একদম সঁচা কথা- (সৌমিত্ৰ যোগী)

নিত্য-ব্যৱহাৰ্য অন্যান্য ঘৰুৱা বস্তু আৰু শাক-পাচলি মই সদায় অফিচৰ পৰা আহোঁতে বজাৰ কৰি লৈ আহোঁ। নহ’লে দেওবাৰে বজাৰ কৰাৰ নামত এনেয়ে তিনি ঘণ্টামান যোৱা যেন লাগে। আবেলি আবেলি বহা সেই বজাৰখনত পাচলি বেপাৰী, মাছ বেপাৰীবোৰ এতিয়া পৰিচিতৰ দৰেই হৈ গৈছে। বস্তু কিনোতে দাম-দৰ কৰাৰ মাজতে দুই-এটা দেশ-দুনীয়াৰ কথাও সিহঁতৰ পৰা শুনাৰ সুবিধা পাওঁ। বিমুদ্ৰাকৰণৰ পৰা নেতা-মন্ত্ৰীৰ কথালৈকে সিহঁতেনো কি ভাবিছে গম পোৱা যায়।
আজিও পাচলি ল’বলৈ সোমালোঁ। এটা ল’ৰা মোৰ বৰ ভাল লাগে। ডেকা ল’ৰা, উদ্যমী, ব্যৱহাৰ-পাতি ভাল, বেছি দৰ-দাম কৰি নাথাকে, আনতকৈ ভাল-সজীৱ বস্তু ৰাখে, তুলনামূলকভাৱে দাম কম – এইবোৰ কাৰণতে তাৰ প্ৰতি এটা অতিৰিক্ত আগ্ৰহ আছে। আজি দেখিলোঁ – বৰ বিশেষ বস্তু নাই। মই বোলোঁ – “কি এ বাবা, বস্তুৱে নাই দেখোন?”
“নাই এ দাদা, খোৱা মানুহেই নাই – কি আনিব আৰু…” সি এঙামুৰি এটা মাৰি ক’লে। বজাৰ আৰম্ভ হৈছেহে, ৫.৩০ বজাতে তাৰ এঙামুৰি কিয় মাৰিব লগা হ’ল ধাৰণা এটা কৰি ল’লোঁ। সি কোৱাৰ ধৰণটো আমাৰ কিতাপৰ বিক্ৰেতাসকলে কোৱাৰ দৰে লাগিল।
আচৰিত হোৱাৰ কথা নহয়নে? মানুহে পাচলি খোৱা বাদ দিলে? সংখ্যাগৰিষ্ঠ মানুহে কিতাপ পঢ়া বাদ দিছে বুলি জানো, কিন্তু পাচলি খোৱা কিয় বাদ দিলে?
মই ক’লোঁ – “কিয়, মানুহে পাচলি খোৱা বাদ দিছে নেকি?” মোৰ কথা হ’ল, পাচলি খাবলৈ বাদ দিছে যদি নতুনকৈ কি খাবলৈ লৈছে? যদি অঘাইতং কিবা খাবলৈ লৈছে তেনেহ’লে নিউজ চেনেলত খবৰ দি ব্ৰেকিং নিউজ হিচাপে বাতৰি এটা কৰোৱাই দিব পাৰি।
মোৰ ধাৰণাক মিছা বুলি প্ৰতিষ্ঠা কৰি সি ক’লে – “কিমান খাব আৰু? সেই একেসোপাই ফুলকবি, ওলকবি, উৰহী। নতুন সব্জি ওলালে খাব। নতুন একো ওলোৱা নাই না।”
মই বোলোঁ – “হয় এ।”
মই ভাবিলোঁ, আমাৰ কিতাপৰ ক্ষেত্ৰতো এই অৱস্থাই হৈছে। আমাক অলপ নতুনত্ব লাগে। নতুন সোৱাদৰ কিতাপ লাগে। ভাষা-বিষয়-শৈলী আদি সকলো দিশৰ পৰাই নতুন।
************

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments