একুঁকি অণুগল্প – ৰূপম ৰিদিপ

কলুষিতা

অৱশেষত ৰিহাৰ বিয়া সম্পন্ন হ’ল, প্লাৱনৰ লগত৷ তাই অন্তঃসত্তা বুলি জানিও সঁচা প্ৰেমৰ নিদৰ্শন স্বৰূপে সি এটাও প্ৰশ্ন নকৰাকৈ তাইক আঁকোৱালি ল’লে৷ জানিবলৈ নিবিচৰা নহয় সি৷ কিন্তু তাই একোৱে ক’বলৈ মান্তি নহ’ল৷ মাথোঁ জনাই থ’লে তাই এজনী ধৰ্ষিতা৷

সকলো ৰীতি-নীতি শেষ হোৱাৰ পাছত নিয়মানুসৰি ৰিহা আৰু প্লাৱনে তাইৰ দেউতাকৰ আগত আঁঠু ল’লে৷ ঘৃণাত তাই আঁঠু কাঢ়িয়ে মাটিলৈ থুৱালে৷ মদাহী দেউতাকজন এতিয়া সুস্থ, সেই নিশাৰ সকলো পাহৰি৷ এজন গৌৰৱান্বিত পিতৃ৷
তাই আজি কলুষিতাৰ সীমা ৰেখা পাৰ কৰি পবিত্ৰতাৰ বান্ধোনত প্ৰথমটো খোজ পেলালে৷

ধোঁৱা

সৰুকৈ পান দোকানখনত মানুহৰ ভিৰ সদায় থাকে, প্ৰতিটো সময়ত, দোকান বন্ধ নোহোৱালৈকে৷ গুটখা, তামোল, চিগাৰেট খোৱা গ্ৰাহকৰ পয়োভৰেৰে “সম্ভ্ৰান্ত“ এজন দোকানী৷ ওচৰতে “ষ্ট্ৰীট ফুড“ মানে প্ৰধানতঃ ৰুটি-ঘুগুনী পোৱা এখন তিনিচকীয়া বাহন৷ এইখন দোকানত ভিৰ কম, সময় সাপেক্ষে খালীও থাকে৷
নিক’টিন মিশ্ৰিত ধোঁৱাৰ “ভোক“ৰ তাড়নাই অংকুৰক টানি আনিলে সৰু পাণ দোকানখনলৈ, অইন দিনাৰ দৰেই৷ পকেটত আছিল ৩০টকা৷ এটা গ’ল্ড ফ্লেক এতিয়াৰ বাবে, বাকী দুটা লৈ যাব ৰূমলৈ, এনে এটা হিচাপ তাৰ মগজুত লৈ আহিছিল৷ চিগাৰেট তিনিটা লৈ লাইটাৰটোৰ বাবে অপেক্ষা কৰি ইফালে-সিফালে চকু ফুৰালে৷

৮/১০ বছৰীয়া ছোৱালী এজনী৷ ফটা ফ্ৰকটোৰ এটা ফুটাৰে আঙুলি এটা সুমোৱাই ভায়েকজন ওলমি থকাৰ দৰে আছিল৷ অইন দিনা দিনটো খালী পেলনীয়া প্লাষ্টিকৰ বটল বুটলি দুয়োটাৰে এসাঁজৰ যোগাৰ হৈ যায়৷ আজি বটল কঢ়িয়াওৱা মোনাটো সিহঁতৰ পেট দুটাৰ দৰেই উদং৷ ছোৱালীজনীয়ে এটকা-দুটকা খুজিছে, আশাৰে ৰুটি বেচি থকাজনলৈ চাইছে৷ দুপ্লেট ৰুটিৰ হিচাপ এটা তাইৰো মগজুৱে কৰিছে৷ কিন্তু মানুহবোৰৰ উপেক্ষিত চাৱনি আৰু শব্দবোৰে তাইৰ হিচাপত বাৰে-বাৰে খেলি-মেলি লগাইছে৷
প্ৰায়ে দেখি থাকে যদিও সিহঁতহাললৈ চাই অংকুৰৰ মনটো আজি গধুৰ হৈ পৰিল৷ ভোকে, ভায়েকৰ প্ৰতি থকা দায়িত্ববোধে তাইক খুজিবলৈ বাধ্য কৰাইছে৷ কিবা এটা ভাবি সি চিগাৰেট তিনিটা দোকানীজনক ওভটাই ৩০ টকাটো ল’লে আৰু সিহঁত দুয়োকে ওচৰৰ তিনিচকীয়া দোকানখনৰ ওচৰলৈ লৈ গ’ল৷
ধোঁৱা উৰুৱাই চাগে সি ইমান সুখ পোৱা নাছিল কাহানিও!

ঔষধি

: দেউতা, আজি স্কুলত বাইদেৱে ঔষধি গছ মানে কি সুধিছিল৷ মই ক’ব নোৱাৰিলোঁ৷ মানে কি নো?
দেবেন মাষ্টৰে সদায় সন্ধিয়া জীয়েকক বহুৱাই লৈ কিছুসময় হ’লেও পঢ়ুৱায়৷ দেউতাকে নপঢ়ুৱালে তাই আনৰ লগত পঢ়িবলৈ নিবিচাৰে৷

জীয়েকৰ প্ৰশ্ন শুনি মাষ্টৰে চাকিগছিৰ পোহৰটো তাইৰ বহীখনত ভালদৰে পৰাকৈ ওচৰলৈ আনিলে৷ বিতচকুযোৰ খুলি পিন্ধি থকা চুৰিয়াখনেৰে মচি মচি বুজাই গ’ল৷

: মাজনী, যিবোৰ গছে এবাৰ ফল দিয়ে মৰি যায় সেইবোৰ গছকে ওষধি গছ বোলে৷ বুজিলি নে?

: বুজিলোঁ দেউতা৷

কিছুপৰ ৰৈ তাই কিবা ভাবিলে, আকৌ সুধিলে, “দেউতা, আমাৰ মা ঔষধি মা আছিল ন?“

দেউতাকে তাইৰ প্ৰশ্ন শুনি উত্তৰ কি দিব ভাবি নাপালে৷ মুখেৰে হুমুনিয়াহ এটা ওলাই আহিল দেবেন মাষ্টৰৰ৷

: অকণ ৰ চোন মাজনী৷ বিতচকুযোৰ লেতেৰা হৈছে৷ মই মচি আহি আছোঁ৷

মাজনীয়ে নুবুজিলে, দেউতাকে বিতচকুযোৰৰ আঁৰত লুকাই থকা সেমেকা চকুহাল মচিবলৈহে বাহিৰলৈ ওলাই গ’ল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক