একা বেঁকা পাহাৰীয়া পথেৰে (নৱ কোঁৱৰ)

naba konwar

একা বেঁকা পাহাৰীয়া পথেৰে ———-

১)

সময় অসময় নাই । মন গলেই তাই আহি ওলায় । আহিয়েই খিলখিলাই হাঁহিব, কোনো বাচ বিচাৰ নকৰাকৈ হাতত যি থাকে মেজৰ ওপৰত থ’ব, তাৰপাছত বিচনাত লেপেটা কাঢ়ি বহি ল’ব । সৰহপৰ বহি থকাৰ ধৈৰ্য্য নাই –খুট-খাট সৰু যন্ত্ৰবোৰ খুটিয়াই চাব । কাণৰ একেবাৰে কাষত ফুচফুচাই ভঙা ভঙা নাগামিজত ক’ব- “চাহ খাবি । পগাও দেই ।’’ উত্তৰৰ বাবে বাট নাচাই নুমাই যাবলৈ ধৰা জুইকুৰা জ্বলাই দিব । সাধাৰণতে তাই গেছ ব্যৱহাৰ কৰিব নোখোজে;  তাই কয় – তোৰ লৰালৰি হ’লে বনাই খাবলৈ  ইমান খৰছ কৰি পাহাৰৰ ওপৰৰ জঙ্ঘললৈ চিলিণ্ডাৰটো কঢ়িয়াই আনিছ ।মই কিয় খৰছ কৰি শেষ কৰোঁ ! মোৰ বাবে জুইৰ ব্যৱহাৰেই ভাল । সহজাত ।”

কালি হঠাত আহি কলে তাই ওৱানচিং যাব । তাইত বাইকত লৈ গৈ থৈ আহিব লাগে। নাগিনীমৰাৰ পৰা মনলৈ যোৱা পথটো ঠেক যদিও পথটোৰে গৈ থকাৰ এক আমেজ আছে । পথটোৰ ভাজে ভাঁজে বিভিন্ন এংগ’লত দেখা দিয়ে নামনিৰ সমতল অসমৰ চৰাইদেউ অঞ্চলৰ পথাৰ, বাটপথ, চাহবাগান, ঘৰ দুৱাৰ, তৈলখাদ আদি । ফৰকাল বতৰ হলে লুইতৰ পানী জিলিক-মিলিককৈ জিলিকি থাকে । জনশূণ্য পথচোৱাত পথটোৰ প্ৰায়বোৰ ভাজে ভাঁজে সাজি থোৱা আছে একোখনি অপৈণত হাতৰ অভঁজা বেঞ্চ। বহুদিন এই পথেৰে বিভিন্ন সময়ত আহিছোঁ –এই বেঞ্চত কাকোৱেই বহি থকা দেখা নাই । অফিচৰ কাম লৈ অহা দিনৰ বাদে এই পথেৰে আহিলে প্ৰতিখন বেঞ্চত বহি ভৈয়ামৰ সৰু সৰু পথৰুৱা আলিৰে গঢ়া ডোবাবোৰৰ সৈতে সেউজ পথাৰৰ মাজত কি বিচাৰোঁ নাজানো , তথাপি থৰ হৈ চাই ৰওঁ ।

আল্ট্ৰামডাৰ্ণ ড্ৰেছ পিন্ধি তাই আহি ওলাল । এনে ড্ৰেছত কেতিয়াও তাইক দেখা নাই ।তাইৰ বহল নিতম্ব ফাটি যাওঁ কৰা টাইট জিঞ্চ, ভৰিত আঁঠুলৈকে পৰা  ওখ বুট, চুটকৰা ৰঙা চাৰ্ট, কঁকালত বহল এচটা বেল্ট । ফেল্ট হেটে ঢাকি থাৱা মুখত নাম মাত্ৰ প্ৰসাধন । তৰ্জনী আঙুলীটোৱে হেটটো ডাঙি তাই ক’লে – ‘ জল্‌ডি ওলাব লাগে’ ।

ককাইদেৱে গাড়ীখন থৈ বেলেগ গাড়ীত কহিমালৈ গৈছে । গাড়ীৰ চাবিটো লৈ তাইক মাতিলো । তাই কিন্তু বাইকতহে যাব । ইমান সুন্দৰ ড্ৰেছ পিন্ধিছে , গাড়ীৰ ভিতৰত কোনে দেখিব । কেইবাবাৰো ভৰি দাঙি তাই বাইকত উঠিল । লুংলুঙীয়া এটা পথেৰে গৈ বৰজান পালোঁ । তাত পাহাৰৰ পৰা খহাই নমাই দিয়া শিলৰ কুৱাৰী । বাইক সাৱধানে চলাব লাগে । তাই চিনাকী যাকে দেখিছে, তাকে অভিবাদন জনাইছে । আধাঘন্টাৰ পিছত ৱাকচিং পালোঁ । তাইক ক’লো – আইতাৰ ঘৰত সোমাম । তাই কলে ঘূৰি আঁহোতে সোমাব । এই আইতা হল মৰমৰ ভাণ্ডাৰ । গৰম দিনত কচুথুৰিৰে ঠাক ঠাককৈ সজাই ৰখা পাকঘৰত বহুৱাই চাহ বা ভাত খুৱাব । ঠান্ডা দিনত পোৰা কচুৰ সৈতে ভোটজলকীয়া আৰু বাঁহগাজৰ খৰিছা ।

ৱানচিঙলৈ যোৱা পথটো থিয় গঢ়াৰ দৰে । তললৈ নমাবোৰ থিয়কৈ এঢলিয়া । সেয়ে উঠোঁতে কোবেৰে চলাই নি ওপৰলৈ উঠিব লাগে । নামোতেও ব্ৰেক ধৰি লাহে লাহে নামিব লাগে । বৰ আলফুলে অন্তৰঙ্গভাৱে তাই সাৱটি ধৰি আছে । অলপ সুবিধা পালে তাইৰ ফালে পিছলৈ ঘূৰি চাওঁ । তাই একো নকয়, মাথোঁ হাঁহি এটা মাৰে । ময়ে কিবা কিবি কৈ গৈছো । ওখ পাহাৰ এটা পাৰ হৈ এঢলীয়া পাহাৰৰ মাজত সমতল মালভূমিত এমুঠি মানুহৰ বাসস্থান ৱানচিঙ পালোগৈ । মুকলি খেলপথাৰ এখনত  সুন্দৰ সাজেৰে সজ্জিত বহুত মানুহ । আমি তাৰ এচুকত ৰ’লো।

২)

তাই লয়লাস খোজেৰে সমবেত সকলৰ মাজলৈ আগুৱাই গ’ল । দূৰৈৰ পৰা দেখিলো তাই ইজনক সিজনক অভিবাদন জনাইছে, কথা পাতিছে । এটা সময়ত তাই মানুহৰ মাজত হেৰাই গ’ল ।মই দূৰৈৰ পৰাই মানুহবোৰৰ ৰেহ-ৰূপ চাই ৰ’লো । এনেতে সুন্দৰ সাজপাৰ পৰিহিত এজন বৃদ্ধ মোৰ কাষত ৰ’ল । সুন্দৰ ইংৰাজীতে মোক সুধিলে –ঘৰ কত, কত থাকো , ইয়ালৈ কাৰ সৈতে আহিছোঁ ইত্যাদি । মই যথাযথ উত্তৰ দি কলো- মই আইনা কন্যাকৰ সৈতে আহিছো । তেওঁ শুদ্ধৰাই দিলে –আইনা – কাঁচৰ টুকুৰা নহয় । তাই আনিয়া, মৰমৰ টুকুৰা । তেওঁ মোক ৰাইজৰ মাজলৈ আহিবলৈ নিমন্ত্ৰণ কৰি গলগৈ । ৱানচিংৰ মানুহবোৰে, বিশেষকৈ বুঢ়াসকলে সুন্দৰ ইংৰাজী কয় বুলি শুনিছিলোঁ । তেওঁৰ সুন্দৰ ইংৰাজী উচ্চাৰণে তাকেই প্ৰমাণ কৰি থৈ গ’ল । দ্বিতীয় মহাযুদ্ধৰ সময়ত বহুদিন ধৰি মিত্ৰপক্ষৰ এটা ডাঙৰ ঘাটি ইয়াত আছিল ।যুদ্ধৰ কঠিন সময়ত ইংৰাজী ভাষী সকলৰ সান্নিধ্যত থাকি তেওঁলোকে ভাষাটো সুন্দৰকৈ আয়ত্ব কৰি ল’লে ।

দূৰৈত দেখিলো আইনা মোৰ পিনে কোবা-কুবিকৈ আগবাঢ়ি আহিছে । সকলোৰে সান্নিধ্যত তাই হয়তু খন্তেকলৈ পাহৰি গৈছিল । তাই আহিয়ে কোনো কথা নোকোৱাকৈ হাতত ধৰিল, আৰু চোঁচোৰাই নিয়াদি মানুহৰ মাজ পোৱালেগৈ । যাঁওতে যাঁওতে চিনাকীজনক কৈ গল- মাই ফ্ৰেন্ড, মাই চুইট ফ্ৰেন্ড আদি । দুজনমানৰ লগত চিনাকী কৰিও দিলে । গম পালো এইখন ৰাজনৈতিক সভা । ভাবি নাপালো এই উচ্চল ছোৱালীজনীৰ এইখন সভাত স্থান কি ।

খাবলৈ নিমন্ৰণ আহিল । তাই হাতত ধৰি , খোৱা ঘৰৰ দিশে খাবলৈ লৈ গ’ল । কাগজৰ থালত ভাত আৰু গিলাচত পানী সুন্দৰকৈ সজাই থোৱা আছে । সকলোৱে বহি খাবলৈ আৰম্ভ কৰিলে । নাগা সমাজত খোৱা এইটো মোৰ দ্বিতীয় ভোজ । প্ৰথমবাৰ খোৱা ভোজৰ কথা কেতিয়াও পাহৰিব নোৱাৰো ।

ফুমচিং ভাৰত ম্যানমাৰ সীমান্তত । মনৰ পৰা বহুবাট নামি গৈ দুটা থিয় পাহাৰ পাৰহলে পোৱা যায় এইখন গাওঁ । চৰকাৰী কোনো সুবিধাই সামৰি লোৱা নাই এই অঞ্চল । আং অৰ্থাত ৰজাৰ দীঘল ঘৰটোৰ ২৪টা খুটা । তাৰে ১৬টা ম্যানমাৰত অন্তৰ্গত । ৰজাৰ কাম-কাজ দুয়ো দেশত চলে । বিশেষ এটা কামৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গড়কাপ্তিনী বিভাগৰ উচ্চপদস্থ বিষয়াৰ সৈতে এক জৰীপৰ বাবে ফুমচিঙলৈ যাব লগা হ’ল । পহু মাৰি ৰজাই ভোজৰ আয়োজন কৰিলে । ওচৰৰ মানুহখিনিকো নিমন্ত্ৰণ কৰিলে । ভোক লাগিছিল, যথাসময়ত খাবলৈ বহিলোঁ ।সকলোৰে সন্মুখত হালধীৰ পাতৰ দৰে কৌপাত পাৰি দিছে যদিও বিষয়াসকল ৰজা আৰু মোৰ সন্মুখত টকৌ পাত এক বেলেগ কাইদাৰে পাৰি দিছে । ভাত দিলে, মাংস দিলে । গোগ্ৰাসে খাবলৈ ধৰিলো । মাংসখিনি বৰ সুস্বাদু হৈছিল । আংজন মোৰ ওচৰতে খাবলৈ বহিছিল । আঠ দহ বছৰীয়া লৰা এটাই আঙৰ পাততে খাই আছিল । তাৰ ছাগে দেউতাকৰ পাতত খাই আমনি লাগিল । কাষৰজনৰ পাতত খাবলৈ আৰম্ভ কৰিলে । তাৰ পাছত মোৰ পাতত । ভাতগৰাহ মুখত সোমোৱাই দিলেই এলেপা  শেঙুন ওলাই থকা নাকটোত বেলুন ফুলি উঠে । মই ৰৈ গৈছিলোঁ । পেটটো বিকচিনাত কেৰমেৰাই উঠিছিল । ভাগ্যে বমি নহ’ল । কোনোবা এজনে কথাটো মন কৰি আছিল । তেওঁৰ কৃপাত লৰাটো তাৰ পৰা আঁতৰিল । সেই কথা মনত পৰিলে সেই ভাৱটোৱে আজিও আমনি কৰে ।

আইনাই ক’লে- ‘কি হল নাখালা যে’  ।এইবাৰ তাইৰ বন্ধু কেইজনমানে ক’লে –‘তোৰ বন্ধুৰ কি হ’ল ! লাজ কৰিছে নেকি !’ মোৰ হাতত ধৰি তাই ইজন সিজনৰ পৰা বিদায় ললে । মোৰ হাতখন এক মহূৰ্ত্ত বাবেও এৰি নিদিলে । হাতত ছপা কাগজ আৰু কলমেৰে লেখা এটা কাগজৰ নুৰা লৈ বাইকৰ কাষ পালোঁহি । বেলি লেহিওৱা নাছিল, আমি লাহে লাহে অহাবাটে ঘুৰিলোঁ ।

৩)
ঘূৰি আহি মূল ৰাস্তা পোৱাৰ আগতে তাই সুধিলে – খং কৰিছ’ নেকি ? মই নিমাতে ৰ’লোঁ । এইখিনি পথ একা বেঁকা যদিও সিমান ওখ চাপৰ নহয় । মই লাহে লাহে বাইকখন আগুৱাই নিলোঁ । তাই লাহে লাহে ক’বলৈ ধৰিলে – ‘মই জানো, তই বৰ সুখী মানুহ । নিজৰ কথা সততে চিন্তা নকৰি আনক উৎসাহ যোগাবৰ চেষ্টা কৰ । তোৰ প্ৰয়োজনীয় শিক্ষা দিক্ষাও আছে, ভাবি নাপাওঁ, কিয় এই নিস্পাণ শিলৰ মাজত বন্দী হৈ আছ’ । প্ৰথম চিনাকীতে মই বুজি উঠিছিলোঁ, তোৰ আৰু প্ৰকৃতিৰ মাজত আছে এক অন্তৰঙ্গ সম্বন্ধ ।”

মনত ভাঁহি আহিল আইনাৰ সৈতে প্ৰথম চিনাকী পৰ্ব !

মই কোনোদিনেই ভাল ব্যৱসায়ী হব পৰা নাই । হয়তো নোৱাৰিম । কোনো কোনোৱে কয় – কঠোৰ সিদ্ধান্ত ল’ব নোৱাৰিলে ব্যৱসায়ত উন্নতি নহয় । লাভজনক দিশটো দেখি এটা ব্যৱসায়ত ধৰোঁ । লাভ নোহোৱা নহয়, ঠিকেই হয় । কিন্তু কঠিন পৰিস্থিতিত কঠোৰ সিদ্ধান্ত লব নোৱাৰাৰ বাবে কৰ্ফাল খাই পৰোঁ । বাৰে বাৰে এনেদৰে কিমান দিন ! নিচাদেউৰ লৰাৰ শিলৰ ব্যৱসায় । তাৰ কোৱাৰিৰ পৰাই শিল যায় মোৰ শিলভঙা মেচিনলৈ । বছৰে বছৰে তাৰ ওচৰত বহুত বাকী থাকি যায় । ককাই –ভাই সম্বন্ধ । সেই বাবে বছৰে বছৰে বুজাপৰাত চলি আছে । এইবাৰ সি ঠিক কৰিলে –দুটা কোৱাৰী লব । জঙ্ঘলৰ কামবোৰ মই চাব লাগিব । বাকী সকলো সি চলাই নিব । সেই সূত্ৰেই নাগিনীমৰালৈ অহা এমাহমান হৈছে । মানুহবোৰ চিনি নাপাওঁ । কাম বিশেষ নাই । তাতে কাম চাবলৈ ভূবন আৰু টাকি মহৰি আছেই । বাইকখন আৰু কেমেৰাটোকে সঙ্গী কৰি টলৌ টলৌকৈ দিনটো পাৰ হয় যায় । ওচৰ পাজৰৰ ঠাইবোৰ চোৱাই হোৱা নাই । কোনে দেখুৱাব । কাৰোৱেই সময় নাই ।সকলো আহে সৰহকৈ ধন গোটাবলৈ ।এদিন থিক কৰিলোঁ টমলুলৈ যাম ।

টমলু । মন জিলাৰ সীমা । এই পথেৰে কাগজনগৰী তুলি পায়গৈ । টমলুত আছে দিখৌ নলা, বহল দিখৌ নদীৰ সংকুচিত ৰূপ ।দলংখন নিৰ্মাণ কৰিবৰ বাবে ওখ স্পাৰ বান্ধি পথটো নিৰ্মান কৰিছে । মোৰ সহচৰ কেমেৰাটো লৈ ফটো তোলা আৰম্ভ কৰিলোঁ । দ সমতল মূল ভূমিলৈ লেঞ্চৰ ফ’কাচ কৰাত দেখিলোঁ সুন্দৰ অচিনাকী ফুলৰ মেলা । ২৫-৩০ ফুট কষ্টেৰে চুঁচৰি নামি গলোঁ । চিঞৰি উঠিলোঁ- বাহঃ এইখন এখন সৰগ ।মনৰ ইচ্ছাৰে ফটো তুলিলো । চিঞৰ মাৰি প্ৰতিধ্বনি শুনিলোঁ, কোমল ঘাঁহনিত শুই চালোঁ । এইদৰেই আবেলি হ’ল । মনত ভাৱ হল-মই যেন এই সৰগৰ ৰজা । দূৰৰ পাহাৰৰ ফটো এখনৰ বাবে ফ’কাচ কৰাত কেমেৰাৰ লেন্সত দেখিলোঁ- ছোৱালী এজনীয়ে ৰুমাল এখন জোকাৰি জোকাৰি দৌৰি অহা দৃশ্য, তধা লাগি ৰ’লো । চকু কেইটা মোহাৰি চালো । হয়, সেইজনী এজনী ছোৱালী । মোৰ পিনেই আহি আছে । এবাৰ ভাবিলো পৰী নহয়তো ! পুনৰ কেমেৰাৰ লেন্সত চালো -এদল মানুহ শাৰী পাতি মোৰ বিপৰীত দিশলৈ যাব ধৰিছে । এনেতে জঁপিয়াই জঁপিয়াই আহি ছোৱালীজনী মোৰ সন্মুখত ৰ’ল । তাই ভঙা ভঙা নাগামিজত কলে – ‘কি কৰিছ !’ মই তাইৰ ফালে চাই বাকৰূদ্ধ হৈ ৰলো । তাই আহি কেমেৰা ধৰি ৰখা মোৰ হাতখন এৰুৱাই নিজৰ দুয়োখন হাতৰ মাজত সাৱটি ধৰিলে ।

কাণৰ চেপাত বাস্তৱলৈ ঘূৰি আহিলোঁ । তাই সুধিলে – কি ভাবি আছ’ । বাৰে বাৰে কৈ আছো – শুনা নাই ?’ মই ক’লো- ‘কিনো কৈ আছ?’ তাই কলে- ‘ৱাকচিঙৰ আইতাৰ ঘৰত সোমাবি ?’

মূল পথ পায়ে বাইকখন ৱাকচিংৰ দিশে ঘূৰাই দিলোঁ ।

৪)

আইতা বাৰান্দাতে বহি আছিল । বাইকখন ৰখোৱাৰ লগে লগে আইতাই দুই হাত মেলি চিঞৰি উঠিল – আহ্‌ আহ্‌, মোৰ মৰমৰ পোনাকণ কেইটা । আইনা আৰু মই গৈ আইতাৰ দুয়োকাষে বহিলোঁ । আইতা আচলতে মোৰ বা আইনা কাৰো নিজৰ নহয় । হ’লেও দুযোৰে বাবে নিজৰ আইতাতকৈ কোনোগুণে কম নহয় । আইতা টাকি মহৰিৰ আত্মীয় । এদিন টাকি মহৰিৰ সৈতে মনলৈ যাঁওতে সি ক’লে – “মোৰ আইতা এজনী ইয়াতে থাকে । তেঁওৰ ঘৰত সোমালে ভাল পাব ।’’ মই একেকোবেই হা কৰিলোঁ । টাকি মহৰিযে কিবা এটা কৈছিল; মই  আইতা বুলিয়েই সম্বোধন কৰিলো । কথাই কথাই আইতাই ক’লে – তেওঁ বৰা চাউলৰ ভাত খাই বৰ ভাল পায় । ঘৰলৈ যাঁওতে বৰা চাউল কেইটামান আনি দিলোঁ । আইতাৰ কি ফুৰ্তি । মোৰ হাতত কণীধানৰ চাউল কেইটামান মালৈ বুলি বান্ধি দিলে । আইতাই ক’লে- “বাকী ৰাখিব নাপায়” । মনলৈ অহা যোৱাৰ বাদে এইফালে মোৰ বিশেষ কাম নাথাকে । তথাপিও আহো আইতাৰ ওচৰলৈ । আইতাৰ মাজে মাজে পিঠিত বিষ এটা হয় । মই মলম  বা স্প্ৰে আনি দিও । কেতিয়াবা পিঠিত সানি দিও । এদিন আইনাক লৈ আইতাৰ ঘৰ পালোঁ । আইতাই তাইক চাই গালে মুখে মৰম কৰিলে। মোক সুধিলে – ক’ত পালো এই বনৰীয়া হৰিণজনী । মই মন কৰিছোঁ, মই আইতাৰ লগত থাকিলে আইতাই কাৰোবাৰ প্ৰশ্নৰ উত্তৰৰ বাদে  নাগা দোৱান ব্যৱহাৰ নকৰে, ভঙা অসমীয়াতে কথা পাতিবলৈ চেষ্টা কৰে । নাজানো এইয়া আইতাৰ মোৰ প্ৰতি মৰম, ভালপোৱা নে সৌজন্যতাবোধ ।

আইতাই ব্যস্ত হৈ উঠিল- “কি খাবি । ৰ’হ, গাহৰিৰৰ শুকান মাংস আছে । আখুনি দি তাকে ৰান্ধোঁ ।” আইনাই ক’লে – ‘নালাগে একো কৰিব । আমি এতিয়া এটা পাৰ্টি কৰি আহিছোঁ।’ আইতাই ক’লে – ‘তেতিয়াহলে চাহ খাবি । আৰু পাৰ্টি কৰিলি, মোলৈ ক’ত । মই ক’লো –তুমি সেইবোৰ নোখোৱা । আইতা আচলতে নিৰামিষভোজী । মই মিঠাই আনিবৰ বাবে ওচৰতে থকা দোকানলৈ বুলি যাবলৈ তললৈ নামিবলৈ ধঁৰোতেই আইতাই ক’লে – ‘দোকানলৈ যাব নালাগে । মিঠা আলু আছে । পুৰি দিম আহ ।’ আমি পাকঘৰত বহি পৰিলোঁ । মিঠা আলু আৰু ৰঙা চাহৰ সোৱাদ লৈ আইতাৰ পৰা বিদায় ল’লোঁ ।

ঘৰ পাওঁতে সাজ লাগিল । ‘তোক ঘৰত থৈ আহোঁ আহ’ -মই ক’লো । মোৰ কথা গ্ৰাহ্য নকৰি দুৱাৰ খুলি তাই ভিতৰ সোমাল । দীঘল জোতাজোৰ খুলি দলি মাৰি দিলে । পেন্টৰ বুটাম খুলি মোক কলে-‘টাৱেল এখন দে ।’ মই ক’লো- ‘কিয় লাগে’ ?  তাই ক’লে- এই পেন্টটো খোলো । আজিৰ পৰা এই পেন্ট আৰু জোতা নিপিন্ধোঁ । মই ক’লো- “ কিয় ? কি হল ? নালাগে খুলিব ।” তাই ক’লে-  “টাৱেল নহ’লে তোৰ পেন্ট এটা দে । লাগি ভাগি মোৰ শ্লিপাৰ এটা লৈ তাই পেন্ট সলালে । চাৰ্টটো খুলি মোৰ বহল চাই টি চাৰ্ট এটা পিন্ধি ল’লে । মা আহিলে কৈ দিবি মই আজি তোৰ ইয়াতে থাকিম । বহুত কথা আছে ।’’ কিবা এটা মনত পৰি তাই চিঞৰি উঠিল – “ আকৌ এবাৰ ৱাকচিং যাবি । আইতাৰ ঘৰলৈ । মোৰ মিটিঙৰ কাগজ সোপাকে আইতাৰ ঘৰত এৰি আহিলোঁ ।’’

বাহিৰত ফিৰ্‌ফিৰিয়া চেঁচা বতাহ ।বাইকখন গুৰঙকৈ ষ্টাৰ্ট কৰি কোবেৰে ওলাই আহিলোঁ । আইনাই চিঞৰিছিল; তাইৰ কোনো কথা শুনিবলৈ নৰ’লো । আহি ৰ’লো আইতাৰ ঘৰৰ সন্মুখত । আইতাই হাঁহি হাঁহি কলে – তোৰ বনৰীয়া হৰিণজনী বৰ উচ্ছল । তাইক অলপ চম্ভাল । এতিয়া জুইৰ কাষত অলপ বহি গাটো গৰম কৰ । চাহ একাপ খা ।’’ পলম নকৰি চাহ একাপ খাই ঘূৰি আহিলোঁ ।

ঘৰত সোমাই দেখোঁ আইনাই কিতাপ পঢ়ি আছে । মোৰ তাত কি এনে কিতাপ আছে তাই পঢ়িব । তাইৰ হাতত ধৰি কিতাপখন চালোঁ –বিজিনেচ লেটাৰ ৰাইটিং ।দৰকাৰ হ’ব বুলি কিনিছিলোঁ ; দৰকাৰ নোহোৱাৰ বাবে  বহুদিন এচুকত পৰি আছিল ।   “ তই পঢ়, আৰু মাক কৈ দে, কি কৰ’ । মই শোও ।” – আঁহোতে বাইকত বেচ ঠাণ্ডা লাগিল, আইনাৰ উত্তৰলৈ বাট নাচাই গায়ে-মূৰে কাপোৰ টানি শুই পৰিলোঁ ।

৫)

প্ৰচন্দ গৰমত ঘামত দেহটো তিতি গৈছে । মূৰটো দেখোন বিষাইছে । লাইটটো ট টকৈ জ্বলি আছিল । ভৰিৰ ফালে থকা দেৱালখনত দেৱাল ঘড়ীটোত দেখিলোঁ –  ১ বাজিছে । মূৰৰ বিষত চুলিখিনি টানি ধৰিলোঁ । চুলিৰ মাজত কোমল আঙুলিৰ পৰশত গম পালো আইনা , তাই শুৱা নাই । কাগজসোপা মেলি লৈ চকীখনত বহি কিবা লিখি আছে । মোৰ হাতৰ পৰশত উচপ খাই ক’লে – “তোৰ ইমান জ্বৰ, ভাল পাইছ’ ।” চুলিখিনি লিৰিকি বিদাৰি কপালখনত হাত ফুৰাই তাই পুনৰ ক’লে – “মাই নিবলৈ আহিছিল । তোৰ জ্বৰ দেখি তেওঁ থাকি গ’ল । ৰাতি তোক কোনে চাব’ । সেইয়া শুই আছে । মাই ঘৰলৈ গৈ ভাত আনি থৈছে । হট্‌কেচতে আছে । দুটামান খা ।” তাই খোৱাই দিব খুজিলে, মই মানা কৰিলোঁ । ঢাকনখন দাঙি চালোঁ- ভাতৰ লগতে মাংস  । খৰিচাৰ ফুৰ্ফুৰিয়া গোন্ধ এটা আহি মোৰ নাকত লাগিল । ক’লো- “ইমান ভাত, কেনেকৈ খাওঁ । কাঁহী এখনত উলিয়াই দে ।’’ তাই ক’লে – “ যিমান পাৰ’ খা । বাকী মই খাম ।” কথাষাৰত তাইলৈ মৰম লাগি গ’ল । তাইৰ ডিঙিত ধৰি কাষলৈ চপাই আনিলো । তত ধৰিব নোৱাৰি তাই মোৰ চকুলৈ থৰ লাগি চাই ৰল ।

বিচনাত আঁউজি বহি ভাত দুটামান খালো । তাইক কলো –বেগৰ ভিতৰত সৰু টেমা এটাত দৰব আছে, উলিয়াই আন । গেছৰ টেবলেট এটাৰ সৈতে পেৰাচিটামল টেবলেট এটা খালো । অনুজক মনে মনে ধন্যবাদ দিলোঁ । হাবিৰ মাজত আৱশ্যক হববুলি সি প্ৰয়োজনীয় ঔষধৰ সৰু সংগ্ৰহ এটা বান্ধি দিছিল । আইনাক ক’লো – “ ভাত কেইটামান খাই শুই থাক ।”

খুট-খাট শব্দৰ পৰা অনুমান কৰিলো তাই ভাত খাবলৈ আৰম্ভ কৰিছে । কাপোৰ খন মূৰলৈকে টানি লৈ শুবলৈ চেষ্টা কৰিলোঁ । মালৈ মনত পৰিছে । শুনিছিলোঁ, বেমাৰ আজাৰ হ’লে ঘৰলে, আইলে মনত পৰে । যোৱা বছৰ বিয়াৰ কথা ওলাইছিল । মামাৰ লগৰ এজনে যোৰহাট কৰঙাৰ ছোৱালী এজনী দেখুৱাইছিল । মায়ে চাইছিলগৈ অলপ বেচি স্মাৰ্ট । মাৰ পচন্দ হোৱা নাই । মোৰো ইমান সোনকালে বিয়া পতাৰ মন নাই । এইবাৰ গলে আইনাৰ কথা ক’ম নেকি বাৰু । তাইক দেখোন মই বৰ ভাল পাওঁ ।কিন্তু সেই ভাৱ-ভঙ্গীৰে কোনোদিন লোৱা নাই । কোনো কথা পতা নাই । তেনে …… ভাবি থাকোতেই  কেতিয়ানো  টোপনিয়ে হেঁচি ধৰিলে, গমেই নাপালোঁ । সাৰ পাওঁতে পুৱা  আঠ বাজি গ’ল ।

ঘৰটো তেনেই নিমাওমাও । আইনাজনী ঘৰলৈ গ’ল ছাগে । উঠিম নে আৰু অলপ শুম চিন্তা কৰোঁতেই এমগ গৰম পানী আৰু চাহ লৈ আইনা ভিতৰ সোমাল । কপালত হাতখন দি কলে – ‘জ্বৰ গুছিল । এতিয়া উঠ্ । মুখ ধুই চাহ খা । মুখখন ধুই চাহকাপ খোৱাত মনটো ফৰকাল লাগিল ।’

তাই টেবুলৰ কাগজবোৰ জাপি-কুচি আছিল ।মই উঠি যাবলৈ লওঁতেই তাই কলে – ‘আজি তই কলৈও যাব নালাগে । আলহিকেইজনক পঠিয়াই ভাত লৈ মা আহিব । আজি বহি বহি কথা পাতিম ।’ মই পাতলাই ক’লো – ‘কি কথা পাতিবি অ’।সদায়ে দেখোন পাতি আছোঁ ।’

তাই ক’লে- ‘নগাসকলৰ বিষয়ে তই কিমান জান’ ।কালি লিফলেট্ এখনত উল্লেখ কৰা নগাসকলৰ কিছু কথা, কিছু ঘটনাৰ কথা কওঁ –তই আৰামকৈ শুই ল’ ।’

পিঠিৰ ফালে গাৰু কেইটামান দি মই বিচনাত আৰামকৈ বহি ল’লো । কাপোৰখন টানি ল’লো । তাযো ভৰিকেইটা বিচনাত তুলি মোৰ সন্মুখত বহি আৰম্ভ কৰিলে –

“আজিৰ পৰা ১৫-২০ বছৰৰ আগতে মন আৰু আবৈৰ পৰা  ওপৰৰ টবুত আমাৰ নগা মানুহৰ দুটা ফৈদ কন্যাক আৰু চাঙসকলৰ মাজত যুদ্ধ হৈছিল । সেই সময়ত আমাৰ সমাজত বেলেগ ফৈদৰ মানুহৰ মূৰ কাটি আনি মৰংঘৰত সজোৱা পৰম্পৰা আছিল । যাৰ নামত অধিক মূৰ সংগ্ৰহ থাকিব সি একপ্ৰকাৰ বীৰ । সকলোৱে সমীহ কৰে, সন্মানৰ চকুৰে চায় । এই সন্মানৰ আশাত বাৰে বাৰে চুবুৰীয়া ফৈদবোৰৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । এতিয়াও মন আৰু আবৈৰ মৰঙঘৰত কাটি অনা মানুহৰ মূৰৰ লাওখোলাবোৰ সজোৱা আছে । তই চাগে দেখিছ’ । কিন্তু  চাঙসকলৰ সৈতে টবুত হোৱা যুদ্ধৰ পাছৰে পৰা সেই পিপাসা লোপ পাইছে ।মুখত ক’লা ফুটফুটীয়া চান বাচি কঁকালত লেঙেটি মাৰি নিজৰ ফৈদৰ চিনাকী দিয়া নগাসকলৰ এক জৰুৰী সংস্কাৰ সম্ভৱ হৈছে । তথাপি কওঁ আমি নগাসকল প্ৰকৃতিৰ সংস্পৰ্শত থকা এক বনৰীয়া জাতি । সেয়ে নগা মানুহে চিকাৰ প্ৰবৃত্তি আজিও এৰিব পৰা নাই । তই দেখিছই, সিদিনা আমাৰ চকুৰ আগতে শিল কঢ়িওৱা গাড়ীত বহি অহা গাঁৱৰ মানুহবোৰে মাত্ৰ এটা বনকুকুৰাৰ বাবে গাড়ীখনৰ আধাভাগ শিল দলিয়াই শেষ কৰিছিল । মানুহে যি কামেই নকৰক, সামাজিক নিয়মৰ খাতিৰত নিজৰ প্ৰিয় কিছুমান কৰ্ম সুপ্ত কৰি এখন মুখাৰ সিপাৰে লুকুৱাই থয় । তই ভয় নকৰিবি মোৰ আগত তোৰ মুখাখন খুলিলেও কোনো খেদ নাই । কাৰণ মোৰ বুকুত তোৰ প্ৰতি ইমান মৰম ভালপোৱা আছে যে আৰু বহুত পুৰণি ঘাঁ খোঁচৰিও তোৰ প্ৰতি থকা আন্তৰিকতাখিনি মচি নিব নোৱাৰে ।” (ক্ৰমশঃ)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments