰকাশ পায় ।

অসমী গগৈ:
১/ মোৰ মতে লেখক হ’বলৈ যোৱাৰ আগতে এজন ভাল পাঠক হোৱা উচিত।
২/ এটা সংবেদনশীল মন।
৩/ উপস্থাপন কৰিবলৈ লোৱা বা লিখিবলৈ লোৱা বিষয়ৰ ওপৰত বিস্তৃত জ্ঞান থকা উচিত।
৪/ যি ভাষাত সাহিত্য চৰ্চা কৰিব বিচাৰে সেই ভাষা তথা সাহিত্যৰ কিছু পৰিমাণে জ্ঞান থকা উচিত বুলি ভাবো।
হৃদয় শৰ্মা:
ভাষাটো শুদ্ধকৈ লিখিব লাগে। বহু লিখা পঢ়ি ভাল লাগে যদিও ভুল শব্দ পালে বেয়া লাগে। বহুতে চাগে দৌৰা-দৌৰি কৰাৰ বাবে এনেকুৱা হয়।
ৰাজীৱ শৰ্মা:
ছপা মাধ্যম আৰু ফেচবুক ক’তোৱেই ব্যাকৰণ আৰু বানান ভুল কাৰো কাম্য নহয়। ছপা মাধ্যমৰ ভিতৰত কিতাপত এনে ভুল থাকিলে পাছৰ সংস্কৰণত শুধৰাই দিয়া হয়।কিন্তু বাতৰি কাকত, আলোচনী আদিত সেই সুবিধা নাথাকে।আনহাতে ফেচবুকত সম্পাদনা অবিহনে লিখা প্ৰকাশ হোৱাৰ বাবে লিখকজন বেছি সাৱধান হোৱা উচিত বুলি ভাবো।খৰধৰকৈ লিখাৰ বাবেও কেতিয়াবা জনা শব্দটোও ভুল হয়। সেয়ে ভাবো, লিখনি এটা ফেচবুকত দিয়াৰ আগতে মোবাইলৰে আন এঠাইত লিখি পাছত কপি পেষ্ট কৰিলে এনে ভুলৰ পৰা বহুখিনি হাত সাৰিব পাৰি।তাৰোপৰি এজন লিখকে আন কিতাপ আলোচনী আদি পঢ়োতেও মনত খোকোজা লগা কথাবোৰ মন কৰি যাব লাগে।এই পদ্ধতিৰ দ্বাৰাও কিছুমান সৰু সুৰা ভুল নাইকিয়া হয়।এইখিনিতে আৰু এটা কথা মনত পৰিছে।আমি কিছুমান শব্দৰ শুদ্ধ ৰূপটো মনত ফটোৰূপৰ দৰে ৰাখিব লাগে, যাতে লিখিবলৈ ল’লেই বানানৰ ৰূপটো চকুৰ আগত জিলিকি উঠে।সৰ্বোপৰি লিখনি এটা ফেচবুকত প্ৰকাশ হোৱাৰ পাছত পুনৰাই ব্যাকৰণ ও বানানশুদ্ধি পৰীক্ষা কৰি যদি কিবা ভুল থাকে শুধৰাই দিব লাগে।এইক্ষেত্ৰত পঢ়ুৱৈ সকলেও মতামতৰ যোগেদি ভুলটো দেখুৱাই দিব লাগে।
সোমকান্ত শইকীয়া:
মুখ পুথি বা বাতৰি কাকত-আলোচনী আদি আন ছপা মাধ্যম –যিয়েই নহওক — কোনো এটা ভাষাত লিখিবলৈ গ’লে প্ৰথমে সেই ভাষাটোৰ বিষয়ে যিমান দূৰ সম্ভৱ সম্যক জ্ঞান আয়ত্ব কৰি ল’বলৈ চেষ্টা কৰিব লাগে ।

নিজৰ অজানিতে বা অজ্ঞতাৰ কাৰণে যদি কিবা ভুল থাকিও যায় সেই ভুল বিজ্ঞজনে দেখুৱাই দিলে বিনম্ৰভাৱে শুধৰাই লোৱাৰ উদাৰতাখিনি থাকিব লাগে ।

শেষত এটা কথা নিজৰ অভিজ্ঞতাৰ পৰা ক’ব খুজিছোঁ যে বাতৰি কাকত — আলোচনী আদিৰ সম্পাদক সকলৰো বহু সময়ত ভাষা সম্পৰ্কে নিৰ্ভুল জ্ঞান আছে বুলি সদায় ক’ব নোৱাৰি । ভাষা – সাহিত্যৰ চৰ্চা মানুহৰ এটা “অভিৰুচি — নিৰ্ভৰ” বিষয় ; গতিকে, বহু সময়ত আন আন পেছাৰ লগত জড়িত লোকৰো সম্যক ভাষা-জ্ঞান আৰু সাহিত্য- ৰুচি থকা দেখিবলৈ পোৱা যায় ।
নৱজিৎ মেধি :
চাকৰী কৰা সম্পাদক সকলে মাহৰ চতুৰ্থ শনিবাৰ দেওবাৰে মেগাজিন খন নিজে প্ৰতিটো শাৰী পঢ়ক কাষত এখন হেমকোষ বা অইন অভিধান লৈ । য’তে পঢ়ি কিবা এটা খহটা যেন লাগিব তাতেই অভিধান খন মেলি লৈ চাই গলেই হ’ল । প্ৰকাশ কৰোতে দুই এদিনৰ ইফাল সিফাল হ’লে একো নহয় ।এয়া সাহিত্য চৰ্চাৰ লগতেই বন্ধুত্বৰ মৰমেৰে বান্ধ খাই থকা “অকব” । সাহিত্য চৰ্চাৰ বাটকটীয়া বুলিও ক’ব পাৰি । বহুত কাকত আলোচনী আদিৰ লেখক লেখিকাই ইয়াতেই ট্ৰেয়নিং লৈ এতিয়া লিখক হিচাপে পৰিচিত হৈছে । কষ্ট আছে এনেকামত কিন্তু সেয়া দূৰুহো নহয় – লাগে অলপ আশাসুধীয়া চেষ্টা । মেগাজিন খন সকলোৱে মাহটো দেখাৰ সুবিধাৰ কাৰণে পিন আপ পোষ্ট কৰি দিলে ভাল হয় যাতে সকলো বয়সৰ মানুহেই সহজে বিচাৰি পায় ।আমাৰ শুভকামনা সদায়েই থাকিব আৰু আপোনাকো শুভেচ্ছা জনাই থলো।

হুছেইন আফজল:
লিখকজন প্ৰথমতে এজন ভাল সমালোচক হোৱাতো প্ৰয়োজনীয় বুলি ভাৱো।
মলয় কুমাৰ ডেকা:
সচাঁ কথা ৷ Facebook মাধ্যম সাহিত্য চৰ্চা কৰিব বিচৰা সকলৰ বাবে এটি প্ৰেৰণা দায়ক ভেটি ৷ কাৰণ ইয়াত ভাল বেয়াৰ নিৰ্মোহ বিশ্লেষণ থাকে ৷ঠিক শিক্ষকে হাতত চেকনি লৈ থকা যেন লাগে ৷ সাৱধান হোৱা যায় ৷ সেই সাৱধানতাই আমাৰ অজ্ঞাতে আমাক আগবঢ়াই নিয়ে ৷
দেৱাশীৰ্ষ নাথ :
অভিধান এখন লগত থকাটো নিতান্তই বাঞ্চনীয় ।যিটো শব্দতে সন্দেহ থাকে ,লগে লগে চাই ল’ব লাগে ।আমি শুদ্ধ বুলি বহু শব্দৰ অশুদ্ধ ৰূপটোৱেই লিখি থাকোঁ ।অভিধানত এটা শব্দৰ কেইবাটাও সমাৰ্থক শব্দ পোৱা যায় ।লেখকৰ শব্দভাণ্ডাৰো চহকী হয় ।
পৰিতোষ চক্ৰৱৰ্তী
কথাটো একশ শতাংশই শুদ্ধ।তথাকথিত এদিটৰিয়েল বোৰ্ড নামৰ বস্ত এটাই বহুতো সুন্দৰ লেখা জাবৰৰ দমত পেলাই দিয়া উদাহৰণ আছে। কলিকতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ৰ এখন আলোচনা চক্ৰত পঠিত গৱেষণা পত্ৰ ,সম্পাদনাৰে দুজনমান বন্ধুৰ পৰামৰ্শ অনুসৰি এখন আগশাৰীৰ মাহেকীয়া আলোচনীৰ শ্ৰদ্ধাভাজন সম্পাদকৰ হাতত দি আহিলো।সম্পাদক ছাৰে যথেষ্ট মৰ্যাদাৰে বিভাগীয় সহকাৰী এজনক ছপোৱাৰ দায়িত্ব দিলে।তেখেতে লেখাটো ভাল ,আমি বিশেষ সংখাত প্ৰকাশ কৰিম।ইতিমধ্যে প্ৰৱন্ধটো তাৰ দুবছৰমান পাছত অন্য এজন সম্পাদকে বহুত আগ্ৰহেৰে,উপযুক্ত মাননী আগবঢ়াই প্ৰকাশ কৰিছে।আগৰজনৰ আজিলৈকে কোনো খবৰেই নাই।এনেকুৱা উদাহৰণ বহুত আছে, পোৱা যাব।এতিয়া অন্ততঃ এনে ধৰণৰ দুখ,ক্ষোভ আমি ফেচবুকৰ পেজত আলোচনা কৰিব পাৰিম,,,,
ধ্ৰুবজ্যোতি আৰ দাস:
১/ লিখা কামটো নিজক জহাবলৈ কৰিব নালাগিব। এনে কৰিলে নিজে গম নোপোৱাকৈয়ে অহং ভাব এটাই মনত ক্ৰিয়া কৰে আৰু তেতিয়া অবাঞ্ছিত ভুল কিছুমান হয়।
২/লিখা কামটো ভাবি চিন্তি ধীৰে সুস্হিৰে কৰিব লাগিব। অন্যথা ভুল হোৱাটো স্বাভাবিক।
৩/লিখাটোত কিবা ভুল ৰৈ যোৱা নিজৰ চকুত পৰিলে বা আনে দেখুৱাই দিলে সেইটো edit কৰি শুদ্ধ কৰি দিব লাগে।
৪/হাতে পোৱাতে পাৰিলে অভিধান এখন ৰাখিব লাগে।
প্ৰাঞ্জল প্ৰতীম শইকীয়া:
১) এজন সুপাঠকে আনৰ লেখাসমূহ হৃদয়ংগম কৰে ৷ তেতিয়াই বাক্যৰ গাঁথনি আৰু বানানবোৰো মনৰ খাঁজত ৰাখি লয়৷
২) মনত সন্দেহ জাগিলেই অভিধানখন মেলি লব লাগে৷ এলাহ কৰিলেই সমস্যা বাঢ়ে ৷
মেঘালী গগৈ :
বানান আৰু ব্যাকৰণৰ ক্ষেত্ৰত নিজকে সৰ্বজান্তা ভাবটো নিলগত থৈ এখন নিৰ্ভৰযোগ্য অভিধান আৰু ব্যাকৰণ পুথিৰ সহায় লোৱাটো অতি দৰকাৰী কথা বুলি ভাবো।
মিনুৰেখা গগৈ :
সুন্দৰ বিষয় এটা উপস্থাপন কৰিছা অঞ্জলি । মই কোনো ভাষাবিদ নহয় যদিও নিজৰ ভাষাটো বহুত ভাল পাওঁ । এই কথাটো মই নিজৰ সময়সূচীত বহুবাৰ উত্থাপন কৰিছিলোঁ । মই ভাবোঁ নিজৰ সময়সূচীত লিখিছে বুলি লিখোঁঁতাজনে যি-তি লিখিব নালাগে । আৰু গল্প-কবিতা ,প্ৰৱন্ধ -নিবন্ধ যিয়েই নিলিখক বিষয়টো সমন্ধে ভালকৈ অধ্যয়ন কৰি ল’ব লাগে আৰু লগতে ডাকত দিয়াৰ আগতে বানানবোৰ চকু ফুৰাই চাব লাগে । কিবা সন্দেহ থাকিলে অভিধান মেলি সন্দেহ দূৰ কৰি ল’ব লাগে । তাৰপিছতো যদি ভুল হয় আৰু সেই ভুল যদি কোনো বন্ধুৱে দেখুৱাই দিয়ে বেয়া পাব নালাগে ।
সোমকান্ত শইকীয়া :

দীপাঙ্কৰ মল্ল বৰুৱা :
মোৰ বোধেৰে ফেচবুকৰ পোষ্ট এটা দিওঁতে মন কৰিবলগীয়া কথাটো হ’ল – পোষ্টটোত যাতে কোনো অশালীন বা সামাজিক ভাৱে অগ্ৰহণীয় শব্দ বা ভাষা নাথাকে। বানান ভুল হোৱাটো খুব ডাঙৰ ইছ্যু বুলি মই নাভাবো, কাৰণ পাছতো শুধৰণিৰ সুবিধা থাকে। প্ৰয়োজনীয় কথাটো হ’ল, অধিক ব্যক্তিক ফেচবুকত নিজৰ ভাষাত মতামত ব্যক্ত কৰিবলৈ উত্সাহিত কৰিব লাগে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক