একুৰিয়ামৰ মাছে নজনা কথা – ড° সমাদৃতা গোস্বামী

একুৰিয়ামৰ মাছে নাজানে পৃথিৱীৰ সীমা
বৰষীত মৰাৰ ভয়
তেলত সিজাৰ আশংকা সিহঁতৰ নাই৷

সিহঁতি নাজানে দিন ৰাতিৰ প্ৰভেদ
ৰঙীন শিল, স্বচ্ছ কাচৰ বাকচত সিহঁতি ওমলে
কি সুখত জানো মতলীয়া হৈ ইমানকৈ নাচি-বাগি থাকে!

সুখীনে সিহঁত, সুধিছেনে কেতিয়াবা??

নে আপুনি ভাবি লৈছে সিহঁত সুখী বুলি
এই ভাবি লোৱাটোতেই যে যত পয়মাল!
আপুনি ভাবে এটা, আচলতে হয় এটা৷
একুৰিয়ামৰ মাছে নজনা কথাবোৰ আপুনি জানে
আপুনি জনাবোৰ মাছে নাজানে৷
মানুহৰ নয়ন জুৰাবলৈকে দান কৰে সিহঁতে জীৱন, অথচ নাজানে সিহঁতে৷
হেৰাওঁ বুলিও হেৰাব নোৱাৰে সিহঁত সাগৰৰ গভীৰত
চাওঁ বুলিলেও চাব নোৱাৰে দূৰ দিগন্ত
মিছা শিল, মিছা গছ, মিছা হ্ৰদত সিহঁতে আপোনাৰ মুখলৈ চাই জীয়াই থাকে৷

সিহঁতৰ বাবে আপুনিয়েই ভগৱান
আপোনাৰ হাততে আছে সিহঁতৰ প্ৰাণ
অথচ আপুনি ভাবে সিহঁত সুখী!!

যি নিজেই নাজানে মৰণৰ ক্ষণ
তেওঁ আবদ্ধ কৰে একুৰিয়ামত আনৰ জীৱন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments