একমিনিটৰ গল্প  “প্ৰসাধন”  – উৎপলা কৌৰ

 

দৌৰাদৌৰিকৈ গাটো ধুই গুলপীয়া ইউনিফৰ্মযোৰ পিন্ধি ল’লে তাই৷ চাৰ্ট আৰু আঁঠুৰ ওপৰত পৰা স্কাৰ্ট৷ ক’লা পামচু৷ কাপোৰযোৰৰ ৰংটো তাইৰ গাৰ ৰঙৰ সৈতে কোনোমতে খাপ নাখায়৷ সেয়ে ৰংটোৰ প্ৰতি দুৰ্বলতা থকাৰ পাছতো তাই সেই ৰঙৰ কাপোৰ এসাজ পিন্ধিব পোৱা নাছিল আজিলৈকে৷ চুটি আৰু বহল নাকটোৰে তাই আছিল সকলোৰে ব্যংগৰ পাত্ৰ৷ মুখেৰে ফুটাই নক’লেও চকুবোৰ তাই পঢ়িব পাৰিছিল৷ তাইৰ ৰূপটো আৰু প্ৰকট নহওক বুলি তাইৰ প্ৰিয় ৰঙৰ পৰা দূৰত ৰখা হৈছিল৷

আজি তাইৰ চাকৰিৰ সপ্তম দিন৷ কোম্পানীয়ে দিয়া ’টেষ্টাৰ’বোৰেৰে তাই দোকানলৈ গৈ নিজকে সজায়৷ অকল তাইয়ে নহয়, আন কেইবাজনীও ছোৱালী আহে দোকানখনত কাম কৰিবলৈ৷ সকলো বেলেগ বেলেগ প্ৰসাধন কোম্পানীৰ কৰ্মচাৰী৷ নিজৰ কোম্পানীয়ে দিয়া ’টেষ্টাৰ’বোৰেৰে নিজকে সজায় ৰাখে সকলোৱে নিজক৷ সিহঁতৰ সাজোন-কাচোন দেখি গ্ৰাহক আকৃষ্ট হোৱাকৈ..৷

ওঁঠৰ ডাঠ ’মেট’ লিপষ্টিক, নাইন টু ফাইভ আই লাইনাৰ আৰু আই শ্বেদো, কেতিয়াও চুই-দেখি নোপোৱা বস্তু এইবোৰ তাইৰ বাবে৷ সানিবলৈ পাই ধন্য মানে নিজকে৷ …নিজকে ইমান ধুনীয়া দেখে তাই দোকানৰ অবতল কাচত৷

চিকাৰী চকুৰে দোকানৰ দুৱাৰ মুখলৈ চাই থাকে সিহঁতে৷ গ্ৰাহক আহিলেই প্ৰতিযোগিতা চলে আকৃষ্ট কৰাৰ..

-মেম, কি লাগিব?

-শ্বেম্পু

-মেম, এইটো চাওক…নেচাৰেল ইনগ্ৰেদিয়েণ্টচৰ পৰা বনোৱা… এদিন ইউজ কৰি গম পাব আপুনি..

-মেম এইটো চাওক…

-…

***

আজি তাইৰ কোম্পানীৰ বেছি প্ৰডাক্ট বিক্ৰী নগ’ল৷ কেইদিনমানৰ পৰা তেনেকুৱা হৈ আছে৷ এনেকৈ হ’লে তাইৰ চাকৰিটো বেছিদিন নাথাকিব৷ চিটিবাছত উঠিবলৈ দৌৰা-দৌৰিকৈ গৈ থাকোঁতে তাই ভাবি থাকিল, এইবাৰ ভায়েকৰ টিউচনৰ পইছা দিলে মাকৰ দৰৱবোৰ কিনিবলৈ অসুবিধা হ’ব অকণ৷

ৰাতিপুৱা মুখধোৱাৰ সময়ত তাইৰ অনুজ্জ্বল ছালখনত উদিত সূৰ্যৰ দৰে চমকা-চমক দাগবোৰ জিলিকি উঠিল৷ মুখখন আগতকৈ চাব নোৱাৰা যেন হ’ল৷ ভাল বুলি মানুহক কিনিবলৈ জোৰ কৰা তাই কাম কৰা প্ৰসাধন কোম্পানীৰ উৎপাদিত সামগ্ৰীবোৰ যে নিম্মমানৰ তাই বুজিলে যদিও দোকানলৈ অহা প্ৰতিগৰাকী গ্ৰাহকক কৈ থাকিল,

-মেম, আহক…এইটো লওক…খুউব ভাল..আপোনাৰ মুখৰ দাগ এসপ্তাহত নোহোৱা কৰি দিব৷

***

কাষৰ ’পিংকি ষ্টোৰ’ৰ চেলচমেনজনে আজিকালি তাইক সিমান পাত্তা নিদিয়ে৷ তাইৰ বেয়া লাগে! তাৰ বাহিৰে কোনো পুৰুষে তাইক সিমান গুৰুত্ব দিয়া নাছিল আজিলৈকে৷ আজি তাইক দেখাৰ লগে লগে দোকানৰ বাহিৰত ৰৈ থকা ’সি’ ভিতৰলৈ সোমাই গ’ল৷ অকল আজিয়েই নহয়, কেইবাদিনো তাই কথাটো মন কৰিছে৷ তাই বুজে কাৰণটো৷ তাইৰ মুখৰ দাগবোৰ বাঢ়ি গ’ল যে! তাই যে সেই নতুনকৈ বিয়া হ’বলগীয়া গাঁৱৰ কইনাজনীক বাক চাতুৰ্যৰে তাই কাম কৰা প্ৰসাধন কোম্পানীটোৰ বস্তু কিনাইছিল, তাইৰে শাও লাগিল কিজানি!

আগতে প্ৰসাধন নকৰিছিল তাই৷ কিয় জানো ভাবিছিল, প্ৰসাধন কেৱল বগা, নাকজোঙা ছোৱালীবোৰৰ বাবেহে! নতুনকৈ সোমোৱা চাকৰিটো কৰিহে বুজি পালে, প্ৰসাধন মানুহৰ খুঁতবোৰ ঢাকিবলৈহে৷ কথাটো ভাৱি তাইৰ হাঁহি উঠিল৷ আজিকালি কেৱল মুখতে নহয়, তাইৰ কথাটো প্ৰসাধন থাকে যে! প্ৰশংসাৰ প্ৰসাধন, মেম..এইটো কালাৰে আপোনাক খুউব ধুনীয়া লাগিছে…!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments