একাদশ খণ্ড: আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি- পৰী পাৰবিন

একাদশ খণ্ড:
আম্ৰপালী: বৰ্ণিল দস্তাবেজৰ স্বৰ্ণীল লিপি- পৰী পাৰবিন

বতাহত চন্দনৰ গোন্ধ৷
স্নান-সৰোবৰৰ পাৰত জাকৰুৱা গাভৰুৰ খিলখিল হাঁহি৷ গাভৰুহঁতে হিংগুল আৰু ছালকুঁৱৰীৰ মিশ্ৰণ
পিহিছে, ডাঙৰ চৌবাচ্চা ভৰাই দিছে গো-দুগ্ধৰে৷ দেহাৰ ভাঁজে ভাঁজে শীতল পানী চটিয়াই সখী প্ৰভাই মোৰ ত্বকৰ পৰিচৰ্যা কৰিছে৷

সেয়া সূৰুযে ফেঁহুজালি দিয়াৰ পৰৰে কথা৷ পিতাই পাটি এৰি ওলাই গৈছিল ততাতৈয়াকৈ৷ বিয়াৰ প্ৰস্তুতি চলি আছে পূৰ্ণোদ্যমে৷ সখীহঁতে ওৰেটো ৰাতি নৃত্য-গানেৰে প্ৰাক-বৈবাহিক উৎসৱ উদযাপন কৰিলে৷

মোৰ জীয়ৰী দিনৰ শেষৰটো স্নান এয়া৷ কাজেই বুকুৰ কম্পন নিজেই শুনিছোঁ৷ পুষ্পকৰ দৰা ৰূপটো কল্পনা কৰি লাজত মূচকচ গৈছোঁ৷ সখীহঁতৰ ইংগিতবোৰ বুজি উঠি সিহঁতক চকু পকাই ধৰিছোঁ৷

আজি মোৰ বিশেষ দিন৷ বৰ সহজতেই মই মোৰ প্ৰেমাস্পদক জীৱন-সংগী ৰূপে পাবলৈ ওলাইছোঁ৷ কতদিন ধৰি অনিশ্চয়তাত ওলমি থকা সিদ্ধান্তটোক পিতায়ে চূড়ান্ত ৰূপ দিবলৈ ঠিক কৰিছে৷ বৰ সৌভাগ্যৱতী মই৷ মোৰ দৰে মৰম-আকলুৱা কন্যাই যে পুষ্পকৰ দৰে মৰমীয়াল স্বামীৰ আকাশখনতেই সুখ বিচাৰি পাম, সেয়া পিতায়ে নিশ্চয়কৈ বুজি উঠিছে৷ আৰু বেচেৰা পুষ্পক! কত চিন্তা, কত শংকাৰে পাৰ হৈছিল আমাৰ প্ৰেমৰ প্ৰতিটো দিন, এই যেন প্ৰেমভৰা ক্ষণবোৰ মুহূৰ্ততে সুলকি পৰিব, যেন তাৰ আগেৰেই কোনোবা নৃপতিৰ অৰ্ধাংগিনী হৈ গুচি যাম মই৷ তাৰ তেনে শংকা আঁতৰাই অৱশেষত পিতায়ে নিজেই মোৰ পাণিগ্ৰহণৰ বাবে তাৰ ওচৰত প্ৰস্তাৱ ৰাখিলে৷ বিবাহৰ এই আকস্মিক আয়োজনত সি চাগৈ বাৰুকৈয়ে তত হেৰুৱাইছে৷

কেৱল সিয়েইনে? মই? মই তত হেৰুওৱা নাইনে? সুখৰ ভৰ সহিব নোৱাৰি নিদ্ৰাহীনতাত পাৰ হ’ল ওৰেটো ৰাতি৷ চকুৰ গুৰি ক’লা পৰিল, কেশৰাজি কুঞ্চিত হ’ল৷ প্ৰভাই মোৰ চুলিত দৈৰ প্ৰলেপ সানিছে, চকুত শীতল ফলৰ প্ৰলেপ৷

প্ৰত্যেকজনী ছোৱালীয়ে এই দিনটোলৈকে নিজক সজাই পৰাই ৰাখে৷ আজি মোৰ হেঁপাহৰ দিন৷ আজি মোৰ নাৰী জীৱনে পূৰ্ণতা পোৱাৰ দিন৷ সৰোবৰত নামি গৈছোঁ ধীৰে ধীৰে৷ চন্দনৰ গোন্ধ উজাই চাইছোঁ৷

জীৱনৰ ইমানবোৰ ৰং! ইমান সুগন্ধ!

“দেৱী পালী, কিমান আৰু সৰোবৰত সোমাই থাকিবি?”, একপ্ৰকাৰ টানি আনিলে সখী প্ৰভাই৷ চুলি মেলি আমপাতৰ ৰস ঢালিলে৷ গাত সানি দিছে চন্দন-হিংগুলচূৰ্ণৰ লেপন ৷ দুগ্ধ ঢালি দিছে ঘটিয়ে ঘটিয়ে৷

“আসঃ দুগ্ধৰ গোন্ধ মোৰ ভাল নালাগে৷”

অহেতুক ঠেহ পাতিছোঁ মই৷ দুগ্ধস্নানত যে ত্বক উজ্জ্বল হয় সেয়া মোৰ অজানা নহয়৷

শেষত চটিয়াই দিছে গোলাপৰ পাহি মিহলি গংগাৰ পানী, ৰক্তবৰ্ণা, যেন কলিজাৰ তেজ মিহলি৷

কাক দুজনী কা কা কৈ আম্ৰবৃক্ষৰ ডালত বহিলহি৷ খিলখিলাই উঠিছে সখীগণে, “এয়া কাক নহয়, দৰা পুষ্পকৰ ছদ্মবেশ৷“

অনামী শীতল অনুভূতি এটাই মূৰৰ পৰা ভৰিলৈ বৈ গৈছে৷ পিতাইৰ কাষৰ পৰা চিৰদিনৰ বাবে আঁতৰি যাম আন এক ঘৰলৈ৷ এয়াই নাৰী জীৱন৷ সুখৰ মাজতো দুখৰ অনুভূতি এটা বুকুত হেঁচি ঠেলি বহি ল’লে৷ পিতাইক কোনে আহাৰ প্ৰস্তুত কৰি দিব? কাৰ মুখলৈ চাই পিতাইৰ ৰাতি পুৱাব?

বক্ষ ভেদি হুমুনিয়াহ নিগৰি আহিল৷ পিতাই ক’ত? কিয় ইমানদেৰি পিতাই অহা নাই মোৰ ওচৰলৈ৷
সখী প্ৰভাৰ হাতত মোৰ অশ্ৰু এটোপাল সৰি পৰিল৷

“বাউলী কন্যা”, সখীহঁতে আকৌ হাঁহিছে৷

মুখ ঢাকি বহি আছোঁ মই৷ পিতাইৰ ওপৰত অভিমান হৈছে৷ এবাৰ আহি পিতায়ে মোৰ কইনাসজ্জাত চকু ফুৰাই যোৱা নাই৷ এবাৰলৈ আহি মোৰ খবৰ লোৱা নাই৷

কেঁচা সোণৰ দৰে জিলিকিছে মোৰ দেহৰ বৰণ৷ স্তনপট্টৰ ওপৰত মাখনৰঙী উত্তৰীয়ৰে কাচোন কৰি কেশবিন্যাসত হাত দিছে সখীয়ে৷ কাণত হস্তীদন্তৰ কুন্তল, ভৰিত ৰূপালী নেপূৰ৷

“বিবাহৰ লগন কেতিয়া আছিল?”, সখীহঁতে ইজনীয়ে সিজনীক সুধিছে৷ উচপিচাইছে সিহঁতে৷ আহ্নিকত ভৰি দিছে বেলিয়ে৷

কি হৈছে? কি হৈছে? অন্তৰাত্মা এইবাৰ মোৰ কঁপি উঠিছে৷ প্ৰভাক খামুচি ধৰিছোঁ, পিতাইক লাগে মোক৷ মোক কেৱল পিতাইক লাগে৷

“পিতাই ক’ত আছে প্ৰভা?”

আহিছে পিতাই, কোনোবা এজনীয়ে খবৰ দিছে৷ মলিন বদন, ৰুক্ষ চুলি, শেঁতাপৰা দুনয়ন৷ এনে হোৱাৰতো কথা নাছিল৷ বুকুখনত অনামী ভয় এটা কুৰুকি সোমাই আহিছে৷

“কি হৈছে পিতাই? কিবা চিন্তাৰ কাৰণ?”, মই পিতাইৰ গাত জোকাৰি সুধি আছোঁ৷ পিতাইৰ ভ্ৰূক্ষেপ নাই৷

মজিয়াত বহি হুকহুককৈ কান্দি পেলাইছে তেওঁ, “আই পালী, তই মোক ক্ষমা কৰিবিনে?”

পিতায়ে কান্দিছে কিয়? কিয় ক্ষমা বিচাৰিছে পিতায়ে? অশ্ৰু বাগৰি আহিছে মোৰ৷ দীৰ্ঘদেহী পিতাৰ
এই দুৰ্বল ৰূপ মোৰ পৰিচিত নহয়৷

“পিতাই পিতাই?”, ইমানদেৰী চেপি ৰখা মোৰ চকুপানীখিনি বুকু ভাঙি ওলাই আহিল৷ পিতাইক সাৱটি উচ্চস্বৰত কান্দি উঠিলো মই৷ সখীহঁতে সেমেকা চকুৰে চাই আছে আমালৈ৷ বিচ্ছেদৰ সময়ত এনে আবেগ স্বাভাৱিক বুলি ভাবি লৈছে সিহঁতে৷ মই লোৱা নাই স্বাভাৱিক ধৰণেৰে৷ মই জানি গৈছোঁ পিতাইৰ এই আচৰণ স্বাভাৱিক আচৰণ নহয়৷ ৰজাৰ ঘৰৰ পৰা আকৌ চমন আহিছে নেকি? কোনে উত্তৰ দিব মোক৷ পিতাইৰ বুকুত সোমাই লৈছো মই৷ পিতাইৰ চকুপানীত মোৰ কপালৰ সেন্দূৰখিনি বৈ আহিছে তললৈ৷ মুক্তাখচিত উত্তৰীয়খনি চকুপানীৰে ভিজি গৈছে৷
“আই, এনে খবৰ দিয়াৰ আগতে ভগৱানে মোক শেষ কৰি দিয়া হ’লে৷”

“কি হৈছে নকৱ কিয় পিতাই?”, ধৈৰ্যৰ বান্ধ ছিগি গৈছে মোৰ৷

“পুষ্পক আৰু নাই আই৷“, আকৌ কান্দোনত ভাগি পৰিছে পিতাই৷

কি কৈছে পিতায়ে? পুষ্পক নাই? ক’লৈ গ’ল পুষ্পক?

ডাঁৱৰৰ ক’লা ছা এখিনিয়ে আৱৰি লৈছে মোৰ মুখমণ্ডল৷ সখী প্ৰভাই পিতাইক তুলি ধৰিছিল৷ মই মৌন হৈ চাই ৰৈছিলোঁ, শান্ত হৈ পৰিলোঁ একেবাৰে৷ চকুপানীখিনি শুকাই গ’ল৷ নতুনকৈ কান্দিবলৈ পাহৰি গ’লোঁ৷

কি কয় পিতায়ে? মোক এটা খবৰ নিদিয়াকৈ গুচি গ’ল পুষ্পক৷ ক’লৈ গ’ল? কিয় বা গ’ল?

পিছফালৰ দুৱাৰমুখত ৰৈ পথাৰৰ সিপাৰৰ ঘৰটোলৈ চাই থাকিলোঁ৷ কত ৰাতি এই পথাৰেৰে দৌৰি দৌৰি পুষ্পকৰ ওচৰ পাইছিলোঁগৈ, এতিয়া পুষ্পকৰ খবৰ ল’ব নোৱৰাকৈ হাত ভৰি বন্ধা মোৰ৷
এই যেন দৌৰি দৌৰি ওলাই যাম পুষ্পকৰ ঘৰলৈ বুলি, তাৰ কাণত ধৰি জোৰকৈ বিবাহৰ সাজ পিন্ধাম আৰু পুৰোহিতৰ ওচৰত মন্ত্ৰোচাৰণ কৰি অগ্নিৰ ওচৰত সাতজনমৰ কাৰণে শপত ল’ম৷

“পিতায়ে মিছা কৈছে নহয়নে প্ৰভা? পিতাইক ৰজাই এগাল মোহৰ দিলে নে কি?”

প্ৰভাই মোৰ মূৰটো তাইৰ বুকুত সুমুৱাই লৈছে৷ মূৰটো পিহি আছে মৰমেৰে, “পুষ্পকৰ মৃত্যু হৈছে পালী৷ অন্তত এটোপাল চকুপানী উলিয়াই দে পালী, পুষ্পকৰ আত্মাই শান্তি পাব৷”

“মৃত্যু! শুভ লগনত এনে শব্দ কিয় উচ্চাৰণ কৰ প্ৰভা?”

“হয় পালী৷ মই মিছা কোৱা নাই৷ ৰজাৰ ঘৰৰ পৰা খবৰ আহিছে৷“
“উস! এই ক্ষণত এনে ধেমালি নকৰিলে নহয়নে?”

“ধেমালী নহয় পালী৷ তই এই সত্যক মানি ল’ব লাগিব৷”, কপালৰ সেন্দূৰখিনি মচি দিছে তাই৷

“কি কৰিছ প্ৰভা? মোৰ দেহত হাত নলগাবি তই৷“ মই তাইৰ হাতখন আচাৰি দিলোঁ৷

“পুষ্পক দেশদ্ৰোহী আছিল৷ ৰজাৰ ঘোষকে ঘোষণা কৰিছে৷“

“দেশদ্ৰোহী! কি কথা কৈছ প্ৰভা? পুষ্পকৰ বিষয়ে তই মোতকৈ বেছি জ্ঞাত নে কি?”

“আৰু পুষ্পকৰ মৃত্যুৰ কাৰণ সেইটোৱেই৷ দেশদ্ৰোহিতা৷”

আস! এই কথা শুনাৰ আগতে মোৰ কৰ্ণ বিদাৰিত নহ’ল কিয়? পুষ্পকৰ মৃত্যুকেই বিশ্বাস নকৰোঁ মই, পুষ্পকৰ দেশদ্ৰোহিতা কিদৰে বিশ্বাস কৰিম? চকুৰ নিমিষ হেৰাই গৈছে মোৰ, কি সত্য, কি অসত্য সেই কথাৰ জ্ঞান নাই এতিয়া৷

“পুষ্পকৰ মৃত্যুক স্বীকাৰ কৰি ল’বই লাগিব পালী৷ পুষ্পকৰ চিতা সাজু হোৱাৰ খবৰ আহিছে৷“

আন এজনী সখী আহি খবৰ দিছে মোক৷ পুষ্পকৰ চিতা! উচপ খাই উঠিছোঁ মই৷ দুখ অনুভৱ কৰা নাই যেন, অশ্ৰু নিগৰা নাই মোৰ৷

“কি কৈ আছ সখী? পুষ্পকৰ কিদৰে মৃত্যু হ’ব? মৃত্যুতো মোৰ হ’ল৷ এইয়া চা মোৰ চকুত পানী নাই, বক্ষত দুখ নাই, চিকুটি চা মোক, দুখ নাপাওঁঁ মই৷“

উচুপি উঠিছে প্ৰভা৷ ঘৰত মানুহৰ জুম বান্ধিছে৷ মই পিৰালিত আউজি বহি ৰৈছোঁ৷ চকু মুদি আছোঁ৷ ইয়াৰ পিছত কি কৰণীয় আছিল সেয়া মই পাহৰি গৈছোঁ৷

এনে সময়তে অন্য এক খবৰ আহি দুৱাৰ টুকুৰিয়ালে৷ ৰজাৰ পত্ৰবাহক আহি মোক বিচাৰিলে, তাৰ পিছত মোৰ হাতত পত্ৰ এখন তুলি দিলে৷ কি আছিল সেই পত্ৰখনত?

পিতায়ে মোৰ হাতৰ পৰা পত্ৰখন কাঢ়ি লৈ পঢ়িবলৈ ধৰিলে৷ সাধাৰণ পত্ৰ নহয়, বৈশালীৰাজৰ এক আজ্ঞাপত্ৰহে এইখন, য’ত লিখা আছিল, নগৰগণিকা পদৰ বাবে মোক মনোনীত কৰা হৈছে৷ গতিকে
অনতিপলমে ৰাজসভালৈ সাজু হ’ব লাগে৷

পত্ৰবাহক গ’ল৷ ৰজাৰ বাগী আহিল৷ আকৌ দুৱাৰত টক টক৷ সখী প্ৰভাই মোৰ মুখলৈ চাইছে৷ পিতায়ে কৈছে, “এইফালেৰে গৈ মগধ ৰাজ্য পাবগৈ পাৰি৷ ভেশ সলা পালী৷ এই দেশৰ পৰা পলাই যাওঁ৷”

“কোনফালেৰে পলাবি পিতাই? ৰজাৰ সেনা আহি আহি ঘৰ বেৰি লৈছে৷”

“দেৱী আম্ৰপালীৰ জয় হওক৷”

গিৰিপ গাৰাপ খোজেৰে আহি পদাতিকবাহিনী মোৰ ঘৰৰ পদূলিত উপস্থিত হৈছে৷ খট্ খট্ খোজেৰে আহি ঘোঁৰাবাগীকেইখন সাজু হৈছে৷

এটুপি চকুলো উলিয়াবলৈ সময় নাছিল মোৰ৷ ৰজাই মোক লৈ নিৰ্বাচন পাতিছে৷ ৰজাৰ হাউলীত মেলা বহিছে৷ ৰজাৰ দাসী আহি মোৰ কেশ সজাইছে৷

পিতাই ভাগি পৰিছে৷ মই পিতাইৰ কান্ধত হাত থৈছোঁ, “একো নহয় পিতাই, মই পাৰিম, মই ঠিকে থাকিম৷“

প্ৰভা আহি মোৰ কান্ধত হাত থৈছে, “সখী, মই থাকিম তোৰ লগত৷“

তাৰ পিছত দুয়োজনীয়ে সাৱটি ধৰিলো৷ ৰজাৰ দাসীসকলে মোক নতুন বস্ত্ৰৰে সজালে৷ মোক অলপ অকলশৰীয়া সময় লাগিছিল৷ নিদিলে কোনেও৷ হুমুনিয়াহবোৰ বক্ষত তাপ মাৰি থাকিল৷ সময়ৰ ৰেহ-ৰূপ দেখি তলকা মাৰিছোঁ মই৷

“আসঃ দেৱীৰ কি ভাগ্য!”

ঘোঁৰাবাগীখনে আমাক টানি লৈ গৈছে৷ আগে আগে পদাতিকবাহিনীৰ সমদল৷

“দেৱী আম্ৰপালীৰ জয়৷“

পিছে পিছে অশ্বাৰোহীবাহিনীৰ দলদোপ হেন্দোলদোপ ধ্বনিত পৃথিৱী তল-ওপৰ৷

গাঁৱৰ মানুহবোৰ আহি পথৰ দাঁতিত ৰৈ চাইছে৷ সৌ বৃদ্ধাজনীয়ে চিঞৰিছে, “বাঃ পালী আইৰ কি ভাগ্য!”

মই হাঁহিছো নিজৰ ভিতৰতে৷ মৃগনাভিৰ কস্তুৰীৰ সুগন্ধত মৃত্যুক সাৱটি লোৱা মৃগয়াজনীৰ দৰে প্ৰশ্ন কৰিছোঁ, “পাৰিমনে মই?”

কাষেৰে বুদ্ধ ভিক্ষুৰ দল এটা পাৰ হৈ গ’ল, “বুদ্ধং শৰণং গচ্ছামি৷”

মুখত মোৰ অলেখ ভাৱৰ হেন্দোলনি৷ বুদ্ধ-ভিক্ষুৰ দলটো পাৰ হৈ গৈছে৷ ঘোঁৰা-বাগীখনে বৃক্ষলানিবোৰ পিছপেলাই আমাক আগুৱাই নিছে৷ প্ৰভাই মোৰ হাতখন এৰি দিয়া নাই৷ পিতাই চকু মুদি ৰৈছে৷ হাৰি গৈছে তেওঁ৷ মুখত পৃথিৱী ভাগি যোৱাৰ চিন স্পষ্ট৷

পুৰণা হাউলীৰ প্ৰৱেশপথ পালোঁহি৷ উদ্যানৰ গুল্মকেইজোপাৰ আঁৰ লৈ সেয়া যেন পুষ্পকে মোৰ ভৰিৰ নূপুৰ খুলি দিছে৷ মোৰ সুকোমল পদযুগল সি হাতত তুলি লওঁতেই মোৰ দুনয়নত সলাজ চাৱনি এটা নিগৰি গ’ল৷ চকু নমাই দিলোঁ মই, লাজৰ ভৰত চকু মুদ খাই যাব যেন৷ কান্ধত ধৰি উদ্যানৰ পৰা হাউলিৰ প্ৰমোদকক্ষলৈ লৈ গৈছে সি৷ তাৰ মুঠিবন্ধ হাতত বল পাই মোৰ সলাজতাখিনি লাহে লাহে নোহোৱা হৈছে৷ পুৰণা ৰাজহাউলীত ৰাজমাতাৰ আগত নৃত্য প্ৰদৰ্শন কৰোঁতে, আম্ৰবাগানৰ পৰা আম পাৰি দিওঁতে, নদীঘাটত পানী আনিবলৈ যাওঁতে, কিমানবোৰ কথাত যে সি মোক সংগ দিয়া নাছিল! আৰু এতিয়া! এতিয়া এটা অন্তহীন যাত্ৰাৰ বাবে মোৰ অকলশৰীয়া কৰি সি গুচি গ’ল৷ পুষ্পকবিহীন যাত্ৰাত মই এতিয়া নিসংগ পথিক৷ ইমান ক্ষণিকত হেৰাই যায় আপোন মানুহৰ পৃথিৱীখন৷

পুৰণি হাউলী এৰি নতুন হাউলী পালোহি৷ ঘৰ নহয় যেন সৰগৰ কোনো এক প্ৰাসাদতহে ভৰি দিলোঁ৷ গম্বুজাকৃতিৰ ওখ পৃষ্ঠভূমি৷ দেৱালত কোনো বিখ্যাত শিল্পীৰ শিলৰ ভাস্কৰ্য৷

সভাগৃহত বিভিন্ন গোষ্ঠীৰ দলপতিসকল৷ মঞ্চত উপৱিষ্ট ৰজা মনুদেৱ, মহামাত্য তাম্ৰভদ্ৰ, উপৰজা যুদ্ধবীৰ৷ মনুদেৱ বাহিৰে বাহিৰে ধীৰ স্থিৰ যদিও ভিতৰি অস্থিৰ৷ এজনী সামান্য কিশোৰীক বিয়া পাতিবলৈ তেওঁ কিমান তললৈ নামিলে সেয়া তেওঁ নিজে জানে৷ জানে তেওঁৰ বিশ্বস্ত সংগী সেনাপতি চিহনাদে আৰু জানে কাৰাগাৰৰ ৰক্ষক দুজনমানে৷

তথাপি তেওঁ শংকিত৷ আইনৰ ওচৰত শংকিত, লিচ্ছবিদলৰ ওচৰত শংকিত, ৱিজ্জী পৰিষদৰ ওচৰত শংকিত৷ শংকিত বৈশালীগণৰ ওচৰত৷ শংকিত যদিও অনুতপ্ত নহয়৷ ছলে বলে কৌশলে আম্ৰপালীক তেওঁ নিজৰ বশলৈ আনিব পাৰিছে, এয়া তেওঁৰ ডাঙৰ কৃতিত্ব৷ এই কৃতিত্বৰ আঁৰত অৱশ্যেই থাকিল পুষ্পক নামৰ নিৰ্দোষী ল’ৰাজনৰ বলিদান৷ গোঁফৰ তলেৰে বেঁকা হাঁহি এটা এৰি তেওঁ উপস্থিত সভাসদলৈ চালে৷ এয়া নগৰৰ আঢ্যৱন্ত সমাজ, বৈশালীৰ বিখ্যাত বণিজসকল, বিভিন্ন দলৰ নেতাৰে পৰিবেষ্টিত সভাসদ৷ সকলোলৈ চাই তেওঁ অভিবাদন জনালে৷ ততাতৈয়াকৈ আহ্বান কৰা সভাখনৰ বাবে ক্ষমা বিচাৰি মহামাত্য তাম্ৰভদ্ৰই নগৰগণিকা নিৰ্বাচনৰ কথা ঘোষণা কৰিলে৷

“এয়া কৃষক সাম্যদত্ত আৰু তেওঁৰ সুকন্যা আম্ৰপালী, যি আজিৰ নগৰগণিকা নিৰ্বাচনত বিনা প্ৰতিযোগীৰে প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভ কৰিছে৷“

সৱৰে চকু এইবাৰ মোৰ ওপৰত পৰিল৷ মই উচপ খাই উঠিলোঁ, প্ৰতিদ্বন্দ্বিতা! কেতিয়া মই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালোঁ? হে মহামাত্য ডাঙৰীয়া, আপুনি জানেনে? আজি মোৰ বিবাহৰ লগন আছিল, আজি মই মোৰ স্বামীক হেৰুৱাইছোঁ, আৰু আপুনি কৈ আছে, আজি মই নগৰগণিকা পদৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ৷

ৰজা মনুদেৱে মোৰ মুখৰ ভাৱান্তৰ লক্ষ্য কৰিছে, মুখত হাঁহিৰ ৰেশ টানি মোৰ ফালে চাই কৈ উঠিছে, “দেৱী আম্ৰপালীক অভিনন্দন জনাইছোঁ৷ ভগৱানৰ এক মনোমোহা সৃষ্টিক আজি আমাৰ মাজত পাই যথেষ্ট গৌৰৱ অনুভৱ কৰিছোঁ৷ বহু বছৰৰ মূৰত আজি বৈশালীয়ে এক উপযুক্ত নগৰগণিকা প্ৰাপ্ত কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বাবে দেৱী আম্ৰপালী ধন্যবাদৰ পাত্ৰ৷“
চাৰিওফালে হাত-চাপৰিৰ জোৱাৰ৷ গুণগণনি উঠিছে চৌপাশে, সৰগৰ অপ্সৰাও হাৰ মানি যোৱা এই ৰূপ কৃষকৰ ঘৰত কিদৰে সম্ভৱ!

মনুদেৱে ভাবি আছে, এয়াতো বৈশালীৰ সম্পদ৷ আম্ৰপালীৰ ৰূপ-সৌন্দৰ্যৰ কথা চুবুৰীয়া ৰজাৰ মুখে মুখেও প্ৰচলিত৷ এইহেন সম্পদক নিজৰ সুৰক্ষাত ৰাখিব পাৰি স্বস্তিৰ নিশ্বাস এৰিছে তেওঁ৷

মহামাত্য তাম্ৰভদ্ৰই ভাবি আছে, “যিয়েই নহওক, সমস্যাটো সমাধান হ’ল৷ ৰজাই এতিয়া ৰাজকাৰ্যত মন দিব পাৰিব৷“

সেনাপতি চিহনাদে ভাবি আছে, “তেওঁৰ দায়িত্ব এতিয়াও শেষ হোৱা নাই৷ এই নাৰীৰ গতিবিধি লক্ষ্য কৰি ৰজাৰ শৰণাপন্ন কৰাব পাৰিলেহে তেওঁৰ দায়িত্ব পালন হ’ব৷“

উপস্থিত সভাসদৰ চকুবোৰে লেলিহাই গৈছে নগৰগণিকাৰ মূৰৰ পৰা ভৰিলৈ, চিত্ত চঞ্চল হৈ গৈছে তেওঁলোকৰ, মনে মনে ভাবি আছে, ৰজাই ঠিকেই সিদ্ধান্ত লৈছে, এই অপূৰ্ব দেহবল্লৰীৰ অধিকাৰ বৈশালীৰ প্ৰতিজন নাগৰিকৰে প্ৰাপ্য৷ ৰজাৰ মহানুভৱতাক শলাগিলে তেওঁলোকে৷

পিতায়ে বা কি ভাবি আছিল! পিতৃৰ সন্মুখত নিজ কন্যাৰ দেহাৰ বেহা হৈ গৈছে৷

মই যে কি ভাবি আছিলো! পৃথিৱীৰ এক অন্যতম গণতন্ত্ৰত নাৰী ইমান অসুৰক্ষিত, নাৰীৰ স্থান ইমান অৱদমিত! নাৰীৰ হৈ মাত মাতিবলৈ কোনো নাই এই গণতন্ত্ৰত!

চকু মুদি দিলো, “হে সুগত, শক্তি দিয়া মোক৷ এই পৃথিৱীত কোনো নাৰীয়ে যাতে নাৰী হৈ জন্মলভাৰ বাবে অনুতপ্ত নহয়, তাৰ বাবে পথ দেখুওৱা মোক।”

মনুদেৱৰ চকুৰ পৰা হাৰি যোৱা নাছিল মোৰ মনৰ আন্দোলনখিনি৷ হয়তো তেওঁৰ জানিবলৈ মন গৈছিল,

“দেৱী আম্ৰপালীক এই শুভক্ষণত দুআষাৰ কৈ কৃতাৰ্থ কৰিবলৈ অনুৰোধ জনোৱা হ’ল৷“

অৱশেষত…

অৱশেষত সেই ক্ষণ আহিছিল মোৰ দাবী সাব্যস্ত কৰাৰ৷ মই স্থিৰ দৃষ্টিৰে মহামাত্য তাম্ৰভদ্ৰলৈ চাই ক’লো, “আপোনালোকে মোৰ জীৱনক লৈ সিদ্ধান্ত ল’লে, অথচ মোক এবাৰো নুসুধিলে?”

থতমত খাই তাম্ৰভদ্ৰই উত্তৰ দিলে, “দেৱী, তুমি ৰাষ্ট্ৰৰ সম্পত্তি৷ গতিকে ৰাষ্ট্ৰৰ সন্মিলিত সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত৷“

“ৰাষ্ট্ৰই নাৰীৰ ইচ্ছা-অনিচ্ছাক গুৰুত্ব নিদিয়ে নেকি?”

গুণগণনি বাঢ়ি গ’ল চৌপাশে৷ কি ইচ্ছা এই নাৰীৰ? বিভিন্নজনৰ মুখবোৰ প্ৰশ্নৰে ভৰি পৰিল৷ তেওঁলোকে বুজি উঠিল, এই কিশোৰী কেৱল সৌন্দৰ্যৰ আকৰ নহয়, বুদ্ধিতো প্ৰখৰ৷ ৰজা মনুদেৱ সন্ত্ৰস্ত হৈ উঠিল৷ কঠোৰতা এটা বিয়পি পৰিল তেওঁৰ মুখত৷ মই জুকিয়াই ল’লোঁ কথাবোৰ৷

“শ্ৰদ্বাৰ বৈশালীগণ আৰু ৱিজ্জী পৰিষদৰ সদস্যসকল, আপোনালোকৰ সিদ্ধান্তক অপমান কৰিবলৈ মই এই মঞ্চত থিয় হোৱা নাই৷ মই মোৰ লগত হোৱা অন্যায়ৰ প্ৰতিবাদ কৰিবলৈকো ইয়াত থিয় হোৱা নাই৷ কিন্তু মই সমগ্ৰ নাৰীজাতিৰ হৈ কিছু কথা ক’ব লগা আছে, যাতে মোৰ পিছত আন কোনো ভগ্নী-জীয়ৰী এনে ষড়যন্ত্ৰৰ বলি নহয়৷”

“ষড়যন্ত্ৰ!”, মনুদেৱে হাতৰ মুঠি টান কৰি লৈছিল৷

মই তেওঁৰ হুংকাৰক নস্যাৎ কৰি কৈ গ’লো, “মোৰ কথা শেষ হোৱা নাই মাননীয় মহাৰাজ৷”, তাৰপিছত উপস্থিত সদস্যসকললৈ চাই ক’লো, “বৈশালীৰ শ্ৰদ্ধাৰ নাগৰিকসমাজে চিন্তা কৰি চাওক, আজি যদি মোৰ ঠাইত আপোনালোকৰ ভগ্নী-কন্যা থাকিলহেঁতেন৷ আপোনালোকে নিশ্চয় নাজানে, মই নিজে এই পদত আবেদন কৰা নাছিলোঁ, বৰঞ্চ মোৰ ওপৰত চমন জাৰি কৰা হৈছিল।”

উপস্থিত সদস্যসকলৰ অৰ্ধেকে মোৰ কথা মন দি শুনিবলৈ ধৰিলে৷ কিছুসংখ্যকে বুজি পোৱা নাছিল, যেন মই কোনো অন্ধ মানুহৰ হাততহে মোৰ ছবি কিছুমান প্ৰদৰ্শন কৰি আছোঁ৷ মই অৱশ্যে হতাশ হোৱা নাছিলো৷ এজনেও যদি এই কথাৰ অৰ্থ উপলব্ধি কৰিব পাৰে, সিয়েই মোৰ ইতিহাস সলনি কৰাৰ বাবে যথেষ্ট৷

ওলাই আহিব খোজা হুমুনিয়াহটো জোৰকৈ সামৰি থ’লো৷ এয়া দুৰ্বলতা প্ৰদৰ্শনৰ সময় নহয়৷

“আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী কাম কৰিলে, মোকো সন্মত কৰালে, এতিয়া মোৰো কিছুমান চৰ্ত থাকিব৷“

“চৰ্ত?” সভাসদবৃন্দ উৎকৰ্ণ হৈ উঠিল৷

“হয় চৰ্ত৷ এয়া নতুন কথা নহয় যে, নাৰীৰ গৰ্ভত জন্ম হৈও নাৰীক কেৱল উপভোগৰ আহিলা বুলি ভবা পুৰুষসকলে কেৱল নিজৰ কথা চিন্তা কৰে৷ মই ইয়াত অসহায়ভাৱে থিয় হৈ আছোঁ, ইমানবোৰ পুৰষে মোক নিৰাপত্তা দিব নোৱাৰিলে, মনলৈকো নাহিল মোৰ দৰে সামান্য নাৰীৰ নিৰাপত্তাৰ কথা৷ গতিকে মোৰ নিৰাপত্তাৰ বাবে মই নিজেই চিন্তা কৰিব লাগিব৷“

মনুদেৱে থুঁতৰিত ভেজা দি মোৰ মুখলৈ চাই থাকিল, মোৰ মাজত দেখা পোৱা আত্ম-অভিমানৰ বাবে প্ৰস্তুত নাছিল তেওঁ৷

“সদ্যহতে মোৰ চাৰিটা চৰ্ত থাকিব৷ এই চৰ্তকেইটা কেৱল মোৰ আৰ্থিক আৰু শাৰীৰিক নিৰাপত্তাৰ বাবে৷”

“কি চৰ্ত সেইবোৰ?”

মোৰ কথাৰ মাজতে কোনো সদস্যৰ মুখৰ পৰা ওফৰি আছিল সেই প্ৰশ্ন৷ বৈশালীনৃপতিয়ে তীক্ষ্ণ দৃষ্টিৰে চাই থাকিল মোলৈ৷

“প্ৰথম চৰ্তটো হৈছে যে, মোক মোৰ ওজনৰ সমান স্বৰ্ণদান কৰিব লাগিব৷“

ৰজা মনুদেৱৰ মুখেৰে হাঁহি ওলাই গ’ল৷ এয়া সাধাৰণ কথা তেওঁৰ বাবে৷

“দ্বিতীয় চৰ্তটো?”

“মোক পুৰণা ৰাজহাউলিটো লাগিব৷”

“ৰাজহাউলি?”

“হয়, সেই পুৰণা হাউলিটো মোৰ বসবাসৰ বাবে প্ৰদান কৰা হওক৷ আৰু মোৰ বাদে সেই হাউলিটোত অন্য কাৰো অধিকাৰ নাথাকিব৷ আনকি বৈশালীৰাজৰো..”

বৈশালীৰাজ মনুদেৱৰ মুখৰ বৰণ সলনি হৈছে৷ কেঁহৰাজবৰণীয়া হৈছে৷ পুৰণা ৰাজহাউলি মানে পুষ্পকৰ স্মৃতি, সেই কথা ইয়াত কোৱা নাযায়৷

“ঠিক আছে, পিছৰটো চৰ্ত?”, মহামাত্যই সুধিলে শান্ত কণ্ঠেৰে৷

“মোৰ ওচৰত মোৰ অনুমতি বিনে কাকো প্ৰৱেশৰ অধিকাৰ দিয়া নহ’ব৷ মোৰ অতিথিৰ বাবে কেৱল মই সিদ্ধান্ত ল’ব পাৰিম, মোৰ বাদে কোনেও নহয়৷ আন নালাগে, বৈশালীৰ মহাৰাজৰো সেই সিদ্ধান্ত লোৱাৰ অধিকাৰ নাথাকিব৷“

ৰজা মনুদেৱে দাঁত কৰচি উঠিল, “মহামাত্য ডাঙৰীয়া, এই নাটকবোৰ বন্ধ কৰিবলৈ কওক৷“

মহামাত্যই চকুৰে ইংগিত দিছে, “ধৈৰ্য ধৰক মহাৰাজ৷“

“শেষৰ চৰ্তটো?”, মহামাত্যই সুধিলে৷

“শেষৰ চৰ্তটো এয়ে যে, মোৰ নিজাববীয়াকৈ এদল সুসজ্জিত নিৰাপত্তাৰক্ষী থাকিব৷ তেওঁলোক ৱিজ্জী সেনানীৰ পৰা পৃথক হ’ব, কেৱল মোৰ কথা শুনিব, মোৰ প্ৰতি দায়িত্বশীল হ’ব আৰু সম্পূৰ্ণভাৱে মোৰ অধীনত থাকিব৷ তেওঁলোক ৱিজ্জী পৰিষদৰ অনুগত হ’ব নোৱাৰিব আৰু স্বাধীন হ’ব লাগিব৷”

গুণগণনি এটা বাঢ়ি গৈছিল৷ মনুদেৱে ক্ৰোধত আসনৰ পৰা থিয় হৈ দিলে৷

“মহামাত্য! সামান্য নাৰীৰ ইমান উচ্চ কথা মোৰ সহ্য নহয়।”

দৰ্শকৰ আসনৰ পৰা মিশ্ৰিত ভাৱৰ গুণগুণনি এটা ভাঁহি আহিল৷ কোনোবাই ক’লে, “ঠিকেইতো আছে৷ এগৰাকীৰ নগৰবধূক ইমানখিনি সন্মান দিয়া উচিত৷” কোনোবাই ক’লে, “এয়া অযুক্তিকৰ কথা৷ ইমানখিনি সা-সুবিধা ৰজাৰ সমকক্ষ ব্যক্তিৰ বাবেহে সম্ভৱ৷”

মোৰ ৰক্তৰ সোঁত উৰ্ধমুখী হৈছে৷ অতি কষ্টেৰে সম্বৰণ কৰিছোঁ নিজক৷ বক্ষৰ উত্তাল ক্ৰোধ সামৰি মুখত সৌম্যতাৰ আৱৰণ পিন্ধি লৈছোঁ৷ ধীৰ কণ্ঠেৰে দৰ্শকৰ ফালে চাই কৈছোঁ,
“মাননীয় উপস্থিত সদন, মই এই সা-সুবিধা এইকাৰণেহে বিচাৰিছোঁ যাতে ই মোৰ নিৰাপত্তা সুনিশ্চিত কৰে৷ আজি মই আপোনালোকৰ ওচৰত যি অসহায়তা লৈ থিয় হৈছোঁ, সেয়া যাতে মোৰ জীৱনলৈ পুনশ্চ পুনশ্চ নাহে, আপোনালোকৰ মনোৰঞ্জনৰ বাবে নিজকে ঊছৰ্গা কৰাৰ পাছত সেই দায়িত্ব প্ৰকৃততে আপোনালোকৰে আছিল৷“

তাৰ পিছত ক্ৰোধান্বিত ৰজাৰ অগ্নিবৰ্ণা নয়নলৈ চাই ক’লো, “যদি মোৰ চৰ্তসমূহৰ গ্ৰহণযোগ্যতা নাই, তেতিয়াহ’লে মহাৰাজ, মাননীয় সদনৰ আদেশ অমান্য কৰাৰ বাবে শাস্তি দিবলৈ আপোনাক পূৰ্ণ স্বাধীনতা দিয়া হ’ল৷ প্ৰয়োজন হ’লে মোক পোতাশাললৈ নিক্ষেপ কৰিব পাৰে নতুবা গংগালৈ দলিয়াই দিব পাৰে৷ কিন্তু মই মোৰ চৰ্ত মঞ্জুৰ নহ’লে আপোনালোকৰ প্ৰস্তাৱ মানি নল’ম৷ আপোনালোকৰ ওচৰত এই সিদ্ধান্ত এৰি মই সদন ত্যাগ কৰিছোঁ৷“

অগ্নিবৰ্ণা নয়ন তেওঁৰ অধোনত হৈছিল আৰু সেই অধোনত দৃষ্টিক দিশহাৰা কৰি মূৰ দাঙি কৰি মই সদনৰ ৰঙা দলিচাৰ ওপৰেৰে খোজ ল’লোঁ বাহিৰলৈ৷ আচাৰ্যৰ বাণী মনত পৰিছিল মোৰ, শুদ্ধ আৰু সত্য কথাৰ বাবে ভয়-শংকা ত্যাগ কৰিব লাগে৷ দ্বিতীয়তে, সকলো পথ ৰুদ্ধ হোৱাৰ পাছতো জীৱনে সদায় এখন দুৱাৰ খোলা ৰাখে৷

ঘোঁৰাবাগীখনত বহি লৈ সখী প্ৰভাৰ কান্ধত মূৰ পেলাই দিলোঁ৷ নৈপৰীয়া বতাহজাকে চিনাকি গোন্ধ এটা কঢ়িয়াই আনিছে৷ মূৰ তুলি চালোঁ, নাতিদূৰত জুই একুৰা জ্বলি আছে৷ বুজিবলৈ বাকী নাথাকিল, সেয়া পুষ্পকৰে চিতাৰ জুই৷

আৰু এইফালে মই মোৰ জীৱনৰ দৰ-দাম কৰি আহিলোঁ৷

বতাহত পোৰা তেজ আৰু কোমল মঙহৰ মিশ্ৰিত গোন্ধ৷ সেয়া পুষ্পকৰ কায়িক আৰু মোৰ আত্মাৰ মিশ্ৰিত দহনৰ গোন্ধ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক