একাকী কথকতা – যামিনী গগৈ

সকলো থাকিও নিঃসংগ তেওঁ। এই নিঃসংগতা বিৰাজ দুৱৰাৰ একান্ত আৰ্জিত। একাকিত্বকেই তেওঁ চিৰসংগী কৰি লৈছিল। বিৰাজ দুৱৰাই ঘৰৰ বহল বাৰাণ্ডাত বহি মনৰ চকুৰেই যেন চাই পঠিয়াইছে নিজৰ একাকী চৌপাশ!
তেওঁৰ চৌকাষে এখন জীপাল গাওঁ। প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক সম্ভাৰেৰে সম্পূৰ্ণ এখন সেউজীয়া গাওঁ। গাওঁখনত থাকিবলগীয়া সকলো আছে। আহাৰ-শাওণৰ সেউজ দলিচা, আঘোণৰ সোণোৱালী ধাননি, মাঘৰ উদং পথাৰত উদঙীয়া গৰুৰ হেম্বেলনি, ছাগলীৰ বেবনি, বাৰীয়ে বাৰীয়ে ফল-বন, তামোল, তামোলৰ গা-গছত জালুক-পাণ আৰু ঠোকবোৰত তামোলৰ লগতে সমানে উলমি কেৰ্কেটুৱাৰ সুখী পৰিয়াল, পুখুৰীত জীৰণীয়া দেশী-বিদেশী মাছ, পথাৰৰ মাজৰ বাঁহতলীয়া ডোংবোৰত যাযাবৰী বনৰীয়া মাছৰ ঋতুজনিত শিৱিৰ, ভঁৰালবোৰৰ মূধচত পাৰৰ ৰুণ, চোতালত ফেৰেকা খোজেৰে হাঁহৰ মিছিল। এইবোৰ গাওঁখনত এতিয়াও আছে।

কিন্তু, জাৰৰ দিনৰ বাঁহৰ মূঢ়াৰ জুইৰ চাৰিওকাষে মানুহবোৰ আৰু জুইৰ উত্তাপত ৰঙাপৰা মুখবোৰ হেৰাই গ’ল। জহৰ দিনৰ পদূলি মূৰৰ গা শাঁত পেলোৱা বিচনীৰ বা আৰু সুখ-দুখৰ হা-হুমুনিয়াহবোৰ নাইকিয়া হৈ গ’ল।
বাঁহ, বাঁহনি, বাঁহৰ মূঢ়া, পদূলিবোৰ আৰু মানুহবোৰ এতিয়াও আছে। কিন্তু সেই সময়বোৰ হেৰাই গ’ল।
আৰু বহুত বস্তু এসময়ত আছিল, যিবোৰ এতিয়া প্ৰায় হেৰাই গ’ল…লাহে লাহে, সন্তৰ্পণে, কোনেও গম নোপোৱাকৈ। খিটিক-খিটিক তাঁতশালৰ শব্দবোৰ; আখলৰ জুইকুৰা জীয়াই তোলা ফু-চুঙাৰ শব্দ; ঢেঁকীশালৰ চুবুক-চুবুক শব্দৰ সৈতে ঘৰৰ জীয়াৰী-বোৱাৰীৰ হাঁহিৰ খলকনি; জেঠৰ জিলিৰ কৰ্কশ উদাস সংগীত; নৈপৰীয়া নিজানৰ পৰা ভাঁহি অহা গৰখীয়া বাঁহীৰ সকৰুণ বিননি.. যি চেলেকিথৈ যায় কলিজাৰ আলসুৱা চুকটো; গধূলি গো-ধূলিৰ লেটিলৈ খেলি থকা ল’ৰাটোক মাকে চিঞৰি মতা ৰিংটো; আঘোণৰ পথাৰত কুক্-ভা খেলা শিয়ালৰ ৰাওঁচি …এইবোৰৰ লগতে আৰু বহুত কিবাকিবিয়েই হেৰাই গ’ল।

নতুনত্বৰ ভিতৰত মূৰৰ ওপৰত দুডলীয়া বিজুলী তাঁৰৰ কপালী পিন্ধি গাওঁখনৰ সেওঁতা হৈ বৈ গৈছে শিলগুটিহীন নিমজ পকী আলিটো। আলিটোৰ বুকুৱেদি সশব্দে গাওঁখনৰ সৌষ্ঠৱ ঘোষণা কৰি নিৰন্তৰ পাৰ হৈ গৈ আছে ভিন্ন মডেলৰ গাড়ীৰ সমদল। এসময়ৰ ঘৰতে আৱদ্ধ মানুহবোৰে দিছে বিশ্বমুখী দৌৰ। ৰ’বলৈ যেন কাৰোৱেই সময় নাই, চাবলৈ যেন কাৰো অৱকাশেই নাই। তথাপি গাওঁখনে থকা-নথকা এই সকলোবোৰৰ সৈতে সলনিৰ লগত খোজ মিলাই ৰং-ৰূপ সলাই হ’লেও গাওঁ এখনৰ স্বকীয়তা বজাই ৰাখি গাওঁহৈ থকাৰ কছৰৎ কৰি আছে। এই থকা-নথকা পোৱা নোপোৱাবোৰৰ হিচাপ কৰি গাওঁখনৰ মাজতে থকা গাঁৱৰ মধ্যমণি প্ৰকাণ্ড ঘৰখনৰ প্ৰকাণ্ড চোতালখন আগত লৈ বাৰাণ্ডাতে বহি আছে এসময়ৰ প্ৰবল প্ৰতাপী আৰু এই সময়ৰ অতিকৈ নিঃকিন আৰু একাকী মানুহজন- বিৰাজ দুৱৰা।

বাৰাণ্ডাতে বহি ভাৱৰ সাগৰত কেলি কৰি থকা বিৰাজ দুৱৰাৰ ভৰিত সামান্য জলীয় গৰম বতাহ লগাত উচপ্ খাই উঠিল তেওঁ।
: হেই, চেই…চেই!
এজনী ঢেঁকুৰা কুকুৰ তেওঁৰ চিঞৰত চক্ খাই ভৰিৰ ওচৰৰ পৰা চোতালখন শুঁঙি শুঁঙি অলপ আঁতৰি গ’ল। বিৰাজ দুৱৰাৰ অজানিতেই হুমুনিয়াহ এটা সৰি পৰিল। আগতে, এসময়ত মানুহেৰে পৰিবেষ্টিত প্ৰতাপশালী মানুহজনৰ সন্মুখলৈ মানুহ আহিবলৈকে ভয় কৰিছিল; এসময়ত মানুহৰ সান্নিধ্যত তেওঁ অতিষ্ঠ হৈছিল। আৰু এতিয়া! নিজৰ খেয়াল-খুছিৰে মানুহবোৰৰ পৰা যে আঁতৰ হ’লেই, বাটৰ ঢেঁকুৰা কুকুৰেও তেওঁক ভয় নকৰা হ’ল।

এয়া তেওঁৰ সন্মুখত ফোপাই-ফোপাই বহি আছে খেদা খোৱা কুকুৰজনী। তাইৰ চেহেৰা দেখিয়েই তেওঁ গম পাইছে, পোৱাতি কুকুৰ।
আকৌ এটা হুমুনিয়াহ সৰিল তেওঁৰ বুকুৰ গভীৰৰ পৰা। কুকুৰজনী তাৰ মানে তেওঁতকৈও সুখী। তাইৰ পোৱালিকেইটাৰ ওচৰত অন্ততঃ তাইৰ আদৰ আছে, প্ৰয়োজন আছে। কিন্তু বিৰাজ দুৱৰা এতিয়াৰ সাময়িক প্ৰেক্ষাপটত এক অপ্ৰয়োজনীয় চৰিত্ৰ- ঘৰতেই হওক বা সমাজতেই হওক। কিবা মনত পৰাৰ দৰে হঠাৎ কুকুৰজনী উঠি কুকুৰ লৰ দি গুচি গ’ল। হয়তো তাইৰ হেঁপাহৰ পোনাকেইটালৈ মনত পৰিল। এৰা! …হেঁপাহ– বিৰাজ দুৱৰাই চিন্তা কৰিলে তেওঁৰ কিহলৈ হেঁপাহ!

নৈপৰীয়া নিজান ভাল পাই তেওঁ। শৈশৱ, কৈশোৰ আৰু যৌৱনৰ ভাল লগা মুহূৰ্ত কিছুমান জীপ লৈ আছে গাঁৱৰ কাষেৰে বৈ যোৱা সৰু নৈখনৰ পলসুৱা পাৰত। ডেকা কালটোৰ মাজৰ দায়িত্বশীল সময়বোৰৰ হেঁচাত বহু ভালপোৱা -নোপোৱা একাকাৰ হৈ পৰিল। এতিয়া আজৰি দিনবোৰত ভালপোৱাখিনি আকৌ এবাৰ চুই চাব খুজি তেওঁ বুজি পাইছে যে সেইবোৰ তেওঁ ঘূৰাই পাব নোৱাৰাকৈয়ে আঁতৰি গৈছে তেওঁৰ কাষৰ পৰা, যেন প্ৰচণ্ড অভিমান কৰি। যেনেকৈ এদিন তেওঁ নিজে আঁতৰি ফুৰিছিল সেই ভালপোৱাখিনিৰ পৰা….কাম, ব্যস্ততা আৰু অভাৱী সময়ৰ অজুহাতত!
তেওঁৰ এই নিস্পৃহতাৰ আচিলা লৈয়ে এদিন কোনো আগজাননী নিদিয়াকৈ তেওঁৰ জীৱনৰ পৰা জীয়া বতাহজাকো ধোঁৱা আৰু ছাই হৈ পঞ্চভূতত মিলি গৈছিল। আৰু সেইদিনটোৰ পাচৰ পৰাই তেওঁ চাবলৈ লৈছিল তেওঁৰ চৌপাশ! হিচাপ কৰিবলৈ লৈছিল, তেওঁৰ জীৱনৰ পৰা কিমান কি ইতিমধ্যে হেৰাই গৈছে! আচলতে তেওঁৰ ভালপোৱাখিনি এডাল মিহি এঁৱাসূতাই ধৰি ৰাখিছিল বৰ সন্তৰ্পণে। আৰু সেই মিহি এঁৱাসূতাডাল আছিল ইতিমধ্যে ছাই হৈ মাটিত মিলি যোৱা তেওঁৰ অৰ্ধাংগিনী তৰু। বিৰাজ দুৱৰাই বেয়াপোৱাখিনি এখন হাতেৰে আঁৰ কৰি আনখন হাতেৰে তেওঁৰ ভালপোৱাখিনি যোগাই আহিছিল সদায়। আনকি তেওঁৰ নিৰ্লিপ্ততাত তেওঁৰ পৰা আঁতৰি যোৱা ল’ৰা-ছোৱালী হালৰো যোগসূত্ৰ যে তৰুৱেই আছিল।
এতিয়া তৰু হঠাৎ নাইকিয়া হৈ যোৱাত যেন ভাললগাখিনিৰ সৈতে সেই যোগসূত্ৰও হেৰাই গ’ল আৰু ইমান দিনে তৰুৱে তেওঁৰ পৰা আঁৰ-বেৰ দি থোৱা বেয়ালগাখিনি পৰ্বত প্ৰমাণহৈ তেওঁৰ আগত ধৰা দিলে।

এসময়ত নিজৰ জীৱনৰ পৰা একাকী আৰু একান্ত নিজৰ সময় অলপ আঁজুৰি আনোতে আনোতে এতিয়া বিৰাজ বৰুৱাৰ চৌপাশে কেৱল মাথোঁ একাকিত্ব।
বিৰাজ দুৱৰাই এবাৰ তেওঁৰ চৌপাশ আকৌ নিৰীক্ষণ কৰিলে। সকলো থাকিও তেওঁৰ কোনো নাই। ঘৰখনৰ চাৰিওফালে পো-বোৱাৰী-নাতি, তিনি-চাৰিটাকৈ কাম কৰা মানুহেৰে গিজগিজাই থকাৰ পাচতো বিৰাজ দুৱৰাৰ ওচৰত বহি কথা এষাৰ পতা মানুহৰ অভাৱ। পুতেক-বোৱাৰীয়েক ঘৰ-সংসাৰ চলোৱাত ব্যস্ত। এই সংসাৰখন যে বিৰাজ দুৱৰাৰেই সৃষ্টি অথচ ইয়াতো এতিয়া তেওঁৰ কোনো প্ৰয়োজন নাই। নাতিকেইটাইও তেওঁক কেতিয়াও কোনো কাৰণতে নিবিচাৰে। আচলতে দুৱৰাই নিজেই আঁৰি দিছিল এক দুৰ্লংঘ্য প্ৰাচীৰ। কিন্তু সিহঁতেই আইতাকৰ কোলাই-বোকোচাই ওলমি ফুৰা দেখি আহিছে দুৱৰাই। হঠৎ দুৱৰাৰ মৰি ছাই হোৱা নিজৰ মানুহজনীলৈ ভীষণ ঈৰ্ষা হ’ল। তেওঁৰ ঠাইত ৰৈ এবাৰ জীৱনৰ কোলাহল উপভোগ কৰিবলৈ মন গ’ল দুৱৰাৰ।

কিন্তু সহজ জানো! এবাৰ একাকী কোঠালিত নিজকে তলাবন্ধ কৰাৰ পাচত জীৱনৰ কোলাহললৈ ওলাই যোৱা জানো ইমান সহজ! -বিৰাজ দুৱৰাই মনতে গুমৰি উঠা এই প্ৰশ্নৰ উত্তৰ বিচাৰি আকাশলৈ মূৰ তুলি চালে, যেন তেওঁৰ প্ৰিয়তমা তৰুকহে সুধিলে কথাষাৰ।
নীলাকাশত এখনি বেঙুণৰঙী চিলা!
দুৱৰাৰ মনটো চিলাখনৰ দৰেই নিজৰ ওচৰতে বাগি দি নাচি উঠিল। ঘপহকৈ চকীৰ পৰা উঠি তেওঁ ভিতৰ পালেগৈ। হাততে পোৱা খবৰকাগজখন আৰু কটাৰি এখন লৈ তেওঁ ওলাই আহিল। তাৰপাচত বাৰীলৈ গৈ হাতত বাঁহৰ লেকেচি আৰু বেল এটাও আনিলেগৈ।
অলপ আগত কুকুৰজনীয়ে শুঙি থৈ যোৱা পকাখনতে লেপেতা কাঢ়ি বহি ল’লে তেওঁ। বোৱাৰীয়েক ৰীমা আৰু কামকৰা মানুহবোৰ “হেই..হেই” কৈ দৌৰি আহিল।
দুৱৰাই সিহঁতলৈ চাই হাঁহি ক’লে,
: বহুত দিনৰ মূৰত মোৰ ভাল লগা কাম এটা কৰিবলৈ লৈছো। মোৰ ভাললগা ধৰণেই কৰিবলৈ দে’চোন।
আপোনমনে জোখত বাঁহ চুঁচি থকা অকলশৰীয়া ককাকৰ ওচৰলৈ কৌতূহলেৰে নাতি দুটাও আগবাঢ়ি আহিল,
: এইবোৰেৰে কি কৰিব ককা? -চুচুক-চামাককৈ এটাই সুধিলে।
: চিলা এখন সাজিম! -দুৱৰাইও বৰ গৰ্বেৰে ক’লে।
: চিলা? আকাশত উৰে যে! ….আমাৰখনো উৰিবনে?
: উৰিব উৰিব। মই বনোৱা চিলা আজিলৈকে নুৰাকৈ থকা নাই। -আত্মসন্তুষ্টিৰে হাঁহি উঠিল তেওঁ।
তাৰ পাচত চিলা বনোৱাত ককাকক দুই নাতিয়ে পূৰ্ণ সহযোগ কৰিলে। ৰীমাই আঁতৰৰ পৰাই সুখী হৈ চাই ৰ’ল।
ৰীমালৈ চাই দুৱৰাই চিঞৰিলে,
: ৰীমা, মাৰাৰ তাঁতশালৰ ববিন এটা লৈ আঁহাচোন।
-শহুৰ দেউতাকৰ এই পৰিৱৰ্তনত ৰীমাও আচৰিত হৈছিল। সদায় দূৰত্ব বজাই ৰখা মানুহজনে যে আজি তাইক জীয়েকক মতাদি মাতিছে! তায়ো উৎসাহেৰে ববিনৰ যোগাৰ দিলে।
ইতিমধ্যে সম্পূৰ্ণ হৈ উঠা চিলাখনলৈ চাই চাই সৰুটো ল’ৰা ককাকৰ ডিঙিত ওলমিছেগৈ। দুৱৰাৰো তেওঁৰ পত্নীৰ প্ৰতি ঈৰ্ষাটো যেন কমি আহিছে! তেওঁ পুনৰ আকাশলৈ মূৰ তুলি চালে। আবেলিৰ হেলনীয়া বেলিটোৰ ফালে কোলাহল কৰি আগবাঢ়িছে এজাক নীড়মুখী চৰাই।
বিৰাজ দুৱৰাইও বুকুৰ ভিতৰত শুনিবলৈ পাইছে এক জীৱনমুখী কোলাহল।
: ককা, এইখন কেতিয়া উৰিব?
: কাইলৈ। আঠা শুকালেই উৰাব পাৰিবি।
: আমি উৰাব নাজানো নহয় ককা। আপুনি নাথাকিলে কেনেকৈ উৰিব! আপুনি থাকিব লাগিব ককা। থাকিবনে আপুনি?
-বিৰাজ দুৱৰাৰ ওঁঠৰ কোণেৰে হাঁহি এটা বাগৰি গ’ল,
ঘৰখনত যেন তেওঁৰ আদৰ এতিয়াও একেই আছে।
এৰা! বহুত কিছু সলনি হ’লেও বহুত একে হৈয়ে আছে। আকাশখন একে হৈ আছে। চিলা এখনক জীৱন দিয়া বতাহচাটি একে হৈ আছে আৰু….আৰু মনত নিভৃতত দুৱৰাৰ চিলা সজা মনটোও একে হৈ আছে! ইয়াতকৈ আৰু কি লাগে জীৱনক!
বহুত দিনৰ মূৰত একাকী বিৰাজ দুৱৰাক যেন জীৱনমুখী কোলাহল এখিনিয়ে বৰ মোহ লগাকৈ চুই গ’ল।
তেওঁলৈ আশাৰে চাই ৰোৱা নাতিয়েকৰ মূৰৰ ওপৰত হাতখন থৈ বিৰাজ দুৱৰাই সন্মতিৰে মূৰ দুপিয়ালে। বিৰাজ দুৱৰাৰ মূৰৰ ওপৰৰ আকাশখনে তেতিয়া খবৰ কাগজৰ চিলা এখন বুকুত সাৱটিবলৈ অধীৰ আগ্ৰহেৰে বাট চাই আছিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক