একান্ত ব্যক্তিগত- ৰুণজুন গগৈ

গুৱাহাটীত দুই নম্বৰৰ চিটিবাছৰে কাহিলীপাৰাৰ পৰা গণেশগুৰিলৈ আহি আছো৷ বাচখনত বেছি ভিৰ নাই৷ জটিয়াত মোৰ কাষত এগৰাকী বিবাহিতা মহিলা বহিল৷ হেণ্ডবেগ আৰু টিফিন বেগটো দেখি অনুমান হ’ল মহিলাগৰাকী অফিচলৈ ওলাই আহিছে৷
গণেশ মন্দিৰ পোৱাৰ আগমুহূৰ্তত মহিলাগৰাকী যেন অলপ উচপিচাই উঠিল৷ মোৰ গাত একপ্ৰকাৰৰ হেঁচা দি তেও খিৰিকীৰে বাহিৰলৈ চালে কেইবাবাৰো৷ যেন কোনোবা ৰৈ আছে তেওৰ বাবে৷

গণেশ মন্দিৰ পোৱাৰ লগে লগে তেও টিফিন অনা বেগটোৰ পৰা পেকেট এটা উলিয়াই মোক চিটটো ৰাখিবলৈ কৈ দুয়োটা বেগ চিটতে এৰি খৰধৰকৈ বাচৰ পৰা নামিল৷
মই আচৰিত হ’লো, কি মানুহ এইগৰাকী৷ চিটিবাচত অচিনাকি মানুহৰ কাষত এনেকৈ বেগ এৰে নেকি বাৰু কোনোবাই!

হাতেৰে বেগ দুটা ধৰি থাকি মই বাহিৰলৈ চালো৷ মানুহগৰাকীয়ে মন্দিৰৰ সন্মুখত বহি থকা ভিক্ষাৰী দুজনমানক পেকেটটো দি কিবা এটা কৈ আকৌ দৌৰি দৌৰি বাচখনলৈ আহিছে৷ ইতিমধ্যে বাচখনত যাত্ৰীৰ ভীৰো বাঢ়িল৷

মানুহগৰাকী বহাৰ লগে লগে মই ক’লো,
“আপুনি এনেকৈ নিজৰ বেগকেইটা এৰি যাব নালাগিছিল৷ মই এনেও আপোনাৰ চিটটো ৰাখি থব পাৰিলো হয়৷”

মানুহগৰাকীয়ে মোৰ চকুলৈ চাই ক’লে, “দুবছৰ হ’ল৷”
মোৰ আচৰিত হোৱাৰ পাল৷ খন্তেক তভক মাৰি থাকি তেওঁ নিজে নিজে কবলৈ ধৰিলে, “অফিচলৈ অহাৰ আগত তিনিওটালৈকে টিফিন বনাও৷ মাইনাৰ টিফিনটো ইয়াত দি যাও৷”

“নামা আছে, নামা আছে৷ ”
কণ্ডাক্টৰৰ চিঞৰত সন্ধিৎ ঘূৰাই পালো৷ মোৰ নামিবৰ হ’ল৷ নমাৰ আগত এবাৰ মানুহগৰাকীৰ হাতখন জোৰেৰে খামুচি ধৰিলো৷

মই সুধিব নোৱাৰিলো, মাইনা তেতিয়া কেইবছৰীয়া আছিল!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments