একমাত্ৰ হিন্দী ভাষাটো চৰকাৰী ভাষা হোৱা উচিতনে? (প্ৰতিম প্ৰতাপ বৰুৱা)

একমাত্ৰ হিন্দী ভাষাটো চৰকাৰী ভাষা হোৱা উচিতনে?

প্ৰতিম প্ৰতাপ বৰুৱা

এই আলোচনাটোৰ আৰম্ভণিতে আমি এটা কথা জানি লওঁ যে ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী নহয়। আচলতে ভাৰতৰ ৰাষ্ট্ৰভাষা বুলি একো ভাষা নাই। ভাৰতৰ সংবিধানে দেৱানগৰী লিপি ব্যৱহাৰ কৰি লিখা হিন্দী ভাষাটোক ভাৰতৰ চৰকাৰী ভাষা বুলি স্বীকৃতি দিছে (The official language of the union shall be Hindi in Devanagari script – Constitution of India)। হিন্দী ভাষাটোৰ পিছতেই ইংৰাজী ভাষাটোক দ্বিতীয় (secondary) চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে।

ভাৰতত মুঠ কথিত ভাষাৰ সংখ্যা কিমান সেই লৈ মতান্তৰ আছে যদিও ভাৰতত মুঠতে প্ৰায় ৪৩৮ টা বিভিন্ন ভাষা কোৱা হয় বুলি এটা সমীক্ষাত প্ৰকাশ হৈছে। ইয়াৰে মাত্ৰ ২২ টা ভাষাক সংবিধানৰ অষ্টম অনুচ্ছেদত স্বীকৃতি দিয়া হৈছে। সেইকেইটা হ’ল – অসমীয়া, বেংগলী, বড়ো, দ’গ্ৰী, গুজৰাটী, হিন্দী, কানাড়া, কাশ্মীৰী, কোংকনী, মৈথিলী, মালায়ালম, মণিপুৰী (বা মেইটেই বা মেইথেই), মাৰাঠী, নেপালী, ওড়িয়া, পঞ্জাৱী, সংস্কৃত, চাওতালী (বা চান্থালী), সিন্ধী, তামিল, তেলুগু আৰু উৰ্দু। এই ২২ টা ভাষাৰো কেইবাটামান ভাষাৰ (যেনে অসমীয়া) লিপি লৈ সমস্যাও আছে। লক্ষ্যণীয়ভাৱে এই ২২ টা ভাষাৰ মাজত ইংৰাজী ভাষাটো নাই। সংবিধানে স্বীকৃতি দিয়া এই ২২ টা ভাষাৰ চাৰিটা ভাষা – অসমীয়া, বেংগলী, বড়ো আৰু মণিপুৰী, ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল বুলি কোৱা আৰু আমি সাতভনী বুলি কোৱা অঞ্চলটোত ব্যৱহাৰ কৰা ভাষা। ইয়াৰে বেংগলী, বড়ো আৰু মণিপুৰী ভাষাকেইটা উত্তৰ পূৰ্বাঞ্চলত প্ৰধানকৈ সেই ভাষিক জনগোষ্ঠীসকলেহে ব্যৱহাৰ কৰে। এইকেইটা ভাষাৰ কোনোটোৱেই এই অঞ্চলটোত বাস কৰা বিভিন্ন জনগোষ্ঠীৰ সৰ্বসাধাৰণ মানুহৰ মাজত সংযোগী ভাষা হিচাপে ব্যৱহৃত হোৱা নাই আৰু ভবিষ্যতে হোৱাৰ সম্ভাৱনাও নাই। অসমীয়া ভাষাটো বহু ক্ষেত্ৰত এই অঞ্চলটোৰ সংযোগী ভাষা হিচাপে প্ৰতিষ্ঠিত হৈছে যদিও বিভিন্ন কাৰণত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ সংযোগী ভাষা হিচাপে অসমীয়া ভাষাই এতিয়াও প্ৰতিষ্ঠা পোৱা নাই। ইয়াৰ অৰ্থ হ’ল অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন প্ৰদেশসমূহত বাস কৰা লোকসকলৰ এক বুজন সংখ্যকে ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ২২ টা ভাষাৰ এটাও নাজানে।

সম্প্ৰতি দিল্লী বিশ্ববিদ্যালয়ে এটা নিয়ম কৰিছে যে ইয়াৰ ছাত্ৰ-ছাত্ৰীসকলে হিন্দী বা ভাৰতীয় সংবিধানৰ অষ্টম অনুচ্ছেদে স্বীকৃতি দিয়া আন যি কোনো এটা ভাষা পাঠ্যক্ৰমৰ এটা বিষয় হিচাপে পঢ়িবই লাগিব। কিন্তু বিভিন্ন মহলত কোৱা হৈছে যে দিল্লী বিশ্ববিদ্যালয়ত হিন্দী আৰু দুটামান ভাষাৰ বাদে আন ভাষাসমূহৰ পাঠ্যক্ৰম চলাবৰ বাবে উপযুক্ত সংখ্যক শিক্ষকৰ অভাৱ আছে বাবে হিন্দী ভাষাটোৱেই বেছিভাগ ছাত্ৰ-ছাত্ৰীৰ স্বতঃস্ফূৰ্ত পচন্দ হ’ব। এই নিয়মটোৱে দিল্লী বিশ্ববিদ্যালয়ত পঢ়িবলৈ যোৱা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক সাংঘাতিক বিপদত পেলাইছে কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ বেছিভাগেই হিন্দী বা আন স্বীকৃত ভাষাসমূহ নাজানে। The North East Forum for International Solidarity (NEFIS) নামৰ সংগঠনটোৱে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত এনেকৈ হিন্দী ভাষাটো জাপি দিবলৈ কৰা চেষ্টাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। লগতে এছিয়ান চেণ্টাৰ ফ’ৰ হিউমেন ৰাইটছে ভাৰতৰ নেচনেল হিউমেন ৰাইট কমিশ্যনৰ ওচৰত দিল্লী বিশ্ববিদ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত এইদৰে হিন্দী ভাষাটো জাপি দিবলৈ কৰা চেষ্টাৰ প্ৰতিবাদ কৰিছে।

দিল্লী বিশ্ববিদ্যালয়ে গ্ৰহণ কৰা এই সিদ্ধান্তই অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ পৰা দিল্লীলৈ পঢ়িবলৈ অহা ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত ঋণাত্মক প্ৰভাৱ পেলাব সেয়া নিশ্চিত। আৰু বেছিভাগ প্ৰদেশত উচ্চ-মাধ্যমিকৰ মাত্ৰ কেইটামান শ্ৰেণীতহে বাধ্যতামূলকভাৱে পঢ়িবলগীয়া হোৱা হিন্দী ভাষাটোক সমগ্ৰ ভাৰতৰে চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ যুক্তিযুক্ততা কিমান সেয়াও বিচাৰ্য্যৰ বিষয়। আজিকালি বিভিন্ন আলোচনাত এই দাবীয়েও ঠাই পাইছে যে একমাত্ৰ হিন্দীৰ সলনি ভাৰতীয় সংবিধানে স্বীকৃতি দিয়া ২২ টা ভাষাৰ প্ৰতিটোকে ভাৰতৰ চৰকাৰী ভাষা হিচাপেও স্বীকৃতি দিয়া হওক।

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে ছাত্ৰ সংগঠনসমূহে আৰু লগতে সচেতন মহলে এই কথাবোৰ জৰুৰীভাৱে চিন্তা-চৰ্চা কৰা উচিত বুলি আমি অনুভৱ কৰোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক