একাদশ খণ্ড : কুণ্ডলিনী- পৰী পাৰবীন

কথাবোৰ কিবা সপোন যেন লগা হৈছিল। শুকুলা ঘোঁৰাত উঠি দ্ৰুতগতিত অহা সপোনবোৰৰ মায়া এটাই বেৰি আছিল তাইক। সমুদ্ৰৰ সতে খোজত খোজ মিলাই তাই জালুকবাৰীৰ ৰঙচুৱা গলিবোৰ ঘূৰি ফুৰিছিল। বিশ্ববিদ্যালয়ৰ ল’ৰা ছোৱালীবোৰে সিঁহতক অচিনাকী দৃষ্টি এটা নিক্ষেপ কৰি গৈছিল। ভ্ৰূক্ষেপ নাছিল সিঁহত দুটাৰ। অসমৰ শ্ৰেষ্ঠ তাৰ্কিক আৰু তাৰ্কিকাৰ খিতাপটোৱে সিঁহতৰ আত্মবিশ্বাসৰ স্তুপটো ডাঙৰ কৰি আনিছিল । নিজৰ কলেজখনলৈ গৌৰৱ কঢ়িয়াই নিয়া   ট্ৰফীটো লৈ সিহঁত বিপাঙত পৰিছিল। ইমান ডাঙৰ! ইমান ধুনীয়া!

সেই তেতিয়াৰে পৰা তাইৰ মন-মগজু চঞ্চলতাৰে আগুচি ধৰিছে। সাফল্যই কঢ়িয়াই অনা চঞ্চলতা। কঠোৰ সাধনা আৰু যোগাত্মক দৃষ্টিভংগীয়ে কঢ়িয়াই অনা সেই সাফল্য।

সেই চঞ্চলতাৰ বিপৰীতে সমুদ্ৰ যেন ভাবৰ সাগৰত ডুব গৈ আছিল। তাই অনৰ্গল কথা কৈ গৈ আছিল। সমুদ্ৰই মাথোঁ ‘উঁ’, ‘আ’ জাতীয় উত্তৰকেইটাহে দিছিল। সমুদ্ৰৰ এই ৰূপ তাইৰ অচিনাকী।  আজিৰ এই সফলতাত সিঁহতৰ কলেজৰ অধ্যক্ষই নিজে ফোন কৰি অভিবাদন জনাইছে। সেই সকলোবোৰৰ মাজতো সমুদ্ৰৰ এই গাম্ভীৰ্যই তাইকো মাজে মাজে চুই আছে। কি হ’ল বাৰু ইমান ফূৰ্তিবাজ লৰাটোৰ?

বিশ্ববিদ্যালয় কেম্পাছৰ পৰা ওলাই আহি দুয়োজনে শৰাইঘাটলৈ বুলি অ’টো এখন ল’লে। নিয়ন লাইটেৰে জলমল কৰা জালুকবাৰী এৰি শৰাইঘাট দলঙৰ ওপৰত ঠিয় হৈ উপভোগ কৰি আছিল গুৱাহাটীৰ মায়াময় সন্ধ্যা। দলঙৰ ওপৰেৰে আহিছে মানুহ, গৈছে মানুহ। তাৰ মাজতো স্থিৰ হৈ ৰৈছে ব্ৰক্ষ্মপুত্ৰৰ পানী।

মৌনতা ভাঙি এবাৰত সমুদ্ৰই কৈ উঠিছিল, “মই যামগৈ ঈশানী।”

“যামগৈ মানে? ক’লৈ যাবি তই?”- অদ্ভূত চাৱনি এটাৰে প্ৰশ্ন কৰিলে তাই ।

“মই এই কলেজৰ পৰা যামগৈ।”- শীতলতাই চুই যোৱা সেই শব্দকেইটা অবিশ্বাস কৰাৰ কোনো থল নাছিল  তাইৰ।

ঈশানীয়ে তাৰ হাতখনত হাত থ’লে। তাৰ পাছত লাহেকৈ সুধিলে, “হঠাতে এই সিদ্ধান্ত ললি যে তই? কিবা বিশেষ কাৰণ?”

“মই মেডিকেল পঢ়িম। এনট্ৰেন্সৰ কাৰণে প্ৰস্তুতি চলাওঁগৈ। বিস্তীৰ্ণাক অকলে এৰি থৈ আমি সকলোবোৰ নিজৰ আৱৰ্তত ঘূৰি ফুৰিছোঁ। অথচ তাইৰ কথা এবাৰলৈকো আমি কোনেও নাভাবিলোঁ। কালি গোটেই ৰাতি বাছত তই চকুপানী মচি আহিছে। দুৰ্বল সময়চোৱাত মানুহক যে এষাৰি মাতৰ, এখন সহায়ৰ হাতৰ কিমান প্ৰয়োজন আজিহে সেই অনুভৱটো মনলৈ আহিছে। আৰু সেই অনুভৱটো মনলৈ অহাৰ লগে লগে মই শান্তিৰে থাকিব পৰা নাই। মই জানো, মই ইয়াৰ পৰা আধাতে পঢ়া এৰি গুছি গ’লে ঘৰত কি অৱস্থা হ’ব, কিন্তু মই অন্ততঃ নিজৰ মানসিক শান্তিৰ কাৰণে বিস্তীৰ্ণাৰ কাষত থিয় দিবই লাগিব।”

ঈশানীয়ে কিবা এটা কোৱাৰ প্ৰয়োজনবোধ নকৰিলে। বহুত উচ্ছ স্থানত অৱতৰণ কৰিছে সমু্দ্ৰৰ চিন্তাশক্তি। সাধাৰণ মানুহে ঢুকি নোপোৱা সেই স্থান। তাই সমুদ্ৰলৈ মূৰ তুলি চালে। প্ৰচুৰ মানৱবোধেৰে আলোকিত সেই মুখখনি তাই পুনৰবাৰ তন্নতন্নকৈ চালে। যাৰ হৃদয়ক বিস্তীৰ্ণ কৰি তুলিলে এজনী বিস্তীৰ্ণাৰ হাজাৰটোপাল অদেখা চকুপানীয়ে, সেই হৃদয় মানৱজাতিৰ সেৱাত ব্ৰতী হোৱাৰ সংকল্পই তাইক বেলেগ এটা বাট দেখুৱালে।

( আগলৈ )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments