একান্ত ব্যক্তিগত: ফটো হৈ যোৱা মানুহবোৰ (ৰঞ্জু শৰ্মা)

একান্ত ব্যক্তিগত হ’লেও কেতিয়াবা কিছুমান অনুভৱে আমাৰ সকলোৰে হৃদয়তন্ত্ৰীত একে সুৰতেই ঝংকাৰ তোলে৷ ঠিক যেন উশাহত লোৱা বতাহৰ সুগন্ধিখিনি, পূৰ্ণিমা ৰাতি দেখা জোনটোৰ শীতলতাখিনি, ফুল দেখি উৎফুল্ল হোৱা মনতো, নতুবা কোনোবা আপোনজনক হেৰুওৱাৰ ব্যথাখিনি৷ ব্যক্তিভেদে এই অনুভৱৰ ভাষা পৃথক হ’লেও প্ৰভাৱ একেই৷

ঘৰৰ ওচৰৰ সদায় চাউল দালি লোৱা দোকানখনৰ মালিক গুপ্তাজী৷ বয়স প্ৰায় সত্তৰ বছৰমান হ’লেও মানুহজনক ঠিক বুঢ়া বুলিব নোৱাৰি৷ মৰমিয়াল মুখখনত অনবৰতে লাগি থাকে এমুখ হাঁহি৷ “অউৰ ক্যা হাল হ্যে বেটাজী? ” গুপ্তাজীৰ দোকানলৈ গলেই তেওঁ প্ৰথমেই তেনে এটি সম্বোধনেৰে কথা আৰম্ভ কৰে যেন ঘৰলৈ অহা কোনোবা অতিথিহে৷ তাৰ পিছত তেনেই সাধাৰণ সৰু সুৰা এটা দুটা খৱৰ৷ কথা কৈ কৈ বস্তু দিয়া, পইছা লোৱা কামবোৰ হৈ যায়৷ এনেকৈয়ে অচিনাকি হ’লেও লাহে লাহে মানুহজনৰ লগত যেন এক বেনামী সম্পৰ্ক গঢ়ি উঠিল৷ হৃদয়ৰ পৰা হৃদয়লৈ গঢ়ি উঠা এক অনামী সম্পৰ্ক৷

এবাৰ এমাহমানৰ বাবে ঘৰলৈ গ’লো৷ ঘৰৰ পৰা আহি গতানুগতিক ভাৱে সৰু সুৰা বস্তু কেইটামান লবলৈ গ’লো গুপ্তাজীৰ দোকানলৈ৷ গুপ্তাজী নাই৷ তেওঁৰ ঠাইত দেখিবলৈ প্ৰায় তেওঁৰ নিচিনাই বয়সত সৰু অইন এজন অচিনাকি মানুহে গুপ্তাজীৰ দায়িত্ব চম্ভালি আছে৷ বোধহয় তেওঁৰ পুতেকেই হ’ব৷ যন্ত্ৰবৎ, আৱেগহীন এখন মুখ- গ্ৰাহকৰ চকুৰ পিনে চোৱাৰো প্ৰয়োজনবোধ কৰা নাই মানুহজনে৷ যেন বেচোতাৰ লগত কিনোতাজনৰ সম্পৰ্ক মাথো বস্তু আৰু মূল্যতহে৷ দোকানখনৰ ভিতৰত গুপ্তাজীৰ অভাৱ বাৰুকৈয়ে অনুভৱ হ’ল৷ অৱশেষত মানুহজনক সুধিয়েই পেলালো গুপ্তাজী ক’লৈ গ’ল বুলি৷ যন্ত্ৰৰ দৰে চলি থকা হাতদুখন প্ৰথমবাৰৰ বাবে ৰৈ গ’ল৷ তেতিয়াহে মন কৰিলো আগতে গুপ্তাজী বহা ঠাইডোখৰৰ অলপ ওপৰতে গুপ্তাজীৰ ফটো এখন বন্ধাই থোৱা আছে৷ বগা মালা এধাৰিৰে সজাই থোৱা ফটোখনৰ সন্মূখত কঁপি কঁপি জ্বলি আছে এগছি চাকি৷ এমুখ হাঁহি ভৰি থকা মুখখনে যেন তেতিয়াও মোক সুধিব “অউৰ ক্যা হাল হ্যে বেটাজী?” কিবা এক অচিন বেদনাত মনটো গধুৰ হৈ আহিল৷ গুপ্তাজীক ফটোখনৰ মাজত বিচাৰি ফুৰিবলৈ যেন বহুত কষ্ট হ’ল৷ এনেকৈয়ে জানো সদায় দেখা মানুহবোৰ ফটো হৈ যায় হঠাৎ! কিছুমান সম্পৰ্ক গঢ়ি উঠিবলৈ হয়তো তেজৰ পৰিচয়ৰ প্ৰয়োজন নাথাকে৷ ভৰি অহা চকুহাল কোনোমতে লুকুৱাই ঠাইখিনিৰ পৰা আতঁৰি আহিলো৷

সৰুৰে পৰা দেখি অহা ঘৰৰ একেবাৰে ওচৰৰ খুড়ীগৰাকী, কোনোদিনে পৰ বুলি নভৱা খুড়ীৰ ঘৰখন, নিজৰ বুলিয়েই দাবী কৰা তেওঁৰ চোতালখন৷ ভাইটিৰ বিয়ালৈ গৈ এসপ্তাহ খুড়ীৰ ঘৰতে বাহৰ পাতি থাকি আহিলোহে মাথো, পিছৰবছৰ গৈ সেইগৰাকী খুড়ীৰ ফটোখনৰ চকুত চকু থৈ এপলকো চাই থাকিব নোৱাৰিলো৷ নোৱাৰো প্ৰিয় মানুহবোৰ এনেকৈ হঠাৎ ফটো হৈ যোৱা কথাবোৰ কিয় জানো মই সহজে মানি ল’ব নোৱাৰো৷ তাৰ পিছত এদিন এনেকৈয়ে মৰমিয়াল মামীগৰাকীও নোহোৱা হ’ল৷ মামীৰ ফটোখনত চকু থোৱাৰ সাহস নহয় এতিয়াও৷ এই যেন ফটোখনেও মোক আহি কব’হি ‘আইজনী অ’ আজি তই ভাল পোৱা কচুৰ তৰকাৰীখন ৰান্ধিম দেই’৷ বুজি নাপাওঁ মনৰ মানুহবোৰ ফটো হৈ যোৱাটোত এইয়া মোৰ মনৰ অভিমান নে বুজিও নুবুজাৰ মিথ্যা আখৰা মাত্ৰ৷

হৃদয়ৰ ওচৰৰ কিমান মানুহ যে এনেকৈয়ে শেষবাৰৰ বাবে দেখা নোপোৱাকৈয়ে ফটো হৈ গ’ল৷ এতিয়া যেতিয়া মামাৰ ঘৰলৈ যাও বয়সে প্ৰায় অলৰ কৰি অনা মামাৰ ওচৰত গাতে গা লগাই কিছুপৰ বহি আহো৷ সৰুতে কোচত সোমাই সাধু শুনা মামাৰ গাৰ সেই চিনাকি গোন্ধটো, এতিয়াও যেন একেই আছে৷ মন যায় দীঘল উশাহ এটিত যেন ভৰাই লৈ আনিম সেই গোন্ধ লাগি থকা এবুকু বতাহ! কোনে জানে হৃদয়ৰ কোঁহে কোঁহে গুজি ৰখা মানুহবোৰ কেতিয়ানো হঠাৎ মাথো এখন নিৰ্জীৱ ফটো হৈ যায়৷

ককা আইতাৰ মৰম কি মই অনুভৱ কৰিবলৈ সুবিধা পোৱা নাই কোনোদিনে৷ কিন্তু মোৰ একমাত্ৰ বৰমা বৰদেউতাৰ ৰূপত মই ককা আইতাৰ লগতে নিজৰ মা দেউতাৰো চেহেৰা দেখিছো৷ ঘৰৰ পৰা আতঁৰি থকাৰ পিছৰে পৰা মাৰ নিচিনাকৈ বৰমায়ো সদায় ফোন কৰি মোৰ খৱৰ-খাতি লয়৷ আনকি কেতিয়াবা কিছুমান কথা মাক নকৈ মই বৰমাকহে কওঁ৷ মুঠতে বৰমা যেন মোৰ বাবে আলাদিনৰ চাকিহে৷ মোৰ যিকোনো অসুবিধাৰ সহজ সমাধান৷ সিদিনাখনো আনদিনাৰ দৰেই ৰাতিপুৱাই বৰমাৰ ফোন আহিল, ল’ৰাটোৰ পানীলগাত নহৰু তেলৰ মালিচ দিবলৈ উপদেশ দি লগতে ইটো সিটো খৱৰ খাতি লৈ দৌৰাদৌৰিকৈ ফোনটো থৈ দিলে৷ কিছুপৰ পিছত আকৌ ফোনটো বাজি উঠিল৷ একেদিনাই, সেই একেটা ফোনেৰেই দুঘণ্টামানৰ পিছত এইবাৰ বৰমা ঢুকুৱাৰ খৱৰ আহিল৷ দুঘণ্টা আগলৈকে কাম বন কৰি থকা মানুহগৰাকী ব্ৰেইন ষ্ট্ৰক হৈ চিৰজীৱনৰ বাবে নিথৰ হৈ যাবলৈকে দহ মিনিটৰো প্ৰয়োজন নহ’ল৷ এনেকুৱাওনে বাৰু মৃত্যু৷ মৃত্যু যদি এনেকুৱাই তেন্তে কেনেকৈনো হ’ব পাৰে মৃত্যু এটি শিল্প?

বৰমা ঢুকুৱাৰ দুবছৰ হৈ গ’ল৷ কাজলৈ গৈ ঘূৰি আহোতেই ঘৰৰ মানুহে বৰমাৰ ডাঙৰকৈ বন্ধোৱা ফটো এখন লগত দি পঠিয়ালে৷ ৰঙা ফোঁটটিৰে, আধা পকা, আধা কেঁচা চুলিৰে হাঁহি থকা ধুনীয়া এখনি মুখ৷ পিছে এইখন এখন ফটোহে, যিটো কথা আজি দুবছৰে মই নিজৰ মনটোকে বুজাই তুলিব পৰা নাই৷ কথা কৈ কৈ হঠাৎ ফটো হৈ যোৱা বৰমাজনীক কেতিয়াবা মই গোসাই ঘৰত থওঁ, কেতিয়াবা চ’ৰাঘৰতে ফুলৰ মালা এধাৰিৰে সজাই থওঁ, আকৌ দুদিনতে আঁতৰাই দিওঁ৷ নোৱাৰো, মোৰ বৰমাজনী ফটো হৈ যোৱাটো কিয় জানো মই মানি ল’ব নোৱাৰো, এতিয়াওঁ৷ সেইবাবেই এদিন মনটোক মিছা এটিৰে সান্তনা দি বৰমাৰ ফটোখনক কেতিয়াও দেখা নোপোৱাকৈ বাকচ এটাৰ তলিতে ঠাই দি থলো৷ নালাগে, ফটোখনত থকাতকৈ বৰমাজনী মোৰ মনৰ মাজতে সোমাই থাকক৷

চাবলৈ গ’লে মোৰ মনলৈ অহা এই ব্যক্তিগত কথাবোৰ অবাস্তৱ, অৱান্তৰ৷ কিন্তু তথাপিও কেতিয়াবা ভাৱো কালিলৈকে আমাৰ মাজৰ এজন হৈ আমাৰ হিয়া মন উপচাই থকা মানুহবোৰ কেনেকৈ যে হঠাৎ নিথৰ হৈ এখন মাত্ৰ চাৰিচুকীয়া ফ্ৰেমত সোমাই পৰে, এখন নিৰ্জীৱ ফটো হৈ পৰে৷

বছৰত এবাৰ কিছুদিনৰ বাবে অসমৰ ঘৰলৈ যাওঁ৷ সাধ্য অনুসুৰি আপোন মানুহবিলাকক, ওচৰ চুবুৰীয়া সকলোকে এবাৰ হ’লেও লগ পোৱাৰ চেষ্টা কৰো৷ বিশেষকৈ বয়সিয়াল বৰমা বৰতা সকলক এবাৰ হ’লেও দেখা কৰি আহো৷ মনে মনে ভয় হয় ইয়াৰ পিছৰ বছৰ আহিলে যদি মানুহবোৰ ফটো হৈ যায়৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments