একশবিশ (মনোজ মন কলিতা)

একশবিশ

উশাহ হৈ তুমি বৈ পৰিছা হৃদয়ৰ ফেৰঙণিত,
প্ৰেমৰ নামত খহাই পেলাওঁ গাঁঠিৰ ধন,
মনত আশা, আকৌ এবাৰ ৰঙীন কৰি পেলোৱা মোক|
হৃদয় ৰঙৰ তুমি যেতিয়া আত্মসমৰ্পণ কৰা মোৰ হাতৰ মুঠিত,
তেজৰ চেঁকুৰা চকুত লৈ চাই ৰওঁ তোমাক|
ঐ, শুনানা …..
চুমা এটাকে আঁকি দিয়াচোন,
অন্ততঃ শেষ আলিংগন এটা|
পাৰ হৈ যোৱা প্ৰতিখন বিজ্ঞাপনত বিচাৰোঁ তোমাৰ ঠিকনা
আস্, এসোঁতা চকুলো বৈ আহে,
তুমি আঁতৰি যাবাহেনোঁ !
মোৰ পৰা, মোৰ বুকুৰ মাজত এটুকুৰা শূন্যতা এৰি থৈ !
সেয়ে আজি অন্ধকাৰ গলি এটাত ৰৈ সুধিলোঁ তোমাৰ খবৰ,
“একশবিশ, বিনা কাঁথৰ হ’ব নেকি?”

**** সকলো “পাণ” প্ৰেমীৰনামত উৎসৰ্গিত ***** 🙂

(মনোজমনকলিতা, [email protected], ১১/০৭/১১)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments