একুঁকি অণুগল্প

সাময়িকী (মলিন মজুমদাৰ)

 

সৰু চহৰখনৰ এমূৰে থকা চৰকাৰী মাটিখিনিত এটা পুথিভঁৰাল আৰু এটা শিৱ মন্দিৰ নিৰ্মাণৰ সিদ্ধান্ত হ’ল। যুৱকসকলৰ দুটা দলে দুয়োটা কামৰ বাবে চহৰখনৰ এমূৰৰ পৰা স্থানীয় আবাসী আৰু ব্যৱসায়ীসকলৰ পৰা বৰঙণি তুলিলে।

সংগৃহীত পুঁজিৰে কেইমাহমানৰ পাছত এটা দুকোঠলীয়া অসম আৰ্হিৰ ঘৰ আৰু এটা মাৰ্ব্বল শিলেৰে সুন্দৰ কাৰুকাৰ্যখচিত পকীঘৰ নিৰ্মাণ হৈ উঠিল।

অসম আৰ্হিৰ ঘৰটোত স্থাপন কৰা পুথিভঁৰালটোৰ বৰ্ষপূৰ্তি সভাখনৰ মুখ্য অতিথি স্থানীয় বিধায়কজনে পুথিভঁৰালটোৰ নতুন কিতাপ আৰু ঘৰটোৰ সম্প্ৰসাৰণৰ বাবে বিছ হাজাৰ টকাৰ এটা শকত বৰঙণি আগবঢ়ালে। তাৰ পৰা ওলাই বিধায়কজনে শিৱ মন্দিৰটোত মূৰ দোঁৱাই যাওঁতে এটা সোণৰ চিলিম আৰু নগদ পঞ্চাছ হাজাৰ টকাৰ ক্ষুদ্ৰ দান আগবঢ়ালে।

 

 

——————————————————————

অভিমান (মল্লিকা শৰ্মা বৰদলৈ)

অৰুণিমাই এফালৰ পৰা কবীৰৰ সন্মুখত কৈ যায়, দিনটোত কি কি হ’ল। সেইটো তাইৰ অভ্যাস। আগতে কবীৰে তাইৰ কথাবোৰত দুই এটা মন্তব্য দিছিল, আজিকালি একোৱেই নকয়। তাইৰ সদায় সেইটোৱেই আপত্তি, “তুমি ইমান কম কথা কোৱা”।

 

আজিও সি একোৱেই নক’লে, মাথোঁ শুনিলে। অভিমানত চকুপানী ওলায় তাইৰ। কিমান যে দিন সি মনৰ কথা কোৱা নাই, কিমানদিন কপালত হাত বুলাই দিয়া নাই, উচুপি উচুপি পাৰ কৰা ৰাতিবোৰত কান্ধ পাতি দিয়া নাই…কিমানদিন।

ছমাহ হ’ল কবীৰৰ একো যত্ন নোলোৱা। আজিহে ওচৰৰ পৰা চাইছে। ইমান অপৰিষ্কাৰ লাগিছে তাক। সি পৰিষ্কাৰ হৈ থাকি ভাল পায়।

 

শুকাই যোৱা মালাডাল আঁতৰাই, কাপোৰ এখনেৰে প্ৰিয় মানুহজনৰ ফটোখন মচিবলৈ ল’লে অৰুণিমাই।

———————————————————————————–

 

বেলুন (মনমী ভট্টাচাৰ্য)

শ্ৰীমতীৰ মানে বিভাৰ আজি পূজাৰ বজাৰ।

“মাথো পাঁচযোৰ ড্ৰেছ, ষষ্ঠীৰ পৰা দশমীলৈকে। এপাৰ্টমেণ্টৰ প্ৰাধিহঁতে যে নৱৰাত্ৰিৰ প্ৰতিদিনৰ কাৰণেই কিনিছে সুকীয়া সুকীয়া। ভাগ্যে আমাৰ নৱৰাত্ৰি নাই দেই। বাচি গ’ল তোমাৰ জেপ। “খিলখিলাই উঠিল তাই। আত্মসন্তুষ্টিৰ খিলখিলনি নুবুজে বিভাসে।

“……অষ্টমীত হালধীয়া… দশমীলৈকে ৰঙাপাৰিৰ বগা শাৰী….। ” বিভাসৰ কাণত বিন্ধি গ’ল কিবাকিবি মাজে মাজে।

“তুমি চিলেক্ট কৰা, মোক পেইমেণ্টৰ সময়ত মাতি দিবা।” কৈ ওলাই আহিল বিভাস।

শ্ব’ৰুমটোৰটোৰ বাহিৰৰ বতাহজাক নিৰ্মল যেন লাগিল তাৰ। প্ৰদূষণৰ তালিকা শীৰ্ষস্থান দখলৰ প্ৰতিযোগিতাত নামি পৰা মহানগৰখনৰ বতাহজাক যেন স্বচ্ছ সেই শ্ব’ৰুম নামৰ কৃত্ৰিম শীতাতপ নিয়ন্ত্ৰিত কোঠাতকৈ। মনটো উৰা মাৰিলে… প্ৰায় তিনিটা দশক উভতি গ’ল।

 

এজন সৰু ল’ৰাই এখন সৰু চহৰৰ দোকানত দেউতাকৰ সৈতে মানুহৰ ভিৰ ঠেলি সোমাইছে। প্ৰতিটো চোলাই পচন্দ আছিল সিদিনা ল’ৰাটোৰ, প্ৰতিটো ৰঙেই প্ৰিয়। এবছৰৰ মূৰত এয়া নতুন কাপোৰ লোৱা সময়, পূজাৰ সময়। দেউতাকে পিছে এসাজ হে কিনি দিছিল। সুখী আছিল সি। কিমান উৎসাহেৰে পূজাৰ প্ৰতিটো দিনত কাপোৰযোৰৰ নতুন নতুন লগা গোন্ধটো লৈছিল।

দেউতাকে পূজাত যাবলৈ পুৰণি কামিজটোৰ বুটামটো চিলাই বায়েকক কৈছিল “মোৰ চোন আছেই বহুত। কিয় নতুন লাগে? ”

 

বিভাই মিছ কল দিছে। মানে তাৰ চহীটো কৰিব হ’ল। শ্ব’ৰুমৰমৰ পৰা ওলাই আহোঁতে কৈ উঠিল বিভাই, ,

“জেনেৰেল বজাৰ হৈ যাম দেই। তোমাৰ দেউতাৰ কাৰণে কিবা এটা লম। প্ৰথমবাৰৰ বাবে পূজাত আহিছে। আমাৰ মীনাজনীৰ কাৰণেও লাগিব শাৰী। ইহঁতৰ ডিমাণ্ড কি ক’ম। ”

গাড়ীৰ খিৰিকীৰে বাহিৰলৈ চালে বিভাসে। বেলুন লৈ ফেৰীৱালাটো আগুৱাই আহিছে। নিজকে ফোপোলা আভিজাত্যৰ বতাহেৰে পূৰ্ণ বেলুন যেন লাগিল বিভাসৰ।

 

————————————————-

আৱৰণ (কাজলপ্ৰিয়া)

 

চাৰিআলিৰ চুক এটাতে তাইৰ দোকানখন। দোকান মানে গুমটি। তামোল-পাণ আৰু চিপচ্, মৰ্টনৰ।

যান-বাহনৰ ভিৰপূৰ্ণ ব্যস্ত ৰাজপথ। সকলোবোৰ গতানুগতিকভাৱে যান্ত্ৰিক। কোনোৱে কাৰোলৈ চাবৰ আহৰি নাই। পিছে সকলোবোৰতকৈ ব্যতিক্ৰম সেই তেতিয়াৰে পৰা চোকা দৃষ্টিৰে তাইলৈ চাই থকা পুলিচটো। লাহে লাহে সি তাইৰ ফালে আগবাঢ়ি আহিল। ওচৰলৈ আহি তাইৰ পিনে হাউলি তামোলৰ চেক লগা লেতেৰা দাঁতকেইটা উলিয়াই দ্ব্যৰ্থক হাঁহি এটা মাৰি সুধিলে: কিমান লবা?

এই হাঁহি এই আচৰণ তাইৰ বাবে অপৰিচিত নহয়। বৰঞ্চ এনে ব্যৱহাৰ পোৱাত তাই অভ্যস্ত। তাই বুজে সি আচলতে কি সুধিব খুজিছে। তাইৰ এটা কাণতলীয়া চৰ গাৰ জোৰেৰে সোধাব মন গ’ল তাক। পিছে তাই জানে, পুলিচৰ লগত ফেপেৰী পাতিলে তাইৰ এই জীৱন নিৰ্বাহৰ একমাত্ৰ সম্বল দোকানখন দিয়া ঠাইকণো হেৰুৱাব লাগিব। সিহঁতৰ নিচিনা মানুহৰ বাবে আনৰ পৰা মান পাব বিচৰাটো অলীক কল্পনা মাত্ৰ।

 

মুহূৰ্ততে তাই উঠি অহা খংটো জাৰি জোকাৰি মুখত কৃত্ৰিম হাঁহি এটা ফুটাই বুকুৰ কাপোৰখন অভ্যাসবশতঃ ওপৰলৈ টানি উত্তৰ দিলে, “দাদা গুৱা তামোলৰ যিহে দাম! খনে পাঁচ টকা!”

 

——————————————————–

 

চিতাজুই (অজন্তা বৰা)

পিছফালে বাঁহনীডৰাৰ মাজত দপদপকৈ জ্বলি থকা জুইকুৰাই আজিও সেউজীৰ বুকুখন পুৰে, তাইৰ দুচকুত এতিয়াও ভাঁহি থাকে দেউতাকে বোকোচাত উঠাই পিছফালে জ্বলি থকা জুইকুৰাৰ কাষলৈ লৈ যোৱা, তাতে জুম বান্ধি থকা মানুহখিনিৰ মাজৰে দুজনমানে দেউতাকক ঘৰলৈ লৈ আহিছিল। সেউজীৰ বয়স তেতিয়া কিমান আছিল, তাই মনত পেলাব ধৰিলে . . . চাৰি নে পাঁচ বছৰ হৈছিল! কেতিয়াবা দেউতাকলৈ তাইৰ ক্ষোভ ওপজে এখন ফটোও ৰাখিব নোৱাৰিলেনে বুলি। নিজকে বৰ দুৰ্ভগীয়া বুলি ভাৱে তাই, যেতিয়া দুখৰ সময়ত মূৰত হাত বুলাই তাইক সান্তনা দিবলৈ কাষত কোনো নাথাকে। তেতিয়া তাইৰ বুকুখন পোৰে সেই সৰুতে দেউতাকে দেখুওৱা পাছফালৰ বাঁহনীডৰাৰ কাষত জ্বলা জুইকুৰাই, দুচকুত ভাঁহি উঠি জুইকুৰা, ওঁঠ দুটিয়ে এটা শব্দৰ বাবে কঁপি উঠে, “মা” এই মধুৰ শব্দৰ বাবে। ছেহ, কিবোৰ যে মনত পৰি গ’ল তাইৰ। দুচকুৰ লুণীয়া পানীৰে শিতানৰ গাৰুটো তিতি গ’ল, দুচকুত ভাঁহি থাকিল সেই জুইকুৰা, মাকৰ চিতাজুই।

 

————————————————————

 

 

লয় (মিতালী বৰ্মন)

 

তেওঁ: (ৰৈ থকা ঘড়ীকেইটালৈ চাই) তাৰমানে সময় একেলগে স্তব্ধ হৈ গৈছিল।

মই: কিন্তু স্তব্ধ সময়ক পুনৰ গতিশীল কৰিব পাৰি। বি প’জিটিভ।

 

তেতিয়াও কিন্তু আমাৰ অলক্ষিতে দেউতাই দিয়া মোৰ জীৱনৰ প্ৰথম ঘড়ীটো নিজৰ ছন্দত লহৰ তুলি গতি কৰি আছিল।

 

————————————————————-

 

বোৰ্খা (অঞ্জলি গগৈ বৰগোহাঞি)

গাখীৰত সেন্দূৰ মিহলোৱা বৰণৰ মসৃণ হাতখন দেখিয়েই অৰ্ণৱৰ বুকুৰ তেজবোৰত এক পিৰপিৰণি!

হঠাতে এজাক উতনুৱা বতাহে উৰুৱাই দিছিল তাইৰ বোৰ্খা! এযোৰ তীক্ষ্ণ চকু তাৰ হৃদয় ভেদি পাৰ হৈ গৈছিল।

এতিয়া মন্দিৰ আৰু মচজিদ মাজত এখন বোৰ্খা!

 

———————————————————-

 

শ্বপিং মল (অঞ্জলি গগৈ বৰগোহাঞি)

ডাঙৰ দোকানখনত ৰং-বিৰঙৰ বস্তুৰ সম্ভাৰ দেখি মোৰ চকু থৰ! বাইদেউ আৰু ৰিয়াৰ সামগ্ৰীৰ ভৰত মোৰ হাত দোঁ খাই গৈছে। অপ্ৰত্যাশিতভাৱে মোৰ মুখৰ পৰা ওলাই গ’ল, “বাইদেউ, মোকো এসাজ কাপোৰ কিনি দিয়কচোন! “

বাইদেৱে ক’লে “ছল পালে কুকুৰে গললৈকে জপিয়াব খোজে! “

 

——————————————————————

দৃষ্টি (টুটুমণি বৰুৱা শইকীয়া)

 

যেতিয়ালৈকে মানুহজন জীয়াই আছিল তেতিয়ালৈকে মানুহজনী ৰাতি বাৰটাত ক’ৰবাৰ পৰা আহিলেও কাৰো একো কবলৈ সাহস নাছিল। লোকচক্ষুত আগতে তাই সতী আছিল। কিন্তু মানুহজনৰ মৃত্যুত আৰ্থিকভাৱে অভাৱী মানুহজনীয়ে কাপোৰ চিলোৱা কাৰাখানাটোত কাম কৰিবলৈ ল’লে। বেলি ডুবিলেই ঘৰমুৱা হয়। তথাপি মানুহবোৰৰ কথা শুনিব লগা হয়েই। এতিয়া সেই চকুবোৰৰ মতে তাই অসতী। গিৰিয়েক মৰাৰ পিছৰে পৰা বা বলায় ঘূৰি ফুৰি ভাল পায়।

 

————————————————————

 

কবৰ (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

যুৱক যুৱকীহালে গাঁত এটা খান্দিলে আৰু টোপোলা এটা পুতিলে। টোপোলাটোত আছিল মৰম-চেনেহ, অভিমান, কেইকাপমান কফি, পাতি শেষ নোহোৱা কিছু কথা, মৰমসিক্ত কেইজাকমান বৰষুণ আৰু কেইটামান দিন। গাঁতটো ভালদৰে মাটিৰে ঢাকি দুয়ো ঘৰা-ঘৰি হ’লগৈ।

—————————————————————————-

 

লাজ (প্ৰনীতা গোস্বামী বৰঠাকুৰ)

 

চহৰখনৰ মূল চাৰিআলিটোৰ পূব কোণত থকা পাৰ্কখনলৈ সোমোৱা পথটোৰ বাওঁফালেই তাই আৰু ভায়েক সদায় বহে। এখন পুৰণি বস্তা, এটা মামৰে ধৰা গাখীৰৰ টেমা আৰু এখন পলিথিন– এয়াই সিহঁতৰ সম্পত্তি। বাছৰ বাবে ৰৈ থকা মানুহ, পাৰ্কলৈ অহা মানুহবোৰে যচা অকণমান মৰমেই সিহঁতৰ ভোক নিবাৰণৰ উপায়। মানুহ নাথাকিলে সিহঁত বস্তাখনতে বহে। বৰষুণৰ বতৰত দুয়োটাই মুৰত পলিথিনখন লৈ কাষৰ গছজোপাৰ ওচৰত বহেগৈ।

 

আজি বন্ধবাৰ। পাৰ্কখনলৈ ল’ৰা-ছোৱালীবোৰৰ সৈতে মাক -দেউতাকবোৰ আহিব। সিহঁতৰ আশা আজি অলপ বেছিকৈ পইছা পাব! তাই ভায়েকক পাৰ্কলৈ সোমোৱা ৰাস্তাটোৰ সমুখতে ৰ’বলৈ ক’লে- বস্তাখনৰ ওচৰৰ পৰা সি যাতে আঁতৰি নাযায়, তাই সঁকিয়াই দিলে তাক।

 

আবেলি সময়লৈ মানুহৰ ভিৰ বাঢ়োঁতেই তাই আগবাঢ়ি গ’ল। বহুতেই তাইলৈ চাই নাক কোচালে; দুই একে ভঙনি পইছা দুটামান দলিয়াই দিয়াদি দিলে। এনেতে চেঙেলীয়া ল’ৰা দুটামানে কিবা দিয়াৰ চলেৰে তাইৰ ওচৰলৈ আগবাঢ়ি অহা দেখি তাই সচকিত হল। মিচিকিয়াই হাঁহি হাঁহি তাইক চাই চাই সিহঁত আঁতৰি গ’ল। ইকাষে ৰৈ থকা চানা বেচা ডেকাটোৱেও আজি তাইলৈ বৰকৈ চাই আছিল, তাই মন কৰিছিল। কি হৈছে ভাবি থাকোঁতেই গাৰ চোলাটোলৈ চকু গ’ল তাইৰ- বুকুৰ সেই লাজ লগা অংশখিনিৰ ওচৰতে সোঁকাষে চোলাটো অলপ ফিচিকি গৈছে! টান হৈছে চোলাটো আজিকালি তাইলৈ। লাজত কাণ-মুৰ গৰম হৈ গ’ল। বৰ অসহায় বোধ কৰিলে তাই। কোনোফালে নোচোৱাকৈ বাওঁহাতেৰে ফটা অংশ ঢাকি দৌৰি আহি বস্তাটোকে গাত মেৰিয়াই ল’লেহি তাই, শৰীৰৰ লাজ ঢাকিবলৈ।

———————————————————–

অনুৰণন (জয়ন্ত আকাশ বৰ্মন)

 

মাজ সমুদ্ৰত নাওখন কঁপিছিল। এযোৰ ডলফিন সাঁতুৰি আহি নাওখন ধৰি সাম্যতা দিছিল।

বুকুত তুমৰলি খোঁচেৰে বৰফ বাকচত ছি-ফুড ৰেষ্টোৰাঁলৈ গৈ থাকোঁতে মুমূৰ্ষু ডলফিনটোৱে মাকৰ নিঠৰ চকুক ক’লে- মা, নাওখন নহয়, কঁপিছিল সিহঁতৰ তেজপিয়া জিভা যাঠিকেইডালহে।

 

 

চিন্তা (হিমাংশু ভাগৱতী)

 

সি: ছোৱালীজনীক সদায় দেখোঁ। কাণত অনবৰত মোবাইলটো লাগিয়েই থাকে। আজিকালিৰ যে ছোৱালীবোৰ, কাৰ লগত যে ইমান কি কথা পাতি থাকে। বদমাছ।

 

তাই: তিনিআলিৰ পৰা স্কুলৰ ভাঁজটোলৈ- সেইখিনি অকলে পাৰ হ’বলৈ সদায় ভয় লাগে। বৰ ভয় লাগে, কেৱল মাজতে দোকানখনহে আছে। দোকানী ল’ৰাজনে ইমানকে চাই থাকে। ভয়তে মোবাইলত কথা পতা যেন দেখুৱাই থাকোঁ। অসভ্য।

 

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments